আমি সকলোৱে বাংলাদেশৰ প্ৰধানমন্ত্ৰী, ভূটানৰ মুখ্য পৰামৰ্শ দাতা, ভাৰতৰ প্ৰধানমন্ত্ৰী, নেপালৰ প্ৰধানমন্ত্ৰী, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী ৩০-৩১ আগষ্ট ২০১৮ক বিআইএমএছটিইচিৰ চতুৰ্থ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে কাঠমাণ্ডুত মিলিত হৈছোঁ আৰু ১৯৯৭ৰ বেংকক ঘোষণা পত্ৰত অন্তৰ্ভুক্ত কৰা বিআইএমএছটিইচিৰ উদ্দেশ্য আৰু সিদ্ধান্তৰ প্ৰতি নিজৰ দায়িত্ব দোহাৰিছোঁ, ম্যাংমা কে নে পী তাত ৪ মাৰ্চ ২০১৪ তাৰিখে আয়োজিত তৃতীয় বিআইএমএছটিইচি সন্মিলন তথা ১৬ অক্টোবৰ ২০১৬ তাৰিখে গোৱাত বিআইএমএছটিইচি নেতাসকলৰ দ্বাৰা গৃহীত দস্তাবেজ অনুৰূপ নিজৰ সামূহিক প্ৰয়াসৰ জৰিয়তে এক শান্তিপূৰ্ণ, সমৃদ্ধ আৰু বহনক্ষম বংগোপ উপসাগৰ নিৰ্মাণৰ বাবে নিজৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছোঁ৷
আমি সকলোৱে এই কথাৰ পৰা আশ্বস্ত হৈছোঁ যে আমাৰ ভৌগোলিক সম্বন্ধ, প্ৰচুৰ মাত্ৰাত উপলব্ধ প্ৰাকৃতিক আৰু মানৱ সংসাধন, সমৃদ্ধ ঐতিহাসিৰ সম্বন্ধ আৰু সাংস্কৃতিক উত্তৰাধিকাৰ চিহ্নিত মুখ্য ক্ষেত্ৰসমূহত পৰস্পৰৰ গভীৰ ক্ষেত্ৰীয় সহযোগৰ বাবে বৃহৎ সম্ভাৱনা উপলব্ধ কৰায়৷ আমি বিকাশৰ পথত দৰিদ্ৰতা নিৰ্মূলক সকলোতকৈ বৃহৎ ক্ষেত্ৰীয় প্ৰত্যাহ্বান হিচাপে স্বীকাৰ কৰি ২০৩০ চনৰ সামূহিক বিকাশ এজেণ্ডাৰ দিশত সহযোগিতাৰে কাম কৰাৰ প্ৰতি দৃঢ়তা প্ৰদৰ্শন কৰিছোঁ৷ আমি এয়াও মানি লৈছোঁ যে বিআইএমএছটিইচিৰ সদস্য দেশৰ অৰ্থ ব্যৱস্থা আৰু সমাজত আন্তৰিক সম্বন্ধ আৰু আন্তৰিক নিৰ্ভৰতা ক্ষেত্ৰীয় সহযোগৰ বাবে অপাৰ সম্ভাৱনাৰ সৃষ্টি কৰিব৷ আমি নিজৰ ক্ষেত্ৰত সম্পৰ্ক পৰিকাঠামোত সামঞ্জস্যক উৎসাহিত কৰাত বহুগামী সম্পৰ্কৰ মহত্বক সহযোগিতা, সমৃদ্ধি আৰু আৰ্থিক একত্ৰীকৰণৰ বাবে প্ৰধান উৎসাহী অনুঘটকৰ ৰূপক স্বীকাৰ কৰিছোঁ৷ ক্ষেত্ৰত আৰ্থিক আৰু সামাজিক বিকাশৰ উত্তৰণৰ বাবে আমি বাণিজ্য আৰু বিনিয়োগক এক প্ৰধান কাৰকৰ ৰূপত স্বীকাৰ কৰিছোঁ৷
অঞ্চলটোৰ কম বিকশিত তথা সমুদ্ৰবিহীন সীমাযুক্ত উন্নয়নশীলন দেশৰ বিশেষ আৱশ্যকতাসমূহ আৰু পৰিস্থিতিসমূহ অনুধাৱন তথা সেইসমূহৰ বিকাশ প্ৰক্ৰিয়াক সাৰ্থক সমৰ্থন প্ৰদান কৰা প্ৰয়োজনীয়তাসমূহক ৰেখাংকিত কৰা হৈছে৷ আমি সন্ত্ৰাসবাদ আু আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধক বিআইএমএছটিইচি দেশসহিতে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষাৰ বাবে এক বৃহৎ শংকা হিচাপে মানি এই কথাত গুৰুত্ব দিছোঁ যে সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধসমূহক মোকাবিলা কৰাৰ বাবে সদস্য দেশৰ সক্ৰিয় সহযোগিতা তথা নিৰন্তৰ প্ৰয়াস আৰু সহযোগিতাৰ সৈতে এখ ব্যাপক দৃষ্টিকোণৰ আৱশ্যকতা আছে৷ আমি সাৰ্থক সহযোগ আৰু গম্ভীৰ সামুহিক প্ৰয়াসৰ দ্বাৰা এক শান্তিপূৰ্ণ, সমৃদ্ধ আৰু স্থিৰ বংগোপ উপসাগৰ অঞ্চলৰ বাবে বিআইএমএছটিইচিক এক প্ৰভাৱী আৰু পৰিণামন্মুখী ক্ষেত্ৰীয় সংগঠন হিচাপে গঠন কৰাৰ প্ৰতি আমাৰ দায়িত্ব দোহাৰিছোঁ, এক নিৰপেক্ষ, নিয়ম আধাৰিত, ন্যায়সংগত আৰু পাৰদৰ্শী আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছোঁ আৰু সংযুক্ত ৰাষ্ট্ৰৰ সৈতে বহুপক্ষবাদ তথা নিয়ম আধাৰিত আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় প্ৰণালীৰ ওপৰত পুনৰবাৰ বিশ্বাস ব্যক্তি কৰিছোঁ, বিআইএমএছটিইচিৰ অধীনত ক্ষেত্ৰীয় সহযোগ প্ৰক্ৰিয়াক প্ৰভাৱী কৰাৰ বাবে এক শক্তিশালী সংস্থাগত ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ গুৰুত্বক ৰেখাংকিত কৰিছোঁ৷
এই সন্মিলনৰ সিদ্ধান্তসমূহ ভূটান চৰকাৰৰ মুখ্য পৰামৰ্শদাতাৰ সহযোগিতা আৰু সহমত দেশসমূহৰ অনাগত নিৰ্বাচিত চৰকাৰৰ দ্বাৰা অনুমোদিত কৰা হ’ব,
আমি সংকল্প লৈছোঁ যে-
