মোৰ প্ৰিয় দেশবাসী,
সমগ্ৰ বিশ্বই এতিয়া গভীৰ সংকটৰ মাজেৰে দিন কটাইছে৷সাধাৰণতে যেতিয়া কোনো প্ৰাকৃতিক দুৰ্যোগ আহে, তেতিয়া একাংশ দেশ বা ৰাজ্যতে সীমাবদ্ধ হৈ থাকে৷কিন্তু এইবাৰ এই সংকটে এনে ৰূপ ধাৰণ কৰিছে, যি সমগ্ৰ বিশ্বৰ মানৱজাতিক সংকটত পেলাইছে৷যেতিয়া প্ৰথম বিশ্বযুদ্ধ অথবা দ্বিতীয় বিশ্বযুদ্ধ হৈছিল, তেতিয়াও ইমান প্ৰভাৱিত হোৱা নাছিল, যিমান আজি ক’ৰোনাৰ বাবে হৈছে৷
বিগত দুমাহ ধৰি আমি বিশ্বজুৰি ক’ৰনা ভাইৰাছৰ সন্দৰ্ভত অহা চিন্তনীয় বাতৰি দেখি-শুনি আহিছো৷এই দুমাহত ভাৰতৰ ১৩০ কোটি ভাৰতীয় নাগৰিকে বিশ্বজুৰি মহামাৰীৰ বিৰুদ্ধে একত্ৰিতভাৱে মোকাবিলা কৰিছে, প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিছে৷কিন্তু, বিগত দিন কেইটাত এনে লাগিছে, যেন আমি সংকটৰ পৰা বাছি আছো, সকলো ঠিক-ঠাক আছে৷বিশ্বজোৰা মহামাৰী ক’ৰনাৰ পৰা নিশ্চিন্ত হৈ থকাৰ এই ভাৱনা উচিত নহয়৷ সেইবাৰে, প্ৰত্যেক ভাৰতীয় নাগৰিকে সজাগ হ’ব লাগিব, সতৰ্ক হৈ থকাটো অতি আৱশ্যক৷
বন্ধুসকল, মই আপোনালোকৰ পৰা যেতিয়াই যি বিচাৰিছো, মোক দেশবাসীয়ে নিৰাশ কৰা নাই৷আপোনালোকৰ আশীৰ্বাদৰ শক্তিৰে আমাৰ প্ৰয়াস সফল হৈছে৷আজি, মই আপোনালোক সকলোৰে পৰা কিবা এটা বিচাৰিবলৈ আহিছো৷ মোক আপোনালোকৰ অনাগত কেইটামান সপ্তাহ লাগে, আপোনালোকৰ সামান্য সময়ৰ প্ৰয়োজন৷
বন্ধুসকল,
এতিয়ালৈকে বিজ্ঞানে ক’ৰনা ভাইৰাছৰ পৰা ৰক্ষা কৰিব পৰা কোনো নিশ্চিত উপায় উদ্ভাৱন কৰিব পৰা নাই আৰু ইয়াৰ কোনো ভেকচিনো প্ৰস্তুত কৰিব পৰা নাই৷ এনে পৰিস্থিতিত চিন্তা বৃদ্ধি পোৱাটো অতি স্বাভাৱিক৷বিশ্বৰ যিবোৰ দেশত ক’ৰনা ভাইৰাছৰ প্ৰভাৱ বেছি পৰিলক্ষিত হৈছে, তাত কৰা অধ্যয়নৰ পৰা আন এটা কথা পৰিস্ফুট হৈছে৷
সেই দেশসমূহ আৰম্ভনি হোৱাৰ কেইদিনমানৰ ভিতৰতে হঠাতে ৰোগী সংখ্যাৰ দ্ৰুতগতিত বৃদ্ধি পালে৷
ভাৰত চৰকাৰে এই পৰিস্থিতি ক’ৰনাৰ প্ৰাদুৰ্ভাৱৰ এই গতিৰ ওপৰত যথেষ্ট গুৰুত্ব সহকাৰে দৃষ্টি নিক্ষেপ কৰি আছে৷
অৱশ্যে একাংশ দেশ এনেকুৱা আছে, যি ক্ষিপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰি, অধিকাংশ লোকক আছুতীয়াকৈ ৰাখি পৰিস্থিতি চম্ভালি লৈছে৷
ভাৰতৰ দৰে ১৩০ কোটি লোকৰ বসতিপ্ৰধান দেশৰ সন্মুখত, উন্নয়নশীল দেশৰ সন্মুখত ক’ৰনাৰ দৰে সংকট সাধাৰণ কথা নহয়৷
বৰ্তমান বৃহৎ অৰ্থনীতিৰ তথা বিকশিত দেশত যেতিয়া আমি ক’ৰনাৰ ব্যাপক প্ৰভাৱ দেখি আহিছো, তেনে পৰিস্থিতিত ভাৰতত ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলি ভৱাটো ভুল৷
সেইবাবে এই বিশ্বজোৰা মহামাৰীৰ মোকাবিলা কৰাৰ বাবে দুটা মুখ্য কথা অতি আৱশ্যক৷
প্ৰথম-সংকল্প আৰু দ্বিতীয়টো হৈছে সংযম৷
