মই মহাত্মা গান্ধী বুলি ক’ম
আপোনালোক দীৰ্ঘজীৱি হওক, দীৰ্ঘজীৱি হওক বুলি ধ্বনি দিব-
মহাত্মা গান্ধী ….. দীৰ্ঘজীৱি হওক, দীৰ্ঘজীৱি হওক।
মহাত্মা গান্ধী ….. দীৰ্ঘজীৱি হওক, দীৰ্ঘজীৱি হওক।
মহাত্মা গান্ধী ….. দীৰ্ঘজীৱি হওক, দীৰ্ঘজীৱি হওক।
দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা আহি চাম্পাৰণৰ এই পৱিত্ৰ ভূমিত সমবেত হোৱা স্বচ্ছাগ্ৰহী ভাই-ভনীসকল, সকলো সন্মানীয় ৰাইজ তথা প্ৰিয়জনৰ ওচৰত মই প্ৰণিপাত জনাইছো। আপোনালোক সকলোৱেই জানে যে চাম্পাৰণৰ এই পৱিত্ৰ মাটিৰ পৰাই পৰোক্ষ প্ৰতিৰোধৰ সূচনা কৰিয়ে বাপুৱে তেওঁৰ আন্দোলনৰ শুভাৰম্ভ কৰিছিল। আৰু ইয়াৰ পৰিণতিতে আমি ব্ৰিটিছৰ কবলৰ পৰা স্বাধীনতা আহৰণৰ বাবে পৰোক্ষ প্ৰতিৰোধৰ আমোলাত অস্ত্ৰ লাভ কৰিছিলো। সময়ৰ সোঁতত এটা শতাব্দী অতিক্ৰমী গ’ল, তথাপি এই অস্ত্ৰৰ প্ৰভাৱ এতিয়াও হীন-দেঢ়ি নঘটাকৈ অটুট আছে। পিছে আৰু কিমান দিনলৈ এই প্ৰভাৱ বৰ্তি থাকিব? আধুনিক সমাজে আজি আমাক সত্যাগ্ৰহৰ পৰা স্বচ্ছাগ্ৰহলৈ আগবাঢ়ি যোৱাৰ বাবে সকিয়াই দিছে।
চাম্পাৰণ আন্দোলনৰ সময়তে মহাত্মা গান্ধীয়ে তেওঁৰ স্বচ্ছতাৰ অভিযানটো সূচনা কৰিছিল চাম্পাৰণৰ বড়াহাৱালখনছেনৰ পৰাই। আজি আমি সত্যাগ্ৰহৰ পৰা স্বচ্ছাগ্ৰহলৈ আগুৱাই গৈ বাপুৱে আৰম্ভ কৰা স্বচ্ছতাৰ অভিযানটোকে অন্য এক মাত্ৰালৈ সম্প্ৰসাৰিত কৰিব খুজিছো।“ৰৌৱা ছমজকে ছোজাবানী।“
মঞ্চত উপৱিষ্ট বিহাৰৰ ৰাজ্যপাল শ্ৰীমান সত্পাল মালিকজী, ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান নীতিশ কুমাৰজী, মোৰ মন্ত্ৰীসভাৰ সতীৰ্থ ৰবিশংকৰ প্ৰসাদজী, ৰাম বিলাস পাছোৱানজী, সুশ্ৰী উমা ভাৰতীজী, ৰাধা মোহন সিংজী, গিৰিৰাজ সিংজী, শ্ৰী ৰাম কপিল যাদৱজী, শ্ৰী এছ এছ আহলুৱালিয়াজী, শ্ৰী অশ্বিনী কুমাৰ চৌৱেজী, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰীমান সুশীল কুমাৰ মোডীজী, ৰাজ্য মন্ত্ৰীসভাৰ সদস্য শ্ৰী শ্ৰৱণ কুমাৰজী, শ্ৰী বিনোদ নাৰায়ণ ঝাজী, শ্ৰী প্ৰমোদ কুমাৰজী আৰু সমবেত উপস্থিত থকা বহু সহস্ৰ সত্যাগ্ৰহী, এই সমাৰোহৰ আয়োজনৰ বিভিন্ন পৰ্যায়ত জড়িত হোৱা সকলো সদস্যৰ লগতে ভিডিঅ কনফাৰেন্স ব্যৱস্থাৰে সংযোজিত হোৱা সদাশয় ব্যক্তিসকল।
ইতিহাসৰ পুনৰাবৃত্তি নহয় বুলি ক’ব খোজাসকল ইয়ালৈ আহিব পাৰে, আৰু আমাৰ সন্মুখত কেনেকৈ ১০০ বছৰ পুৰণি ইতিহাস উদ্ভাসিত হৈ উঠিছে প্ৰত্যক্ষ কৰিবহি পাৰে। এক কথাত মোৰ সন্মুখত বহি থকা এইসকল স্বচ্ছাগ্ৰহীৰ মাজতে উজলি উঠিছে গান্ধীজীৰ আদৰ্শ ধাৰণা আৰু কৰ্মৰাজি।
সমবেত মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত এইসকল স্বচ্ছাগ্ৰহীক মই নতশিৰে প্ৰণিপাত জনাইছো। আজিৰ এই দৃশ্য দেখাৰ পাছত বিশ্বই এশ বছৰ আগতে হোৱা জন আন্দোলনৰ প্ৰতিচ্ছবিখনকে যেন পুনৰবাৰ প্ৰত্যক্ষ কৰিলে চাম্পাৰণৰ এই পৱিত্ৰ ভূমিত।
এশ বছৰ আগতে দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা অহা ৰাইজ সমবেত হৈছিলহি এই চাম্পাৰণত। গান্ধীজীৰ নেতৃত্বত পথে পথে গৈ তেওঁলোক কৰ্মত নিয়োজিত হৈছিল। আজি এশ বছৰ পাছত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জনতাই উদিয়মান স্বচ্ছাগ্ৰাহীসকলৰ কান্ধত কান্ধ মিলাই দিনে নিশাই কঠোৰ শ্ৰম কৰিছে। আজি যেন এই বিশাল জন সমুদ্ৰৰ মাজত কোনোবা গৰাকী কস্তুৰবা, কোনোবাজন ৰাজকুমাৰ শুক্লা, কোনোবাজন আকৌ গোৰক্ষপ্ৰসাদ, শ্বেইখ গুলাব, শোমৰাজ সিং, হৰিবংশ ৰায়, কোনোবাগৰাকী আকৌ শীতল ৰায়, বিন মহম্মদ মুনীশ, অথবা কোনোজন যেন ড০ ৰাজেন্দ্ৰ বাবু, ৰামনৱমী বাবু কিম্বা জে.পি. কৃপালিনী।
এশ বছৰ আগতে সত্যাগ্ৰহে যেনেকৈ তেতিয়াৰ জনগণক নতুন পথৰ সন্ধান দিছিল ঠিক তেনেকৈয়ে আজিৰ স্বচ্ছাগ্ৰহেও দেশৰ লাখ লাখ জনতাক নতুন দিক দৰ্শন কৰাইছে। চাম্পাৰণলৈ ব’লক–এই ধ্বনিকে সুঁৱৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ স্বচ্ছাগ্ৰহী আজি ইয়াত উপস্থিত হৈছেহি। আপোনালোকৰ এই উত্সাহ, উদ্যম, শক্তি আৰু উদ্দীপনা দেখি মই অনুপ্ৰাণিত হৈছো। দেশৰ প্ৰতি কাম কৰাৰ বাবে আপোনালোকে দেখুওৱা আগ্ৰহ আৰু বিহাৰৰ জনতাৰ আকাংক্ষা দেখি মই অভিভূত হৈছো।
