Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চাকৰিৰ ক্ষেত্ৰত অন্যান্য পিছপৰা শ্রেণীৰ প্রার্থীসকলৰ সংৰক্ষণৰ স্বার্থত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, বেংক আৰু বীমা প্ৰতিষ্ঠানৰ দৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু অন্যান্য সংস্থাত চৰকাৰী পদৰ সম মৰ্যাদাৰ পদ সৃষ্টিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত চাকৰিৰ ক্ষেত্ৰত অন্যান্য পিছপৰা শ্রেণীৰ প্রার্থীসকলৰ সংৰক্ষণৰ স্বার্থত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, বেংক আৰু বীমা প্ৰতিষ্ঠানৰ দৰে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু অন্যান্য সংস্থাত চৰকাৰী পদৰ সম মৰ্যাদাৰ পদ সৃষ্টিত অনুমোদন জনাইছে। বিগত ২৪ বছৰে এই বিষয়টো মীমাংসা নোহোৱাকৈ আছিল।

কেবিনেটৰ এই সিদ্ধান্তৰ ফলত বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান তথা অন্যান্য প্রতিষ্ঠানত চাকৰি লাভৰ বাবে অপেক্ষাত থকা নিম্ন বৰ্গৰ কর্মীসকলৰ সন্তানে অন্যান্য পিছপৰা শ্রেণীৰ বাবে সংৰক্ষিত পদত আবেদন কৰাৰ সুযোগ লাভ কৰিব। কেৱল ইমানেই নহয় চাকৰিৰ অপেক্ষাত থকা উচ্চ বৰ্গৰ কর্মীসকলৰ সন্তানেও ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সম মৰ্যাদাৰ পদত ‘নন-ক্রিমিলেয়াৰ’ৰ অন্তর্ভুক্ত বুলি চিহ্নিত কৰাৰ প্রৱণতাও ইয়াৰ দ্বাৰা ৰোধ কৰিব পৰা যাব।

আয় আৰু উপার্জন সম্পর্কীয় নিষেধাজ্ঞা ভুলকৈ ব্যাখ্যা কৰাৰ বাবে এই প্রবণতা লক্ষ্য কৰা যায়। ক্রিমিলেয়াৰ সম্পর্কীয় বিধি-নিষেধাক্ষা আৰোপেৰ ক্ষেত্রত বছৰত ৬ লাখ টকাৰ আয় আৰু উপার্জনৰ যি ঊর্ধ্বসীমা বর্তমান অব্যাহত আছে, সেয়া বছৰত ৮ লাখ টকালৈ বৃদ্ধি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত।

উপভোক্তা মূল্য সূচক বৃদ্ধিৰ লগত সংগতি ৰাখি আয়ৰ ঊর্ধ্বসীমা বৃদ্ধি কৰা হৈছে। এই ব্যৱস্থাত সামাজিক দিশৰ পৰা যিসকল ব্যক্তি বা শ্রেণী (ক্রিমিলেয়াৰ) এতিয়াও যথেষ্ট আগুৱাই আছে, তেওঁলোকে এতিয়াৰে পৰা অন্যান্য পিছপৰা শ্রেণীৰ সুযোগ-সুবিধা ভোগ কৰিব নোৱাৰিব।

অন্যান্য পিছপৰা শ্রেণীৰ অধীনস্থ লোকসকলৰ বাবে সামাজিক ন্যায়ৰ পৰিধি প্রসাৰৰ লক্ষ্যৰে চৰকাৰৰ নিৰৱচ্ছিন্ন প্রচেষ্টাৰ এক বিশেষ প্রক্রিয়া হিচাপে কেবিনেটে আজিৰ এই সিদ্ধান্ত লয়। উল্লেখ্য যে পিছপৰা শ্রেণীসমূহৰ বাবে গঠিত ৰাষ্ট্ৰীয় আয়োগক এক সাংবিধানিক মর্যাদা প্ৰদানৰ লক্ষ্যৰে চৰকাৰে ইতিমধ্যে সংসদত এখন বিধেয়ক উত্থাপন কৰিছে।

*****

AKT/VBA/SH/DB