বৰ্তমান ১৩০ কোটি দেশবাসীয়ে নিজৰ সংকল্প আৰু অধিক দৃঢ় কৰিব লাগিব, যাতে এই বিশ্বজোৰা মহামাৰীৰ ৰোধ কৰাৰ বাবে এগৰাকী নাগৰিক হিচাপে, নিজৰ কৰ্তব্য পালন কৰিম, কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশনা পালন কৰিম৷
এতিয়া আমি সংকল্প ল’ব লাগিব যে আমি নিজে সংক্ৰমণৰ পৰা বাছি থাকিম আৰু আনকো সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰিম৷
বন্ধুসকল,
এনে ধৰণৰ বিশ্বজোৰা মহামাৰীৰ ক্ষেত্ৰত এটা মন্ত্ৰই কাম কৰে- “আমি সুস্থ যেতিয়া বিশ্বও সুস্থ৷”
এনে পৰিস্থিতিত যেতিয়া এই ৰোগৰ কোনো ঔষধ নাই, তেতিয়া আমি নিজেই সুস্থ হৈ থকাটো অতি আৱশ্যক৷
এই ৰোগৰ পৰা বাছি থকা আৰু নিজকে সুস্থ কৰি ৰাখিবলৈ সংযমৰ অতি প্ৰয়োজন৷ আৰু সংযমৰ কৌশলবোৰ হৈছে-জনসমাগৰ পৰা দুৰত থকা, ঘৰৰ পৰা অনাহকত বাহিৰলৈ নোলোৱা৷
আজিকালি যিটোক সামাজিক দুৰত্ব বুলি কোৱা হয়, ক’ৰনা ভাইৰাছ মহামাৰী বেলিকা এয়া অতি প্ৰয়োজনীয়৷
আমাৰ সংকল্প আৰু সংযমে এই বিশ্বস্তৰীয় মহামাৰীৰ প্ৰভাৱ হ্ৰাস কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব।
আৰু এইবাবেই, আপুনি যদিহে ভাবি আছে যে আপুনি ঠিকেই আছে, আপোনাৰ একোৱেই নহ’ব, আৰু সেই ভাবিয়েই আপুনি যদি বজাৰত ঘুৰি ফুৰে, পথলৈ ওলাই যায়, আৰু ক’ৰোনাৰ পৰা বাচি থাকিব পাৰিম বুলি ভাবিছে, তেন্তে আপুনি ভুল কৰিছে।
এনে কৰাৰ যোগেদি আপুনি আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈও বিপদ মাতি আনিব, তেওঁলোকৰ প্ৰতি অন্যায় কৰিব। এইবাবেই সকলো দেশবাসীলৈ মোৰ অনুৰোধ যে অনাগত কেইটামান সপ্তাহলৈ, কেৱল অত্যন্ত প্ৰয়োজনীয় কামতহে ঘৰৰ পৰা বাহিৰলৈ ওলাওঁক। যথা সম্ভৱ আপুনি আপোনাৰ কাম, সেয়া লাগিলে অফিচ সংক্ৰান্তীয় কামেই হওঁক, বা ব্যৱসায় সংক্ৰান্তীয় কামেই হওঁক, ঘৰৰ পৰাই কৰক।
যিসকল লোক চৰকাৰী সেৱাৰ সৈতে জড়িত, চিকিৎসালয়ৰ সৈতে জড়িত, যিসকল লোক জনপ্ৰতিনিধি, যিসকল লোক সংবাদ মাধ্যমৰ সৈতে জড়িত, তেওঁলোকৰ সক্ৰিয়তা বাঞ্চনীয়, কিন্তু এইসকল লোকৰ বাদে সমাজৰ অইন লোকসকলে নিজকে সমাজৰ পৰা Isolate কৰি ৰাখক বা আছুতীয়াকৈ ৰাখক।
মোৰ আৰু এটা অনুৰোধ এয়ে যে আমাৰ পৰিয়ালবোৰত যিসকল জ্যেষ্ঠ নাগৰিক আছে, যিসকলৰ বয়স ৬৫ বছৰৰ উৰ্ধ্বত, তেওঁলোকে বিশেষভাৱে অনাগত কেইটামান সপ্তাহ ঘৰৰ পৰা বাহিৰলৈ নোলাব।
আজিৰ প্ৰজন্ম এনে এক পৰিৱেশৰ সৈতে অভ্যস্ত নহয়, যেতিয়া পুৰণি কালত যুদ্ধৰ পৰিস্থিতি আহি পৰে, তেতিয়া গাঁৱে গাঁৱে BlackOut কৰা হৈছিল। ঘৰৰ খিৰিকীৰ আইনাবোৰত কাগজ লগাই দিয়া হৈছিল, লাইট বন্ধ কৰি দিয়া হৈছিল, জনতাই লগ লাগি পাল পাতি পাতি পহৰা দিছিল। এনেবোৰ পৰিস্থিতি বহুদিন ধৰি চলি আছিল। বহু সময়ত যুদ্ধৰ পৰিৱেশ উদ্ভৱ নহ’লেও সজাগ নগৰপালিকা প্ৰশাসনে এনে BlackOut ৰ আখৰা কৰাইছিল।
