প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ মোপা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৬ চনৰ নৱেম্বৰ মাহত এই বিমান বন্দৰৰ আধাৰশিলা স্থাপন কৰিছিল। প্ৰায় ২,৮৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই বিমানবন্দৰটো বহনক্ষম আন্তঃগাঁথনিৰ বিষয়বস্তুৰ ওপৰত নিৰ্মাণ কৰা হৈছে য’ত এটা সৌৰ শক্তি কেন্দ্ৰ, সেউজ অট্টালিকা, এলইডি লাইট সংস্থাপিত ৰাণৱে, বৰষুণৰ পানী সংগ্ৰহ, পুনৰ ব্যৱহাৰযোগ্য অত্যাধুনিক নলা পৰিশোধন প্লাণ্ট আৰু অন্যান্য সুবিধা আছে। প্ৰথম অৱস্থাত বিমানবন্দৰৰ প্ৰথম পৰ্যায়ত বছৰি প্ৰায় ৪৪ লাখ যাত্ৰী (এমপিপিএ)ৰ যাতায়াতৰ ব্যৱস্থা কৰা হ’ব, যিটো অনাগত দিনত ৩৩ এমপিপিএৰ চেচুৰেচন ক্ষমতালৈ সম্প্ৰসাৰিত কৰিব পৰা যাব।
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে মোপাত গ্ৰীণফিল্ড বিমানবন্দৰ উদ্বোধন কৰাৰ বাবে গোৱা আৰু দেশৰ সকলো নাগৰিককে অভিনন্দন জ্ঞাপন কৰে। বিগত আঠ বছৰত গোৱা ভ্ৰমণৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে গোৱাবাসীয়ে তেওঁৰ প্ৰতি যি মৰম আৰু শ্ৰদ্ধা দেখুৱাইছে, তাৰ প্ৰতিদান উন্নয়নৰ ৰূপত আগ্ৰহেৰে পৰিশোধ কৰা হ’ব। তেওঁ লগতে কয়, ‘এই উন্নত বিমানবন্দৰৰ টাৰ্মিনেলটো এই আস্থা ঘূৰাই অনাৰ প্ৰয়াস। প্ৰয়াত মনোহৰ পাৰিকৰৰ নামেৰে বিমানবন্দৰটোৰ নামকৰণ হোৱাত তেওঁ সুখ প্ৰকাশ কৰে।
বিগত সময়ত চৰকাৰসমূহে আন্তঃগাঁথনি উন্নয়নৰ দিশত লোৱা পন্থা সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বতে নাগৰিকৰ প্ৰয়োজন আৰু প্ৰয়োজনীয়তাৰ পৰিৱৰ্তে ভোট বেংকক প্ৰথম অগ্ৰাধিকাৰ দিয়া হৈছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পূৰ্বতে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰা হৈছিল যিবোৰ প্ৰকল্পৰ প্ৰয়োজনো নাছিল। ফলত আন্তঃগাঁথনি উন্নয়নৰ অতি প্ৰয়োজন হোৱা ঠাইবোৰ অৱহেলিত হৈয়েই থাকিল। “গোৱা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইয়াৰ এক স্পষ্ট উদাহৰণ”, তেওঁ লগতে কয়। প্ৰথমতে এই বিমানবন্দৰৰ পৰিকল্পনা কৰা অটল বিহাৰী বাজপেয়ীৰ চৰকাৰক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চৰকাৰ ক্ষমতাচ্যুত হৈ পৰাৰ পিছত আৰু বহু বছৰ ধৰি প্ৰকল্পটো পৰিত্যক্ত হৈ থকাৰ পিছত প্ৰচেষ্টাৰ অভাৱৰ বাবে দুখ প্ৰকাশ কৰে। ২০১৪ চনত প্ৰধানমন্ত্ৰীয়ে কৈছিল যে এবাৰ ডাবল ইঞ্জিন চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে বিমানবন্দৰৰ কামে নতুন গতি লাভ কৰিলে আৰু আইনী বাধা আৰু মহামাৰীৰ মাজতো ৬ বছৰ পূৰ্বে তেওঁ আধাৰশিলা স্থাপন কৰিছিল, আজি এই বিমানবন্দৰ কাৰ্যক্ষম হৈছে। এই বিমানবন্দৰটোত বছৰি প্ৰায় ৪০ লাখ যাত্ৰী চম্ভালিব পৰা সুবিধা আছে যিটো ভৱিষ্যতে ৩.