১. ১৯৭৭ চনৰ ঘোষণা পত্ৰৰ সিদ্ধান্তৰ অনুৰূপ বিআইএমএছটিইচি দেশৰ মাজত সহযোগিতা, পৰস্পৰৰ প্ৰতি দায়িত্বশীলতা, সমতা, ক্ষেত্ৰীয় অখণ্ডতা আৰু ৰাজনৈতিৰ স্বতন্ত্ৰতাৰ সন্মান তথা অন্তঃৱৰ্তী পৰিঘটনাসমূহত হস্তক্ষেপ নকৰাৰ, শান্তিপূৰ্ণ সহ অস্তিত্ব আৰু পাৰস্পৰিক লাভৰ নীতিৰ ওপৰত আধাৰিত হ’ব৷
২. বিআইএমএছটিইচিৰ উদ্দেশ্য আৰু লক্ষ্যসমূহৰ প্ৰতি আমাৰ প্ৰয়াস ১৯৯৭ চনৰ বেংকক ঘোষণা পত্ৰৰ অনুৰূপ হ’ব আৰু আমি এক স্থিৰ, সমৃদ্ধ আৰু শান্তিপূৰ্ণ বংগোপ উপসাগৰৰ ক্ষেত্ৰৰ বাবে বিআইএমএছটিইচিক এক শক্তিশালী, অধিক প্ৰভাৱী আৰু পৰিণামন্মুখী ক্ষেত্ৰীয় সংগঠন হিচাপে গঠন কৰাৰ প্ৰতি দায়িত্বশীল হ’ম৷
৩. অঞ্চলটোৰ আৰ্থিক আৰু সামাজিক বিকাশৰ বাবে দক্ষিণ আৰু দক্ষিণ পূব এছিয়াক সংযোজিত কৰা সেতুৰ ৰূপত বিআইএমএছটিইচিৰ স্থিতিৰ লাভ উঠাবলৈ তথা নিজৰ সংগঠনক শান্তি আৰু সমৃদ্ধি তথা স্থিৰতা দিশত সক্ৰিয় কৰাৰ এক প্ৰভাৱী মঞ্চৰ ৰূপত পৰিৱৰ্তন কৰাৰ দিশত সদস্য দেশসমূহৰ মাজত শক্তিশালী আৰু দৃঢ় কৰাৰ বাবে দায়িত্বশীল হ’ম৷
৪. বিআইএমএছটিইচি সহিতে বিশ্বৰ সকলো প্ৰান্তত হোৱা সন্ত্ৰাসবাদৰ সমস্যাৰ ভৎৰ্সনা তথা নিন্দা কৰা হ’ব৷ সন্ত্ৰাসবাদৰ ব্যৱস্থাসমূহক ন্যায়সংগত বুলি বিবেচনা নকৰাত গুৰুত্ব দিয়া হ’ব৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত কেৱল সন্ত্ৰাসবাদীসকলকেই নহয়, তেওঁলোকৰ সংগঠন আৰু নেটৱৰ্কসমূহকেই কেৱল নহয়, সন্ত্ৰাসবাদক সমৰ্থন, আৰ্থিক সমৰ্থন তথা সংৰক্ষণ কৰা দেশ আৰু বেচৰকাৰী সংস্থাসমূহক চিনাক্ত কৰি তেওঁলোককো জবাবদিহি কৰা হ’ভ বুলি সংকল্প গ্ৰহণ কৰা হৈছে৷ সন্ত্ৰাসবাদৰ মোকাবিলা কৰাৰ প্ৰতি দৃঢ় প্ৰতিবদ্ধতা দোহাৰি আমি সকলো দেশকে আহ্বান কৰিছোঁ যে তেওঁলোকে এই সন্দৰ্ভত এনে এক ব্যাপক নীতি প্ৰণয়ন কৰক যাৰ দ্বাৰা সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সংগঠনসমূহলৈ বিত্তীয় সাহায্য তথা ভৰ্তিকৰণত নিষেধাজ্ঞা প্ৰদান হয় আৰু সীমাত সন্ত্ৰাসবাদী কাৰ্যকলাপ, কট্টৰপন্থী বিচাৰধাৰা তথা সন্ত্ৰাসমূলক গতিবিধিসমূহৰ বাবে ইণ্টাৰনেটৰ দুষ্প্ৰয়োগত বাধা আৰোপ কৰা হয় আৰু সন্ত্ৰাসবাদীসকলৰ সুৰক্ষিত ঠিকনাসমূহ নষ্ট কৰা হয়৷
৫. সংযুক্ত ৰাষ্ট্ৰ চাৰ্টাৰ সিদ্ধান্ত আৰু উদ্দেশ্যৰ প্ৰতি নিজৰ বিশ্বাস প্ৰকট কৰি সমকালীন বিশ্বজনীন প্ৰত্যাহ্বানসমূহক মোকাবিলা কৰাৰ বাবে নিজৰ নিয়ম, সংস্থান আৰু উপকৰণক প্ৰাসংগিক কৰি বহুপক্ষীয় প্ৰণালীক শক্তিশালী কৰাৰ প্ৰয়াস কৰিম তথা এক নিৰপেক্ষ, নিয়ম আধাৰিত, ন্যায়সংগত আৰু পাৰদৰ্শী বিশ্ব ব্যৱস্থাৰ বাবে নিজৰ সামূহিক হিতৰ ৰক্ষাৰ বাবে একত্ৰিতভাৱে প্ৰয়াস কৰিম৷
সংস্থাগত সংশোধন
১. ১৯৯৭ চনৰ বেংকক ঘোষণা পত্ৰৰ আধাৰত বিআইএমএছটিইচি সচিবালয়ৰ সংগঠনসমূহৰ বাবে চাৰ্টাৰৰ প্ৰাৰম্ভিক কাৰ্যাৱলী প্ৰস্তুত তথা সহযোগৰ বাবে দীৰ্ঘকালীন দৃষ্টিকোণ আৰু প্ৰাথমিকতাসমূহক পৰিভাষিত কৰাৰ বাবে আৰু সংস্থাগত সংৰচনা আৰু নিৰ্ণয়ৰ বিভিন্ন স্তৰৰ ভূমিকা আৰু দায়িত্বসমূহ স্পষ্টৰূপত চিহ্নিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে যাতে বিআইএমএছটিইচি স্থায়ী সমিতি (বিপিডব্লিউচি) আৰু অন্য উচ্চ বিভাগসমূহৰ দ্বাৰা প্ৰক্ৰিয়া নিশ্চিত কৰাত ইয়াক ব্যৱহাৰ কৰিব পাৰি আৰু এই প্ৰক্ৰিয়াক বিআইএমএছটিইচিৰ পঞ্চম সন্মিলনৰ দ্বাৰা নিয়ম প্ৰৱৰ্তন কৰাৰ বাবে গ্ৰহণ কৰিব পাৰি৷
২. সচিবালয় আৰু বিআইএমএছটিইচি কেন্দ্ৰসমূহ তথা সংস্থাসমূহৰ প্ৰশাসনিক আৰু বিত্তীয় পৰিঘটনাসমূহ মোকাবিলা কৰাৰ সৈতে বৈঠকসমূহত কাৰ্যাৱলী প্ৰস্তুত কৰাত, সংগঠনৰ গতিবিধিসমূহক প্ৰাথমিকতা প্ৰদান কৰি আৰু তৰ্কসংগত কৰাৰ বাবে বিআইএমএছটিইচি কাৰ্যকৰী স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷
৩. নিজৰ চৰকাৰ সম্বন্ধীয় মন্ত্ৰালয়/ৰাষ্ট্ৰীয় সংস্থাসমূহক উপযুক্ত সময়ত সদস্য দেশৰ স্বৈচ্ছিক যোগদানৰ জৰিয়তে এক বিআইএমএছটিইচি বিকাশ কোষ (বিডিএফ)ৰ স্থাপনা সম্ভাৱনা সন্ধান কৰাৰ বাবে নিৰ্দেশ দিয়া হ’ব যাৰ দ্বাৰা বিআইএমএছটিইচিৰ আঁচনি প্ৰণয়নৰ বাবে আৰু বিআইএমএছটিইচি কেন্দ্ৰসমূহ তথা অন্য সংস্থাসমূহৰ যোজনা, কাৰ্যক্ৰম তথা এনেকুৱা অন্য গতিবিধিসমূহৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব য’ত সদস্য দেশসমূহ সহমত হ’ব৷
৪. বিআইএমএছটিইচি সচিবালয়ৰ সংস্থাগত ক্ষমতা বৃদ্ধিৰ বাবে সহমত প্ৰকাশ য’ত বিত্তীয় তথা মানৱ সংসাধনৰ উপযোগিতাও অন্তৰ্ভুক্ত আছে যাতে বিআইএমএছটিইচৰ কাৰ্যকলাপ আৰু গতিবিধিৰ মাজত সামঞ্জস্য, নিৰীক্ষণ আৰু অনুপালন সুনিশ্চিত কৰাৰ বাবে যোগ্য হয় আৰু এনেকুৱা প্ৰস্তাৱ আৰম্ভ কৰিব লাগে য’ত সদস্য দেশ সহমত হওক আৰু লগতে এনেকুৱা অন্য দায়িত্বসমূহক প্ৰভাৱী আৰু কাৰ্যকুশল প্ৰকাৰে সম্পূৰ্ণ কৰিব যি ইয়াক প্ৰদান কৰিব পৰা যায় আৰু ক্ৰমাগত প্ৰক্ৰিয়াৰে নিৰ্দেশকৰ সংখ্যা বৃদ্ধি কৰি ৭ লৈ কৰা হ’ব যাতে প্ৰত্যেক দেশৰে একোজনকৈ নিৰ্দেশক থাকে৷
৫. আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিআইএমএছটিইচিৰ স্তৰ আৰু মান্যতা বৃদ্ধিৰ গুৰুত্বক স্বীকাৰ কৰি য’ত সহযোগিতাৰ হিতৰ উদ্দেশ্যত সমুচিত আৰু একে ধৰণৰ ৰায় প্ৰস্তুত কৰি বিভিন্ন বহুদেশীয় সংগঠন, সংস্থা আৰু প্ৰক্ৰিয়াত ইয়াক মান্যতা প্ৰদান কৰা৷
৬. সহযোগিতাৰ মুখ্য ক্ষেত্ৰত প্ৰগতিক ক্ষীপ্ৰ কৰাৰ আৱশ্যকতাসমূহত গুৰুত্ব দিয়া আৰু বিআইএমএছটিইচিৰ বিদ্যমান সহযোগৰ ক্ষেত্ৰৰ সমীক্ষা, পুনৰ গঠন আৰু সেইসমূহৰ সংশোধন তথা বিআইএমএছটিইচিৰ অধীনত অনাগত কাৰ্যক্ৰম তথা যোজনাত কাৰ্যকৰী পৰিণামৰ বাবে গতিবিধিসমূহ তথা কাৰ্যসমূহক সুচাৰুৰূপে প্ৰণয়ন কৰা৷ বিআইএমএছটিইচিৰ সহযোগিতাৰ স্তম্ভৰ প্ৰাথমিকতাসমূহক পুনঃ নিৰ্ধাৰিত কৰাৰ বাবে থাইলেণ্ড সংকল্প পত্ৰ য’ত পাঁচটা স্তম্ভক সুচাৰু কৰাৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত আছে য’ত বিআইএমএছটিইচিৰ স্থায়ী কাৰ্যকৰী সমিতিত আগলৈ আৰু বিচাৰ-বিমৰ্শ হ’ব, ইয়াত সহমত হোৱা৷
৭. সেই বিধিগত দস্তাৱেজ আৰু চুক্তিপত্ৰৰ প্ৰাথমিকতাৰ আধাৰত সম্পূৰ্ণ কৰাত সহমত হোৱা যি অন্তিম স্বৰূপ দিয়াত আৰু প্ৰণয়ন কৰাৰ বাবে অন্তঃৱৰ্তী অনুমোদন প্ৰক্ৰিয়া অতিশয় দীঘল হোৱাৰ বাবে স্তব্ধ হৈ আছিল৷
৮. এই ঘোষণা পত্ৰত দিয়া অনুসৰি সম্বন্ধীয় ক্ষেত্ৰত হোৱা প্ৰগতিৰ বাবে নেতৃত্ব কৰ্মী দেশক সহযোগ কৰা তথা তেওঁলোকক অধিক প্ৰগতি কৰাৰ বাবে নিজৰ প্ৰয়াসক ক্ষীপ্ৰ কৰাৰ বাবে উৎসাহিত কৰা৷
৯. বিআইএমএছটিইচিৰ পূৰ্বৰ মহা সচিব শ্ৰী সুমিত নকনডালাৰ কাৰ্যকালৰ সময়ত সংস্থাৰ কাৰ্য আগবঢ়াই লৈ যোৱাৰ বাবে তেওঁৰ অতুলনীয়া অৱদানৰ প্ৰতি নিজৰ সমৰ্থন প্ৰকাশ কৰা আৰু বাংলাদেশৰ মহাসচিব শ্ৰী এছ ছাহিদুল ইছলামক বিআইএমএছটিইচিৰ মহা সচিব হিচাপে নিযুক্তিক স্বাগতম জনোৱা৷
১০. ২০১৪ চনৰ মাৰ্চৰ পৰা বিআইএমএছটিইচিৰ কুশল নেতৃত্বৰ বাবে নেপালৰ প্ৰতি নিজৰ সমৰ্থন প্ৰকাশ কৰা আৰু নতুন অধ্যক্ষৰ ৰূপত শ্ৰী লংকাক স্বাগতম জনোৱা৷
১১. ক্ষেত্ৰীয় সহযোগিতাক আৰু অধিক ক্ষীপ্ৰ কৰাৰ বাবে বিআইএমএছটিইচি সন্মিলনৰ অন্য বৈঠক নিৰ্ধাৰিত সময়ত আয়োজিত কৰাত নিজৰ প্ৰতিশ্ৰুতি দোহৰা৷
১২. ক্ষেত্ৰীয় সমীক্ষাৰ সময়ত আমাৰ নিৰ্দেশ, প্ৰতিবদ্ধতা আৰু বক্তব্যসমূহ সম্পৰ্কীয় আমাৰ নীতিৰ এই ঘোষণাপত্ৰক অংশ হিচাপে বিবেচনা কৰা৷
১৩. আমি সন্মিলনৰ উন্নত ব্যৱস্থা আৰু উষ্ম সম্ভাষণৰ বাবে নেপাল চৰকাৰৰ প্ৰতি আমাৰ আগ্ৰহ ব্যক্ত কৰা৷
চতুৰ্থ বিআইএমএছটিইচিৰ সন্মিলনৰ ঘোষণা পত্ৰৰ সংলগ্ন
ক্ষেত্ৰভিত্তিক সমীক্ষা
নিৰ্ধনতা উন্মোচন