বন্ধুসকল, মই আজি সমগ্ৰ দেশবাসীৰ পৰাই আৰু এটা সমৰ্থন বিচাৰিছো। সেয়া হৈছে জনতা কাৰ্ফিউ। জনতা কাৰ্ফিউ হৈছে জনতাৰ বাবে জনতাৰ দ্বাৰা আৰোপ কৰা কাৰ্ফিউ। আহি থকা ৰবিবাৰ অৰ্থাৎ ২২ মাৰ্চ ২০২০ তাৰিখে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ সমগ্ৰ দেশবাসীয়ে জনতা কাৰ্ফিউ পালন কৰিব। এই সময়ছোৱাত আমি কোনেও ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহো, পথলৈ ওলাই নাহো, চুবুৰীতো ঘুৰা-ফুৰা নকৰো। কেৱল অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলেহে ২২ মাৰ্চ তাৰিখে ঘৰৰ বাহিৰলৈ ওলাব।
বন্ধুসকল, ২২ মাৰ্চত আমাৰ এই আত্মসংযম, দেশহিতৰ বাবে কৰ্তব্য পালনৰ প্ৰতি গ্ৰহণ কৰা সংকল্পৰ এক প্ৰতীক হৈ পৰিব। ২২ মাৰ্চৰ এই জনতা কাৰ্ফিউৰ সফলতা, ইয়াৰ অনুভৱে আমাক আগন্তুক প্ৰত্যাহ্বানবোৰৰ মুখামুখি হ’বৰ বাবে সাজু কৰি তুলিব। মই দেশৰ আটাইবোৰ ৰাজ্য চৰকাৰকে আহ্বান জনাও যে তেওঁলোকে যেন এই জনতা কাৰ্ফিউ সঠিকভাৱে ৰূপায়ন হোৱাৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰে।
এনচিচি, এনএছএছৰ সৈতে জড়িত যুৱক-যুৱতীসকল, দেশৰ প্ৰতিগৰাকী যুৱক-যুৱতী, সামাজিক অনুষ্ঠান, প্ৰতিটো সংগঠন, এই আটাইকে অনুৰোধ কৰো যে তেওঁলোকে যে এতিয়াৰে পৰা আগন্তুক দুটা দিনত জনসাধাৰণক জনতা কাৰ্ফিউৰ বাবে সজাগ কৰি তোলক। সম্ভৱ হ’লে প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰতিদিনে অন্ততঃ ১০ গৰাকী লোকক ফোন কৰি ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষা পৰাৰ বিভিন্ন উপায় সন্দৰ্ভত অৱগত কৰাৰ লগতে জনতা কাৰ্ফিউ সন্দৰ্ভতো কওঁক।
বন্ধুসকল, এই জনতা কাৰ্ফিউ ভাৰতৰ বাবে এক প্ৰকাৰৰ পৰীক্ষাৰ দৰে হ’ব। বিশ্বত্ৰাস ক’ৰোনাৰ দৰে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰত কিমান সাজু, সেয়া পৰীক্ষা কৰি চোৱাৰ সময় সমাগত। আপোনালোকৰ এই প্ৰয়াসৰ মাজতে জনতা কাৰ্ফিউৰ দিনা অৰ্থাৎ ২২ মাৰ্চত আপোনালোকৰ পৰা এক সহযোগিতা বিচাৰিছো।
বন্ধুসকল, বিগত ২ টা মাহত লক্ষ লক্ষ লোক চিকিৎসালয়, বিমানবন্দৰ আদিত দিনে ৰাতিয়া কাম কৰি আছে। সেয়া লাগিলে চিকিৎসকেই হওঁক, নাৰ্ছেই হওঁক, চিকিৎসা কৰ্মীয় বা হাস্পতালৰ অইন কৰ্মীয়েই হওঁক, চাফাই কৰ্মীয়েই হওঁক, বিমান বন্দৰ কৰ্মীয়েই হওঁক, চৰকাৰী কৰ্মীয়েই হওঁক, আৰক্ষীয়েই হওঁক, অথবা সংবাদ কৰ্মীয়েই হওঁক। অথবা ৰে’ল অটো বা বাছ সেৱাৰ সৈতে জড়িত কৰ্মীয়েই হওঁক, অথবা হোম ডেলিভাৰী দিয়া কৰ্মীজনেই হওঁক, সকলোৱেই নিজৰ স্বাৰ্থ পৰিহাৰ কৰি অইনৰ সেৱাৰ কামত ব্ৰতী হৈ আছে। আজিৰ পৰিস্থিতিলৈ লক্ষ্য কৰিলে, এইবোৰ সেৱা সাধাৰণ বুলি ক’ব নোৱাৰি৷
