Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জনজাতীয় গৌৰৱ দিৱসত প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ অসমীয়া অনুবাদ

জনজাতীয় গৌৰৱ দিৱসত প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ অসমীয়া অনুবাদ


মোৰ প্ৰিয় দেশবাসী,

জনজাতি গৌৰৱ দিৱস উপলক্ষে আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আজি সমগ্ৰ দেশে ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী সন্মান আৰু শ্ৰদ্ধা সহকাৰে উদযাপন কৰিছে। দেশৰ মহান পুত্ৰ মহান বিপ্লৱী ভগৱান বীৰছা মুণ্ডাক প্ৰণাম জনাইছো। ১৫ নৱেম্বৰৰ এই দিনটো ভাৰতৰ জনজাতীয় পৰম্পৰাৰ গৌৰৱোজ্জল দিন। ১৫ নৱেম্বৰৰ দিনটোক জনজাতীয় গৌৰৱ দিৱস হিচাপে ঘোষণা কৰাৰ সুযোগ পোৱাটো মোৰ চৰকাৰৰ এক বিশেষ সুবিধা হিচাপে মই গণ্য কৰিছো।

বন্ধুসকল,

ভগৱান বীৰছা মুণ্ডা কেৱল আমাৰ ৰাজনৈতিক স্বাধীনতাৰ মহানায়ক নাছিল। তেওঁ আমাৰ আধ্যাত্মিক, সাংস্কৃতিক শক্তিৰ পৰিচালকো আছিল৷ আজি স্বাধীনতাৰ ‘পাঁচ পণ’ৰ শক্তিৰে ভগৱান বীৰছা মুণ্ডাকে ধৰি কোটি কোটি জনজাতীয় বীৰৰ সপোন পূৰণৰ দিশত আগবাঢ়িছে৷ জনজাতি গৌৰৱ দিৱসৰ জৰিয়তে দেশৰ জনজাতীয় ঐতিহ্যৰ প্ৰতি গৌৰৱ আৰু জনজাতীয় সমাজৰ উন্নয়ন সংকল্প এই শক্তিৰ এটা অংশ।

বন্ধুসকল,

ভাৰতৰ জনজাতীয় সমাজে ব্ৰিটিছ আৰু বিদেশী শাসকসকলক তেওঁলোকৰ সামৰ্থ্য কি সেয়া দেখুৱাই দিছিল। সন্থালত তিলকা মাঞ্জীৰ নেতৃত্বত যুঁজ দিয়া ‘ডামিন সংগ্ৰাম’ক লৈ আমি গৌৰৱান্বিত। বুধু ভগতৰ নেতৃত্বত চলা ‘লৰকা আন্দোলন’ক লৈ আমি গৌৰৱান্বিত। ‘সিধু কানহু ক্ৰান্তি’ক লৈ আমি গৌৰৱান্বিত। ‘তানা ভগত আন্দোলন’ক লৈ আমি গৌৰৱান্বিত। বেগড়া ভীল আন্দোলনক লৈ আমি গৌৰৱান্বিত, নাইকদা আন্দোলন, সন্ত যোৰিয়া পৰমেশ্বৰ আৰু ৰূপ সিং নায়কক লৈ আমি গৌৰৱান্বিত।

দহোদৰ লিমডীত ইংৰাজক ধূলি চেলেকাই দিয়া জনজাতীয় বীৰ সকলক লৈ আমি গৌৰৱ কৰো, মংগড়ৰ প্ৰতিপত্তি বৃদ্ধি কৰা গোবিন্দ গুৰু জীক লৈ আমি গৌৰৱান্বিত। আল্লুৰি সীতা ৰাজুৰ নেতৃত্বত চলি থকা ৰামপা আন্দোলনক লৈ আমি গৌৰৱান্বিত। এনে আন্দোলনে এই ভাৰতৰ ভূমিখণ্ডক অধিক পবিত্ৰ কৰি তুলিলে, জনজাতীয় বীৰৰ কিমান বলিদানে ভাৰত মাতৃক ৰক্ষা কৰিলে। মোৰ সৌভাগ্য যে যোৱা বছৰৰ আজিৰ দিনটোতে ৰাঁচীৰ বীৰছা মুণ্ডা সংগ্ৰহালয় দেশৰ বাবে উচৰ্গা কৰাৰ সুযোগ পাইছিলোঁ। আজি ভাৰতে দেশৰ বিভিন্ন অঞ্চলত জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ বাবে উৎসৰ্গিত এনে বহুতো সংগ্ৰহালয় নিৰ্মাণ কৰি আছে।

বন্ধুসকল,

বিগত আঠ বছৰত আমাৰ জনজাতীয় ভাই-ভনীসকল দেশৰ প্ৰতিটো প্ৰচেষ্টা আৰু পৰিকল্পনাৰ কেন্দ্ৰবিন্দু হৈ আহিছে। জন ধনৰ পৰা গোবৰ ধনলৈ, বন ধন বিকাশ কেন্দ্ৰৰ পৰা বন ধন আত্মসহায়ক গোটলৈ, স্বচ্ছ ভাৰত মিছনৰ পৰা জল জীৱন মিছনলৈ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা উজ্জ্বলা গেছ সংযোগলৈ, মাতৃত্ব বন্দনা যোজনাৰ পৰা ৰাষ্ট্ৰীয় পুষ্টি অভিযানলৈ, গ্ৰাম্য পথৰ পৰা আঁচনি মোবাইল সংযোগলৈ, একলব্য বিদ্যালয়ৰ পৰা জনজাতীয় বিশ্ববিদ্যালয়লৈকে, বাঁহৰ সৈতে জড়িত দশক দশক পুৰণি আইনখন প্ৰায় ৯০ টা বনজ উৎপাদনৰ ওপৰত এমএছপিলৈ সলনি কৰাৰ পৰা, ছিকেল চেল ৰক্তহীনতা প্ৰতিৰোধৰ পৰা জনজাতীয় গৱেষণা প্ৰতিষ্ঠানলৈ, ক’ৰোনাৰ বিনামূলীয়া ভেকচিনৰ পৰা মিচন ইন্দ্ৰধনূষ, যিবোৰে বহু মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰে, ইত্যাদি কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহে দেশৰ কোটি কোটি জনজাতীয় পৰিয়ালৰ জীৱন সহজ কৰি তুলিছে, তেওঁলোকে দেশত হৈ থকা উন্নয়নৰ সুবিধা পাইছে।

বন্ধুসকল,

জনজাতীয় সমাজতো সাহস আছে, প্ৰকৃতিৰ সৈতে একাত্মতা আৰু অন্তৰ্ভুক্তি আছে। এই ভৱিষ্যৎ ঐতিহ্যৰ পৰা শিক্ষা লৈ ভাৰতে নিজৰ ভৱিষ্যত গঢ় দিব লাগিব। মই নিশ্চিত, জনজাতি গৌৰৱ দিৱস আমাৰ বাবে এই দিশত এক সুযোগ হৈ পৰিব, মাধ্যম হৈ পৰিব। এই সংকল্পৰে মই পুনৰবাৰ ভগৱান বীৰছা মুণ্ডা আৰু কোটি কোটি জনজাতীয় বীৰ-বীৰাংগনাৰ চৰণত প্ৰণাম জনাইছো।

বহুত বহুত ধন্যবাদ!