১৪. ২০৩০ চনলৈ বংগোপ উপ সাগৰৰ পৰা নিৰ্ধনতা উন্মোচনৰ প্ৰতি নিজৰ প্ৰতিবদ্ধতা দোহাৰিছোঁ যি স্থায়ী বিকাশৰ ২০৩০ চনৰ এজেণ্ডাৰ অনুৰূপ হয় আৰু বিআইএমএছটিইচিৰ নিৰ্ধনতা কাৰ্য যোজনাৰ প্ৰভাৱী অনুপালনৰ আহ্বান কৰা হৈছে আৰু লগতে সকলো ক্ষেত্ৰত নিজৰ প্ৰয়াসক ক্ষীপ্ৰ কৰাৰ বাবেও নিৰ্ধনতা উন্মোচনৰ বৃহৎ লক্ষ্যত যোগদান কৰিব পাৰে৷
১৫. ৰাষ্ট্ৰীয় অৰ্থব্যৱস্থাৰ উৎপাদক ক্ষেত্ৰ তথা সেৱা ক্ষেত্ৰত বিনিয়োগ বঢ়োৱাৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি নিজৰ নিয়োজনৰ শ্ৰেষ্ঠতম অৱকাশ উপলব্ধ কৰাই সেইসমূহৰ সংবৰ্ধনৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰা হৈছে৷
পৰিবহণ তথা যোগাযোগ (সম্পৰ্ক)
১৬. এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লপথ, জলপথ আৰু বায়ু সেৱাৰ বিকাশ, বিস্তাৰ আৰু আধুনিকীকৰণৰ জৰিয়তে সহজ, সুসংগত আৰু সৰল যাতায়াত সুবিধাসমূহৰ বিকাশ কৰি সীমাৰহিত বহু প্ৰকাৰৰ পৰিবহণৰ সম্পৰ্ক স্থাপনৰ বাবে নিজৰ সংকল্পসমূহ দোহাৰিছোঁ আৰু নিজৰ সম্বন্ধীয় প্ৰাধিকৃত বিষয়াসমূহৰ নিৰ্দেশ দিছোঁ যে তেওঁলোকে সদস্য দেশসমূহৰ আৱশ্যকতা তথা বিশিষ্ট পৰিস্থিতিক অন্তৰ্ভুক্ত কৰি বিআইএমএছটিইচিৰ তটীয় জাহাজৰাণী চুক্তি তথা বিআইএমএছটিইচিৰ মটৰ গাড়ী চুক্তিক যথাশীঘ্ৰে অন্তিম স্বৰূপ প্ৰদান কৰাৰ বাবে নিজৰ প্ৰয়াসক তীব্ৰ কৰি তুলিছোঁ৷
১৭. পৰিবহণৰ সংসাধন সম্বন্ধত বিআইএমএছটিইচিৰ মাষ্টাৰ প্লেনক বাস্তৱায়িত কৰোঁতে হোৱা প্ৰগতিত সন্তোষ ব্যক্ত কৰিছোঁ আৰু ইয়াক শীঘ্ৰেই প্ৰণয়ন কৰাৰ আহ্বান জনোৱাৰ লগতে আৰু মাষ্টাৰ পৰিকল্পনা তৈয়াৰ কৰাত সহযোগ কৰাৰ বাবে এছিয়া বিকাশ বেংকক ধন্যবাদ প্ৰদান কৰিছোঁ তথা বিআইএমএছটিইচিৰ পৰিবহণ সম্পৰ্কীয় কাৰ্যবল (বিটিচিডব্লিউজি)ক সদস্য দেশৰ বিশিষ্ট পৰিস্থিতিসমূহ আৰু আৱশ্যকতাসমূহক গুৰুত্ব প্ৰদান কৰি ইয়াক প্ৰণয়ন কৰাৰ প্ৰক্ৰিয়া তৈয়াৰ কৰাৰ দায়িত্ব দিয়া হৈছে৷ আমি এই কথাত সহমত হৈছোঁ যে মাষ্টাৰ প্লেনে এক এনেকুৱা ৰণনীতি দস্তাৱেজৰ দৰে কাম কৰিব যিয়ে কাৰ্যৰ দিশ নিৰ্ধাৰণ কৰিব আৰু সম্পৰ্ক বৃদ্ধি কৰাৰ বিভিন্ন প্ৰণালীসমূহ যেনে আছিয়ান মাষ্টাৰ প্লেন অন কানেক্টিভিটী ২০২৫ (এমপিএচি ২০২৫), দি অয়েবাডী- চাও ফ্ৰায়া-মেকং আৰ্থিক সহযোগ ৰণনীতি (এচিএমইচিপিএ)ৰ সৈতে সংবদ্ধ হ’ব যাতে আমাৰ অঞ্চলত সম্পৰ্কৰ বিকাশ হওক আৰু স্থায়ী বিকাশ প্ৰাপ্ত কৰা হয়৷
১৮. যোগাযোগ প্ৰযুক্তি আৰু সঞ্চাৰ সম্বন্ধীয় ঘটনাসমূহৰ বাবে এক কাৰ্যবলৰ স্থাপনাৰ নিৰ্ণয় লোৱা হৈছে যাতে এই ক্ষেত্ৰৰ লোকে অধিক সস্তাত হাই-স্পীড ইণ্টাৰনেট, ম’বাইল যোগাযোগৰ সুবিধা লাভ কৰিব পাৰে৷ এই সম্বন্ধত নতুন দিল্লীত ২৫-২৭ অক্টোবৰত ‘নিউ ডিজিটেল হৰাইজনছঃ কানেক্ট, ক্ৰিয়েট, ইন্নোভেট’ শীৰ্ষক বিষয়ত আয়োজিত হোৱা ম’বাইল কংগ্ৰেছ ২০১৮ৰ কাৰ্যক্ৰমত বিআইএমএছটিইচিৰ এক মন্ত্ৰীস্তৰীয় বৈঠক আয়োজিত কৰাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতি প্ৰস্তাৱক আদৰণি জনাইছে আৰু সকলো সদস্য দেশক ইয়াত অংশগ্ৰহণ কৰাৰ বাবে উৎসাহিত কৰিছে৷
ব্যৱসায় তথা বিনিয়োগ
১৯. বিআইএমএছটিইচিৰ মুক্ত ব্যৱসায় ক্ষেত্ৰীয় (এফটিএ) কথা-বাৰ্তাক শীঘ্ৰে পূৰণ কৰাৰ বাবে নিজৰ প্ৰতিশ্ৰুতি দোহাৰিছোঁ আৰু বিআইএমএছটিইচিৰ ব্যৱসায় তথা আৰ্থিক মন্ত্ৰীস্তৰীয় বৈঠক (টিইএমএম) আৰু ইয়াৰ আনুষংগিক সংগঠনসমূহ য’ত ব্যৱসায় কথা-বাৰ্তা সমিতি (টিএনচি)ক অন্তৰ্ভুক্ত হোৱাৰ প্ৰতি নিৰ্দেশনা দিছে যে বিআইএমএছটিইচিৰ মুক্ত ব্যৱসায় চুক্তি সম্বন্ধীয় সকলো চুক্তিক অতি শীঘ্ৰে বাস্তৱায়িত কৰাত প্ৰয়াস কৰা হয় আৰু সামগ্ৰীসমূহৰ ব্যৱসায় সম্বন্ধীয় চুক্তি আৰু কাষ্টমছৰ ক্ষেত্ৰত সহযোগিতাৰ চুক্তিৰ আলোচনাত হোৱা প্ৰগতিত নিজৰ সন্তোষ ব্যক্ত কৰে আৰু নিজৰ নিজৰ সম্বন্ধীয় মন্ত্ৰালয়/সংস্থাৰ ব্যৱসায় আলোচনা সমিতি (টিএনচি)ৰ বৈঠকত নিয়মিত ৰূপত অন্তৰ্ভুক্ত হোৱাৰ নিৰ্দেশনা প্ৰদান কৰিছে৷
