Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গোৱাৰ আগুয়াডা দুৰ্গত ভাৰতীয় লাইটহাউচ মহোৎসৱ উদ্বোধন হোৱাক লৈ সুখ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে লাইটহাউছক মূল পৰ্যটন স্থান হিচাপে বৃদ্ধি পোৱা উৎসাহ দেখি তেওঁ আনন্দিত হৈছে।

এলানি টুইটত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ড° প্ৰমোদ পি সাৱন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত শ্ৰীপদ ৱাই নাইকৰ সৈতে গোৱাৰ আগুয়াডা দুৰ্গত প্ৰথমবাৰৰ বাবে ভাৰতীয় লাইটহাউচ মহোৎসৱ উদ্বোধন কৰা বুলি অৱগত কৰে। সামুদ্ৰিক যাতায়তৰ এক অপৰিহাৰ্য অংগ লাইটহাউচ উদযাপনৰ বাবে ভাৰতীয় লাইটহাউচ মহোৎসৱৰ আয়োজন কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

“লাইটহাউছক প্ৰধান পৰ্যটন স্থলী হিচাপে মানুহৰ ক্ৰমাৎ বৃদ্ধি পোৱা উৎসাহ দেখিবলৈ পাই আনন্দ অনুভৱ কৰিছো। মন কি বাতত এই বিষয়ক লৈ মই আলোচনা কৰিছিলো।

https://youtu.be/kP_qEIipwqE?si=-_wpXAj5aoIdSXls”

***