Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুজৰাটৰ কেৱৰীয়াত ষ্টেচ্যু অব ইউনিটী ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ


মই চৰ্দাৰ বল্লভ ভাই পেটেল বুলি ধ্বনি দিম, আপোনালোকে কব – অমৰ হওক, অমৰ হওক,

চৰ্দাৰ বল্লভ ভাই পেটেল – অমৰ হওক, অমৰ হওক

চৰ্দাৰ বল্লভ ভাই পেটেল – অমৰ হওক, অমৰ হওক

চৰ্দাৰ বল্লভ ভাই পেটেল – অমৰ হওক, অমৰ হওক

মই আৰু এটা ধ্বনি শুনিবলৈ বিচাৰিম, যিটো ধ্বনি এইখন ধৰিত্ৰীৰ, এইখন দেশত প্ৰতিটো পলতে প্ৰতিধ্বনি হৈ থকা উচিত। মই কম, দেশৰ একতা, আপোনালোকে কব – জিন্দাবাদ, জিন্দাবাদ।

দেশৰ একতা – জিন্দাবাদ

দেশৰ একতা – জিন্দাবাদ

দেশৰ একতা – জিন্দাবাদ

মঞ্চত উপৱিষ্ট ৰাজ্যপাল শ্ৰী ওম প্ৰকাশ কোহলীজী, ৰাজ্যৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান বিজয় ৰূপানীজী, কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰীমান বজুভাই ৱালা, মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দী বেন পেটেল, সংসদৰ মোৰ সতীৰ্থ, ৰাজ্যসভাৰ সদস্য শ্ৰীঅমিত ভাই শ্বাহ, গুজাৰটৰ উপ-মুখ্যমন্ত্ৰী শ্ৰীনীতীন ভাই, বিধানসভাৰ অধ্যক্ষ ৰাজেন্দ্ৰজী, দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহানুভৱ আৰু মোৰ মৰমৰ ভাই-ভনীসকল। মা নৰ্মদাৰ এই পৱিত্ৰ ধাৰাৰ সমীপত অৱস্থিত সাতপুৰা আৰু বিন্ধৰ আঁচলত, আজিৰ এই ঐতিহাসিক মুহূৰ্তত মই আপোনালোক সকলোকে, সমগ্ৰ দেশবাসীক, পৃথিৱীৰ প্ৰান্তে প্ৰান্তে সিঁচৰতি হৈ থকা প্ৰতিগৰাকী হিন্দুস্তানী আৰু হিন্দুস্তানক ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিকে অভিনন্দন জ্ঞাপন কৰিছো।

    আজি সমগ্ৰ দেশতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ স্মৃতি সুঁৱৰি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপিত হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে ন-জোৱানসকলে একতা-দৌৰত অংশগ্ৰহণ কৰিছে। ৰাণ ফৰ ইউনিটী, একতাৰ বাবে দৌৰত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকো মই অভিবাদন জনাইছো। আপোনালোকৰ ভাৰত-ভক্তি আৰু আপোনালোকৰ আন্তৰিক চেতনাৰ জোৰতহে বহু সহস্ৰ বছৰে থন ধৰি উঠা আমাৰ সভ্যতা-সংস্কৃতিয়ে ফলে-ফুলে জাতিষ্কাৰ হোৱাৰ সুযোগ লাভ কৰিছে। বন্ধুসকল, সকলো দেশৰ ইতিহাসত এনে একোটা উপলক্ষ সমাগত হয় যিয়ে দেশবাসীক সম্পূৰ্ণতা প্ৰাপ্তিৰ অৱকাশ প্ৰদান কৰে। আজিও আমি তেনে এক উপলক্ষৰ বাবেই সাজু হৈছো, যি উপলক্ষক হয়তো পাহৰি যোৱা সম্ভৱ নহব। আজিৰ এই দিনটোকো ভাৰতৰ ইতিহাসত মহত্বপূৰ্ণ বুলি সন্নিৱিষ্ট কৰা হব। ভাৰতৰ পৰিচয়, ভাৰতৰ সন্মান প্ৰতিষ্ঠাৰ বাবে সমৰ্পিত এক বিশাল ব্যক্তিত্বক উচিত মৰ্যাদা দিয়াৰ ক্ষেত্ৰত আধাদুখৰীয়া প্ৰয়াসৰ বেদনা লৈয়ে স্বাধীনতাৰ পিচৰ ইমানকেইটা বছৰ আমি অতিক্ৰম কৰিছিলো।