আজি তেওঁলোকো সংক্ৰমিত হোৱাৰ পূৰামাত্ৰাই সম্ভাৱনা আছে৷ ইয়াৰ পিছতো তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰি আছে, আনৰ সেৱা কৰি আছে৷ এওঁলোকে ৰাষ্ট্ৰৰক্ষকৰ দৰে ক’ৰনা মহামাৰী আৰু আমাৰ মাজত থিয় দি আছে৷ দেশ এওঁলোকৰ প্ৰতি কৃতজ্ঞ৷ মই বিচাৰিছো যে ২২ মাৰ্চ দেওবাৰে আমি এওঁলোক সকলোকে কৃতজ্ঞতা প্ৰদান কৰো৷ দেওবাৰে সন্ধিয়া ঠিক ৫ বজাত আমি নিজৰ ঘৰৰ দুৱাৰৰ কাষত থিয় হৈ, বেলকনীৰ কাষত, খিৰিকিৰ কাষত থিয় হৈ ৫ মিনিট পৰ্যন্ত এওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰদান কৰিম৷ হাত-চাপৰি বজাই, থালী বজাই অথবা ঘণ্টি বজাই আমি তেওঁলোকক উৎসাহিত কৰিম, অভিবাদন জনাম৷ সমগ্ৰ দেশৰ স্থানীয় প্ৰশাসনকো মই আহ্বান জনাইছো যে ২২ মাৰ্চৰ দিনা সন্ধিয়া ৫ বজাত ছাইৰেণ বজাই এই সূচনা জনসাধাৰণক যাতে প্ৰদান কৰে৷ ‘সেৱাই পৰম ধৰ্ম’ আমাৰ সংস্কাৰ বুলি বিবেচনা কৰা দেশবাসীৰ বাবে আমি সম্পূৰ্ণ শ্ৰদ্ধাৰ সৈতে নিজৰ ভাৱ ব্যক্ত কৰিব লাগিব৷
বন্ধুসকল, সংকটৰ এই সময়ছোৱাত আপোনালোকে এয়া লক্ষ্য ৰাখিব লাগিব যে আমাৰ আৱশ্যকীয় সেৱাসমূহত, আমাৰ চিকিৎসালয়সমূহতো ব্যস্ততা নিৰন্তৰে বৃদ্ধি পাবলৈ ধৰিছে৷ সেইবাবে মই আপোনালোকক আহ্বান জনাইছো যে নিয়মিত পৰীক্ষণৰ বাবে চিকিৎসালয়লৈ যোৱাৰ পৰা যিমান পাৰে সিমানে বিৰত থাকক৷ আপোনাৰ যদি অতিশয় প্ৰয়োজন তেন্তে নিজৰ পৰিচিত চিকিৎসক, পৰিয়ালৰ চিকিৎসক অথবা সম্পৰ্কীয় চিকিৎসকৰ পৰা ফোনতেই আৱশ্যকীয় পৰামৰ্শ গ্ৰহণ কৰক৷ যদি আপোনাৰ সূচীত অস্ত্ৰোপচাৰ অতিশয় আৱশ্যকীয় নহয় তেন্তে মই আপোনালোকক অনুৰোধ জনাইছো যে ইয়াৰ তাৰিখ আগন্তুক এমাহলৈ সম্প্ৰসাৰিত কৰক৷
বন্ধুসকল, এই গোলকীয় মহামাৰীৰ দ্বাৰা অৰ্থৱ্যৱস্থাও বাৰুকৈয়ে প্ৰভাৱান্বিত হৈছে৷ ক’ৰনা মহামাৰীৰ দ্বাৰা উদ্ভৱ হোৱা আৰ্থিক প্ৰত্যাহ্বানসমূহৰ প্ৰতি লক্ষ্য ৰাখি বিত্তমন্ত্ৰীৰ নেতৃত্বত চৰকাৰে এক ক’ভিড-১৯-অৰ্থনৈতিক প্ৰতিক্ৰিয়াশীল টাস্ক ফ’ৰ্চ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই টাস্ক ফ’ৰ্চে ষ্টেকহ’ল্ডাৰসকলৰ সৈতে নিয়মিত ৰূপত সম্পৰ্ক স্থাপন কৰি তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া আহৰণ কৰিব, প্ৰত্যেকটো পৰিস্থিতি নিৰীক্ষণ কৰি নিকট ভৱিষ্যতত সিদ্ধান্ত গ্ৰহণ কৰিব৷ এই টাস্ক ফ’ৰ্চে এয়াও সুনিশ্চিত কৰিব যে আৰ্থিক সমস্যা হ্ৰাস কৰাৰ বাবে যিসমূহ পদক্ষেপ গ্ৰহণ কৰা