Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গ্ৰেমী বঁটা লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সংগীতজ্ঞ চন্দ্ৰিকা টেণ্ডনক অভিনন্দন জনায়


প্ৰধানমন্ত্ৰীয়ে আজি ত্ৰিবেণী এলবামৰ বাবে গ্ৰেমী বঁটা লাভ কৰা সংগীতজ্ঞ চন্দ্ৰিকা টেণ্ডনক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সংস্কৃতিৰ প্ৰতি আগ্ৰহ তথা এগৰাকী উদ্যোগী, জনহিতৈষী আৰু সংগীতজ্ঞ হিচাপে তেওঁৰ কৃতিত্বৰ প্ৰশংসা কৰে।

এক্সৰ এটা পোষ্টত তেওঁ লিখিছেঃ

“ত্ৰিবেণী এলবামৰ বাবে গ্ৰেমী বঁটা লাভ কৰাৰ বাবে চন্দ্ৰিকা টেণ্ডনক অভিনন্দন জনাইছো। এগৰাকী উদ্যোগী, জনহিতৈষী তথা সংগীতজ্ঞ হিচাপে তেওঁৰ সাফল্যত আমি অতি গৌৰৱ অনুভৱ কৰো! ভাৰতীয় সংস্কৃতিৰ প্ৰতি তেওঁৰ আগ্ৰহ আৰু ইয়াক জনপ্ৰিয় কৰাৰ বাবে তেওঁ কৰি থকা কাম প্ৰশংসনীয়। বহু লোকৰ বাবে তেওঁ অনুপ্ৰেৰণা।

২০২৩ চনত নিউয়ৰ্কত তেওঁক লগ পোৱাৰ কথা মই স্মৰণ কৰো।”

 

***

MJPS/SR/MK