২০. ব্যৱসায় তথা বিনিয়োগক উৎসাহিত কৰাৰ বাবে চৰকাৰ আৰু নিজা ক্ষেত্ৰৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ বাবে বিআইএমএছটিইচি বিজনেছ ফ’ৰাম আৰু বিআইএমএছটিইচি ইকন’মিক ফ’ৰামৰ গতিবিধিসমূহক সশক্ত কৰাত সহমত হৈছে আৰু বিআইএমএছটিইচিৰ প্ৰব্ৰজন ঘটনা সম্বন্ধীয় বিশেষজ্ঞৰ গোটক নিৰ্দেশ দিয়া হৈছে যাতে বিআইএমএছটিইচিৰ প্ৰব্ৰজন সুবিধাসমূহ সম্বন্ধীয় ঔপচাৰিকতাক অন্তিম ৰূপ দিয়াৰ বাবে আলোচনা অব্যাহত ৰাখে৷
২১. ২০১৮ চনৰ ডিচেম্বৰ মাহত বিআইএমএছটিইচিৰ ষ্টাৰ্ট-আপ সভা আয়োজিত কৰাৰ বাবে ভাৰতে প্ৰদান কৰা প্ৰস্তাৱক আদৰণি জনাইছে আৰু সকলো সদস্য দেশক ইয়াত অংশগ্ৰহণ কৰাৰ বাবে উৎসাহিত কৰা হৈছে৷
সন্ত্ৰাসবাদৰ সমস্যাক মোকাবিলা তথা পাছপোৰ্ট অপৰাধ
২২. সন্ত্ৰাসবাদ আমাৰ অঞ্চলৰ শান্তি তথা স্থিৰতাৰ বাবে গম্ভীৰ বিপদজনক হৈ উঠিছে, এই বিষয়ত আমি নিজৰ ৰায় দোহাৰিছোঁ আৰু যিকোনো প্ৰকাৰে সন্ত্ৰাসবাদৰ সমস্যাৰ সন্মুখীন হোৱাৰ প্ৰতি নিজৰ দৃঢ় নিশ্চয়তা দোহাৰিছোঁ আৰু এই বিষয়ত সমুচিত পদক্ষেপ গ্ৰহণ কৰাত সহমতি প্ৰকাশ কৰিছোঁ৷
২৩. অপৰাধ সংক্ৰান্তীয় ঘটনাসমূহত পাৰস্পৰিক বিধিগত সাহায্যৰ বিষয়ত বিআইএমএছটিইচিৰ চুক্তিত হস্তাক্ষৰ হোৱাৰ বাবে অপেক্ষা কৰিছোঁ, সদস্য দেশসমূহৰ পৰা ইয়াৰ শীঘ্ৰে সমাপন হোৱাৰ আহ্বান কৰিছোঁ আৰু এই সন্দৰ্ভত সন্তোষ ব্যক্ত কৰিছোঁ যে বহুতো সদস্য দেশে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ, সংগঠিত পাছপোৰ্ট অপৰাধ আৰু অবৈধ মাদক দ্ৰব্যৰ চুৰি কাৰ্যক মোকাবিলা কৰাত সহযোগিতাৰ সম্বন্ধত বিআইএমএছটিইচিৰ চুক্তি সমাপন কৰা হৈছে আৰু অন্য সদস্য দেশক আহ্বান কৰা হৈছে যে তেওঁলোকেও যাতে ইয়াৰ সমাপন কৰে৷
২৪. আইনৰ অনুপালন সুনিশ্চিত কৰা সংস্থা, গুপ্তচৰ আৰু সুৰক্ষা সংস্থাসমূহৰ মাজত সহযোগিতা তথা সমন্বয়ক সৱলীকৰণ কৰাৰ বাবে নিজৰ সংকল্প ব্যক্ত কৰে আৰু সন্ত্ৰাসবাদ তথা পাছপোৰ্টৰ অপৰাধক মোকাবিলা কৰাৰ বাবে সহযোগিতা তথা ভাৰসাম্য বৃদ্ধি কৰাৰ এক অংশৰ ৰূপত গৃহমন্ত্ৰী স্তৰত বিআইএমএছটিইচিৰ বৈঠক আয়োজিত কৰাৰ নিৰ্ণয় লোৱা হৈছে লগতে বিআইএমএছটিইচিৰ দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰমুখ্যৰ বৈঠক অব্যাহত ৰখাৰ বাবে নিৰ্ণয় লৈছে৷
২৫. ২০১৯ চনৰ মাৰ্চ মাহত বিআইএমএছটিইচিৰ ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰমুখ্যৰ তৃতীয় বৈঠক আয়োজিত কৰাৰ থাইলেণ্ডৰ প্ৰস্তাৱক আদৰণি জনাইছে৷
পৰিৱেশ তথা ইয়াৰ সুৰক্ষা ব্যৱস্থা
২৬. সূচনাৰ আদান-প্ৰদানৰ জৰিয়তে সুৰক্ষা ব্যৱস্থাপনাত ঘনিষ্ঠ সহযোগিতাক উৎসাহিত কৰা য’ত ভাবুকি প্ৰদান কৰা প্ৰণালী, সুৰক্ষাৰ উপায়সমূহ আঁকোৱালি লোৱা, পুনৰ্বাস তথা ক্ষমতা বিকাশো অন্তৰ্ভুক্ত আছে আৰু ক্ষেত্ৰৰ বিদ্যমান ক্ষমতাসমূহক বিকশিত কৰাতো সহমত প্ৰকাশ কৰিছে লগতে বংগোপ উপসাগৰৰ প্ৰাকৃতিক আশংকাৰ সন্মুখাসন্মুখি হোৱাৰ বাবে প্ৰস্তুতি আৰু ভাৰসাম্যতা বৃদ্ধি কৰাৰ বাবে এক কাৰ্যযোজনা প্ৰস্তুত কৰাৰ বাবে আন্তঃ চৰকাৰী বিশেষজ্ঞৰ গোট স্থাপনা কৰাৰ নিৰ্ণয় লোৱা হৈছে৷
জলবায়ু পৰিৱৰ্তন