হ’ব সেইবোৰ যাতে কাৰ্যকৰীভাৱে প্ৰণয়ন হয়৷ নিশ্চিত ৰূপত এই মহামাৰীয়ে দেশৰ মধ্যবিত্ত, নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰসকলৰ আৰ্থিক স্থিতিত মোক্ষম আঘাত হানিছে৷ সংকটৰ এই সময়ছোৱাত মোৰ দেশৰ ব্যৱসায়ীসকল, উচ্চ আয়ৰ লোকসকলক আহ্বান জনাইছো যে যদি সম্ভৱ হয়, আপোনালোকে যিসমূহ লোকৰ পৰা সেৱা গ্ৰহণ কৰি আছে তেওঁলোকৰ আৰ্থিক স্থিতিৰ প্ৰতি লক্ষ্য ৰাখক৷ হ’ব পাৰে যে আগন্তুক কেইটামান দিনত এই লোকসকল কাৰ্যালয়লৈ, আপোনাৰ ঘৰলৈ আহিবলৈ নোৱাৰিবও পাৰে৷ এনে ক্ষেত্ৰত তেওঁলোকৰ যাতে দৰমহা কৰ্তন কৰা নহয়, সম্পূৰ্ণ মানৱীয়তাৰ সৈতে, সংবেদনশীলতাৰ সৈতে এই সিদ্ধান্ত গ্ৰহণ কৰক৷ সদায় মনত ৰাখিব, সেই ব্যক্তিজনৰো নিজৰ পৰিয়াল আছে, নিজৰ পৰিয়ালক ৰোগৰ পৰা মুক্ত কৰিবলগীয়া আছে৷ মই দেশবাসীক আশ্বস্ত কৰিব বিচাৰিছো যে দেশত গাখীৰ, খাদ্য সামগ্ৰী, ঔষধ, জীৱনৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যাতে হ্ৰাস নহয় তাৰবাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ সেইবাবে মই সমগ্ৰ দেশবাসীক আহ্বান জনাইছো যে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে যাতে হেতা-ওপৰা নলগায়৷ আপুনি সাধাৰণ অৱস্থাৰ দৰেই সামগ্ৰীসমূহ ক্ৰয় কৰি থাকক৷ আতংকগ্ৰস্ত হৈ ক্ৰয় নকৰিব৷
বন্ধুসকল, বিগত দুটা মাহত ১৩০ কোটি ভাৰতীয়ই, দেশৰ প্ৰত্যেকজন নাগৰিকে দেশৰ সংকটক নিজৰ সংকট হিচাপে জ্ঞান কৰিছে৷ ভাৰতৰ বাবে, সমাজৰ বাবে যি কৰিব পাৰি তেওঁলোকে কৰিছে৷ মোৰ বিশ্বাস যে আগন্তুক সময়তো আপোনালোকে নিজৰ কৰ্তব্য, নিজৰ দায়িত্ব এইদৰেই পালন কৰি থাকিব৷ হয়, মই মানি লৈছো যে এনে সময়ত কিছু কঠিন পৰিস্থিতিৰ উদ্ভৱ হয়, আশংকা আৰু উৰাবাতৰিৰ বাতাৱৰণৰ সৃষ্টি হয়৷ বহু সময়ত এজন নাগৰিকৰ হিচাপত আমাৰ আকাংক্ষা পূৰণ নহয়৷ তথাপিও, এই সংকট ইমানেই বৃহৎ যে সকলো দেশবাসীয়ে এনে সমস্যাৰ মাজত দৃঢ় সংকল্পৰ সৈতে এই কঠিন পৰিস্থিতিৰ মোকাবিলা কৰিব লাগিব৷
বন্ধুসকল, এতিয়া আমি আমাৰ সকলো সামৰ্থ ক’ৰনাৰ পৰা ৰক্ষা পৰিবলৈ ব্যৱহাৰ কৰিব লাগিব৷ আজি দেশৰ কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ, স্থানীয় প্ৰশাসন, পঞ্চায়ত, জন প্ৰতিনিধি সকলোৱেই নিজৰ ধৰণে এই গোলকীয় মহামাৰীৰ পৰা ৰক্ষা পৰিবলৈ অৱদান আগবঢ়াইছে৷ আপোনালোকেও নিজৰ অৱদান আগবঢ়াব লাগিব৷ এয়া আৱশ্যক যে গোলকীয় মহামাৰীৰ এই বাতাৱৰণত মানৱ জাতি বিজয়ী হওক, ভাৰত বিজয়ী হওক৷ কিছুদিন পিছতে নৱৰাত্ৰিৰ পৰ্ব উদযাপিত হ’ব৷ এয়া শক্তি উপাসনাৰ পৰ্ব৷ ভাৰতে সমগ্ৰ শক্তিৰে আগবাঢ়ক, এয়াই শুভকামনা থাকিল৷
অশেষ ধন্যবাদ!!!