    আজি ভাৰতৰ নতুন প্ৰজন্মই নিজৰ ইতিহাসৰ এগৰাকী মহাপুৰুষৰ স্বৰ্ণিম ব্যক্তিত্বক উদ্ভাসিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। আজি ধৰা আৰু আকাশ একাকাৰ কৰি চৰ্দাৰ চাহাবৰ অভিষেক সম্পন্ন কৰা ভাৰতবাসীয়ে নিজৰ বাবে এক নতুন ইতিহাসেই কেৱল ৰচনা কৰা নাই, বৰঞ্চ ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এক গগণচুম্বী বুনীয়াদো গঢ়ি তুলিলে। মোৰ পৰম সৌভাগ্য যে আজি মই চৰ্দাৰ চাহাবৰ এই বিশাল প্ৰতিমূৰ্তি দেশবাসীক সমৰ্পণ কৰাৰ বিৰল সুযোগ লাভ কৰিলো। মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে এই স্মাৰক নিৰ্মানৰ কল্পনা কৰিছিলো, তেতিয়া মই কিন্তু এই পবিত্ৰ কামটো ময়েই এদিন প্ৰাধনমন্ত্ৰী হিচাপে কৰিবহি লাগিব বুলি ভবা নাছিলো। চৰ্দাৰ চাহাবৰ এই আশীৰ্বাদৰ বাবে, দেশবাসীৰ কোটি কোটি জনতাৰ আশীৰ্বাদৰ বাবে মই নিজকে ধন্য মানিছো। আজি গুজৰাটৰ নাগৰিকসকলে মোলৈ যিমানবোৰ অভিনন্দন পত্ৰ প্ৰৰণ কৰিছে তাৰ বাবেও মই গুজৰাটবাসীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো। মোৰ বাবে এয়া কেৱল একো একোখন সন্মান পত্ৰ কিম্বা অভিনন্দন পত্ৰই নহয়, বৰঞ্চ যিডোখৰ ভূমিত মই লালিত-পালিত হৈছো, যাৰ লগত থাকি সংস্কাৰ লাভ কৰিছো আৰু যেনেকৈ মাকে নিজৰ ল’ৰাটোৰ পিঠিত চপিৰয়ালে ল’ৰাটোৰ শক্তি, উত্সাহ-উদ্দীপনা হাজাৰ গুণে বাঢ়ি যায় আজি আপোনালোকৰ এই আশীৰ্বাদ পত্ৰসমূহ পায়ো মোৰ ঠিক তেনে অনুভৱেই হৈছে। মোক আজি লোহা অভিযানৰ সময়ত পোৱা লোৰ প্ৰথমটো টুকুৰা উপহাৰ হিচাপে প্ৰদান কৰা হৈছে। আহমেদাবাদত আমি এই অভিযান আৰম্ভ কৰাৰ সময়ত যিখন ধ্বজা উত্তোলন কৰিছিলো সেইখন ধ্বজাও মোলৈ উপহাৰ হিচাপে আগবঢ়োৱা হৈছে। মই আপোনালোকৰ, গুজৰাটৰ প্ৰতিগৰাকী লোকৰ প্ৰতি কৃতজ্ঞ হৈ থাকিম। আৰু মোলৈ আগবঢ়োৱা এই কেইপদ বস্তু মই আজি ইয়াত থৈ যাম, যাতে আপোনালোকে ইয়াৰ দেশবাসীয়ে চাব পৰাকৈ বস্তুকেইপদ মিউজিয়ামত সংৰক্ষিত কৰি ৰাখিব পাৰে।

মোৰ আজি সেইবোৰ দিনৰ কথা বৰকৈ মনত পৰিছে, আৰু আজি আপোনালোকৰ আগত বহুত কথাই কবলৈ মন গৈছে। মোৰ মনলৈ আহিছে সেইবোৰ দিনৰ কথা, যেতিয়া দেশৰ গাঁৱে গাঁৱে বসবাস কৰা কৃষকসকলৰ পৰা মাটি বিচাৰি আহ্বান জনোৱা হৈছিল, আৰু পথাৰসমূহত তেওঁলোকে ব্যৱহাৰ কৰা পুৰণি সা-সঁজুলিসমূহ সংগ্ৰহ কৰা হৈছিল। দেশৰ লাখ লাখ গাঁৱৰ কোটি কোটি কৃষক নিজেই আগবাঢ়ি আহি এই প্ৰতিমা নিৰ্মাণৰ অভি্যানটোক এক আন্দোলনৰ ৰূপ প্ৰদান কৰিছিলহি। তোওঁলোকে আগবঢ়োৱা সা-সৰঞ্জামখিনিৰ পৰা সংগৃহীত বহু শতাধিক মেট্ৰিক টন ওজনৰ লোহাৰে এই প্ৰতিমাৰ বাবে মজবুত বুনিয়াদ নিৰ্মাণ কৰা হৈছিল।

বন্ধুসকল, মই যেতিয়া এই কামটো কৰাৰ কথা অৱগত কৰিছিলো, তেতিয়া শংকা আৰু আশংকাৰ এক বাতাবৰণো যে তৈয়াৰ হৈছিল সেয়া সত্য। আজি এই কথা আপোনালোকৰ আগত মই নিৰ্দ্বিধাই খুলি কব পাৰো। কথাটো যেতিয়া মোৰ মনলৈ আহিছিল মই তেতিয়া বহুদিনলৈ এই অঞ্চলৰ পাহাৰবোৰত এডোখৰ প্ৰকাণ্ড শিলৰ সন্ধান বিচাৰি ফুৰিছিলো, ভাবিছিলো তেনে এডোখৰ শিল কাটি তাৰ পৰা চৰ্দাৰ চাহাবৰ প্ৰতিমা গঢ়ি উলিয়াব পৰা যাব। পিচে বহু বিচাৰ-খোচাৰ কৰিও তেনে এডোখৰ প্ৰকাণ্ড শিলৰ সন্ধান উলিয়াব নোৱাৰিলো। অৱশ্যে আমি ভবা বিশাল প্ৰতিমূৰ্তিটো শিলত কাটি উলিয়াব পৰাকৈ ইমান মজবুত শিল পোৱাটো সম্ভৱ নহয় বুলি জানি অৱশেষত মই মোৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হলো। আৰু আজি যি ৰূপ আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া তাৰেই পৰিণতি বুলি চাগৈ আপোনালোকে উপলব্ধি কৰিব পাৰিছে। সেই সময়ত মই কথাবোৰ অহৰ্নিশে ভাবি আছিলো। যাকেই পাও তেওঁৰ লগতে আলোচনা কৰিছিলো, সকলোৰে পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰিছিলো আৰু আজি মই প্ৰসন্নচিত্তে কব পাৰো যে দেশৰ এই মহত্বপূৰ্ণ প্ৰকল্পৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিয়ে দেশৰ বিশ্বাসক, দেশৰ সামৰ্থ্যক সুউচ্চ শিখৰত সংস্থাপিত কৰিলে।