মঞ্চলৈ অহাৰ আগতে মই স্বচ্ছতা শীৰ্ষক এক প্ৰদৰ্শনী চাই আহিছো। প্ৰদৰ্শনীখনত স্বচ্ছতা সম্পৰ্কীয় ন-ন প্ৰযুক্তি, নতুন উদ্যোগ আদিৰ বিষয়ে বিস্তৃত ব্যাখ্যা দাঙি ধৰা হৈছে। চাম্পাৰণ সত্যাগ্ৰহৰ শতবৰ্ষ উপলক্ষে আয়োজন কৰা বিভিন্ন কাৰ্যক্ৰমৰো এয়া সামৰণি পৰ্ব। পিছে স্বচ্ছতা সন্দৰ্ভত আৰু অধিক কৰিবৰ বাবে জনসাধাৰণক অনুপ্ৰণিত কৰিবলৈ এয়া আমাৰ বাবে সামৰণি পৰ্ব নহৈ আন এক অভিযানৰ আৰম্ভণি পৰ্বহে বুলি অনুভৱ কৰিছো।
ভাই-ভনীসকল, শেহতীয়া এশটা বছৰৰ ভিতৰত তিনিটা সংকটৰ মুহূৰ্তত এই একেখন বিহাৰেই দেশবাসীক পথৰ সন্ধান দিছে। যেতিয়া আমাৰ দেশ দাসত্বৰ কবলত পৰিছিল তেতিয়া এইখন বিহাৰেই মোহন দাস কৰম চাঁদ গান্ধীৰ মহান আত্মাক বিকশিত কৰিছিল; এই বিহাৰেই তেওঁক পিতৃত্ব প্ৰদান কৰিছিল।
স্বৰাজৰ পিছত যেতিয়া দেশৰ লাখ লাখ কৃষক ভূমিহীনতাৰ সন্মুখীন হবলগীয়া হৈছিল তেতিয়া বিনোৱাজীয়ে ভূ-দান আন্দোলন আৰম্ভ কৰিছিল। আৰু তৃতীয়বাৰ যেতিয়া দেশৰ গণতন্ত্ৰ নিঃশেষ কৰাৰ চক্ৰান্ত চলিছিল তেতিয়া এইখন ৰাজ্যৰ বীৰ সন্তান বাবু জয়প্ৰকাশ নাৰায়ণে সময়ৰ আহ্বান স্বীকাৰ কৰি গণতন্ত্ৰ ৰক্ষা কৰিছিল।
মই আজি খুবেই গৌৰৱ অনুভৱ কৰিছো, কাৰণ বিহাৰৰ জনতাই আকৌ এবাৰলৈ তেওঁলোকৰ নেতৃত্ব প্ৰদান কৰিব পৰা শক্তি প্ৰদৰ্শন কৰিছে। মই জানো কোনোবাই হয়তো প্ৰশ্ন তুলিব পাৰে যে বিহাৰৰ স্বচ্ছতা সম্পৰ্কীয় পৰিস্থিতি জনাৰ পাছতো মোডীজীয়ে এনে কথা কৈছে বুলি। পিছে ইয়াৰো এক যুক্তি আছে। শেহতীয়া বছৰচেৰেকত নীতিশজী আৰু সুশীল মোডীজীৰ নেতৃত্বত বিহাৰত সম্পাদিত কাম-কাজসমূহে সকলোৰে মনোবল বঢ়াই তুলিছে।
বন্ধুসকল, স্বচ্ছতাৰ ক্ষেত্ৰত পঞ্চাশ শতাংশৰ তলত থকা দেশৰ একমাত্ৰ ৰাজ্যখন আছিল বিহাৰ। পিছে আজি আমাৰ সচিব পৰমেশ্বৰজীয়ে কলে যে এসপ্তাহজোৰা স্বচ্ছতা অভিযানৰ অন্তত বিহাৰে এই বাধা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। শেহতীয়া মাত্ৰ এটা সপ্তাহৰ ভিতৰতে বিহাৰত ৮ লাখ ৫০ হাজাৰ শৌচাগাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে। এনে দ্ৰুত গতিবেগ আৰু বিকাশ সাধাৰণ কথা নহয়। এই তথ্যই এটা কথাকে প্ৰমাণ কৰিছে যে স্বচ্ছতাৰ ক্ষেত্ৰত বিহাৰে অচিৰেই ৰাষ্ট্ৰীয় গড় হাৰত উপনীত হব পাৰিব।
মই বিহাৰৰ ৰাইজ, প্ৰতিগৰাকী স্বচ্ছতাৰ যোদ্ধা তথা বিহাৰ চৰকাৰক এনে এক প্ৰত্যাহ্বানমূলক অভিযান আগুৱাই নিয়াৰ বাবে গ্ৰহণ কৰা প্ৰয়াসৰ বাবে আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছো।
কেইটিমান মুহূৰ্তৰ আগতে কেইগৰাকীমান স্বচ্ছাগ্ৰহী সতীৰ্থক সম্বৰ্দ্ধনা জনোৱাৰ সুযোগ পাইছিলো। তেওঁলোকলৈ মই শুভ-ইচ্ছা জ্ঞাপন কৰিছো। ইয়াৰ মাজতে মই এটা কথা লক্ষ্য কৰিছো যে স্বচ্ছতাৰ এই আন্দোলনত বহু সংখ্যক মহিলাই অগ্ৰণী ভূমিকা পালন কৰিছে। দৰাচলতে আমাৰ মাতৃ-ভগ্নীসকলে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্ব বাৰুকৈয়ে উপলব্ধি কৰি আহিছে।এই কথা ব্খ্যা কৰিবলৈ যাওতে মই আজি কেৱল এজন ব্যক্তি হিচাপেই নহয়, বৰঞ্চ প্ৰশাসনীয় সীমাৰ বাহিৰলৈ গৈয়ো বিষয়টো আলোচনা কৰাৰ প্ৰাসংগিকতা অনুভৱ কৰিছো।
চৰকাৰী কাম-কাজত জড়িত বিষয়াবৰ্গই নাম নোহোৱাকৈয়ে কাম কৰি যায়। প্ৰয়াস ক্ষেত্ৰত তেওঁলোকে কৰা কামৰ প্ৰকৃত স্বীকৃতিৰ পৰাও বঞ্চিতহে হয়। ৰাইজৰ আগলৈ তেনেবোৰ কথা নাহেই। পিছে তাৰ মাজতো এনে বহু কথা থাকে, যাৰ কিছু কথা মই আজি আপোনালোকৰ আগত অৱগত কৰাত তাগিদা অনুভৱ কৰিছো।
ভাৰত চৰকাৰৰ সচিব পৰমেশ্বৰজী আয়াৰ ডাঙৰীয়া আজি চাগৈ নিশ্চয় ইয়াত উপস্থিত আছে। এই সমগ্ৰ প্ৰকল্পটোৰ চোৱাচিতা তেখেতেই কৰিছে। দৰাচলতে আই.এ.এছ. বিষয়াৰ চাকৰি এৰি তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ গৈছিলগৈ।আমি চৰকাৰ গঠন কৰাৰ পিছত এক আহ্বান জনাইছিলো; তেওঁৰ লগতে আন বহু সংখ্যক ব্যক্তিৰ প্ৰতিয়ে আছিল আমাৰ এই আহ্বান। আজি মই আনন্দৰে কওঁ যে, আমাৰ আহ্বান স্বীকাৰ কৰি তেখেতে বিলাসী জীৱন ত্যাগ কৰি ভাৰতলৈ উভতি আহিল। বহু বছৰ ধৰি তেওঁ আই.এ.এছ. বিষয়াৰ গুৰুদায়িত্ব পালন কৰিছিল। তাৰ পিছত তেওঁ চাকৰি এৰিছিল। এইমাত্ৰ তেওঁক চাগৈ আপোনালোকে টেলিভিছনত দেখিছিল; মুহূৰ্তৰ আগতে তেওঁক টেলভিছিন চেনেলে দেখুৱাইছিল। অকনমান আগতে টিভিৰ কেমেৰাই তেওঁক ফকাছ কৰিছিল। অনুগ্ৰহ কৰি আকৌ এবাৰ তেওঁক দেখুৱাব নেকি? হয়, এয়া তেওঁ। এৰা তেওঁ উভতি আহিল, মই তেওঁক চৰকাৰী কাম-কাজত জড়িত কৰিলো আৰু এই অভিযানৰ দায়িত্ব অৰ্পণ কৰিলো।
বিভিন্ন ঠাইলৈ গৈ তেওঁ আনকি নিজেই শৌচাগাৰ পৰিস্কৰণৰ দৰে কাম-কাজত হাতে-কামে লাগি পৰে। আৰু আজি সেয়ে, পৰমেশ্বৰজীৰ দৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ স্বচ্ছতাৰ যোদ্ধাৰ সহযোগিতাৰ প্ৰতিশ্ৰুতি পাই আমি নিশ্চিত হব পাৰিছো যে ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ মুহূৰ্তত আমি বাপুজীৰ সপোন সাৰ্থক কৰিবগৈ পাৰিম।
শৈশৱত আমি প্ৰায়েই শুনিছিলো ঈশ্বৰৰ বোলে হাজাৰখন হাত থাকে। এনেবোৰ কথা তেতিয়া প্ৰায় সকলোৰে মুখে মুখে আছিল। পিছে তাৰ মাজত কোনোবা প্ৰধানমন্ত্ৰীৰ হাজাৰখন হাত থকাৰ কথা কিন্তু কেতিয়াও শুনা নাছিলো। কিন্তু আজি মোৰ সন্মুখত উপৱিষ্ট হৈ থকা হাজাৰ হাজাৰ স্বচ্ছতাৰ সেনানীক দেখি মোৰ ন-দি ক’বৰ মন গৈছে- এৰা দেশৰ প্ৰধানমন্ত্ৰীও সহস্ৰ হাতৰ গৰাকী হ’ব পাৰে।
আপোনালোকৰ উত্সৰ্গীকৃত মনোভাৱ, আপোনালোকে সম্পন্ন কৰা কঠোৰ কৰ্মযজ্ঞ, নিজৰ গাঁও এৰি বিহাৰৰ অলিয়ে-গলিয়ে ঢপলিয়াই ফুৰি ইয়াৰ প্ৰতিডোখৰ এলেকাকে নিজৰ ঠাই যেন বুলি গণ্য কৰি পৰিচ্ছন্ন কৰি তোলাৰ বাবে দেহেকেহে লগা কাৰ্যই প্ৰকৃতাৰ্থতে বাপুৱে আৰম্ভ কৰা স্বচ্ছতাৰ অভিযানতো এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ইয়াৰ বাবে মই আপোনালোক আটাইকে পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিব খুজিছো।
বন্ধুসকল, সেয়া স্বচ্ছতাৰ অভিযানেই হওক কিম্বা ক’লা ধনৰ বিৰুদ্ধে চলা যুদ্ধই হওক, সাধাৰণ জনতাৰ বিকাশ কাৰ্যক্ৰম কিম্বা দুৰ্নীতি বিৰোধী অভিযানেই হওক, কেন্দ্ৰীয় চৰকাৰে নীতিশজী আৰু তেওঁৰ সতীৰ্থবৃন্দৰ সৈতে কান্ধত কান্ধ মিলাই আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰিছো। বিহাৰৰ সকলো শ্ৰেণীৰ ৰাইজৰ বিকাশ তথা সামাজিক-অৰ্থনৈতিক সবলীকৰণৰ বাবে বিহাৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতি আৰু কৰ্ম-কৌশল পৰস্পৰৰ পৰিপূৰক হিচাপেই গ্ৰহণ কৰা হৈছে।
বিহাৰৰ দ্ৰুত বিকাশ সম্ভৱ কৰি তোলাৰ বাবে ৬,৬০০ কোটিৰো অধিক টকাৰে সম্পাদিত হব লগা এলানি আঁচনি ঘোষণা তথা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ বাবে মই আজি এইখন মঞ্চ ব্যৱহাৰ কৰাৰ সুযোগ গ্ৰহণ কৰিছো। পানীয়েই হওক কিম্বা ৰেল প্ৰকল্পই হওক; পথ-ঘাটেই হওক অথবা পেট্ৰোলিয়াম প্ৰকল্পই হওক এইলানি প্ৰকল্পই সামগ্ৰিকভাৱে বিহাৰক আৰু বিশেষভাৱে চাম্পাৰণক বাৰুকৈয়ে উপকৃত কৰিবসেয়া ধুৰূপ। এইলানি আঁচনিক আমি স্বচ্ছতা নিশ্চিতকৰণ তথা পৰিবেশ সংৰক্ষণৰ দৃষ্টিকোণৰ পৰাও বিবেচনা কৰিব পাৰিম।
ভাই-ভনীসকল, মতিহাৰী হ্ৰদ পুৰুদ্ধাৰো এইলানি প্ৰকল্পৰ মাজত আছে আৰু আজি ইয়াৰ শিলান্যাস কৰা হব। এইটো হ্ৰদৰ পৰাই মতিহাৰী জিলাৰো নামকৰণ কৰা হৈছিল। হ্ৰদটোৰ পুনৰুদ্ধাৰ অভিযানৰ কাম-কাজ আজিৰে পৰাই আৰম্ভ কৰা হব। গান্ধীজী চাম্পাৰণত থকা কালত হ্ৰদটোৰ কথা বাৰুকৈয়ে উল্লেখ কৰিছিল। হ্ৰদটোৰ নৈঃসৰ্গিক শোভাই মনত দিয়া অনাবিল প্ৰশান্তিৰ কথা তেওঁ প্ৰায়েই উল্লেখ কৰিছিল। এইখন মহানগৰীৰ সামগ্ৰিক শোভাও বৰ্দ্ধন কৰিছে এই হ্ৰদটোৱে। পিছে সময়ৰ সোঁতত বিগত দিনবোৰত মতি হ্ৰদৰ সৌন্দৰ্য-শোভা যেন বহু পৰিমাণে ম্লান পৰিবলৈ ধৰিছিল।
মই জানো যে এই অঞ্চলৰ বিবেকবান সকলো নাগৰিকেই হ্ৰদটোৰ সুৰক্ষাৰ বাবে যথাসাধ্যে প্ৰয়াস অব্যাহত ৰাখিছে। ইয়াৰ বাবে ছচিয়েল মিডিয়াৰ পৰা পথ সভালৈ যিয়ে য’তে পাৰে প্ৰচেষ্টা চলাই আছে।এই প্ৰয়াসত আপোনালোকেও হাত উজান দিলে হ্ৰদটোৰ পুনৰুদ্ধাৰতো হবই তাৰ লগতে পৰ্যটকক আকৰ্ষণ কৰিব পৰা নানা প্ৰকল্প বিকশিত কৰাৰো সুযোগ ওলাব।
ভাই-ভনীসকল, স্বচ্ছতাৰ অভিযানৰে পানীকো সংযোজিত কৰাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। অমৃত আঁচনিৰ অধীনত ১০০ কোটি টকা ব্যয় সাপেক্ষে সম্পূৰ্ণ হব লগা এক বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পৰো আজি শিলান্যাস কৰা হৈছে। এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোৰ জীয়ৰী-বোৱাৰীয়ে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে কৰিব লগা সংগ্ৰামৰ অন্ত পৰিব। এই প্ৰকল্পই অঞ্চলটোৰ ১.৫ লাখতকৈও অধিক জনতাক প্ৰত্যক্ষভাৱে উপকৃত কৰিব।
