Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্ম বাৰ্ষিকীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক স্মৰণ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম বাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ শ্ৰী মোদীয়ে কয় যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন মানুহৰ কল্যানৰ নামত উচৰ্গিত আছিল৷ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে তেওঁৰ সপোন বাস্তবায়িত কৰা আৰু বড়ো জনতাৰ সবলীকৰণৰ হকে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে৷

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন মানুহৰ কল্যানৰ নামত উচৰ্গিত আছিল৷ তেওঁৰ জন্মবাৰ্ষিকীত তেওঁক স্মৰণ কৰিছো৷ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে তেওঁৰ সপোন বাস্তবায়িত কৰা আৰু বড়ো জনতাৰ সবলীকৰণৰ হকে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে৷”

****

DS/ST/BD