ভাই-ভনীসকল, বিশ্বৰ এই সৰ্বোচ্চ প্ৰতিমাই সমগ্ৰ পৃথিৱীক, আমাৰ উত্তৰ-প্ৰজন্মক সেইগৰাকী ব্যক্তিৰ সাহস, সামৰ্থ্য আৰু সংকল্পৰ কথা স্মৰণ কৰাই থাকিব। যিগৰাকী ব্যক্তিয়ে আই ভাৰতীক খণ্ড খণ্ড কৰিব খোজাসকলৰ ষড়যন্ত্ৰ মষিমূৰ কৰাৰ পবিত্ৰ কৰ্তব্য সমাপন কৰিছিল। যিগৰাকী মহাপুৰুষে সেই সকলো আশংকাকে চিৰদনিৰ বাবেই নোহোৱা কৰি থৈ গলসেই গৰাকী লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলক মই শত শতবাৰ প্ৰণিপাত কৰিছো।

বন্ধুসকল, আই ভাৰতী যেতিয়া চাৰে পাঁচশতকৈও অধিক ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যত বিভক্ত হৈ আছিল, ঠিক তেতিয়াই চৰ্দাৰ চাহাবৰ সামৰ্থ্য ভাৰতৰ কামত আহিছিল। ভাৰতৰ ভৱিষ্যতক লৈ তদানীন্তন পৃথিৱীয়ে ঘোৰ নিৰাশাকেহে প্ৰকট কৰিছিল। নিৰাশাবাদীৰ পয়োভৰ সেই সময়তো আছিল। সেইসকল নিৰাশাবদীয়ে স্বকীয় বৈচিত্ৰ্যতাৰ বাবেই এদিন ভাৰত পুনৰ বিভাজিত হৈ পৰিব বুলি ভাবিছিল। পিছে নিৰাশাচ্চন্ন সেই পৰিৱেশটোতো সকলোৱে সম্ভাৱনাৰ এক কিৰণ প্ৰত্যক্ষ কৰিছিল আৰু আশাৰ সেই কিৰণ আছিল চৰ্দাৰ বল্লভ ভাই পেটেল। চৰ্দাৰ বল্লভ ভাই পেটেলৰ গাত কৌটিল্যৰ কূটনীতি আৰু শিৱাজী মহাৰাজৰ শৌৰ্যৰ অপূৰ্ব সমাৱেশ ঘটিছিল। তেওঁ ১৯৪৭ চনৰ ৫ জুলাইত ৰাজ-পৰিয়ালসমূহে শাসন কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যসমূহক সম্বোধি কৈছিল, আৰু চৰ্দাৰ চাহাবৰ সেই বাক্য কেইষাৰ আজিৰ প্ৰেক্ষাপটতো সমানেই সাৰ্থক বুলি মই হৃদয়েৰে বিশ্বাস কৰো। চৰ্দাৰ পেটেলে কৈছিল- বিদেশী আক্ৰমণকাৰীৰ সন্মুখত আমাৰ পাৰস্পৰিক শত্ৰুতা, আমাৰ মাজৰ দ্বন্দ্ব-খৰিয়াল, আমাৰ বৈৰীতা দৰাচলতেই আমাৰ পৰাধীনতাৰ প্ৰধান কাৰক আছিল। এতিয়া আৰু আমি সেই ভুল পুনৰাই দোহৰা উচিত নহব আৰু আকৌ এবাৰলৈ আনৰ গোলাম হোৱাৰ বাট প্ৰশস্ত কৰাটোও উচিত নহব।

চৰ্দাৰ চাহাবৰ এই একীকৰণ মন্ত্ৰৰ শক্তি হৃদয়ংগম কৰিয়ে এইসকল ৰজা-ৰাজ পৰিয়ালে নিজৰ নিজৰ ৰাজ্যক ভাৰতৰ চাৰিসীমাৰ মাজত বিলীন কৰি দিলে। চাই থাকোতেই ভাৰত এক হৈ পৰিল। চৰ্দাৰ চাহাবৰ আহ্বানত দেশৰ শতাধিক ৰজা-ৰাজপৰিয়ালে ত্যাগৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল। আমি এইসমূহ ৰজা আৰু ৰাজপৰিয়ালৰ মহান ত্যাগৰ গাঁথা কেতিয়াও পাহৰা উচিত নহয়। আৰু ভাৰতৰ বুকুত বিলীন হৈ যোৱা এই চাৰে পাঁচশৰো অধিক সংখ্যক ৰজা আৰু ৰাজপিৰয়ালৰ স্মাৰকেৰে এটা যাদুঘৰ এই স্থানতে স্থাপন কৰাৰ এক সপোনো মই ইমান দিনে পুহি ৰাখিছো। ঐক্যবদ্ধ ভাৰত গঢ়াৰ বাবে যিসকলে পদক্ষেপ গ্ৰহণ কৰিছিল সেইসকলৰ কথা যাতে আমাৰ ভাবী প্ৰজন্মই জানিব পাৰে। চাওকচোন আজি যদি এজন পঞ্চায়ত সভাপতি হিচাপে নিৰ্বাচিতক তেওঁৰ কাৰ্যকাল পূৰ্ণ হোৱাৰ এবছৰৰ আগতেই পদভাৰ ত্যাগ কৰিবলৈ কোৱা হয় তেন্তে বাৰু এক ধুমুহা সদৃশ পৰিস্থিতিৰ সৃষ্টি নকৰিবনে? পিচে এই সকল ৰজা-ৰাজন্যই তেওঁলোকৰ পিতৃ-পুৰুষসকলে যুগে যুগে গঢ় দিয়া তেওঁলোকৰ দেশসমূহ চিৰদনৰ বাবে দান কৰি দিছিল। তেওঁলোকৰ এই মহান ত্যাগৰ কথা আমি বাৰু কেতিয়াবা পাহৰি যাব পাৰিমনে, আমি যে সেই কথা মনত ৰাখিবই লাগিব।