২৭. সংবেদনশীল হিমালয় আৰু পৰ্বতীয় পৰিস্থিতি তন্ত্ৰৰ ওপৰত জলবায়ু পৰিৱৰ্তন আৰু বিশ্বজনীন তাপমানৰ প্ৰতিকূল প্ৰভাৱ আৰু পৰিৱেশৰ সংৰক্ষণ তথা ইয়াৰ বংগোপ উপসাগৰৰ অঞ্চল আৰু ভাৰত মহাসাগৰৰ ক্ষেত্ৰত হোৱা প্ৰভাৱত নিজৰ গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ লগতে আমাৰ জনসাধাৰণৰ জীৱন আৰু আজীৱিকাৰ ওপৰত জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱক মোকাবিলা কৰিবলৈ পৰিৱেশৰ সুৰক্ষা আৰু ইয়াৰ সংৰক্ষণৰ বাবে সহযোগিতাক সৱলীকৰণ কৰাৰ বাবে এক সামুহিক প্ৰয়াসৰ বাবে কাৰ্যযোজনা প্ৰস্তুত কৰাত আন্তঃচৰকাৰী বিশেষজ্ঞসমূহৰ স্থাপনা সম্ভাৱনা সন্ধান কৰাত সহমত হৈছোঁ আৰু পৃথক পৃথক ৰাষ্ট্ৰীয় পৰিস্থিতি, সমতা আৰু সহযোগিতা কিন্তু ভিন্ন ভিন্ন উত্তৰদায়িত্ব আৰু নিজৰ নিজৰ ক্ষমতা (চিবিডিআৰ তথা আৰচি)ৰ সিদ্ধান্তৰ ভিত্তিত পেৰিচ চুক্তিক প্ৰণয়ন কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতি দোহাৰিছোঁ৷
শক্তি
২৮. এই ক্ষেত্ৰত শক্তিৰ সংসাধন বিশেষকৈ নৱীকৰণযোগ্য তথা স্বচ্ছ শক্তিৰ স্ৰোতে উচ্চ সম্ভাৱনাসমূহক চিনাক্ত কৰে আৰু এই ক্ষেত্ৰত পৰস্পৰে পৰস্পৰৰ সৈতে ঘনিষ্ঠতাৰে কাম কৰি শক্তি ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে এক ব্যাপক যোজনা প্ৰস্তুত কৰাৰ বাবে নিজৰ প্ৰয়াসক দ্ৰুততম কৰাত সহমত প্ৰকাশ কৰা হৈছে আৰু বিদ্যুৎ তথা নৱীকৰণযোগ্য শক্তিৰ অন্য উৎস সহিতে শক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবে বিশেষজ্ঞক এক আন্তঃ চৰকাৰী দল গঠনৰ নিৰ্ণয় লোৱা হৈছে৷
২৯. নিজৰ জনসাধাৰণৰ আৰ্থিক বিকাশৰ বাবে অবাধিত আৰু কম খৰচৰ শক্তিৰ চাহিদা সুনিশ্চিত কৰাৰ বাবে, য’ত শক্তিৰ ব্যৱসায়ৰ জৰিয়তে এয়া কৰা অন্তৰ্ভুক্ত আছে, প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে আৰু বিআইএমএছটিইচিৰ গ্ৰিড আন্তঃসংযোগৰ বাবে সহমতি প্ৰত্ৰত হস্তাক্ষৰ কৰা কাৰ্যক আদৰণি জনোৱা হৈছ আৰু সম্বন্ধিত সংস্থাসমূহৰ প্ৰযুক্তিগত, যোজনাগত আৰু সঞ্চালন সম্বন্ধীয় মানকসমূহ সুসংগত কৰাৰ আৰম্ভণী কৰাৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰাৰ নিৰ্দেশনা দিয়া হৈছে আৰু লগতে এক বিআইএমএছটিইচি গ্ৰিডৰ স্থাপন কৰাৰ কামো হাতত লোৱা হৈছে৷ এই ক্ষেত্ৰত শক্তি সহযোহক সৱলীকৰণ কৰাৰ বাবে বিআইএমএছটিইচি শক্তি কেন্দ্ৰক শীঘ্ৰে আৰম্ভ কৰাৰ আহ্বান জনোৱা হৈছে৷
উদ্যোগ
৩০. আমি বিভিন্ন ক্ষেত্ৰত সামূহিক বিকাশক অগ্ৰগতি প্ৰদান কৰাৰ বাবে সুক্ষ্ম, লঘূ তথা মজলীয়া উদ্যোগসহিতে বিভিন্ন উপক্ৰমৰ বাবে লাভজনক উদ্যোগৰ বিকাশ, ব্যৱহাৰ কৰাৰ হেতু নিজৰ মাজত সহযোগিতা বৃদ্ধিত সহমত জনাইছোঁ আৰু ইয়াৰ সৈতে আমি শ্ৰীলংকাত বিআইএমএছটিইচিৰ উদ্যোগ হস্তান্তৰণ আন্তঃগাঁথনিৰ স্থাপনৰ দ্বাৰা সম্বন্ধীয় সংস্থাপন চুক্তিত হস্তাক্ষৰ কৰাৰ বাবে সদস্য দেশসমূহৰ দ্বাৰা কৰা প্ৰয়াসক আদৰণি জনাইছোঁ৷
৩১. আমি উদ্যোগৰ দুৰ্ঘটনাকাৰী প্ৰভাৱক সমাপ্ত কৰাৰ প্ৰয়োজনীয়তাক গুৰুত্ব প্ৰদান কৰি এই ক্ষেত্ৰত মানৱ সংসাধনৰ বিকাশ আৰু উদ্যোগৰ উন্নয়নৰ বাবে শিক্ষা ক্ষেত্ৰত পৰস্পৰে সহযোগিতাক গুৰুত্ব প্ৰদান কৰাত সহমতি প্ৰকাশ কৰিছোঁ৷
কৃষি
৩২. আমি ফচল, পশুধন আৰু বাগান, কৃষি যন্ত্ৰ-পাতি আৰু শস্য কটা ব্যৱস্থা সহিতে কৃষি তথা ইয়াৰ সম্বন্ধীয় ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ নিৰ্ণয় লৈছোঁ যাতে কৃষি উপজাতৰ উৎপাদকতা তথা লাভ নিৰন্তৰে আগবাঢ়িব পাৰে, খাদ্য তথা পোষণ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সম্বন্ধিত প্ৰাধিকৰণসমূহক সহযোগিতা বৃদ্ধিৰ দায়িত্ব প্ৰদান কৰা হৈছে আৰু পৰম্পৰাগত তথা আধুনিক খেতি, দুয়োটাকে সমুচিত ধৰণে সংবদ্ধ কৰি, কৃষি সম্প্ৰদায়ৰ আয় বৃদ্ধি কৰি তেওঁলোকৰ বাবে প্ৰত্যাহ্বান হ্ৰাস কৰি পৰম্পৰাগত কৃষিৰ সৈতে জড়িত জ্ঞানৰ সংৰক্ষণ কৰাৰ লগতে তাক উদগনিও দিয়া যাব৷ ইয়াৰ অন্তৰালত মুখ্য উদ্দেশ্য সদস্য দেশৰ মাজত কৃষি ব্যৱসায়ক সুবিধাজনক কৰি আৰু সদস্য দেশত দৰিদ্ৰতা নাশ, নিয়োজন সৃষ্টি তথা সাধাৰণ মানুহৰ জীৱন স্তৰ উন্নত কৰাত উল্লেখনীয় অৱদান আগবঢ়োৱা হ’ব৷
