হৰ হৰ মহাদেৱ!!!
কাশীৰ মোৰ ভাতৃ-ভগ্নীসকললৈ মোৰ প্ৰণাম৷ আজি কাবুলৰ গুৰুদ্বাৰত সন্ত্ৰাসবাদীৰ আক্ৰমণে মনটো ভাৰাক্ৰান্ত কৰি তুলিছে৷ মই এই আক্ৰমণত নিহত হোৱা সকলো লোকৰ পৰিয়াললৈ সমবেদনা যাচিছো৷ বন্ধুসকল, আজি নৱবৰ্ষৰ প্ৰথমটো দিন৷ চৈত্ৰ নৱৰাত্ৰ পৰ্বৰো প্ৰথমটো দিন৷ আপোনালোকে সকলোৱে পুজা-অৰ্চনাত ব্যস্ত থাকিব৷ ইয়াৰ মাজতো এই কাৰ্যসূচীৰ বাবে আপোনালোকে সময় উলিওৱা বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ৷ বন্ধুসকল, আপোনালোকে জানে যে, নৱৰাত্ৰিৰ প্ৰথম দিনটোত মা শৈলপুত্ৰীৰ পুজা কৰা হয়৷ মা শৈলপুত্ৰী স্নেহ, কৰুণা আৰু মমতাৰ আধাৰস্বৰূপ৷ তেওঁক প্ৰকৃতিৰ দেৱী বুলিও কোৱা হয়৷ আজি যি সংকটৰ মাজেৰে দেশে পাৰ কৰিবলগীয়া হৈছে, তাত আমাক সকলোকে মা শৈলপুত্ৰীৰ আশীৰ্বাদৰ অতিশয় আৱশ্যক৷ মই মা শৈলপুত্ৰীক প্ৰাৰ্থনা কৰিছো যে এই ক’ৰনা মহামাৰীৰ বিৰুদ্ধে যি যুদ্ধ দেশে ঘোষণা কৰিছে, সেই যুদ্ধত হিন্দুস্তানে, এশ ত্ৰিশ কোটি ভাৰতীয়ই যাতে বিজয় লাভ কৰে৷ কাশীৰ সাংসদ হোৱাৰ পৰিপ্ৰেক্ষিতত এই সময়ছোৱাত মই আপোনালোকৰ মাজত থকাটো আৱশ্যক আছিল৷ কিন্তু দিল্লীত যি গতিবিধি চলি আছে সেই সম্পৰ্কে আপোনালোক জ্ঞাত৷ ইয়াৰ ব্যস্ততাৰ মাজতো মই বাৰাণসীৰ বিষয়ে নিৰন্তৰে সহকৰ্মীৰ পৰা খবৰ সংগ্ৰহ কৰি আছো৷ বন্ধুসকল, স্মৰণ কৰক, মহাভাৰতৰ যুদ্ধ ওঠৰ দিনত বিজয় সিদ্ধ হৈছিল৷ আজি ক’ৰনাৰ বিৰুদ্ধে যি যুদ্ধত সমগ্ৰ দেশে নামি পৰিছে, সেই যুদ্ধত একৈশ দিনৰ প্ৰয়োজন হ’ব৷ আমাৰ প্ৰয়াস এয়াই যে একৈশ দিনত যাতে আমি যুদ্ধ জয় কৰিব পাৰো৷ মহাভাৰতৰ যুদ্ধৰ সময়ত ভগবান শ্ৰীকৃষ্ণ মহাৰথী আছিল, সাৰথি আছিল৷ আজি ১৩০ কোটি মহাৰথীৰ শক্তিৰে আমি ক’ৰনাৰ বিৰুদ্ধে যুদ্ধ জয় কৰিব লাগিব৷ ইয়াত কাশীবাসীয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব৷ কাশীৰ বিষয়ে কোৱা হৈছে- মুক্তি জন্ম মহি জানি, জ্ঞান খানি অঘ হাৰি কৰ৷ জহা বস শম্ভু ভৱানি, সো কাশীসে ইঅ কস ন? অৰ্থাৎ এয়া জ্ঞানৰ খনি, পাপ আৰু সংকটক নাশ কৰোতা৷ সংকটৰ এই সময়ছোৱাত কাশীয়ে সকলোৰে মাৰ্গদৰ্শন কৰিব পাৰে, সকলোৰে বাবে উদাহৰণ প্ৰস্তুত কৰিব পাৰে৷ কাশীৰ অনুভৱ শ্বাশ্বত, সনাতন আৰু সময়াতীত৷ আৰু সেইবাবে আজি লক্-ডাউনৰ পৰিস্থিতিত কাশীয়ে দেশক শিকাইছে- সংযম, সমন্বয় আৰু সংবেদনশীলতা৷ কাশীয়ে দেশক শিকাইছে- সহযোগ, শান্তি, সহনশীলতা৷ কাশীয়ে দেশক শিকাইছে- সাধনা, সেৱা, সমাধান৷ বন্ধুসকল, কাশীৰ অৰ্থ হৈছে শিৱ৷ শিৱ অৰ্থাৎ কল্যাণ৷ শিৱৰ নগৰীত, মহাকাল মহাদেৱৰ নগৰীত সংকটৰ সৈতে যুঁজিবলৈ, সকলোকে পথ প্ৰদৰ্শিত কৰিবলৈ সামৰ্থ যদি নাথাকে, তেন্তে কাৰ থাকিব? বন্ধুসকল, ক’ৰনা বিশ্বজনীন মহামাৰীৰ বিৰুদ্ধে সমগ্ৰ দেশতে ব্যাপক প্ৰস্তুতি চলিব ধৰিছে৷ কিন্তু আমি এই সকলোৰে বাবে, মোৰ বাবেও আৰু আপোনালোকেও লক্ষ্য ৰাখিব লাগিব যে সামাজিক দূৰত্ব, ঘৰতে সোমাই থকাটোৱেই একমাত্ৰ উন্নত উপায়৷ মই অনুভৱ কৰিছো আপোনালোকৰ বহু প্ৰশ্ন মনত উদয় হৈছে, চিন্তাৰ উদ্ৰেক হৈছে আৰু মোক কিছু হয়তো পৰামৰ্শও দিবলৈ বিচাৰিছে৷ আহক, আমি আমাৰ প্ৰশ্নোত্তৰ শিতান আৰম্ভ কৰো৷ আপোনালোকে প্ৰশ্ন সোধক আৰু মই সেই প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম৷ নমস্কাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নমস্কাৰ প্ৰশ্ন- মই অধ্যাপক কৃষ্ণকান্ত বাজপেয়ী৷ মই বাৰাণসীৰ নেচনেল ইন্সটিটিউট অব্ ডিজাইনিং টেকন’ল’জীৰ সঞ্চালক হিচাপে কৰ্মৰত হোৱাৰ লগতে ব্ল’গাৰ আৰু লিখা-মেলাও কৰো৷ বৰ্তমানে আপুনি ক’ৰনাৰ বিৰুদ্ধে যি যুদ্ধ ঘোষণা কৰিছে সেই যুদ্ধৰ মই এজন সৈনিক আৰু সৈনিক হিচাপে আমি কিছুদিনৰ পৰা কাম কৰি আছো৷ সজাগতাও প্ৰদান কৰি আছো৷ তেতিয়া কিছু কথা আমি গম পাইছো যেনে কিছুমান লোকে কৈছে যে এই ৰোগ আমাৰ হ’ব নোৱাৰে, কিয়নো আমাৰ খোৱা-বোৱা যি ধৰণৰ, যি আমাৰ পৰিবেশ, যি আমাৰ ৰীতি-নীতি আৰু পৰম্পৰা৷ তদুপৰি গ্ৰীষ্মও সমাগত, অত্যাধিক গৰমত এই ভাইৰাছ নিঃশেষ হৈ পৰিব, আমাৰ এই ৰোগ নহয়৷ সেইবাবে কিছুমান ক্ষেত্ৰত উদাসীনতাই দেখা দিছে৷ সেয়ে পথ প্ৰদৰ্শন কৰক৷ কৃষ্ণকান্ত মহোদয়, আপোনালোকৰ দৰে গুণৱান নাগৰিকসকলে নিজৰ ব্যক্তিগত কাম, নিজৰ ব্যৱসায়ৰ সৈতে জনসাধাৰণক সজাগ কৰিবলৈ যি গুৰুত্বপূৰ্ণ কাম কৰি আছে তাক লৈ মই গৌৰৱ কৰো৷ আপোনাৰ এই সেৱা-ভাৱ আৰু সমাজৰ প্ৰতি এই সংবেদনাই নিশ্চয় ফলদায়ী