বন্ধুসকল, যি দুৰ্বলতাৰ বাবে তেতিয়াৰ বিশ্বই আমাক কটাক্ষপাত কৰিছিল, সেই দুৰ্বলতাকে শক্তিলৈ ৰূপান্তৰিত কৰি চৰ্দাৰ পেটেলে দেশক পথৰ সন্ধান দিছিল। সেই পথৰেই বাট বুলি সংশয়াচ্ছন্ন ভাৰতে আজি নিজে আৰোপ কৰা চৰ্ত প্ৰতিপন্ন কৰি পৃথিৱীৰ বৃহ্ত অৰ্থনৈতিক আৰু সামৰিক শক্তি হিচাপে পৰিগণিত হোৱাৰ দিশত খোজ আগবঢ়াইছে। এয়া যদি সম্ভৱ হৈছে, তেন্তে তাৰ নেপথ্যত এক সাধাৰণ কৃষক পৰিয়ালত ওপজা সেই গৰাকী অসাধাৰণ ব্যক্তিত্ব- চৰ্দাৰ চাহাবৰ বহুত ডাঙৰ অৰিহণা আছিল, বহুত ডাঙৰ ভূমিকা আছিল। লাগিলে যিমানেই হেঁচা নপৰক কিয়, লাগিলে যিমানেই মতৰ অমিল নহওক কিয়, প্ৰশাসনত কেনেকৈ শাসন প্ৰতিষ্ঠা কৰিব লাগে সেই কথা চৰ্দাৰ চাহাবে সুন্দৰকৈ কৰি দেখুৱাইছিল। কচ্ছৰ পৰা কহিমালৈ, কাৰ্গিলৰ পৰা কন্যাকুমাৰীলৈ আজি যদি কোনা বাধাৰ সন্মুখীন নোহোৱাকৈ আমি যাব পৰা হৈছো তেন্তে এয়া চৰ্দাৰ চাহাবৰ জহতে সম্ভৱ হৈছে, তেওঁ গ্ৰহণ কৰা সংকল্পৰ পৰিণিততহে সম্ভৱ হৈছে। মুহূৰ্তৰ বাবে কল্পনা কৰকচোন, যদি চৰ্দাৰ চাহাবে এই সংকল্প গ্ৰহণ নকৰিলেহেঁতেন, তেতিয়াহলে আজি গিৰৰ সিংহ আৰু বাঘ চাবলৈ আৰু শিৱভক্তসকলে সোমনাথত পূজা কৰিবলৈ অথবা হায়দৰাবাদৰ চাৰমিনাৰ চাবলৈ যাবলৈ আমি হিন্দুস্তানীসকলে ভিছা লব লাগিলহেঁতেন। যদি চৰ্দাৰ চাহাবে সংকল্প নললেহেঁতেন তেন্তে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ পোনপটীয়া ৰেলৰ কল্পনাও কৰিব পৰা নগলহেঁতেন। যদি চৰ্দাৰ পেটেলে সংকল্প নললেহেঁতেন তেন্তে অসামৰিক সেৱাৰ দৰে প্ৰশানীয় পৰিগাঁঠনি গঢ়ি তোলাৰ ক্ষেত্ৰত আমি বহুত সমস্যাৰ সন্মুখীন হব লগাত পৰিলোহেঁতেন।

ভাই-ভনীসকল, ১৯৪৭ চনৰ ২১ এপ্ৰিলত সৰ্বভাৰতীয় প্ৰশানীয় সেৱাৰ প্ৰৱেশ্যনাৰ সকলক সম্বোধি চৰ্দাৰ বল্লভ ভাই পেটেলে কোৱা কথা কেইষাৰ খুবেই মহত্বপূৰ্ণ আছিল। আজিৰ তাৰিখতো আই এ এছ, আই পি এছ, আই এফ এছ যিয়েই নহওক কিয় সেইকেইষাৰ বাক্য প্ৰত্যেক গৰাকীয়েই মনত ৰখা উচিত। তেতিয়া চৰ্দাৰ চাহাবে কৈছিল এই পৰ্যন্ত যিসকল আই চি এছ অৰ্থাত Indian civil services ত আছিল তেওঁলোক কোনোৱেই ভাৰতীয় নাছিল, তেওঁলোক কোনোৱেই চিভিলো- নাছিল, আনকি তেওঁলোকৰ চাৰ্ভিছৰ মানসিকতাও নাছিল। চৰ্দাৰজীয়ে যুৱ-প্ৰজন্মক স্থিতি পৰিৱৰ্তনৰ বাবে আহ্বান জনাইছিল। তেওঁ ন-জোৱানসকলক আহ্বান জনাই কৈছিল যে তেওঁলোকে সম্পূৰ্ণ পাৰদৰ্শিতাৰে, সম্পূৰ্ণ সততাৰে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ গৌৰৱ বঢ়াব লাগিব। ভাৰতীয় প্ৰশাসনীয় সেৱাক ভাৰতৰ নৱ নিৰ্মানৰ বাবে সংস্থাপিত কৰিব লাগিব। এই গৰাকী চৰ্দাৰ পেটেলৰ প্ৰেৰণাতে দৰাচলতে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ তুলনা steel frame ৰে কৰা হয়।