৫ কোটিলৈ বৃদ্ধি কৰিব পৰা যাব। পৰ্যটনৰ সুবিধাৰ উপৰিও দুটা বিমানবন্দৰৰ উপস্থিতিয়ে গোৱাৰ বাবে কাৰ্গো হাব হিচাপে নতুন সুযোগৰ সৃষ্টি কৰিছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মনোহৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিৱৰ্তিত কৰ্মশৈলী আৰু শাসন ব্যৱস্থাৰ দৃষ্টিভংগীৰ প্ৰমাণ। তেওঁ কয় যে ২০১৪ চনৰ পূৰ্বে বিমান ভ্ৰমণ আছিল সুখী লোকৰ বাবে এক অভিজাত বিষয়। সাধাৰণ নাগৰিকৰ বিমান যাত্ৰাৰ আকাংক্ষাৰ এই অৱহেলাৰ ফলত বিমানবন্দৰ আৰু বিমান ভ্ৰমণৰ সৈতে জড়িত অন্যান্য আন্তঃগাঁথনিত বিনিয়োগ কম হ’ল আৰু বিপুল সম্ভাৱনা থকাৰ পিছতো ভাৰত বিমান যাত্ৰাত পিছ পৰি ৰ’ল। প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ প্ৰথম ৭০ বছৰত দেশৰ বিমানবন্দৰৰ সংখ্যা মাত্ৰ ৭০ টা আছিল আৰু বিমান যাত্ৰা বৃহৎ চহৰত সীমাবদ্ধ আছিল। চৰকাৰে দুটা পৰ্যায়ত কাম কৰিলে আৰু সমগ্ৰ দেশতে বিমানবন্দৰৰ নেটৱৰ্ক সম্প্ৰসাৰিত হ’ল। দ্বিতীয়তে, সাধাৰণ নাগৰিকে উড়ান আঁচনিৰ জৰিয়তে বিমান যাত্ৰাৰ সুযোগ পাইছিল। বিগত ৮ বছৰত ৭২টা বিমানবন্দৰ নিৰ্মাণ হোৱাৰ বিপৰীতে তাৰ আগৰ ৭০ বছৰত ৭০টা বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ দেশত বিমানবন্দৰৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। তদুপৰি, ২০০০ চনত মাত্ৰ ৬ কোটি যাত্ৰীৰ তুলনাত ২০২০ চনত (ক’ৰোনা মহামাৰীৰ ঠিক আগতে) বিমান যাত্ৰীৰ সংখ্যা ১৪ কোটিতকৈও অধিক বৃদ্ধি পাইছে। উড়ান আঁচনিৰ অধীনত ১ কোটিতকৈ অধিক যাত্ৰীয়ে বিমান যাত্ৰা কৰিছিল। “এই ব্যৱস্থাসমূহৰ বাবেই ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম বিমান বজাৰত পৰিণত হৈছে”, তেওঁ কয়।
উড়ান আঁচনিৰ সাফল্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই শৈক্ষিক জগতৰ বাবে অধ্যয়নৰ সম্ভাৱনা সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে কম দূৰত্বৰ বাবেও ৰে’লৰ পৰিৱৰ্তে বিমান টিকট পৰীক্ষা কৰাৰ পৰিৱৰ্তিত ধাৰা সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয় যে দেশত বিমান সংযোগৰ নেটৱৰ্ক সম্প্ৰসাৰিত হোৱাৰ লগে লগে বিমান যাত্ৰা দ্ৰুতগতিত পৰিবহণৰ যাতায়তৰ মাধ্যম হৈ পৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয়, “এখন দেশৰ সুক্ষ্ম শক্তি বৃদ্ধিত পৰ্যটনে সহায় কৰে সেয়া সঁচা, আনহাতে এখন দেশ শক্তিশালী হোৱাৰ লগে লগে বিশ্বই সেই দেশৰ বিষয়ে অধিক জানিব বিচাৰে আৰু ইয়াৰ প্ৰতি আকৰ্ষিত হয়।” প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যদি ভাৰতৰ সমৃদ্ধিশালী ইতিহাসৰ ওপৰত চকু ফুৰোৱা হয় তেন্তে ই সমগ্ৰ বিশ্বৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল য’ত পণ্ডিত, ভ্ৰমণকাৰী, ব্যৱসায়ী, উদ্যোগপতি আৰু ছাত্ৰ-ছাত্ৰীসকলে ভাৰতলৈ আহি ভূমিৰ বিষয়ে অধিক জানিব পাৰিব। প্ৰধানমন্ত্ৰীয়ে ভাৰতে সন্মুখীন হোৱা দাসত্বৰ অন্ধকাৰ সময়ৰ বাবেও দুখ প্ৰকাশ কৰে যিয়ে সংস্কৃতি আৰু পৰম্পৰা একেই থাকিলেও দেশৰ প্ৰতি ভাবমূৰ্তি আৰু দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটালে। “একবিংশ শতিকাৰ ভাৰত হৈছে নতুন ভাৰত যিয়ে বিশ্ব মঞ্চত স্থান দখল কৰিছে আৰু ফলস্বৰূপে বিশ্বৰ দৃষ্টিভংগী দ্ৰুতগতিত সলনি হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে আজিৰ বিশ্বই ভাৰতক চিনি পাব বিচাৰে আৰু ইয়াৰ পথ বুজিব বিচাৰে। তেওঁ লগতে কয় যে বহু বিদেশীয়ে ডিজিটেল প্লেটফৰ্মত ভাৰতৰ কাহিনী বৰ্ণনা কৰি আছে।
প্ৰধানমন্ত্ৰীয়ে বিগত ৮ বছৰত যাতায়তৰ সুবিধা নিশ্চিত কৰাৰ লগতে দেশৰ পৰ্যটনৰ প্ৰফাইল উন্নত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ তালিকা উল্লেখ কৰে। তেওঁ ভিছা প্ৰক্ৰিয়া সহজ কৰি তোলা, ভিছা-অন-এৰাইভেলৰ সুবিধা উন্নত কৰা, আধুনিক আন্তঃগাঁথনি আৰু শেষ মাইলৰ সংযোগ, আৰু ইয়াৰ লগত জড়িত ডিজিটেল, মোবাইল আৰু ৰে’লৱে সংযোগৰ বিষয়ে কয়। এই ব্যৱস্থাসমূহ ফলাফলকেন্দ্ৰিক। ২০১৫ চনত ভাৰতত ঘৰুৱা পৰ্যটকৰ সংখ্যা আছিল ১৪ কোটি। যোৱা বছৰ এই সংখ্যা প্ৰায় ৭০ কোটিলৈ বৃদ্ধি পাইছে বুলিও তেওঁ কয়।
প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে পৰ্যটনত কৰ্মসংস্থাপন আৰু স্বনিয়োজনৰ সৰ্বাধিক সম্ভাৱনা আছে আৰু গোৱাৰ পৰ্যটনৰ আন্তঃগাঁথনি উন্নত কৰাৰ পদক্ষেপৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে। ‘২০১৪ চনৰ পৰা ৰাজ্যত ঘাইপথ প্ৰকল্পত ১০ হাজাৰ কোটিতকৈ অধিক বিনিয়োগ কৰা হৈছে। গোৱাৰ যাতায়তৰ সমস্যাও সমাধান কৰা হৈছে। কংকন ৰে’লৱেৰ বিদ্যুতীকৰণেও ৰাজ্যখনক উপকৃত কৰিছে”, তেওঁ কয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে সংযোগ বৃদ্ধিৰ উপৰিও কীৰ্তিচিহ্নসমূহৰ ৰক্ষণাবেক্ষণ, সংযোগ আৰু আনুষংগিক সা-সুবিধাসমূহৰ উন্নতি সাধন কৰি ঐতিহ্য পৰ্যটনৰ প্ৰসাৰৰ ওপৰতো চৰকাৰৰ গুৰুত্ব আছে। শ্ৰী মোদীয়ে এই প্ৰচেষ্টাৰ উদাহৰণ হিচাপে অগোডা জে’ল চৌহদ সংগ্ৰহালয়ৰ উন্নয়নৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে আধুনিক প্ৰযুক্তিৰ সহায়ত কীৰ্তিচিহ্নসমূহ অধিক আকৰ্ষণীয় কৰি তোলা হৈছে আৰু বিশেষ ৰে’লৰ জৰিয়তে তীৰ্থস্থান আৰু কীৰ্তিচিহ্নসমূহলৈ যাতায়তৰ সুবিধা কৰা হৈছে বুলিও তেওঁ কয়।
প্ৰধানমন্ত্ৰীয়ে ভৌতিক আন্তঃগাঁথনিৰ সমানে সামাজিক আন্তঃগাঁথনিত গুৰুত্ব দিয়াৰ বাবে গোৱা চৰকাৰৰ প্ৰচেষ্টাকো প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে স্বয়ম্পূৰ্ণ গোৱা অভিযানৰ সফলতাক প্ৰশংসা কৰে যিটোৱে জীৱন-যাপনৰ সুবিধাৰ প্ৰসাৰ আৰু চৰকাৰী আঁচনিৰ পৰা যাতে কোনো নাগৰিক বঞ্চিত হৈ নাথাকে তাৰ মূল চাবিকাঠি হিচাপে পৰিগণিত হয়। “বৰ্তমান গোৱা ১০০% চেচুৰেচন মডেলৰ নিখুঁত উদাহৰণ হৈ পৰিছে” বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত চলি থকা উন্নয়নমূলক কামক আগুৱাই নিবলৈ সকলোকে উৎসাহিত কৰি ভাষণ সামৰে।
