প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে সমগ্ৰ দেশৰ ছপা মাধ্যমৰ প্ৰায় ২০গৰাকী সাংবাদিক আৰু ষ্টেকহ’ল্ডাৰৰ সৈতে বৈঠকত মিলিত হয়৷ দেশৰ ১৪টা স্থানৰ পৰা এঘাৰটা বিভিন্ন ভাষা-ভাষী ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ৰ সাংবাদিকে এই বৈঠকত অংশগ্ৰহণ কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিটো প্ৰান্তত তথ্য বিনিময় কৰি সংবাদ মাধ্যমে প্ৰশংসনীয় ভূমিকা পালন কৰিছে৷ তেওঁ কয় যে সংবাদ মাধ্যমৰ নেটৱৰ্ক দেশৰ বিভিন্ন চহৰ আৰু গাঁওজুৰি বিস্তৃত আছে৷ ইয়াৰ জৰিয়তে তৃণমূল পৰ্যায়ত তথ্য প্ৰচাৰ আৰু এই প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিবলৈ সংবাদ মাধ্যম উপযুক্ত মাধ্যম হিচাপে বিবেচিত হৈছে৷
তেওঁ কয় যে দেশৰ অধিকাংশ লোকে আঞ্চলিক বাতৰিৰ বাবে বাতৰিকাকতসমূহৰ ওপৰত নিৰ্ভৰশীল৷ সেয়ে ক’ৰনা ভাইৰাছ সম্পৰ্কীয় সজাগতামূলক প্ৰবন্ধ এই পৃষ্ঠাসমূহত প্ৰকাশ কৰাটো আৱশ্যক৷ জনসাধাৰণক পৰীক্ষণ কেন্দ্ৰ ক’ত আছে, ক’লৈ তেওঁলোক পৰীক্ষাৰ বাবে যোৱা উচিত, কিদৰে ঘৰত থকা উচিত সেই সম্পৰ্কে সজাগতা প্ৰদান কৰাটো আৱশ্যক৷ এই তথ্যসমূহ বাতৰিকাকত আৰু তেওঁলোকৰ ৱেব-প’ৰ্টেলত প্ৰচাৰ কৰাটো আৱশ্যক বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ লক্-ডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ উপলব্ধতাৰ বিষয়ে তথ্যও বাতৰিকাকতে আঞ্চলিক পৃষ্ঠাত প্ৰকাশ কৰাটো আৱশ্যক৷
প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমক চৰকাৰ আৰু জনসাধাৰণৰ বাবে নিৰৱচ্ছিন্ন প্ৰতিক্ৰিয়া প্ৰকাশৰ সংযোগ মাধ্যম হিচাপে দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনায়৷ তাৰোপৰি তেওঁ সামাজিক দূৰত্বৰ গুৰুত্ব, ৰাজ্যসমূহে গ্ৰহণ কৰা লক্-ডাউনৰ সিদ্ধান্ত, ভাইৰাছবিধৰ প্ৰভাৱ, এই সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় তথ্য, অন্য দেশৰ কেছ অধ্যয়ন আদিৰ বিষয়েও প্ৰকাশ কৰিবলৈ বাতৰিকাকতসমূহক অনুৰোধ কৰে৷
জনসাধাৰণৰ মাজত যুঁজাৰু মনোবৃত্তি জাগ্ৰত কৰাৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ঋণাত্মকতা, উৰাবাতৰি আদিৰ বিৰুদ্ধে মোকাবিলা কৰাটোও আৱশ্যক বুলি দোহাৰে৷ চৰকাৰে ক’ভিড-১৯ৰ বিৰুদ্ধে সকলো ধৰণৰ পদক্ষেপৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি নাগৰিকে নিশ্চিত হোৱাটো আৱশ্যক বুলি তেওঁ কয়৷
প্ৰধানমন্ত্ৰীয়ে অগ্ৰণী ভূমিকাৰে কাৰ্যকৰিতাৰে সকলোৰে লগত যোগাযোগ স্থাপন কৰাৰ বাবে সাংবাদিক আৰু ষ্টেকহ’ল্ডাৰসকলে তেওঁক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁলোকে কয় যে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসাৰে তেওঁলোকে ধনাত্মক আৰু প্ৰেৰণাদায়ী বাতৰি প্ৰকাশত গুৰুত্ব দিব৷ তেওঁলোকে ছপা মাধ্যমৰ গুৰুত্ব বৃদ্ধি কৰা বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ প্ৰদান কৰে আৰু কয় যে সমগ্ৰ ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰীৰ কথামতে এই প্ৰত্যাহ্বানক ৰোধ কৰিবলৈ সংবদ্ধ হৈছে৷
প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ পৰামৰ্শ-প্ৰতিক্ৰিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু সামাজিক দায়ৱদ্ধতা পালনৰ বাবে সোঁৱৰাই দিয়ে৷
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিবে সাংবাদিকসকলৰ সক্ৰিয় ভূমিকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ বৈঠকখনত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মন্ত্ৰী আৰু সচিবো উপস্থিত আছিল৷
****
VRRK/AK/MANN
Earlier today, interacted with those associated with the print media. We discussed many subjects relating to fighting the COVID-19 menace and the role media can play in times such as this. https://t.co/XKqEWrxYOp
— Narendra Modi (@narendramodi) March 24, 2020