ভাই-ভনীসকল, চৰ্দাৰ পেটেলক এনে এক সময়ত ভাৰতৰ গৃহমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছিল সেয়া ভাৰতীয় ইতিহাসৰ আটাইতকৈ জটিল ক্ষণ আছিল। তেওঁৰ কান্ধত দেশৰ ব্যৱস্থাৱলীৰ পুনৰনিৰ্মাণৰ গুৰু দায়িত্বতো আছিলেই, লগতে সমস্যাজৰ্জৰ আইন-ব্যৱস্থা চম্ভলাৰো প্ৰত্যাহ্বান আছিল। তেওঁ সেই জটিল সন্ধিক্ষণৰ পৰা দেশক নিৰাপদে উলিয়াই আনি আমাৰ আধুনিক আৰক্ষী ব্যৱস্থাৰ বাবে এক শক্তিশালী বুনিয়াদো গঢ় তুলিছিল। বন্ধুসকল, দেশৰ গণতন্ত্ৰৰ সৈতে সৰ্বসাধাৰণ ৰাইজক জড়িত কৰাৰ বাবে চৰ্দাৰ চাহাব প্ৰতিমূহূৰ্ততে সমৰ্পিত আছিল। ভাৰতৰ ৰাজনীতিত মহিলাৰ সক্ৰিয় অংশগ্ৰহণৰ অধিকাৰ দানৰ ক্ষেত্ৰতো চৰ্দাৰ পেটেলৰ বহুত ডাঙৰ ভূমিকা আছিল। যি সময়ত দেশৰ মাতৃ-ভগ্নীয়ে পঞ্চায়ত পৰ্যায়ৰ নিৰ্বাচনতো ভাগ লব পৰা নাছিল, চৰ্দাৰ পেটেলে সেই অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল। তেওঁৰ বলিষ্ঠ পদক্ষেপৰ ফলতে স্বাধীনতাৰ বহু দশক পূৰ্বেই এই বৈষম্য আঁতৰোৱাৰ পথ প্ৰশস্ত হৈছিল। সেই গৰাকী চৰ্দাৰ পেটেলৰ বাবেই আজি মৌলিক অধিকাৰে আমাৰ গণতন্ত্ৰৰ এক প্ৰভাৱশালী অংশ হোৱাৰ সু্যোগ লাভ কৰিলে।

বন্ধুসকল চৰ্দাৰ পেটেলৰ এই প্ৰতিমূৰ্তি তেওঁৰ এই উচ্চ চিন্তা, প্ৰতিভা, পুৰুষাৰ্থ তথা প্ৰতিজ্ঞাৰ জীৱন্ত প্ৰতীক। এই প্ৰতিমা তেওঁৰ সামৰ্থ্য আৰু সমৰ্পণৰ প্ৰতি সন্মানতো হয়েই, এয়া নৱ ভাৰতৰ নতুন আত্মবিশ্বাসৰ অভিব্যক্তিৰো নিৰ্দশন।ভাৰতৰ অস্তিত্বৰ প্ৰতি প্ৰশ্নৰ অৱতাৰণা কৰাৰ ঔদ্বৌত্য প্ৰৰ্দশন কৰা সকলক সতৰ্ক কৰি এইখন দেশযে শাশ্বত আছিল, শাশ্বত আছে, আৰু চিৰকালে শাশ্বত থাকিব সেই কথা সোঁৱৰাই থকাৰ প্ৰতীকপট হিচাপেও চিহ্ণিত হব এই প্ৰতিমূৰ্তি।

এই প্ৰতিমা দেশৰ সেইসকল কৃষকৰ স্বাভিমানৰ প্ৰতীক, যাৰ পথাৰৰ মাটি আৰু পথৰুৱা সা-সৰঞ্জামৰ লোৰে তৈয়াৰ কৰা আধাৰত নিৰ্মিত হৈছে এই প্ৰতিমূৰ্তি, এয়া সেইসকল আদিবাসী ভাই-ভনীৰ অৰিহনাৰ স্মাৰক, যিয়ে স্বাধীনতাৰ আন্দোলনৰ পৰা আৰম্ভ কৰি বিকাশৰ সুদীৰ্ঘ যাত্ৰাত অৱদান আগবঢ়াই আহিছে। অনাগত দিনৰ যুৱক-যুৱতীসকলক ভৱিষ্যতৰ ভাৰত  গঢ়াৰ বাবে বিশালাকাৰ পণ লব পৰাকৈ অনুপ্ৰাণিত কৰিব এই আকাশলংঘী স্মাৰকে। এই আকাংক্ষা সম্পূৰ্ণ কৰাৰ এটাই মাত্ৰ মন্ত্ৰ সেয়া হৈছে- এক ভাৰত শ্ৰেষ্ঠ ভাৰত, এক ভাৰত শ্ৰেষ্ঠ ভাৰত।