এই উপলক্ষে অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্ত, গোৱাৰ ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাই, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰীযুত শ্ৰীপদ য়েছ’ নাইক উপস্থিত থাকে৷
পটভূমিঃ
প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে বিশ্বমানৰ আন্তঃগাঁথনি আৰু পৰিবহণৰ সুবিধা প্ৰদান কৰাৰ অহৰহ প্ৰচেষ্টা হাতত লৈ আহিছে৷ ইয়াৰ লগতি সংগতি ৰাখি আন এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে গোৱাৰ মোপা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে৷ ২০১৬ চনৰ নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰীয়ে এই বিমানবন্দৰটোৰ আধাৰশিলা স্থাপন কৰিছিল।
প্ৰায় ২,৮৭০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই বিমানবন্দৰটোত অন্যান্য এনে সুবিধাৰ উপৰি বহনক্ষম আন্তঃগাঁথনিৰ বিষয়বস্তুক গুৰু্ত্ব আৰোপ কৰি নিৰ্মাণ কৰা হৈছে আৰু ইয়াত সৌৰ শক্তি কেন্দ্ৰ, সেউজ অট্টালিকা, ৰাণৱেত এলইডিলাইট, বৰষুণৰ পানী সংগ্ৰহ, পুনঃব্যৱহাৰৰ সুবিধা থকা অত্যাধুনিক নলা পৰিশোধন প্লাণ্ট আছে৷ ইয়াত থ্ৰী-ডি মনোলিথিক প্ৰিকাষ্ট বিল্ডিং, ষ্টেবিলৰোড, ৰ’ব’মেটিক হোলো প্ৰিকাষ্ট ৱাল, ৫জি সামঞ্জস্যপূৰ্ণ আই টি আন্তঃগাঁথনিৰ দৰে কেতবোৰ অত্যাধুনিক প্ৰযুক্তি গ্ৰহণ কৰা হৈছে। বিমানবন্দৰটোৰ কিছুমান বৈশিষ্ট্যৰ ভিতৰত বিশ্বৰ সৰ্ববৃহৎ বিমান পৰিচালনা কৰিব পৰা ৰাণৱে, বিমানৰ বাবে নিশা পাৰ্কিঙৰ সুবিধাৰ লগতে ১৪টা পাৰ্কিং বে, স্বয়ংক্ৰিয় সামগ্ৰী নমোৱাৰ সুবিধা, অত্যাধুনিক আৰু স্বতন্ত্ৰ বিমান পৰিবহণৰ আন্তঃগাঁথনি ইত্যাদি উল্লেখযোগ্য।
প্ৰথম অৱস্থাত বিমানবন্দৰৰ প্ৰথম পৰ্যায়ত বছৰি প্ৰায় ৪৪ লাখ যাত্ৰী (এমপিপিএ)ৰ ব্যৱস্থা কৰা হ’ব, যিটো ৩৩ এমপিপিএৰ ১০০শতাংশ বহন ক্ষমতালৈ সম্প্ৰসাৰিত কৰিব পৰা যাব। এই বিমানবন্দৰটোৱে ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়নত সহায় কৰিব আৰু পৰ্যটন উদ্যোগৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। ইয়াৰ দ্বাৰা বহুতো ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থানক প্ৰত্যক্ষভাৱে সংযোগ কৰি এটা মূল লজিষ্টিক হাব হিচাপে কাম কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও বিমানবন্দৰটোত মাল্টি মডেল সংযোগ স্থাপনৰ পৰিকল্পনা কৰা হৈছে।
বিশ্বমানৰ বিমানবন্দৰ হোৱাৰ বিপৰীতে এই বিমানবন্দৰটোৱে দৰ্শনাৰ্থীসকলক গোৱাৰ অনুভৱ আৰু অভিজ্ঞতাও প্ৰদান কৰিব। বিমানবন্দৰটোত গোৱাৰ স্থানীয় আজুলেজোছ টাইলছ বহুলভাৱে ব্যৱহাৰ কৰা হৈছে। ফুড ক’ৰ্টখনেও সাধাৰণ গোৱাৰ কেফেৰ সৌন্দৰ্যক জেউতি চৰাইছে। ইয়াৰ উপৰিও ইয়াত কিউৰেটেড ফ্লি মাৰ্কেটৰ বাবে এটা নিৰ্দিষ্ট স্থান থাকিব য’ত স্থানীয় শিল্পী আৰু কলা-কুশলীসকলক তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন আৰু বজাৰ কৰিবলৈ উৎসাহিত কৰা হ’ব।