তদুপৰি মা গংগাক পৰিস্কাৰ কৰাৰ বাবেও আন এক প্ৰয়াস চলোৱা হৈছে। গংগোত্ৰীৰ পৰা গংগা সাগৰ পৰ্যন্ত গংগাৰ জলৰাশিৰ পৰিস্কাৰ কৰি তোলাৰ বাবে লোৱা সিদ্ধান্তৰ আধাৰত চৰকাৰে ইতিমধ্যে ব্যাপক অভিযান অব্যাহত ৰাখিছে। স্বাভাৱিকতেই বিহাৰ এই অভিযানৰ এক গৰুত্বপূৰ্ণ অংগ। ৰাজ্যখনৰ আৱাসিক আৰু কাৰখানাসমূহৰ পৰা নিৰ্গত হোৱা পানীয়ে যাতে গংগাৰ পানী প্ৰদূষিত কৰিব নোৱাৰে সেই কথা নিশ্চিত কৰিবলৈকে ৩,০০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ১১টা প্ৰকল্পলৈ ইতিমধ্যেই অনুমোদন জনোৱা হৈছে। এই ধনৰাশিৰে ১,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক পাইপলাইন নিৰ্মাণ কৰাৰ পৰিকল্পনা যুগুতাই উলিওৱা হৈছে। এইলানি প্ৰকল্পৰে চাৰিটা প্ৰকল্পৰ আজি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হৈছে। যোৱা বছৰ মই মোকামালৈ আহোতে এই চাৰিটা প্ৰকল্পৰ বাবে যাৱতীয় কাম-কাজৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। এইলানি প্ৰকল্পৰ আনকেইটা আঁচনিৰ কামো অচিৰেই আৰম্ভ কৰা হব। তদুপৰি গংগাৰ নিকটৱৰ্ত্তী অঞ্চলসমূহৰ গাঁওসমূহক মুকলিত মল ত্যাগ নিষিদ্ধ গাঁও হিচাপে গঢ়ি তোলাৰ বাবেও প্ৰাথমিকতা প্ৰদান কৰি আঁচনি ৰূপায়ণ কৰা হব।
গংগাজী প্ৰৱাহিত হোৱা পাঁচখন ৰাজ্য উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ বহুসংখ্যক গাঁৱত এই অভিযান সাৰ্থকভাৱেই ৰূপায়িত হৈছে। গংগা-পৰীয়া গাঁওসমূহত আৱৰ্জনা সংসাধন প্ৰকল্প এনেদৰে ৰূপায়ণ কৰা হৈছে যে ইয়াৰ ফলত গাঁওসমূহৰ পৰা নিৰ্গত হোৱা আৱৰ্জনাই গংগাৰ জলৰাশি প্ৰদূষিত কৰিব নোৱাৰে। গংগা-পৰীয়া অঞ্চলসমূহ মুকলিত মল ত্যাগমুক্ত অঞ্চল হিচাপে অচিৰেই চিহ্নিত হব বুলি মই অতিকে আশাবাদী।
একালত বাৰানসীত আৱৰ্জনা মহোত্সৱ উদযাপন কৰা হৈছিল। গংগা পাৰৰ মহানগৰীসমূহত বসবাস কৰা ৰাইজক মই এনে আৱৰ্জনা মহোত্সৱ উদযাপন কৰিবলৈ আহ্বান জনাব খুজিছো।ইয়াৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ মাজত স্বচ্ছতাৰ পক্ষত সজাগতা সৃষ্টিৰ লগতে আৱৰ্জনাক কেনেকৈ সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰি তাৰো কিটিপ শিকোৱাৰ এক পৰিবেশ সৃষ্টি কৰিব পৰা যাব। জাবৰ-জোথৰৰ দ্বাৰাও যে এক গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰিব পাৰি সেই কথা জানি আপোনালোকো নিশ্চয় আশ্চৰ্যচকিত হৈ উঠিব।
ভাই-ভনীসকল, পৰিস্কাৰ ইন্ধনো স্বচ্ছতা অভিযানৰ এক গুৰুত্বপূৰ্ণ অংশ। উজ্জ্বলা অভিযানৰ জৰিয়তে দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ মাতৃ-ভগ্নীক বিষাক্ত ধোঁৱামুক্ত ৰন্ধনশালা প্ৰদান কৰাৰ বাবে চৰকাৰে এক আন্তৰিক প্ৰয়াস আৰম্ভ কৰিছে। এই পৰ্যন্ত দেশৰ ৩.৫ কোটি পৰিয়াললৈ এই আঁচনিৰ অধীনত ৰন্ধন গেছৰ বিনামূলীয়া সংযোগ প্ৰদান কৰা হৈছে। আঁচনিখনৰ অধীনত বিহাৰৰ ৫০ লাখ মহিলাৰ লগতে ৫০ লাখ পৰিয়ালো উপকৃত হৈছে।
বন্ধুসকল, ধোঁৱামুক্ত ইন্ধনক প্ৰাথমিকতা প্ৰদান কৰাৰ আৰু উজ্জ্বলাআঁচনি ব্যাপক সাফল্যৰ বাবে ৰন্ধন গেছ চিলিণ্ডাৰৰ চাহিদা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। এনে পৰিস্থিতিত চাম্পাৰণকে ধৰি আশ-পাশৰ অঞ্চলসমূহৰ জনসাধাৰণে যাতে ৰন্ধন গেছ নাটনিৰ দৰে সমস্যাৰ সন্মুখীন হব লগা পৰিস্থিতিৰ সন্মুখীন হবলগীয়া নহয় সেই কথা নিশ্চিত কৰিবলৈকে আজি মতিহাৰী আৰু ছাগোলিত দুটা এল.পি.জি. প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ হলে দৈনিক ৯০,০০০ চিলিণ্ডাৰৰ ৰিফিলিং কৰিব পৰা যাব।
তদুপৰি মতিহাৰীত এক পেট্ৰোলিয়াম অইল লুব টাৰ্মিনেল প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হলে চাম্পাৰণৰ লগতে সমীপৱৰ্ত্তী জিলাকেইখনৰ পেট্ৰোল-ডিজেলৰ চাহিদাতো পূৰণ হবই, বৰং এই প্ৰকল্পই নেপাললৈ প্ৰেৰণ কৰা পেট্ৰোলিয়াম সামগ্ৰী যোগান ব্যৱস্থাকো অন্য এক মাত্ৰা প্ৰদান কৰিব।
ভাই-ভনীসকল, পূব ভাৰতক দেশৰ বিকাশৰ চকৰি হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অংগীকাৰৰ অংশ হিচাপেই এইসমূহ প্ৰকল্পৰ সম্প্ৰসাৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিগত সময়ত নোহোৱা হাৰত ইতিমধ্যেই পূব উত্তৰ প্ৰদেশৰ পৰা বিহাৰলৈ, পশ্চিম বংগৰ পৰা উৰিষ্যালৈ তথা উত্তৰ পূৰ্বাঞ্চললৈ আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্প স্থাপনৰ ঢৌ প্ৰৱাহিত হৈছে।আমাৰ চৰকাৰে বিশেষকৈ এইসমূহ অঞ্চলৰ মাজত পথ যোগাযোগ ব্যৱস্থাৰ দ্ৰুত উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰিছে।
