বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (CSIR) ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ইয়াৰ বিষয়া-কৰ্মচাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “চিএছআইআৰৰ প্ৰতিষ্ঠা দিৱসত ইয়াৰে জড়িত প্ৰতিজনলৈ শুভেচ্ছা জনালো। ভাৰতত বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ বৰ্ধনত চিএছআইআৰ বাটকটীয়া। ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজখনতো তেওঁলোকে মূল্যবান ভূমিকা পালন কৰি আহিছে। ভৱিষ্যৎ প্ৰচেষ্টাৰ বাবে চিএছআইআৰক শুভেচ্ছা জনাইছো।“
***
VRRK/SH/SB
Greetings to all those associated with @CSIR_IND on its Foundation Day. CSIR is at the forefront of furthering scientific research and innovation in India. They have also been playing a valuable role in fighting COVID-19. Best wishes to CSIR for its future endeavours.
— Narendra Modi (@narendramodi) September 26, 2020