হ’ব, নিশ্চিতভাৱে আমি ক’ৰনাৰ বিৰুদ্ধে যুঁজত জয়ী হ’ম৷ আপুনি যি কথা ক’লে সেয়া শুদ্ধ যে কিছুমান লোকে এক ভুল ধাৰণাৰ বশঃৱৰ্তী হৈছে৷ চাওক, মনুষ্যৰ স্বভাৱ এনেকুৱা যে যি সৰল, নিজৰ অনুকূল, তেন্তে তাক তুৰন্তে স্বীকাৰ কৰি লোৱা হয়৷ যদি কোনো কথাই আপোনাৰ সৈতে মিলি গৈছে, তেন্তে তাক তুৰন্তে সত্য বুলি মানি লোৱা হয়৷ এনেকুৱা বহুবাৰ হৈছে যে যি গুৰুত্বপূৰ্ণ কথা প্ৰমাণিত হৈছে, অধিকৃত হৈছে, সেইসমূহলৈ লোকৰ ধ্যান নাযায়৷ আমাৰ ইয়াতো এনে কিছু লোকৰ সৈতে এয়া হৈছে৷ মই এনে লোকসকলক আহ্বান জনাইছো যে অতি শীঘ্ৰে এই ভুল ধাৰণা ত্যাগ কৰক, সত্য বুজক৷ এই ৰোগৰ সত্যটো হ’ল যে এই ৰোগটোৱে ভেদ-ভাৱ নকৰে৷ ই সমৃদ্ধ দেশতো দেখা দিব পাৰে আৰু দুখীয়াৰ ঘৰতো দেখা দিব পাৰে৷ যিসকল লোকে ব্যায়াম কৰে, নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখে, এই ভাইৰাছে তেওঁকো আক্ৰমণ কৰিব পাৰে৷ সেইবাবে কোন কি, ক’ত আছে, কি কাম কৰে, কি নকৰে, ইয়াৰ কোনো গুৰুত্ব নাই৷ এই সমূহত ধ্যান দিয়াৰ পৰিৱৰ্তে এই ৰোগটো কিমান ভয়ানক, কিমান বিপদজনক, ইয়াৰ ওপৰত ধ্যান দিব লাগে৷ আপোনাৰ কথা সত্য যে কিছুমান লোকে কাণেৰে শুনিব, চকুৰে দেখিব আৰু নিজৰ বুদ্ধিৰে বুজিবও৷ কিন্তু পালন নকৰে৷ তেওঁলোকে ইয়াৰ বিপদৰ বিষয়ে গম নাপায়৷ তেওঁলোকে সাৱধানতা অৱলম্বন নকৰে৷ টিভিত আপোনালোকে কিমানবাৰ দেখিছে যে চিগাৰেট সেৱনৰ ফলত কৰ্কট হয়, গুটখা খোৱাৰ ফলত কৰ্কট হয়৷ বহু সময়ত এনে হয় যে লোকে চিগাৰেট সেৱন কৰি কৰিয়েই এই বিজ্ঞাপন প্ৰত্যক্ষ কৰে কিন্তু তেওঁলোকৰ মনত কোনো প্ৰভাৱে ক্ৰিয়া নকৰে৷ এই কথাই মই যি কৈ আছো, জনসাধাৰণে জানি-বুজিও সাৱধানতা অৱলম্বন নকৰে৷ কিন্তু নাগৰিক হিচাপে আমি আমাৰ কৰ্তব্য পালন কৰিব লাগে৷ আমি সামাজিক দূৰত্বৰ ওপৰত গুৰুত্ব দিব লাগে৷ আমি ঘৰতেই থাকিব লাগে নিজৰ মাজতেই দূৰত্ব বৰ্তাই ৰাখিব লাগে৷ ক’ৰনাৰ দৰে মহামাৰীৰ পৰা দূৰৈত থকাৰ এয়াই একমাত্ৰ উপায়৷ যদি ব্যক্তি এজন সংযমেৰে থাকে আৰু নিৰ্দেশনাসমূহ পালন কৰে, তেন্তে তেওঁ সেই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম৷ আপোনালোকে মন কৰিব যে ক’ৰনাৰ দ্বাৰা