প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছৌদি আৰৱৰ যুৱৰাজ মহম্মদ বিন ছলমানৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীক লৈ বিশ্বজুৰি সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে৷
প্ৰধানমন্ত্ৰীয়ে বিশ্বজুৰি দেখা দিয়া এই প্ৰত্যাহ্বান উপযুক্তভাৱে মোকাবিলা কৰাৰ বাবে সহযোগিতামুলক প্ৰচেষ্টা হাতত লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে, যিটোৱে কেৱল হাজাৰ হাজাৰ লোকৰ স্বাস্থ্যতে প্ৰভাৱ পেলোৱাই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ অৰ্থনীতিতো কু-প্ৰভাৱ পোলোৱাৰ ভাবুকি কঢ়িয়াই আনিছে৷
প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে শেহতীয়াভাৱে ছাৰ্ক দেশসমূহক লৈ ভাৰতৰ প্ৰচেষ্টাত অনুষ্ঠিত ভিডিঅ’ কনফাৰেন্সিঙৰ সম্পৰ্কে উল্লেখ কৰে৷
দুয়োগৰাকী নেতাই ছৌদি আৰৱৰ সহযোগত জি-২০ নেতৃবৃন্দৰ পৰ্যায়ত একে পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে, যিটোৱে বিশ্ব পৰ্যায়ত উপকৃত কৰিব৷ ইয়াৰ জৰিয়তে বিশ্বজুৰি ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধত দেখা দিয়া প্ৰত্যা্হ্বানৰ মোকাবিলা কৰাৰ বিশেষ ব্যৱস্থাৰ বিশেষ উপায়ৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে বিশ্ববাসীৰ বিশ্বাস অটুত থাকিব৷
প্ৰধানমন্ত্ৰী আৰু যুৱৰাজে এই ক্ষেত্ৰত দুয়োখন দেশৰ বিষয়াবৰ্গই সঘনাই সংযোগ স্থাপন কৰি থাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে৷
***
VRRK/AK/DB