প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেন্নাইৰ মামল্লাপুৰমত ভাৰত-চীনৰ দ্বিতীয় অনানুষ্ঠানিক বৈঠকক ভাৰত-চীনৰ সম্পৰ্কৰ ‘সহযোগিতাত নতুন যুগ’ৰ সূচনা কৰা বুলি বৰ্ণনা কৰিছে৷
মামল্লাপুৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ অধ্যক্ষতাত অনুষ্ঠিত ভাৰত-চীনৰ দ্বিতীয় অনানুষ্ঠানিক বৈঠকৰ দ্বিতীয় দিনাৰ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে আদৰণি ভাষণ আগবঢ়ায়৷
যোৱা বছৰ য়ুহানত দুয়োখন দেশৰ মাজত অনুষ্ঠিত প্রথম অনানুষ্ঠানিক বৈঠকৰ প্ৰসংগত প্রধানমন্ত্রীয়ে কয় এই বৈঠকে “আমাৰ সম্পৰ্কত সুস্থিৰতা অনাৰ লগতে নতুন গতি প্ৰদান কৰিছিল৷”
তেওঁ কয়, “দুয়োখন দেশৰ মাজত কৌশলগত যোগাযোগ বৃদ্ধি পাইছে৷”
প্রধানমন্ত্রীয়ে লগতে কয়, “আমি সিদ্ধান্ত লৈছো, আমাৰ মাজত যিবোৰ মতপার্থক্য আছে, সেয়া কোনো বিবাদত পৰিণত নকৰি দুৰদর্শী পদক্ষেপ গ্ৰহণেৰে সমাধান কৰিম৷ আমাৰ প্রত্যেকৰে নিজস্ব বিষয়সমূহক লৈ সংবেদনশীল হ’ম আৰু আমাৰ সম্পর্ক বিশ্ব শান্তি আৰু সুস্থিৰতাৰ দিশে অগ্রসৰ হ’ব৷”
মামল্লাপুৰমত দ্বিতীয় অনানুষ্ঠানিক বৈঠকৰ প্রসংগত প্রধানমন্ত্রীয়ে কয়, “চেন্নাই বৈঠকত আমি দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয়ক লৈ বিস্তাৰিতভাৱে আলোচনা কৰিছো৷ আমাৰ দ্বিপাক্ষিক সম্পর্কই য়ুহান বৈঠকতে নতুন গতি লাভ কৰিছে৷ আজি ‘#ChennaiConnect’ৰ জৰিয়তে আমাৰ দুয়োখন দেশৰ সহযোগিতামূলক সম্পর্কৰ নতুন যুগৰ সূচনা হ’ল৷”
“আমাৰ দ্বিতীয় অনানুষ্ঠানিক বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰতলৈ অহা ৰাষ্ট্রপতি জি জিংপিঙক মই ধন্যবাদ জনাইছো৷ এই #ChennaiConnectএ ভাৰত-চীনৰ মাজৰ সম্পৰ্কত নতুন গতি প্ৰদান কৰিব৷ ইয়াৰ জৰিয়তে দুয়োখন দেশৰ জনসাধাৰণৰ লগতে বিশ্ববাসী লাভাম্বিত হ’ব৷”
***
VRRK/AKP/DB
I thank President Xi Jinping for coming to India for our second Informal Summit. The #ChennaiConnect will add great momentum to India-China relations. This will benefit the people of our nations and the world. pic.twitter.com/mKDJ1g5OYO
— Narendra Modi (@narendramodi) October 12, 2019
The #ChennaiConnect was about enhancing friendship between India and China.
— PMO India (@PMOIndia) October 12, 2019
Here are highlights from a historic Informal Summit in Tamil Nadu. pic.twitter.com/U0Tom54Yzq