***
DS/TS/DB
The state-of-the-art airport in Mopa will significantly improve connectivity as well as boost tourism in Goa. https://t.co/rY9M4OY6Z5
— Narendra Modi (@narendramodi) December 11, 2022
International Airport in Mopa, Goa has been named after Late Shri Manohar Parrikar Ji. pic.twitter.com/WfWKEFHdyk
— PMO India (@PMOIndia) December 11, 2022
मनोहर इंटरनेशनल एयरपोर्ट आज देश में इंफ्रास्ट्रक्चर को लेकर बदली हुई सरकारी सोच और अप्रोच का प्रमाण है। pic.twitter.com/0SJhR1UM45
— PMO India (@PMOIndia) December 11, 2022
हमने हवाई यात्रा को देश के छोटे-छोटे शहरों तक पहुंचाने का बीड़ा उठाया। pic.twitter.com/90iS9Is1rf
— PMO India (@PMOIndia) December 11, 2022
We are ensuring that small cities also have air connectivity. pic.twitter.com/Rary2szzDT
— PMO India (@PMOIndia) December 11, 2022
UDAN Yojana has revolutionised air connectivity across India. pic.twitter.com/XzkiF9ibF3
— PMO India (@PMOIndia) December 11, 2022
आज दुनिया भारत को जानना-समझना चाहती है। pic.twitter.com/2NaANk0jL8
— PMO India (@PMOIndia) December 11, 2022
In the last eight years, India has made every possible effort to improve 'Ease of Travel' for the tourists. pic.twitter.com/AcKrOudg9b
— PMO India (@PMOIndia) December 11, 2022
The Manohar International Airport in Goa will boost Goa’s economy and provide a great experience for tourists. It is also a tribute to Manohar Parrikar Ji’s efforts for Goa’s progress. pic.twitter.com/sgun5UJbKa
— Narendra Modi (@narendramodi) December 11, 2022
बीते आठ वर्षों में देश में एयर कनेक्टिविटी का अभूतपूर्व विस्तार हुआ है। यही वजह है कि आज हवाई यात्रा जन सामान्य की पहुंच में है और भारत दुनिया का तीसरा सबसे बड़ा एविएशन मार्केट बन चुका है। pic.twitter.com/grwtYuYqdd
— Narendra Modi (@narendramodi) December 11, 2022
देश में Ease of Travel को सुनिश्चित करने के लिए हमने आधुनिक इंफ्रास्ट्रक्चर और लास्ट माइल कनेक्टिविटी पर फोकस किया है। pic.twitter.com/OrerTMpE0K
— Narendra Modi (@narendramodi) December 11, 2022
गोंयांतलो मनोहर आंतरराश्ट्रीय विमानतळ अर्थवेवस्थेक नेट हाडटलो आनी पर्यटकांक बरो अणभव दितलो. मनोहर पर्रीकर हांणी गोंया खातीर केल्ल्या प्रगतीक तें अभिवादन थारतलें. pic.twitter.com/W7h8vvdtYH
— Narendra Modi (@narendramodi) December 11, 2022