*****
VRRK/AK/DB/RD/MANN
Watch Live! https://t.co/UHSCp7Wcu9
— PMO India (@PMOIndia) March 19, 2020
मेरे प्रिय देशवासियों,
— PMO India (@PMOIndia) March 19, 2020
पूरा विश्व इस समय संकट के बहुत बड़े गंभीर दौर से गुजर रहा है: PM @narendramodi #IndiaFightsCorona
आम तौर पर कभी जब कोई प्राकृतिक संकट आता है तो वो कुछ देशों या राज्यों तक ही सीमित रहता है।
— PMO India (@PMOIndia) March 19, 2020
लेकिन इस बार ये संकट ऐसा है, जिसने विश्व भर में पूरी मानवजाति को संकट में डाल दिया है: PM @narendramodi #IndiaFightsCorona
इन दो महीनों में भारत के
— PMO India (@PMOIndia) March 19, 2020
130 करोड़ नागरिकों ने कोरोना वैश्विक महामारी का डटकर मुकाबला किया है, आवश्यक सावधानियां बरती हैं।
लेकिन,
बीते कुछ दिनों से ऐसा भी लग रहा है जैसे हम संकट से बचे हुए हैं,
सब कुछ ठीक है: PM @narendramodi #IndiaFightsCorona
वैश्विक महामारी कोरोना से निश्चिंत हो जाने की ये सोच सही नहीं है।
— PMO India (@PMOIndia) March 19, 2020
इसलिए,
प्रत्येक भारतवासी का सजग रहना,
सतर्क रहना बहुत आवश्यक है: PM @narendramodi #IndiaFightsCorona
साथियों,
— PMO India (@PMOIndia) March 19, 2020
आपसे मैंने जब भी,
जो भी मांगा है,
मुझे कभी देशवासियों ने निराश नहीं किया है।
ये आपके आशीर्वाद की ताकत है कि हमारे प्रयास सफल होते हैं: PM @narendramodi #IndiaFightsCorona
मैं आप सभी देशवासियों से, आपसे,
— PMO India (@PMOIndia) March 19, 2020
कुछ मांगने आया हूं।
मुझे आपके आने वाले कुछ सप्ताह चाहिए,
आपका आने वाला कुछ समय चाहिए: PM @narendramodi #IndiaFightsCorona
अभी तक विज्ञान,
— PMO India (@PMOIndia) March 19, 2020
कोरोना महामारी से बचने के लिए,
कोई निश्चित उपाय नहीं सुझा सका है और न ही इसकी कोई वैक्सीन बन पाई है।
ऐसी स्थिति में चिंता बढ़नी बहुत स्वाभाविक है: PM @narendramodi #IndiaFightsCorona
इन देशों में शुरुआती कुछ दिनों के बाद अचानक बीमारी का जैसे विस्फोट हुआ है।
— PMO India (@PMOIndia) March 19, 2020
इन देशों में कोरोना से संक्रमित लोगों की संख्या बहुत तेजी से बढ़ी है।
भारत सरकार इस स्थिति पर, कोरोना के फैलाव के इस ट्रैक रिकॉर्ड पर पूरी तरह नजर रखे हुए है: PM @narendramodi #IndiaFightsCorona
आज जब
— PMO India (@PMOIndia) March 19, 2020
बड़े-बड़े और विकसित देशों में हम कोरोना महामारी का व्यापक प्रभाव देख रहे हैं,
तो भारत पर इसका कोई प्रभाव नहीं पड़ेगा,
ये मानना गलत है: PM @narendramodi #IndiaFightsCorona
इसलिए,
— PMO India (@PMOIndia) March 19, 2020
इस वैश्विक महामारी का मुकाबला करने के लिए दो प्रमुख बातों की आवश्यकता है।
पहला- संकल्प
और
दूसरा- संयम: PM @narendramodi #IndiaFightsCorona
आज 130 करोड़ देशवासियों को अपना संकल्प और दृढ़ करना होगा कि हम इस वैश्विक महामारी को रोकने के लिए एक नागरिक के नाते,
— PMO India (@PMOIndia) March 19, 2020
अपने कर्तव्य का पालन करेंगे,
केंद्र सरकार,
राज्य सरकारों के दिशा निर्देशों का पालन करेंगे: PM @narendramodi #IndiaFightsCorona
आज हमें ये संकल्प लेना होगा कि हम स्वयं संक्रमित होने से बचेंगे और दूसरों को भी संक्रमित होने से बचाएंगे।
— PMO India (@PMOIndia) March 19, 2020
साथियों,
इस तरह की वैश्विक महामारी में, एक ही मंत्र काम करता है- “हम स्वस्थ तो जग स्वस्थ”: PM @narendramodi #IndiaFightsCorona
ऐसी स्थिति में,
— PMO India (@PMOIndia) March 19, 2020
जब इस बीमारी की कोई दवा नहीं है,
तो हमारा खुद का स्वस्थ बने रहना बहुत आवश्यक है।
इस बीमारी से बचने और खुद के स्वस्थ बने रहने के लिए अनिवार्य है संयम: PM @narendramodi #IndiaFightsCorona
