প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত গর্ভপাত আইন, ১৯৭১ৰ সংশোধন কৰি গর্ভপাত (সংশোধনী) বিধেয়ক, ২০২০ৰ প্রস্তাৱত অনুমোদন জনাইছে। সংসদৰ পৰৱৰ্তী অধিৱেশত এই বিধেয়কখন উত্থাপন কৰা হ’ব৷
প্ৰস্তাৱিত সংশোধনীৰ মুল বৈশিষ্ট্যসমূহঃ
• গর্ভধাৰণৰ ২০ সপ্তাহৰ ভিতৰত গর্ভপাত কৰালে এজন চিকিৎসকৰ মতামত লোৱা আৰু গর্ভধাৰণৰ ২০ৰ পৰা ২৪ সপ্তাহৰ ভিতৰত গর্ভপাত কৰালে দুজন চিকিৎসকৰ মতামত লোৱাটো আৱশ্যক৷
• ঠাই বিশেষে মহিলাসকলৰ বাবে গর্ভপাতৰ অনুমতি গর্ভধাৰণৰ ২০ সপ্তাহৰ পৰা বৃদ্ধি কৰি ২৪ সপ্তাহলৈকে কৰাৰ প্ৰস্তাৱো এই সংশোধনীত আছে। এই ক্ষেত্রত ধৰ্ষণৰ বলি, আত্মীয়-স্বজনৰ কামনাৰ বলি তথা অৱহেলিত মহিলা(দিব্যাংগ অথবা নাবালিকা)ৰ গর্ভপাতৰ ক্ষেত্রত এই নিয়ম প্ৰযোজ্য হ’ব৷
• মেডিকেল বোৰ্ডৰ বিচাৰত ভ্রূণত কোনো বিসংগতি দেখা দিলে গর্ভধাৰণৰ সর্বোচ্চ সীমা গর্ভপাতৰ ক্ষেত্রত বিবেচনাযোগ্য নহয়৷ মেডিকেল বোৰ্ডৰ সদস্যসকলে বিভিন্ন দিশ বিবেচনা কৰি গর্ভপাতৰ সিদ্ধান্ত ল’ব৷
• যিগৰাকী মহিলাৰ গর্ভপাত কৰোৱা হ’ব, তেওঁৰ নাম আৰু পৰিচয় গোপনে ৰখা হ’ব, আইন অনুসৰি স্বীকৃত ব্যক্তি বা মহিলাৰ নাম-ঠিকনা জানিব পাৰিব৷
মহিলাৰ ক্ষেত্রত থেৰাপেটিক, সুপ্ৰজনন, মানবীয় বা সামাজিক দৃষ্টিভংগী বিবেচনা কৰাৰ পাছত সুৰক্ষিতভাবে বৈধ উপায়েৰে গর্ভপাত কৰোৱাৰ লক্ষ্যৰে গর্ভপাত(সংশোধনী) বিধেয়ক, ২০২০ অনা হৈছে৷ বর্তমান ১৯৭১ৰ গর্ভপাত আইনৰ ধাৰাৰ সৈতে সামঞ্জস্য ৰাখি প্ৰস্তাৱিত এই সংশোধনী বিধেয়কৰ কিছু উপ-ধাৰাত সাল-সলনি কৰি গর্ভপাতৰ বাবে গর্ভধাৰণৰ পাছৰ সময়সীমা বৃদ্ধি কৰাৰ উদ্দেশ্যে নতুন অনুচ্ছেদ যুক্ত কৰা আৰু সুৰক্ষিতভাৱে গর্ভপাত কৰোৱাৰ সময়ত উপযুক্ত সেৱা আৰু মান বজাই ৰাখিবলৈ কঠোৰ চর্ত আৰোপ কৰা হৈছে৷
মহিলাসকলৰ নিৰাপত্তা আৰু সহায়ৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে, যাৰ ফলত বহু মহিলা উপকৃত হ’ব৷ বৰ্তমান আদালতত এনে বহু আবেদন পৰি আছে, য’ত ভ্রূণৰ বিসংগতি ধৰাৰ পৰাৰ পাছত বা ধৰ্ষণৰ বলি হৈ গর্ভৱতী হোৱা মহিলাৰ নির্দিষ্ট সময় পাৰ হৈ যোৱাৰ পাছতো তেওঁলোকৰ গর্ভপাতৰ অনুমোদন বিচৰা হৈছে৷ যিসকল মহিলাৰ গর্ভপাত কৰা আৱশ্যক, তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা বৃদ্ধিৰ সংশোধনী কৰা হৈছে, যিটোৱে তেওঁলোকৰ আত্ম-সম্মান, স্বাৱলম্বিতা, গোপনীয়তা আৰু ন্যায়বিচাৰ সুনিশ্চিত কৰিব৷
মহিলাসকলৰ সুৰক্ষিত গর্ভপাত সেৱাৰ সুযোগ-সুবিধা আৰু অধিক কৰা তথা চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ বিষয়বোৰ বিবেচনা কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সংশ্লিষ্ট সকলো পক্ষৰ লগতে একাধিক মন্ত্ৰালয়ৰ সৈতে বিস্তৃত আলোচনা কৰাৰ পাছৰ এই সংশোধনী প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে৷
**********