৩৩. আমি ২০১৯ বৰ্ষলৈ কৃষি খণ্ডত প্ৰথম বিআইএমএছটিইচি মন্ত্ৰীস্তৰীয় বৈঠক আয়োজন কৰা সম্বন্ধীয় ম্যানমাৰৰ প্ৰস্তুতি আৰু ২০১৯ বৰ্ষত জলবায়ু স্মাৰ্ট কৃষি প্ৰণালীত বিআইএমএছটিইচি সংগোষ্ঠী আয়োজিত কৰা সম্বন্ধীয় ভাৰতৰ প্ৰস্তুতিক আদৰণি জনাইছোঁ৷
মৎস পালন
৩৪. আমি এই ক্ষেত্ৰত সমুদ্ৰ সংসাধনসমূহৰ সংৰক্ষণ, ব্যৱস্থাপনা আৰু সামুহিক উপযোগিতাৰ নিৰন্তৰ সহযোগিতা কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰিছোঁ, আমি এই ক্ষেত্ৰত খাদ্য সুৰক্ষা সুনিশ্চিত কৰা তথা জনসাধাৰণৰ আজীৱিকা বিকশিত কৰাত তথা সামুহিক সামুদ্ৰিক মৎস পালনক অগ্ৰগতি প্ৰদান কৰাৰ বাবে সাৰ্থক সহযোগিতাৰ সম্ভাৱনা সন্ধান কৰাৰ দায়িত্ব প্ৰাসংগিক ৰাষ্ট্ৰীয় এজেন্সীক প্ৰদান কৰিবলৈ তথা সমুদ্ৰবিহীন সীমাৰ সদস্য দেশৰ অন্তৰ্দেশীয় মৎস পালনৰ দ্বাৰা লাভান্বিত হোৱাৰ প্ৰকাশ সন্ধান কৰাৰ হেতু সম্বন্ধীয় প্ৰাধিকৰণত নিৰ্দেশ দিয়াৰ বাবে নিজা সহযোগিতা বৃদ্ধিত সহমত প্ৰকাশ কৰিছোঁ৷
সাৰ্বজনিক স্বাস্থ্য
৩৫. আমি অসংক্ৰমণীয় ৰোগ বিয়পাক বাধাৰ দিয়াৰ সৈতে সেই আন্তঃৰাষ্ট্ৰীয় সাৰ্বজনিক স্বাস্থ্যৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে নিজৰ মাজত সহযোগিতা বৃদ্ধিক সহমত প্ৰকাশ কৰিছোঁ যি বিআইএমএছটিইচিৰ ক্ষেত্ৰৰ লোকৰ আৰ্থিক তথা সামাজিক প্ৰগতিত বাধা স্বৰূপে দেখা দিছে৷ ইয়াত এইচআইভি আৰু এইডছ, মেলেৰিয়া, ছোৱাইন ইনফ্লুৱেঞ্জা সহিতে ভাইৰেল ইনফ্লুৱেঞ্জা আৰু সাৰ্বজনিক স্বাস্থ্যৰ বাবে দেখা দিয়া অন্য ক্ষতিও অন্তৰ্ভুক্ত আছে৷ আমি পৰম্পৰাগত চিকিৎশাৰ ক্ষেত্ৰত নিজা সহযোগিতাৰ দিশত হোৱা প্ৰগতিক গুৰুত্ব প্ৰদান কৰিছোঁ, আমি এই ক্ষেত্ৰত সহযোগাত্মক গতিবিধিক অব্যাহত ৰখা, তথ্যৰ আদান-প্ৰদান, অভিজ্ঞতাক কাৰ্যকৰী কৰা, সম্বন্ধীয় কৰ্মীসকলক প্ৰশিক্ষিত কৰা তথা এই ৰোগসমূহক বাধা আৰু এই ইয়াক বাধা দিয়াৰ সৈতে জড়িত অন্য গুৰুত্বপূৰ্ণ কাৰ্যক্ৰমসমূহৰ জৰিয়তে সম্বন্ধিত এজেন্সীসমূহৰ মাজত সক্ৰিয় সহযোগিতাক উৎসাহিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ য’ত পাৰম্পৰিক চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা কৰাও অন্তৰ্ভুক্ত আছে৷ আমি পাৰম্পৰিক চিকিৎসা ক্ষেত্ৰত সহযোগিতাৰ বাবে কৰা প্ৰয়াসৰ বাবে থাইলেণ্ডক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
সদস্য দেশসমূহৰ মাজত সম্পৰ্ক
৩৬. আমি সদস্য দেশৰ মাজত নিজৰ বুজাবুজি তথা বিশ্বাসক আৰু অধিক অগ্ৰগতি প্ৰদান কৰাৰ বাবে তথা সদস্য দেশৰ মাজত বিভিন্ন পৰ্যায়ত সম্পৰ্ক বৃদ্ধি কৰাৰ সংকল্প গ্ৰহণ কৰিছোঁ৷ আমি বিআইএমএছটিইচিৰ বিষয়ে সাধাৰণ জনতাৰ মাজত সজাগতা বৃদ্ধিৰ বাবে নীতিগত বিশিষ্ট মণ্ডলীৰ বিআইএমএছটিইচি নেটৱৰ্ক (বিএনপিটিটি)ৰ গতিবিধিসমূহক সম্পূৰ্ণ সন্তুষ্টিৰ সৈতে গুৰুত্ব প্ৰদান কৰিছোঁ আৰু আমি সম্বন্ধীয় এজেন্সীসমূহৰ বিএনপিটিটিৰ বিচাৰাধীন বিষয়সমূহক অন্তিম ৰূপ প্ৰদান কৰাৰ নিৰ্দেশনা দিছোঁ৷
৩৭. আমি সদস্য দেশসমূহৰ মাজত সম্পৰ্কৰ পৰিসৰ বৃদ্ধিৰ উদ্দেশ্যৰ দ্বাৰা সাংসদ, বিশ্ববিদ্যালয়, শিক্ষাবিদ, অনুসন্ধান সংস্থা, সাংস্কৃতিক সংগঠন আৰু সংবাদ মাধ্যৰ সম্প্ৰদায়ৰ বাবে উপযুক্ত বিআইএমএছটিইচি ফ’ৰাম স্থাপন কৰাৰ সম্ভাৱনা সন্ধানত সহমত প্ৰকাশ কৰিছোঁ৷
সাংস্কৃতিক সহযোগিতা
৩৮. আমি সদস্য দেশসমূহৰ মাজত ঐতিহাসিক সাংস্কৃতিক সম্বন্ধক অধিক শক্তিশালী কৰা তথা সাংস্কৃতিক বৈচিত্ৰতা হেতু পাৰস্পৰিক সন্মান আৰু সহিষ্ণুতাক অগ্ৰগতি প্ৰদান কৰাৰ বাবে সদস্য দেশসমূহৰ মাজত সাংস্কৃতিক আদান-প্ৰদানক অগ্ৰগতি প্ৰদান কৰাৰ প্ৰয়োজনীয়তাক বিশেষ গুৰুত্ব প্ৰদান কৰিছোঁ, আমি এই ক্ষেত্ৰত এক সম্পৰ্ক সুত্ৰৰ ৰূপত বৌদ্ধ ধৰ্মৰ মহত্বক ৰেখাংকিত কৰিছোঁ আৰু এক বৌদ্ধ চাৰ্কিট স্থাপন কৰি ইয়াক স্পষ্ট অভিব্যক্তি প্ৰদান কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ৷