और संयम का तरीका क्या है- भीड़ से बचना,
— PMO India (@PMOIndia) March 19, 2020
घर से बाहर निकलने से बचना।
आजकल जिसे Social Distancing कहा जा रहा है, कोरोना वैश्विक महामारी के इस दौर में,
ये बहुत ज्यादा आवश्यक है: PM @narendramodi #IndiaFightsCorona
इसलिए मेरा सभी देशवासियों से ये आग्रह है कि आने वाले कुछ सप्ताह तक,
— PMO India (@PMOIndia) March 19, 2020
जब बहुत जरूरी हो तभी अपने घर से बाहर निकलें।
जितना संभव हो सके,
आप अपना काम,
चाहे बिजनेस से जुड़ा हो,
ऑफिस से जुड़ा हो,
अपने घर से ही करें: PM @narendramodi #IndiaFightsCorona
मेरा एक और आग्रह है कि हमारे परिवार में जो भी सीनियर सिटिजन्स हों,
— PMO India (@PMOIndia) March 19, 2020
65 वर्ष की आयु के ऊपर के व्यक्ति हों,
वो आने वाले कुछ सप्ताह तक घर से बाहर न निकलें: PM @narendramodi #IndiaFightsCorona
आज की पीढ़ी इससे बहुत परिचित नहीं होगी,
— PMO India (@PMOIndia) March 19, 2020
लेकिन पुराने समय में जब युद्ध की स्थिति होती थी,
तो गाँव गाँव में
BlackOut किया जाता था। घरों के शीशों पर कागज़ लगाया जाता था, लाईट बंद कर दी जाती थी, लोग चौकी बनाकर पहरा देते थे: PM @narendramodi #IndiaFightsCorona
मैं आज प्रत्येक देशवासी से एक और समर्थन मांग रहा हूं।
— PMO India (@PMOIndia) March 19, 2020
ये है जनता-कर्फ्यू।
जनता कर्फ्यू यानि जनता के लिए,
जनता द्वारा खुद पर लगाया गया कर्फ्यू: PM @narendramodi #IndiaFightsCorona
इस रविवार,
— PMO India (@PMOIndia) March 19, 2020
यानि
22 मार्च को,
सुबह 7 बजे से रात
9 बजे तक, सभी देशवासियों को,
जनता-कर्फ्यू का पालन करना है: PM @narendramodi #IndiaFightsCorona
साथियों,
— PMO India (@PMOIndia) March 19, 2020
22 मार्च को हमारा ये प्रयास, हमारे आत्म-संयम,
देशहित में कर्तव्य पालन के संकल्प का एक प्रतीक होगा।
22 मार्च को जनता-कर्फ्यू की सफलता, इसके अनुभव, हमें आने वाली चुनौतियों के लिए भी तैयार करेंगे: PM @narendramodi #IndiaFightsCorona
संभव हो तो हर व्यक्ति प्रतिदिन कम से कम
— PMO India (@PMOIndia) March 19, 2020
10 लोगों को फोन करके कोरोना वायरस से बचाव के उपायों के साथ ही जनता-कर्फ्यू के बारे में भी बताए।
साथियों,
ये जनता कर्फ्यू एक प्रकार से हमारे लिए,
भारत के लिए एक कसौटी की तरह होगा: PM @narendramodi #IndiaFightsCorona
ये कोरोना जैसी वैश्विक महामारी के खिलाफ लड़ाई के लिए भारत कितना तैयार है, ये देखने और परखने का भी समय है।
— PMO India (@PMOIndia) March 19, 2020
आपके इन प्रयासों के बीच, जनता-कर्फ्यू के दिन,
22 मार्च को मैं आपसे एक और सहयोग चाहता हूं: PM @narendramodi #IndiaFightsCorona
मैं चाहता हूं कि
— PMO India (@PMOIndia) March 19, 2020
22 मार्च, रविवार के दिन हम ऐसे सभी लोगों को धन्यवाद अर्पित करें।
रविवार को ठीक
5 बजे,
हम अपने घर के दरवाजे पर खड़े होकर,
बाल्कनी में,
खिड़कियों के
सामने खड़े होकर
5 मिनट तक ऐसे लोगों का आभार व्यक्त करें: PM @narendramodi #IndiaFightsCorona
पूरे देश के स्थानीय प्रशासन से भी मेरा आग्रह है कि
— PMO India (@PMOIndia) March 19, 2020
22 मार्च को
5 बजे,
सायरन की आवाज से इसकी सूचना लोगों तक पहुंचाएं।
सेवा परमो धर्म के हमारे संस्कारों को मानने वाले ऐसे देशवासियों के लिए हमें पूरी श्रद्धा के साथ अपने भाव व्यक्त करने होंगे: PM @narendramodi #IndiaFightsCorona
संकट के इस समय में,
— PMO India (@PMOIndia) March 19, 2020
आपको ये भी ध्यान रखना है कि हमारी आवश्यक सेवाओं पर,
हमारे हॉस्पिटलों पर दबाव भी निरंतर बढ़ रहा है।
इसलिए मेरा आपसे आग्रह ये भी है कि रूटीन चेक-अप के लिए अस्पताल जाने से जितना बच सकते हैं,