সংক্ৰমিত…এয়া এক গুৰুত্বপূৰ্ণ কথা যে ক’ৰনাৰ দ্বাৰা সংক্ৰমিত বিশ্বৰ এক লাখতকৈ অধিক লোক সুস্থও হৈ উঠিছে৷ আৰু ভাৰততো বহু লোক ক’ৰনাৰ হাতোৰাৰ পৰা মুক্ত হৈছে৷ কালি এটা খবৰ পালো যে ইটালীত এগৰাকী ৯০বছৰতকৈ অধিক বয়সৰ মাতৃ সুস্থ হৈ উঠিছে৷ মই আপোনালোকক এইটো জনাব বিচাৰিছো যে ক’ৰোনাৰ সৈতে জড়িত শুদ্ধ আৰু সঠিক তথ্যৰ বাবে চৰকাৰে হোৱাটছএপৰ সৈতে মিলি এক হেল্প ডেস্কো গঢ় দিছে, যদি আপোনাৰ হোৱাটছএপৰ সুবিধা আছে এটা নম্বৰ লিখি লওক, সেইটো সকলোৰে কামত আহিব৷ নম্বৰটো হৈছে ৯০১৩ ৫১ ৫১ ৫১৷ ইয়াৰ সেৱাৰ সৈতে আপুনি জড়িত হ’বলৈ নমস্কাৰ লিখি পঠাওক, আপুনি উচিত প্ৰত্যুত্তৰ লাভৰ প্ৰক্ৰিয়া আৰম্ভ হৈ যাব৷ বন্ধুসকল, যিসকল লোকে মোক শুনি আছে, আমাৰ কাশীৰ ভাই-ভনীসকল আৰু হিন্দুস্থানৰ বিভিন্ন স্থানৰ পৰা শুনি আছে, আপোনালোকেও হোৱাটছএপত হিন্দী বা ইংৰাজীত নমস্তে লিখাৰ লগে লগে প্ৰত্যুত্তৰ পাব৷ আহক কৃষ্ণকান্তজীক ধন্যবাদ জনাই আমি আগবাঢ়ো৷ নমস্কাৰ, প্ৰধানমন্ত্ৰী ডাঙৰীয়া নমস্তে ডাঙৰীয়া প্ৰশ্ন-মোৰ নাম মোহিনী ঈশ্বৰ, মই এগৰাকী সমাজকৰ্মী আৰু মই মহিলাৰ বাবে কাম কৰো৷ ছাৰ, সামাজিক দুৰত্ব সকলোৱে গম পাইছে, কিন্তু ইয়াৰ দ্বাৰা আশংকাইও দেখা দিছে, যেনেকৈ সংবাদমাধ্যমত গম পালো যে দেশৰ কিছু ঠাইত চিকিৎসক আৰু চিকিৎসালয়ত কাম কৰা কৰ্মচাৰী, বিমান সেৱাত কাম কৰা কৰ্মচাৰীকো ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত বুলি সন্দেহ কৰা হৈছে, এই কথা জানি মই দুঃখিত হৈছো৷ মাত্ৰ ইমানেই জানিব বিচাৰিছো যে চৰকাৰে তেওঁলোকৰ বাবে কেনে পদক্ষেপ হাতত লৈছে৷ মোহিনী জী আপোনাৰ দুখ মোৰ সৈতে একেই হৈছে৷ মই কালি নাৰ্ছ, চিকিৎসকৰ সৈতে লেবৰেটৰী টেকনিছিয়ানসকলৰ সৈতে এই বিষয়ত বিস্তৃতভাৱে আলোচনা কৰিছো৷ এই দেশৰ সাধাৰণ জনতাৰ মন যদি সাধাৰণভাৱে লক্ষ্য কৰে, মই সাধাৰণ জীৱনৰ কথা কৈছো, সেয়ে সঠিক সময়ত সঠিক কাম কৰা আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাত সকলো দেশবাসীৰ ওপৰত বহুত বিশ্বাস ৰাখো৷ আপুনি নিশ্চয় দেখিছে যে ২২ মাৰ্চত কিদৰে সমগ্ৰ দেশবাসীয়ে জনতা কাৰ্ফিউত ধৈৰ্য্যৰে নিজৰ নিজৰ অৱদান আগবঢ়ালে আৰু