Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চেন্নাই বিমানবন্দৰত নতুন অত্যাধুনিক ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন চেন্নাইৰ আন্তঃগাঁথনিত এক গুৰুত্বপূৰ্ণ সংযোজন হ’ব: প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চেন্নাই বিমানবন্দৰত নতুন অত্যাধুনিক ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন চেন্নাইৰ আন্তঃগাঁথনিৰ বাবে এক গুৰুত্বপূৰ্ণ সংযোজন হ’ব। শ্ৰী মোদীয়ে লগতে কয় যে ই সংযোগৰ সুবিধা বৃদ্ধি কৰিব আৰু স্থানীয় অৰ্থনীতিকো লাভান্বিত কৰিব।

এলানি টুইটত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে জানিবলৈ দিয়ে যে চেন্নাই বিমানবন্দৰত নতুন অত্যাধুনিক ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱনৰ প্ৰথম পৰ্যায়টো মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ এপ্ৰিল ২০২৩ তাৰিখে উদ্বোধন কৰিবলৈ সাজু হৈছে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

“চেন্নাইৰ আন্তঃগাঁথনিত এইটো এক গুৰুত্বপূৰ্ণ সংযোজন হ’ব। ই সংযোগৰ সুবিধা বৃদ্ধি কৰিব আৰু স্থানীয় অৰ্থনীতিকো লাভান্বিত কৰিব।”

*****

DS/ST/MM