ছিংগাপুৰৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ মন্ত্ৰী শ্ৰী গহ চক টঙে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তৰিকতাৰে তেওঁলোকৰ দীৰ্ঘদিনীয়া বন্ধুত্বৰ কথা সুঁৱৰি শ্ৰী গহ চক টঙক এই বছৰৰ আৰম্ভণিতে লী কুৱান ইউ স্কুল অৱ পাব্লিক পলিচিৰ পৰিচালনা পৰিষদৰ অধ্যক্ষৰ দায়িত্ব লোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত আৰু ছিংগাপুৰৰ মাজত যোৱা কেইবছৰত হোৱা বহুকেইটা উচ্চ পৰ্যায়ৰ ভ্ৰমণৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ ফলত ব্যৱসায়-বাণিজ্য, যোগাযোগ, সুৰক্ষা আদি সকলো ক্ষেত্ৰতে সম্পৰ্ক শক্তিশালী হৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ পূবলৈ চোৱা নীতিত ছিংগাপুৰে গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে আৰু ভাৰত-এচিয়ানৰ সম্পৰ্কৰ শক্তিশালী ভেটি প্ৰতিষ্ঠাত ছিংগাপুৰে সহায় কৰিছে।শ্ৰী গহ চক টং ভাৰতৰ লগত এচিয়ানৰ সম্পৰ্কৰ বাবে কাম কৰা প্ৰথম ব্যক্তিসকলৰ মাজত অন্যতম।
দুয়োজন নেতাই পাৰস্পৰিক আগ্ৰহ থকা বিশ্বমানৰ বিষয়সমূহৰ ওপৰতো আলোচনা কৰে।
***
AKT/SH/PRK