২১ শতিকাৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি এইবোৰ অঞ্চলৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথ, জলপথ, ই-ৱে’ৰ দৰে যোগাযোগ ব্যৱস্থাৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম অভূতপূৰ্ব গতিৰে সম্পন্ন কৰাত মনোনিবেশ কৰা হৈছে। এই উদ্দেশ্যে আজি ৯০০ কোটি টকীয়া এক ৰাষ্ট্ৰীয় ঘাইপথ বিকাশ প্ৰকল্পৰো শিলান্যাস কৰা হৈছে। ঔৰংগাবাদৰ পৰা চৌৰদা পৰ্যন্ত থকা চাৰিলেনযুক্ত ৬ লেনযুক্তকৈ নিৰ্মাণ কৰাৰ কাম আজিৰ পৰা আৰম্ভ হব। এই প্ৰকল্পই বিহাৰ আৰু ঝাৰখণ্ডৰ ৰাইজক বিশেষভাৱে উপকৃত কৰিব।
সেইদৰে চাম্পাৰণত দুটা ৰেল প্ৰকল্পৰ শুভাৰম্ভও আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। এই প্ৰকল্পৰ অধীনত মজ্জফৰনগৰৰ পৰা ছাগোলিলৈ আৰু ছাগোলিৰ পৰা বাল্মিকীনগৰলৈ থকা ৰেলপথচোৱা ডাবল লেনযুক্ত কৰাৰ হব।
বন্ধুসকল, চম্পাৰণ আন্দোলনৰ শতবৰ্ষ উপলক্ষে এখন নতুন ৰেলগাড়ীৰ সেৱা আজিৰে পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছো। এইখন ৰেলগাড়ীয়ে কাটিহাৰৰ পৰা পুৰণি দিল্লীৰ মাজত চলাচল কৰিব। চৰকাৰে ৰেলগাড়ীখনৰ নাম ৰাখিছে চাম্পাৰণ হামচফৰ এক্সপ্ৰেছ বুলি। আধুনিক সা-সুবিধাযুক্ত নতুন ৰেলগাড়ীখনে নিশ্চয় দিল্লীলৈ অহা-যোৱা কৰা যাত্ৰীসকলক বাৰুকৈয়ে উপকৃত কৰিব।
ভাতৃ-ভগ্নীসকল,
মধেপুৰাত নিৰ্মীয়মান অৱস্থাত থকা ইলেকট্ৰিক লকোমোটিভ কাৰখানাৰ প্ৰথম গোটটো আজি আনুষ্ঠানিকভাৱে ৰাইজৰ নামত উত্সৰ্গা কৰা হৈছে। এই কাৰখানাটোৰ নিৰ্মাণ দুটা কাৰণত খুবেই গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈছে। প্ৰথমটো কাৰণ হৈছে ই মেক ইন ইণ্ডিয়া কাৰ্যক্ৰমৰ উত্কৃষ্ট উদাহৰণ। দ্বিতীয়তে কাৰখানাটোৱে সামগ্ৰিকভাৱে এই অঞ্চলৰ নিয়োগ সম্ভাৱনাৰ বৃহত্তম উত্স হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে। ফ্ৰান্সৰ এটা প্ৰতিষ্ঠানৰ সৈতে জোঁট বান্ধি ভাৰতীয় ৰেলৱে’জ এই কাৰখানাত ৰেল বৈদ্যুতিক ইঞ্জিন নিৰ্মাণ কৰিব এই কাৰখানাত। মই কাৰখানাটোত নিৰ্মাণ কৰি উলিওৱা ১২,০০০ অশ্বশক্তি সম্পন্ন ইঞ্জিন এটাক সেউজীয়া পতাকা জোকাৰি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সুযোগ লাভ কৰিছো।
বন্ধুসকল, পৃথিৱীত বস্তু কঢ়িওৱা ৰেলগাড়ীত এনে শক্তিসম্পন্ন ৰেল ইঞ্জিন ব্যৱহাৰ কৰা দেশকেইখনমানহে আছে। এই ইঞ্জিনৰ ব্যৱহাৰে আমাৰ দেশৰ মালবাহী ৰেলগাড়ীসমূহৰ গড় গতিবেগৰ হাৰ দুগুণলৈ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
সকলোৰে সৈতে সকলোৰে বিকাশৰ মন্ত্ৰ আওৰাই এন.ডি.এ. চৰকাৰে সময় নিৰ্দ্ধাৰিত কাৰ্যক্ৰম ৰূপায়ণৰ পণ লৈছে। পূৰ্বৱৰ্ত্তী চৰকাৰসমূহে সময় নিৰ্দ্ধাৰিত কাৰ্যক্ৰমৰ পৰম্পৰাৰ গুৰুত্ব অনুধাৱন কৰিছিল নে নাই নাজানো কিন্তু গান্ধীজীয়ে সত্যাগ্ৰহ আৰু স্বচ্ছাগ্ৰহৰ লগতে নিৰ্ধাৰিত সময়ত প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ কৰাৰ কথাটোত খুবেই গুৰুত্ব প্ৰদান কৰিছিল। গান্ধীজীয়ে সদায়েই জেপত এটা ঘড়ী লৈ ফুৰিছিল। তেওঁ কৈছিল তুমি যিহেতু খুদকণ এটা কিম্বা কাগজৰ টুকুৰা এটাও অবাবতে নষ্ট কৰিব নোৱাৰা, তেনে ক্ষেত্ৰত এটা মিনিটনো অবাবত খৰচ কৰিবা কেনেকৈ?–এয়া আমাৰ সময় নহয়। এয়া আমাৰ ৰাষ্ট্ৰৰ সময়, সেয়ে ইয়াক দেশৰ হিতৰ বাবেহে সদ্ব্যৱহাৰ কৰিব লাগিব।
ভাৰতৰ ১২৫ কোটি নাগৰিকে বিগত সময়ছোৱাত এই আদৰ্শক সাৰোগত কৰি কাম কৰাৰ বাবেই ২০১৪ চনত স্বচ্ছতাৰ হাৰ ৪০ শতাংশ থকা দেশখনত আজি এই হাৰ ৮০ শতাংশ হৈছেগৈ। অৰ্থাত্ বৰ্তমান চৰকাৰৰ কাৰ্যকালত দেশৰ স্বচ্ছতাৰ হাৰ স্বাধীনতাৰ ৬৭ বছৰৰ তুলনাত অধিক হৈছে বুলিয়ে কব লাগিব।