उतना बचें: PM @narendramodi #IndiaFightsCorona
कोरोना महामारी से उत्पन्न हो रही आर्थिक चुनौतियों को ध्यान में रखते हुए, वित्त मंत्री के नेतृत्व में सरकार ने एक
— PMO India (@PMOIndia) March 19, 2020
कोविड-19-Economic Response Task Force
के गठन का फैसला लिया है: PM @narendramodi #IndiaFightsCorona
ये टास्क फोर्स,
— PMO India (@PMOIndia) March 19, 2020
ये भी सुनिश्चित करेगी कि, आर्थिक मुश्किलों को कम करने के लिए जितने भी कदम उठाए जाएं,
उन पर प्रभावी रूप से अमल हो: PM @narendramodi #IndiaFightsCorona
संकट के इस समय में मेरा देश के व्यापारी जगत,
— PMO India (@PMOIndia) March 19, 2020
उच्च आय वर्ग से भी आग्रह है कि अगर संभव है तो आप
जिन-जिन लोगों से सेवाएं लेते हैं, उनके आर्थिक हितों का ध्यान रखें: PM @narendramodi #IndiaFightsCorona
मैं देशवासियों को इस बात के लिए भी आश्वस्त करता हूं कि देश में दूध,
— PMO India (@PMOIndia) March 19, 2020
खाने-पीने का सामान, दवाइयां,
जीवन के लिए ज़रूरी ऐसी आवश्यक चीज़ों की कमी ना हो इसके लिए तमाम कदम उठाए जा रहे हैं: PM @narendramodi #IndiaFightsCorona
पिछले दो महीनों में,
— PMO India (@PMOIndia) March 19, 2020
130 करोड़ भारतीयों ने,
देश के हर नागरिक ने,
देश के सामने आए इस संकट को अपना संकट माना है,
भारत के लिए,
समाज के लिए उससे जो बन पड़ा है,
उसने किया है: PM @narendramodi #IndiaFightsCorona
मुझे भरोसा है कि आने वाले समय में भी आप अपने कर्तव्यों का,
— PMO India (@PMOIndia) March 19, 2020
अपने दायित्वों का इसी तरह निर्वहन करते रहेंगे।
हां, मैं मानता हूं कि ऐसे समय में कुछ कठिनाइयां भी आती हैं, आशंकाओं और अफवाहों का वातावरण भी पैदा होता है: PM @narendramodi #IndiaFightsCorona
कुछ दिन में नवरात्रि का पर्व आ रहा है।
— PMO India (@PMOIndia) March 19, 2020
ये शक्ति उपासना का पर्व है।
भारत पूरी शक्ति के साथ आगे बढ़े, यही शुभकामना है: PM @narendramodi #IndiaFightsCorona
My address to the nation. #IndiaFightsCorona https://t.co/w3nMRwksxJ
— Narendra Modi (@narendramodi) March 19, 2020
The world has seen various crisis and challenges but the situation arising due to COVID-19 is unprecedented.
— Narendra Modi (@narendramodi) March 19, 2020
We in India are leaving no stone unturned to overcome this menace.
Need of the hour is to be alert and vigilant. #IndiaFightsCorona pic.twitter.com/vdK3oYj6sx
Stay at home and do not step out until it is absolutely essential.
— Narendra Modi (@narendramodi) March 19, 2020
I specially urge the elderly to not venture out of their homes. #IndiaFightsCorona pic.twitter.com/ae2ld4VHBW
On 22nd March 2020, let us observe a Janata Curfew and add strength to the fight against COVID-19. #IndiaFightsCorona. pic.twitter.com/qOqhQaJES5
— Narendra Modi (@narendramodi) March 19, 2020
At 5 PM on 22nd March 2020, the day of the Janata Curfew, I have a special request. Will you all help? #IndiaFightsCorona pic.twitter.com/Qi63adPUJh
— Narendra Modi (@narendramodi) March 19, 2020
A COVID-19 Economic Response Task Force would be created to work on aspects relating to the economy and help various stakeholders. #IndiaFightsCorona pic.twitter.com/FaBuIfsefE
— Narendra Modi (@narendramodi) March 19, 2020
A request to the people of India- please do not indulge in panic buying. #IndiaFightsCorona pic.twitter.com/ZG1ho45hQG
— Narendra Modi (@narendramodi) March 19, 2020