৩৯. আমি নিয়মিত অন্তৰালত বিআইএমএছটিইচিৰ সাংস্কৃতিক মন্ত্ৰীমণ্ডলৰ বৈঠক আৰু বিআইএমএছটিইচি সাংস্কৃতিক মহোৎসৱ আয়োজিত কৰাত সহমত প্ৰকাশ কৰিছোঁ৷ আমি সংস্কৃতিৰ ওপৰত দ্বিতীয় বিআইএমএছটিইচিৰ মন্ত্ৰীস্তৰীয় বৈঠক আৰু প্ৰথম বিআইএমএছটিইচি সাংস্কৃতিক মহোৎসৱ আয়োজিত সম্বন্ধীয় বাংলাদেশৰ প্ৰস্তুতিক আদৰণি জনাইছোঁ৷ আমি সদস্য দেশৰ সাংস্কৃতিৰ মন্ত্ৰীসমূহৰ এই দুয়োটা গুৰুত্বপূৰ্ণ আয়োজনক অংশগ্ৰহণ কৰাৰ বাবে সম্পূৰ্ণ দৃঢ়তাৰে সৈতে উৎসাহিত কৰিছোঁ৷
পৰ্যটন
৪০. আমি বিআইএমএছটিইচিৰ ক্ষেত্ৰৰ অধীনত পৰ্যটনক অগ্ৰগতি প্ৰদান কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেৰ গ্ৰহণ কৰিবলৈ, উদ্ভাসিত অৱকাশসমূহক গুৰুত্ব প্ৰদান কৰি উপযুক্ত ৰণনীতি বিকশিত কৰাৰ দায়িত্ব সম্বন্ধীয় প্ৰাধিকৰণক প্ৰদান কৰা তথা পূৰ্বে কৰা পদক্ষেপৰ দ্বাৰা লাভ উঠোৱাত সহমত প্ৰকাশ কৰিছোঁ, য’ত ২০০৫ চনত কলকাতাত অনুমোদিত আৰু ২০০৬ বৰ্ষত বিআইএমএছটিইচিৰ পৰ্যটন মন্ত্ৰীসকলৰ দ্বিতীয় ঘূৰণীয়া মেজমেল বৈঠক আৰু কাঠামাণ্ডুত আয়োজিত কাৰ্যসূচীত সিদ্ধান্ত লোৱা ‘বিআইএমএছটিইচি ক্ষেত্ৰ হেতু পৰ্যটন বিকাশ তথা সংবৰ্ধনৰ বাবে কাৰ্য যোজনা’ও অন্তৰ্ভুক্ত আছে৷ আমি পৰ্যটকৰ সুৰক্ষাৰ সৈতে সুগম পৰিবহণ সংযোগ সুনিশ্চিত কৰি পৰ্যটনক সুবিধাজনক কৰাৰ বাবে গুৰুত্বপূৰ্ণ উপায় কৰাত সহমত প্ৰকাশ কৰিছোঁ৷ আমি বৌদ্ধ পৰ্যটন চাৰ্কিট, মন্দিৰ পৰ্যটন চাৰ্কিট, প্ৰাচীন চহৰৰ কীৰ্তি-চিহ্ন, পৰিস্থিতিক পৰ্যটন আৰু চিকিৎসা পৰ্যটনক বিকশিত তথা উৎসাহিত কৰা নিজৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰিছোঁ৷ আমি ২০২০ চনত নেপালত বিআইএমএছটিইচিৰ পৰ্যটন সন্মিলন আয়োজিত কৰা সম্বন্ধীয় নেপালৰ প্ৰস্তুতিক স্বাগতম জনাইঠোঁ আৰু ইয়াৰ আয়োজন ‘ভিজিট নেপাল ইয়েৰ ২০২০’ত হে হ’ব৷
পৰ্বতীয় অৰ্থব্যৱস্থা
৪১. আমি সামুহিক বিকাশত সহযোগিতা প্ৰদান কৰাৰ বাবে পৰ্বতৰ জৈৱ-বৈচিত্ৰতাসহিচে পৰিস্থিতিসমূহৰ সংৰক্ষণ সুনিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ উপায় কৰাৰ প্ৰয়োজনীয়তাক ৰেখাংকিত কৰিছোঁ৷ আমি বিআইএমএছটিইচি দেশত পৰ্বতীয় অৰ্থব্যৱস্থাক অগ্ৰগতি প্ৰদান কৰাত গুৰুত্বৰ অৱধাৰণা পত্ৰৰ আদৰণি জনাইছোঁ যাক নেপালে প্ৰস্তুত কৰিছে আৰু যাৰ উদ্দেশ্য হ’ল এই ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা৷ আমি এক কাৰ্যযোজনা প্ৰস্তুত কৰাৰ বাবে এক আন্তঃচৰকাৰী বিশেষজ্ঞৰ গোট গঠন কৰৰাৰ সিদ্ধান্ত লৈছোঁ৷
নীলা অৰ্থনীতি
৪২. আমি নীলা অৰ্থব্যৱস্থা (ব্লু ইক’ন’মী)ৰ প্ৰয়োজনীয়তাক বিশেষ গুৰুত্ব প্ৰদন কৰিছোঁ আৰু আমি এই ক্ষেত্ৰৰ সামূহিক বিকাশৰ বাবে এই ক্ষেত্ৰত সহযোগিতা প্ৰদান সহমত প্ৰকাশ কৰিছোঁ৷ আমি সমুদ্ৰবিহীন সীমাৰ সদস্য দেশৰ বিশিষ্ট প্ৰয়োজনীয়তা তথা পৰিস্থিতিসমূহক গুৰুত্ব প্ৰদান কৰি নীলা অৰ্থব্যৱস্থাৰ ওপৰত এক কাৰ্য যোজনা প্ৰস্তুত কৰাৰ বাবে আন্তঃ চৰকাৰী বিশেষজ্ঞৰ গোট গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ৷
৪৩. আমি বিআইএমএছটিইচিৰ সদস্য দেশৰ চৰকাৰী প্ৰতিনিধিৰ সহযোগিতাৰ সৈতে ২০১৭ বৰ্ষত বাংলাদেশত আন্তঃৰাষ্ট্ৰীয় নীলা অৰ্থব্যৱস্থা সন্মিলনৰ আয়োজন কৰাৰ সম্পূৰ্ণ সন্তুষ্টিৰ সৈতে গুৰুত্ব প্ৰদান কৰিছোঁ৷
***
AKT/SH/AK/MANN
PM @narendramodi with other leaders during the BIMSTEC retreat in Kathmandu. pic.twitter.com/3wDFqylp8Z
— PMO India (@PMOIndia) August 31, 2018
Wonderful discussions and exchange of ideas on strengthening BIMSTEC during the retreat of leaders in Kathmandu this morning. pic.twitter.com/tQpPVVfpTt
— Narendra Modi (@narendramodi) August 31, 2018