বন্ধুসকল, এয়া আমাৰ আভিযান্ত্ৰিক সামৰ্থ্যৰো প্ৰতীক। বিগত তিনিটা বছৰত প্ৰতিদিনে গড়ে আঢ়ৈ হাজাৰ শিল্পী আৰু শ্ৰমিক অভিযানৰ ৰূপত কামত ব্ৰতী হৈ আছিল। কিছু সময়ৰ পিচত আমি যাক সম্বৰ্ধনা জনাম তেওঁ ইতিমধোই জীৱনৰ ৯০টা বছৰ অতিক্ৰম কৰিছে। দেশৰ এনে এগৰাকী গণ্যমান্য শিল্পকাৰ শ্ৰীমান ৰাম সুতাৰজীৰ নেতৃত্বত শিল্পীৰ এটা দলে এই গৌৰৱশালী স্মাৰকৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে। মনত অভিযানৰ ভাৱনা, ৰাষ্ট্ৰীয় একতাৰ প্ৰতি সমৰ্পন আৰু ভাৰত ভক্তিৰ বলতে ইমান কম দিনৰ ভিতৰতে এই বিশাল কৰ্মযজ্ঞ সম্পূৰ্ণ হৈ উঠিল। চৰ্দাৰ সৰোৱৰ বান্ধৰ আধাৰশিলা কেতিয়া হৈছিল আৰু কিমান দশকৰ পিচত ইয়াৰ শুভ উদ্বোধন কৰা হৈছিল ভাবকচোন। পিচে এয়াতো আপোনালোকে চাই থাকোতেই সম্পূৰ্ণ হৈ উঠিল। এই মহান কৰ্মৰে জড়িত প্ৰতিগৰাকী শ্ৰমিক, প্ৰতিগৰাকী শিল্পী, অভিযন্তা তথা এই কৰ্মযজ্ঞৰে জড়িত প্ৰতি গৰাকী ব্যক্তিকে মই আদৰপূৰ্বক অভিনন্দন জ্ঞাপন কৰিছো। প্ৰত্যক্ষ আৰু পৰোক্ষ ৰূপত এই কৰ্মৰে জড়িত আপোনালোক সকলোৰে নামো চৰ্দাৰ চাহাবৰ এই প্ৰতিমূৰ্তিৰ সৈতে ইতিহাসৰ এক মহত্বপূৰ্ণ অংশ হৈ পৰিল।

বন্ধুসকল, আজি সামৰণি পৰা এই যাত্ৰাৰ শুভাৰম্ভ হৈছিল ৮ বছৰ পূৰ্বে ঠিক আজিৰ দিনটোতে। ২০১০ চনৰ ৩১ অক্টোৱৰত আহমেদাবাদত মই প্ৰথমবাৰৰ বাবে এই কথা ৰাজহুৱা কৰিছিলো। কোটি কোটি ভাৰতীয়ৰ দৰেই ময়ো বিচাৰিছিলো যি গৰাকী মহাপুৰুষে দেশক একত্ৰিত কৰাৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল, সেই গৰাকী মহান আত্মাক নিশ্চিত ভাবেই যথোচিত সন্মান জনোৱা উচিত। মই বিচাৰিছলো এই সন্মান তেওঁ সেইসকল কৃষক, সেইসকল শ্ৰমিকৰ শ্ৰমদানৰে পাওক যাৰ বাবে চৰ্দাৰ পেটেলে জীৱনজুৰি সংঘৰ্ষ কৰিছিল। বন্ধুসকল, চৰ্দাৰজীয়ে খেৰাৰ পৰা বৰদোলী পৰ্যন্ত কৃষক ৰাইজৰ প্ৰতি হোৱা অন্যায়ৰ বিৰুদ্ধেই কেৱল প্ৰতিবাদ কৰা নাছিল, সত্যাগ্ৰহ কৰা নাছিল বৰং ইয়াৰ সমাধানো আজুৰি আনিছিল। আজি দেশৰ অলেখ-গাঁৱৰ অৰ্থব্যৱস্থা শক্তিশালী কৰাত বিশেষ ভূমিকা পালন কৰা সমবায় আন্দোলনো চৰ্দাৰ পেটেলৰ দূৰদৃষ্টিৰে সু-পৰিণাম আছিল।

                বন্ধুসকল, চৰ্দাৰ পেটেলৰ এই স্মাৰক তেওঁৰ প্ৰতি কোটি কোটি ভাৰতীয়ৰ সন্মান আৰু দেশবাসীৰ সামৰ্থ্যৰ প্ৰতীকী নিৰ্দেশনতো হয়েই, ই দেশৰ অৰ্থব্যৱস্থা তথা ৰোজগাৰ নিৰ্মাণৰো মহত্ত্বপূৰ্ণ স্থান হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে। ইয়াৰ দ্বাৰা হাজাৰ হাজাৰ আদিবাসী ভাই-ভনীয়ে প্ৰতি বছৰে পোনপটীয়াকৈ জীৱিকাৰ সম্বল বিচাৰি পোৱাৰো পথ প্ৰশস্থ হব। সাতপুৰা আৰু বিন্ধ পৰ্বতৰ পাদদেশত অৱস্থিত এই অঞ্চলত বসবাস কৰা আপোনালোকক প্ৰকৃতিয়ে যি সম্ভাৰ প্ৰদান কৰিছে সেয়া এতিয়া আধুনিক ৰূপত আপোনালোকৰ কামত অহাৰ সুযোগ ওলাইছে। চৰ্দাৰ চাহাবক দৰ্শন কৰিবলৈ অহা পৰ্যটকসকলে চৰ্দাৰ সৰোবৰ বান্ধ, সাতপুৰা আৰু বিন্ধ পৰ্বতমালাও দৰ্শন কৰিব পাৰিব। মই এই চেগতে গুজৰাট চৰকাৰক অভিনন্দন জনাব খুজিছো, কিয়নো তেওঁলোকে এই স্মাৰকৰ আশ-পাশৰ এলেকাসমূহক পৰ্যটকৰ আকৰ্ষণথলী হিচাপে বিকশিত কৰি তুলিছে। এই কাৰ্যৰ অংশ হিচাপে বিকশিত কৰা ভেলী অব ফ্লাৱাৰে এই স্মাৰকৰ সৌন্দৰ্য্য আৰু অধিক আকৰ্ষণীয় কৰি তুলিব আৰু মই আশা কৰিম এই একতা নাৰ্চাৰী এনেদৰে বিকশিত হওক যৰ পৰা প্ৰতিগৰাকী পৰ্যটকে একতাৰ পুলি নিজ নিজ ঘৰলৈ লৈ যাব পাৰিব। সেই পুলি ঘৰে ঘৰে ৰুই তেওঁলোকে দেশৰ একতাৰ ভাৱনাক প্ৰতিনিয়ত স্মৰণ কৰি থাকিব পাৰিব। লগতে পৰ্যটন এই অঞ্চলৰ সাধাৰণ জনৰ জীৱন পৰিৱৰ্তনৰ সম্বল হৈ উঠিব।