বন্ধুসকল যোৱা চাৰে তিনিটা বছৰত দেশৰ ৩৫০খন জিলাৰ ৩.৫ লাখ খনতকৈও অধিক গাঁৱে নিজকে মুকলিত মল ত্যাগ কৰা নিষিদ্ধ গাঁও হিচাপে ঘোষণা কৰাৰ সামৰ্থ্য আহৰণ কৰিছে। এই চাৰে তিনিটা বছৰৰ ভিতৰতে আমাৰ দেশত ৭ কোটি শৌচাগাৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। ৰাইজৰ ইচ্ছাশক্তিৰ বাবেই এয়া সম্ভৱ হৈছে। শেহতীয়াকৈ যোৱা ৪ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এটা সপ্তাহত বিহাৰ, উত্তৰ প্ৰদেশ, উৰিষ্যা আৰু জম্মু আৰু কাশ্মীৰত প্ৰায় ২৬ লাখ শৌচাগাৰৰো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল ৰাইজৰ ইচ্ছাশক্তিৰ বলতে।
বন্ধুসকল, আপোনালোকে চাগৈ জানে যে পৰিস্কাৰ ভাৰত অভিযানে দেশৰ লাখ লাখ মহিলাৰ জীৱনধাৰা অভূতপূৰ্বভাৱে সলনি কৰিবলৈ সক্ষম হৈছে। ঘৰে ঘৰে শৌচাগাৰ নিৰ্মাণৰ জৰিয়তে দৰাচলতে তেওঁলোকে এক মৰ্যাদাপূৰ্ণ জীৱন অতিবাহিত কৰিবলৈ প্ৰয়োজন হোৱা তিনিটা মৌলিক বস্তু- মৰ্যাদা, নিৰাপত্তা আৰু সুস্বাস্থ্য সম্পূৰ্ণ ৰূপে লাভ কৰিছে। মই জানিব পাৰিছো যে বিহাৰৰ ৰাইজে আজিকালি শৌচাগাৰক ইজ্জতগাৰ অৰ্থাত্ সন্মানৰ থলী বুলি অভিহিত কৰিবলৈ লৈছে। শৌচাগাৰ নিৰ্মাণে সমাজত বৰ্তি থকা বৈষম্যকো ব্যাপক হাৰত নোহোৱা কৰিছে। আন কথাত ই অৰ্থনৈতিক আৰু সামাজিক সৱলীকৰণৰ অন্যতম কাৰক হিচাপেও চিহ্নিত হৈছে। যোৱাটো বৰ্ষত ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে যিবোৰ পৰিয়ালত শৌচাগাৰৰ ব্যৱস্থা আছে তেনেবোৰ পৰিয়ালে বছৰি গড়ে ৫০,০০০ টকাকৈ জমা ৰাখিব পাৰে। ইয়াৰ বিপৰীতে শৌচাগাৰৰ ব্যৱস্থা নথকা পৰিয়ালসমূহে সঘনাই হোৱা অসুখ-বিসুখৰ ধামখুমীয়াত পৰি চিকিত্সাৰ নামত সিমানখিনি ধন ব্যয় কৰিবলগীয়া হয়।
স্বচ্ছতাৰ নামত শেহতীয়াভাৱেচলা গণ সজাগতা জগততে বিৰল বুলি চিহ্নিত হৈছে আৰু এক কথা কবলৈ গলে ২১ শতিকাত ভাৰতত অব্যাহত থকা এই গণ আন্দোলনে দেশৰ জন-জীৱনক আক্ষৰিক অৰ্থতে পৰিৱৰ্তনৰ ঢৌৰে আন্দোলিত কৰাৰ লগতে জনসাধাৰণৰ অভ্যাস আৰু আচৰণ বিধিলৈও বৈপ্লৱিক পৰিৱৰ্তনৰ জোৱাৰ আনিছে। পিচে দেশৰ কিশোৰ-কিশোৰীৰ পৰা বয়োজ্যেষ্ঠ নাগৰিকলৈকে সকলোৱে এখন পৰিচ্ছন্ন ভাৰতৰ স্বাৰ্থত এই উদ্যম সদায়ে অক্ষুন্ন ৰখাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিলেহে এই অভিযানে প্ৰকৃতাৰ্থত সাৰ্থকতা লাভ কৰিব পাৰিব। দেশৰ প্ৰতিগৰাকী নাগৰিকে পৰিচ্ছন্ন জীৱনচৰ্যাক আদৰি ল’লেহে ২০১৯ চনত পৰিচ্ছন্ন ভাৰত অভিযানৰ সামৰণি ঘোষণা কৰিব পৰা যাব। আৰু তাৰ জৰিয়তেহে আমি আবেগিকভাৱে আগন্তুক বৰ্ষৰ ২ অক্টোবৰত বাপুজীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদিব পাৰিম।
আমি সকলোৱে এনে কেতবোৰ পদক্ষেপ লব পাৰো। ধৰক আজিৰ পৰা ২০১৯ চনৰ ২ অক্টোবৰৰ ভিতৰত যিমানবোৰ গুৰুত্বপূৰ্ণ দিৱস পৰিব সেইবোৰ দিৱসক বিশেষ উপলক্ষ কৰি স্বচ্ছতা অভিযানত নিয়োজিত বাবে ৰাইজক উত্সাহিত কৰাৰ পণ লব পাৰোহঁক। ভাৰত চৰকাৰে যোৱা ১৪ এপ্ৰিলৰ পৰা গ্ৰাম স্বৰাজ অভিযান শীৰ্ষক এক কাৰ্যক্ৰম আৰম্ভ কৰিছে। এই কাৰ্যক্ৰমৰ অধীনত সাংসদৰ পৰা পৌৰ নিকায়ৰ সদস্যলৈকে সকলোবোৰ নিৰ্বাচিত প্ৰতিনিধিয়ে তেওঁলোকৰ নিজ নিজ এলেকাত স্বচ্ছ ভাৰত অভিযানৰে জড়িত বিভিন্ন কাম-কাজত নিজকে জড়িত কৰাৰ লগতে ৰাইজকো ইয়াৰ সৈতে জড়িত কৰোৱাৰ কামত ব্ৰতী হব।
ভাই-ভনীসকল, প্ৰতিগৰাকী সত্যাগ্ৰহীয়ে সু-স্বাস্থ্য ৰক্ষাৰ বাবে এক পৰিচ্ছন্ন বাতাবৰণ ৰচনা কৰি প্ৰকৃতাৰ্থত এখন উন্নত ৰাষ্ট্ৰ গঢ়াৰ মহা ব্ৰততহে নিমগ্ন হৈছে। ৰাষ্ট্ৰ নিৰ্মাণত আগবঢ়োৱা আপোনালোকৰ এই অৱদানক অৱধাৰিতভাৱেই অনাগত প্ৰজন্মই স্মৰণ কৰিব। চাম্পাৰণ সত্যাগ্ৰহ কৰাৰ সময়ত আমি ইয়াত নাছিলো। আমাৰ আনকি জন্মই হোৱা নাছিল। কিন্তু স্মৃতি সুঁৱৰিয়েতো আমি চাম্পাৰণ স্বচ্ছগ্ৰহী সফল কৰিবলৈকে দিনে নিশাই অহোপুৰুষাৰ্থ কৰিছোহঁক। মই জানো এনে অভিযান সফল কৰিবলৈ অসীম ধৈৰ্যৰ প্ৰয়োজন। আৰু এই কথাও জানো যে এক অভূতপূৰ্ব পৰিৱৰ্তন সাধনেৰে এখন সুন্দৰ দেশ গঢ়াৰ বাবে আপোনালোকৰ দৰে স্বচ্ছাগ্ৰহীৰ অন্তৰত থকা দুৰ্বাৰ আকাংক্ষাই আপোনালোকক সেই শক্তি প্ৰদান কৰিব।
২০২২ চনত আমি স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী আৰু ২০১৮ চনৰ পৰা ২০১৯ চনৰ ২ অক্টোবৰলৈ আমি মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰিম। এই দুয়োটা উপলক্ষ আমি কেতবোৰ সামাজিক ব্যাধি নিৰাময়ৰে উদযাপন কৰিব খুজিছো। বিগত সময়চোৱাত আমাৰ দেশৰ সমাজ জীৱনক ৰোগাক্ৰান্ত কৰা দুৰ্নীতিক নিৰ্মূল কৰি, বৰ্ণবাদ, সাম্প্ৰদায়িকতাবাদক মষিমূৰ কৰি, ধনী-দুখীয়াৰ মাজত থকা ব্যৱধান আঁতৰ কৰি, সামাজিক উচ্চাত্মিকা কিম্বা নিচাত্মিকা নিৰ্বাপিত কৰি, অস্পৃশ্যতা বিসৰ্জন দি, সকলো ধৰণৰ সংঘাতৰ বাতাবৰণ নোহোৱা কৰি এখন নতুন ভাৰতৰ বুনিয়াদ গঢ়িয়েই এই দুটা উপলক্ষ উদযাপন কৰিব পাৰিলেহে আমি আহ্লাদিত হব পাৰিমহঁক।
এই অনুভৱকে প্ৰকাশ কৰি আপোনালোক আটাইকে পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিলো। আহক আমি সকলোৱে মিলি গান্ধীজীৰ সপোন বাস্তৱায়িত কৰাৰ প্ৰয়াসত আত্ননিয়োগ কৰো। এখন পৰিচ্ছন্ন ভাৰতৰ বাবে গান্ধীজীয়ে দেখা সপোন দিঠক কৰো।
এয়া কেৱল এক চৰকাৰী কাৰ্যক্ৰম নহয়। কোনোবা প্ৰধানমন্ত্ৰী কিম্বা কোনোবা মুখ্যমন্ত্ৰীৰো অনুষ্ঠান নহয়। এয়া যে দেশৰ ১২৫ কোটি জনতাৰ কাৰ্যক্ৰম। সেয়ে এই কাৰ্যক্ৰম সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোৱে আন্তৰিকতাৰে মাৰ বান্ধি থিয় হও আহক। সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাই সামৰণি মাৰিছো।
সমস্বৰে কও আহক-
মহাত্মা গান্ধী ….. দীৰ্ঘজীৱি হওক, দীৰ্ঘজীৱি হওক।
মহাত্মা গান্ধী ….. দীৰ্ঘজীৱি হওক, দীৰ্ঘজীৱি হওক।
*****
जो लोग कहते हैं कि इतिहास खुद को दोहराता नहीं है, वो यहां आकर देख सकते हैं कि कैसे 100 वर्ष पहले का इतिहास, आज फिर साक्षात, हमारे सामने खड़ा हैचंपारण की इस पवित्र भूमि पर जनआंदोलन की ऐसी ही तस्वीर सौ वर्ष पहले दुनिया ने देखी थी, और आज एक बार फिर देख रही है: PM
— PMO India (@PMOIndia) April 10, 2018
सौ वर्ष पूर्व चंपारण में देशभर से लोग आए थे, गांधी जी के नेतृत्व में गली-गली जाकर काम किया था।सौ वर्ष बाद आज उसी भावना पर चलते हुए, देश के अलग-अलग हिस्सों के आए लोगों ने, यहां के उत्साही नौजवानों, स्वच्छाग्रहियों के साथ कंधे से कंधा मिलाकर काम किया है: PM
— PMO India (@PMOIndia) April 10, 2018
चलो चंपारण के नारे के साथ, हजारों स्वच्छाग्रही यहां जुटे हैं। आपके इस उत्साह, इस उमंग, इस ऊर्जा को, राष्ट्र निर्माण के प्रति आपकी आतुरता को, बिहार के लोगों की अभिलाषा को, मैं प्रणाम करता हूं, नमन करता हूं: PM
— PMO India (@PMOIndia) April 10, 2018
पिछले सौ वर्ष में भारत की 3 बड़ी कसौटियों के समय बिहार ने देश को रास्ता दिखाया है। जब देश गुलामी की जंजीरों में जकड़ा हुआ था, तो बिहार ने गांधी जी को महात्मा बना दिया, बापू बना दिया: PM
— PMO India (@PMOIndia) April 10, 2018
स्वतंत्रता के बाद जब करोड़ों किसानों के सामने भूमिहीनता का संकट आया, तो विनोबा जी ने भूदान आंदोलन शुरू किया। तीसरी बार, जब देश के लोकतंत्र पर संकट आया, तो जयप्रकाश जी उठ खड़े हुए और लोकतंत्र को बचा लिया: PM
— PMO India (@PMOIndia) April 10, 2018
मुझे बहुत गर्व है कि सत्याग्रह से स्वच्छाग्रह तक की इस यात्रा में बिहार के लोगों ने एक बार फिर अपनी नेतृत्व क्षमता को दिखाया है: PM @narendramodi
— PMO India (@PMOIndia) April 10, 2018
Watch Live: https://t.co/wyGf7CCIt2
नीतीश जी और सुशील जी के नेतृत्व में बिहार ने जो कार्य बीते दिनों करके दिखाया है, उसने सभी का हौसला बढ़ा दिया है। बिहार एक मात्र ऐसा राज्य था, जहां स्वच्छता का दायरा 50% से कम था। लेकिन मुझे बताया गया कि एक हफ्ते के स्वच्छाग्रह अभियान के बाद बिहार ने इस बैरियर को तोड़ दिया: PM
— PMO India (@PMOIndia) April 10, 2018
पिछले एक हफ्ते में बिहार में 8 लाख 50 हजार से ज्यादा शौचालयों का निर्माण किया गया है। ये गति और प्रगति कम नहीं है। मैं बिहार के लोगों को, प्रत्येक स्वच्छाग्रही को और राज्य सरकार को इसके लिए बहुत-बहुत बधाई देता हूं: PM
— PMO India (@PMOIndia) April 10, 2018
आज जिन योजनाओं का शिलान्यास किया गया, उनमें मोतिहारी झील के जीर्णोधार का प्रोजेक्ट भी शामिल है। हमारा मोतिहारी शहर, जिस झील के नाम पर जाना जाता है, जो चंपारण के इतिहास का हिस्सा है, उसके पुनरुद्धार का कार्य आज से शुरु हो रहा है: PM
— PMO India (@PMOIndia) April 10, 2018