    বন্ধুসকল, এইখন জিলা আৰু এই অঞ্চলৰ লোকসকল পাৰম্পাৰিক জ্ঞানৰে অতিকে সমৃদ্ধ। তেওঁলোকৰ এই পৰম্পৰাগত জ্ঞানৰ প্ৰসাৰো এই ষ্টেট অব ইউনিটীৰ বাবে হব লগা পৰ্যটনে অধিক কৰিব। ইয়ে এই অঞ্চলটোক এক নতুন পৰিচিতি প্ৰদান কৰিব। মই অঞ্চলটোৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ আহিছিলো বাবে ইয়াৰ বিষয়ে মই বহু কথাই জানো। সম্ভৱ ইয়াত বহি থকা বহুতেই মই কোৱাৰ পিছত কথাটো নিশ্চয়কৈ ভাবিব। এই অঞ্চলত চাউলৰ পৰা তৈয়াৰ কৰা ঊনা মাণ্ডা, তহলা মাণ্ডা অথবা ঠোকলা মাণ্ডা ইয়ালৈ অহা প্ৰতিগৰাকী পৰ্যটকেই খুব পচন্দ কৰিব। সেইদৰে এই অঞ্চলত বাহুল্যকৈ হোৱা বনৌষধীৰ কথা আয়ুৰ্বেদৰে জড়িতসকলে চাগৈ ভালকৈয়ে জানে। ইয়াৰ খাতী ভিন্দীৰ ঔষধী গুণৰ কথা কোনেনো নাজানে?–এইবোৰ কথা বহু দূৰদূৰণিলৈ বিস্তাৰিত হোৱাৰ সুযোগ সমাগত হৈছে। সেয়ে এই স্মাৰকে কৃষিক্ষেত্ৰৰ সম্ভাৱনাক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে আদিবাসীসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাতো বিশেষ সহযোগিতা আগবঢ়াব বুলি মই নিশ্চিতভাৱেই আশাবাদী।

    বন্ধুসকল, বিগত চাৰিটা বছৰত দেশৰ নায়কসকলক শ্ৰদ্ধা জনোৱাৰ বাবে চৰকাৰে এক বিশেষ অভিযান অব্যাহত ৰাখিছে। মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলো তেতিয়াও মোৰ এনেবোৰ বিষয়ত আগ্ৰহ আছিল। এয়া আমাৰ পূৰাতন সংস্কৃতি, আমাৰ সংস্কাৰ, যাক লৈ আমি আগবাঢ়ি যাব লাগিব। চৰ্দাৰ বল্লভ ভাই পেটেলৰ এয়া গগনচুম্বী প্ৰতিমূৰ্তি। তেওঁৰ স্মৃতিত আমি দিল্লীত আধুনিক যাদুঘৰ নিৰ্মাণ কৰিছো। গান্ধীনগৰৰ মহাত্মা মন্দিৰ আৰু দান্দী কূটীৰেই হওক কিম্বা দাদা চাহেব ভীমৰাও আম্বেদকাৰৰ পঞ্চতীৰ্থই হওক, হাৰিয়ানাৰ কৃষক নেতা ছাৰ ছোটুৰামৰ সৰ্বোচ্চ প্ৰতিমাই হওক। কচ্ছৰ মাণ্ডৱীত থকা স্বাধীনতা আন্দোলনৰ সশস্ত্ৰ ক্ৰান্তিৰ পুৰোধা, গুজৰাটৰ সু-সন্তান শ্যামজী কিষন বাৰ্মাৰ স্মাৰকেই হওক আৰু আমাৰ আদিবাসী ভাই-ভনীসকলৰ বীৰ নায়ক গোবিন্দ গুৰুৰ শ্ৰদ্ধাস্থলেই হওক, এনে বহু মহাপুৰুষৰ স্মাৰক বিগত বছৰকেইটাত আমি নিৰ্মাণ কৰি উলিয়াইছো।

    তদুপৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ দিল্লীত সংগ্ৰহালয়েই হওক, ছট্ৰপতি শিৱাজী মহাৰাজৰ মুম্বাইত ভব্য প্ৰতিমূৰ্তিয়েই হওক অথবা আদিবাসী নায়ক, দেশৰ স্বাধীনতা সংগ্ৰামৰ বীৰসকলৰ স্মৃতিত সংগ্ৰহালয় নিৰ্মাণৰ কামেই হওক, এই সকলো বিষয়ত আমি ইতিহাস পুনৰুজ্জ্বীৱিত কৰাৰ বাবে কাম কৰি আছো। বাবা চাহেবৰ অতুল্য অৱদানৰ স্মৃতি সুঁৱৰিবলৈ ২৬ নৱেম্বৰক সংবিধান দিৱস হিচাপে ব্যাপক ৰূপত উদযাপন কৰাই হওক, কিম্বা নেতাজীৰ নামত ৰাষ্ট্ৰীয় সন্মানৰ শুভাৰম্ভ  কৰাৰ কথা ঘোষণা কৰাই হওক, এইসকলো আমাৰ চৰকাৰেহে আৰম্ভ কৰিছে। পিছে আমাৰ এই পদক্ষেপকো দেশৰ একাংশই ৰাজনৈতিক চশমাৰে চোৱাৰ দুঃসাহস কৰা দেখি মই আশ্চৰ্যচকিত হও।

    চৰ্দাৰ পেটেলৰ দৰে মহাপুৰুষ, দেশৰ সু-সন্তানক প্ৰশংসা কৰাৰ বাবেও কিয় জানো আমাক সমালোচনা কৰা হয়। যেন আমি বহুত ডাঙৰ অপৰাধহে কৰিছো। কওকচোন, দেশৰ মহাপুৰুষসকলক স্মৰণ কৰাটো বাৰু অপৰাধ নে কি?

    ভাই-ভনীসকল, চৰ্দাৰ পেটেলে ভাৰতখন শক্তিশালী, সমৃদ্ধিশালী, সংবেদনশীল, সতৰ্ক আৰু সকলোৰে সমাবেশৰ থলী হিচাপে গঢ় লোৱাটো বিচাৰিছিল। আমাৰ সমগ্ৰ প্ৰয়াস তেওঁৰ এই সপোন সাকাৰ কৰাৰ দিশতে অব্যাহত আছে। গণ অংশগ্ৰহণৰ সু-পৰিণতিত আজি দেশত গ্ৰাম্য স্বচ্ছতাৰ পৰিসৰ ৯৫ শতাংশ পৰ্যন্ত হৈছেগৈ। আমি দেশৰ প্ৰতিগৰাকী গৃহহীনক ঘৰ দান কৰিব পৰাকৈ বিশাল আঁচনি ৰূপায়ণত মনোনিবেশ কৰিছো। আমি স্বাধীনতাৰ ইমান দশকৰ পিচতো বিজুলীৰ পোহৰ নপৰা ১৮০০০ গাঁৱলৈ বিজুলী বাতিৰ পোহৰ বিয়পোৱাৰ লক্ষ্যত সফল হৈছো। আমাৰ চৰকাৰে সৌভাগ্য যোজনাৰ জৰিয়তে প্ৰতিটো পৰিয়াললৈ বিদ্যুত্ সংযোগ দিয়াৰ বাবে দিনে-নিশাই কামত ব্ৰতী হৈ আছে, দেশৰ প্ৰতিখন গাঁৱক পথ সংযোগৰ লগতে অপ্টিকেল ফাইবাৰ নেটৱৰ্কৰে সংযুক্ত কৰি ডিজিটেল কানেক্টিভিটীৰে সংযুক্ত কৰা, ৰন্ধন গেছ সংযোগ প্ৰদানৰ লগতে দেশৰ প্ৰতিঘৰলৈ শৌচালয়ৰ সুবিধা আগবঢ়োৱাৰ কামত ব্যস্ত হৈ আছে।

    আমি পৃথিৱীৰ সকলোতকৈ ডাঙৰ জন আৰোগ্য যোজনা –আয়ুষ্মান ভাৰত যোজনা যাক ৰাইজে কেতিয়াবা মোডী কেয়াৰ বুলিও কয়- ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰিছো। এই আঁচনিয়ে ভাৰতক আক্ষৰিক অৰ্থতে আয়ুষ্মান কৰিব।

    ভাই-ভনীসকল, চৰ্দাৰ পেটেলে ভাৰতৰ একীকৰণ কৰিছিল। আমিও জিএছটিৰ জৰিয়তে দেশত অৰ্থনৈতিক একীকৰণ সম্পন্ন কৰিলো। One Nation One Tax ৰ সপোন সাকাৰ কৰিলো।

    মই চৰ্দাৰ চাহাবৰ এষাৰ বক্তব্যৰে আজি ভাষণ সামৰিব খুজিছো। তেওঁ কৈছিল- প্ৰতিগৰাকী ভাৰতীয়ই তেওঁনো কোন জাতিৰ, কোন শ্ৰেণীৰ এই কথা পাহৰিব লাগিব, তেওঁ কেৱল এটা কথা মনত ৰাখিব লাগিব, সেয়া হৈছে- তেওঁ এগৰাকী ভাৰতীয়, আৰু এগৰাকী নাগৰিক হিচাপে তেওঁৰ যিমান অধিকাৰ আছে সিমানেই দেশৰ প্ৰতি কৰ্তব্যও থাকিব। -চৰ্দাৰ চাহাবৰ এই শাশ্বত ভাৱনাই এই বিশাল প্ৰতিমাৰ দৰেই সদায় আমাক অনুপ্ৰাণিত কৰি ৰাখিব। এই কামনাৰে পুনৰবাৰ বিশ্বৰ সৰ্বোচ্চ প্ৰতিমা Statue of Unityৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিকে অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিলো।

আহক আমি একেলগে কওঁ-

চৰ্দাৰ পেটেল – জয় হওক

চৰ্দাৰ পেটেল – জয় হওক

চৰ্দাৰ পেটেল – জিন্দাবাদ

চৰ্দাৰ পেটেল – জিন্দাবাদ।

*****

AKT/HS/VM/TARA