स्वच्छता का संबंध पानी से भी है। बेतिया को पीने के साफ पानी के लिए जूझना ना पड़े, इसके लिए अमृत योजना के तहत तकरीबन 100 करोड़ रुपए की लागत से वॉटर सप्लाई योजना का शिलान्यास किया है। इसका सीधा लाभ डेढ़ लाख से ज्यादा लोगों को मिलेगा: PM
— PMO India (@PMOIndia) April 10, 2018
घर या फैक्ट्री के गंदे पानी को गंगा में जाने से रोकने के लिए बिहार में अब तक 3 हजार करोड़ से ज्यादा के 11 प्रोजेक्ट की मंजूरी दी जा चुकी है। इस राशि से 1100 किलोमीटर से लंबी सीवेज लाइन बिछाने की योजना है: PM
— PMO India (@PMOIndia) April 10, 2018
गंगा तट के किनारे बने गांवों को प्राथमिकता के आधार पर खुले में शौच से मुक्त बनाया जा रहा है।
— PMO India (@PMOIndia) April 10, 2018
गंगा किनारे बसे गांवों में कचरे के प्रबंधन की योजनाएं लागू की जा रही हैं ताकि गांव का कचरा नदी में ना बहाया जाए। जल्द ही गंगा तट पूरी तरह खुले में शौच से मुक्त हो जाएगा: PM
स्वच्छ ईंधन पर जोर और उज्जवला योजना की सफलता की वजह से सिलेंडर की मांग भी बढ़ी है। चंपारण और आसपास के लोगों को गैस सिलेंडर की दिक्कत ना हो, इसके लिए मोतिहारी और सुगौली में LPG प्लांट लगाने के प्रोजेक्ट्स का आज शिलान्यास आज किया गया है: PM
— PMO India (@PMOIndia) April 10, 2018
आज लगभग 900 करोड़ रुपए के नेशनल हाईवे प्रोजेक्ट का शिलान्यास किया गया है। औरंगाबाद से चोरदहा का जो सेक्शन अभी 4 लेन का है, उसे 6 लेन बनाने का काम आज से शुरू हो रहा है। ये प्रोजेक्ट बिहार और झारखंड, दोनों राज्यों के लोगों को फायदा पहुंचा पहुंचाएगा: PM
— PMO India (@PMOIndia) April 10, 2018
चंपारण सत्याग्रह के सौ वर्ष के अवसर पर मुझे एक नई ट्रेन का शुभारंभ करने का भी अवसर मिला है। ये ट्रेन कटिहार से पुरानी दिल्ली तक चला करेगी। इसका नाम विशेष रूप से चंपारण हमसफर एक्सप्रेस रखा है। आधुनिक सुविधाओं से लैस ये ट्रेन, दिल्ली आने-जाने में आपके लिए बहुत मददगार साबित होगी: PM
— PMO India (@PMOIndia) April 10, 2018
आज मधेपुरा में इलेक्ट्रिक लोकोमोटिव फैक्ट्री के फेज वन का भी लोकार्पण किया गया है। ये फैक्ट्री दो कारणों से अहम है। एक तो ये मेक इन इंडिया का उत्तम उदाहरण है, और दूसरा, ये इस क्षेत्र में रोजगार का भी बड़ा माध्यम बन रही है: PM
— PMO India (@PMOIndia) April 10, 2018
एक और वजह है जिसकी वजह से मैं आपको इस प्रोजेक्ट के बारे में थोड़ा विस्तार से बताना चाहता हूं। इस प्रोजेक्ट को 2007 में मंजूरी दी गई थी। मंजूरी के बाद 8 साल तक इसकी फाइलों में पावर नहीं आ पाई। 3 साल पहले एनडीए सरकार ने इस पर काम शुरू करवाया और अब पहला फेज पूरा भी कर दिया है: PM
— PMO India (@PMOIndia) April 10, 2018
गांधी जी की इसी भावना को जीते हुए, सवा सौ करोड़ देशवासी मिशन मोड पर काम कर रहे हैं।
— PMO India (@PMOIndia) April 10, 2018
ये उनका स्वच्छाग्रह ही है कि 2014 में स्वच्छता का जो दायरा 40 प्रतिशत से भी कम था, वो अब बढ़कर 80 प्रतिशत से भी ज्यादा हो चुका है: PM
ये लोगों की इच्छाशक्ति ही है कि 4 अप्रैल, यानि पिछले एक हफ्ते में , जिस दौरान सत्याग्रह से स्वच्छाग्रह सप्ताह मनाया गया है, बिहार, यूपी, ओडिशा और जम्मू-कश्मीर में लगभग 26 लाख शौचालयों का निर्माण किया गया है: PM
— PMO India (@PMOIndia) April 10, 2018
स्वच्छ भारत अभियान ने देश की करोड़ों-करोड़ महिलाओं की जिंदगी जिस तरह बदली है, उससे आप भली-भांति परिचित हैं। एक शौचालय के निर्माण से महिला को सम्मान, सुरक्षा और स्वास्थ्य, तीनों मिल रहा है। मुझे बताया गया है कि अब तो बिहार में भी शौचालयों को ‘इज्जत घर’ कहकर बुलाया जाने लगा है: PM
— PMO India (@PMOIndia) April 10, 2018
गांधी जी ने यहां चंपारण में किसान, श्रमिक, शिक्षक, वकील, डॉक्टर-इंजीनियर सभी को एक ही पंक्ति में ला खड़ा किया था। स्वच्छाग्रही के नाते हमारा रोल भी वैसा ही होना चाहिए। स्वच्छता का ये संदेश समाज के हर व्यक्ति, हर तबके तक पहुंचे, ऐसी हमारी कोशिशें होनी चाहिए: PM
— PMO India (@PMOIndia) April 10, 2018