বিশ্ববাসীক আচৰিত কৰি তুলিলে যে আৰু বিয়লি ৫ বজাত ৫ মিনিটত কেনেদৰে সমগ্ৰ দেশবাসীয়ে অভিবাদনৰ বাবে ওলাই আহিলে৷ ইয়াৰ সমান্তৰালভাৱে একেলগ হৈ ক’ৰোনা বিৰুদ্ধে আমাৰ যিসকল নাৰ্ছ, চিকিৎসক, লেবৰেটৰী টেকনিছিয়ান, পেৰামেডিকেল ষ্টাফে যুঁজ দি আছে, তেওঁলোকৰ প্ৰতি ধন্যবাদৰ এক অভূতপূৰ্ব দৃশ্য প্ৰস্তুত কৰিলে আৰু ইয়াৰ জৰিয়তে সমগ্ৰ দেশবাসীৰ তেওঁলোকৰ প্ৰতি থকা সন্মানকে পৰিস্ফুট কৰিলে৷ কিন্তু বহু কম লোকে এই কথাটো বুজি পাইছে যে এই সৰু কামৰ জৰিয়তে বহু ডাঙৰ কাম হৈছে৷ মোহিনী জী আপুনিটো সমাজৰ সেৱাৰ সৈতে জড়িত এই কথাটো ডাঙৰ কথা বুলি ভাবিব পাৰে, সমাজত এই লোকসকলৰ প্ৰতি বহু সন্মান আছে, কিয়নো চিকিৎসকে মানুহৰ জীৱন ৰক্ষা কৰে আৰু আমি তেওঁলোকৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰো৷ যিসকল লোকে য়ুহানত উদ্ধাৰ অভিযান চলালে, মই তেওঁলোকলৈ চিঠি লিখিছো, মোৰ বাবে সেই সময়ছোৱা অতি আশংকাপূৰ্ণ আছিল, সেয়া কেৱল লিখিব লাগে বাবে লিখা পত্ৰ নাছিল৷ শেহতীয়াকৈ ইটালীৰ পৰা একাংশ লোকক আনিবলৈ এয়াৰ ইণ্ডিয়াৰ ক্ৰিউ, য’ত সকলো মহিলা আছিল, মই তেওঁলোকৰ ছবিও ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিলো যে সম্ভৱ আপোনালোকে দেখিছে৷ হয়, কেতবোৰ স্থানৰ পৰা এনে ঘটনাৰ তথ্য পাইছো, যিটোৱে অন্তৰত বহুত দুখ দিছে৷ মই সকলো নাগৰিকক আহ্বান জনাও যে যদি এনে কিবা দেখিছে, তেতিয়া হ’লে এই মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ যিসকল চিকিৎসক, নাৰ্চ, চিকিৎসা কৰ্মী তথা চাফাইকৰ্মী আছে, তেওঁলোকক কোনো লোকে বেয়া ব্যৱহাৰ কৰিলে আপোনালোকে সেই ব্যক্তিগৰাকীক সকিয়নী দিয়ক, বুজাওক যে আপুনি বেয়া কাম কৰিছে, এনেকুৱা ভৱিষ্যতে নকৰিব, যিসকলে সেৱা কৰি আছে, তেওঁলোকক সহায় কৰক৷ কালি চিকিৎসকৰ সৈতে মত বিনিময় কৰোতে এই কথা জানিব পাৰি মই গুৰুত্ব সহকাৰে লৈ তাৎক্ষণিকভাৱে গৃহ বিভাগ, ৰাজ্যৰ সকলো ডিজিপি সঠিকভাৱে কাম কৰিবলৈ কৈছো আৰু এই চিকিৎসক, নাৰ্চ, চিকিৎসা কৰ্মী তথা চাফাইকৰ্মীসকলৰ ক্ষেত্ৰত যদি এই ধৰণৰ আচৰণ কৰে তেন্তে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব আৰু চৰকাৰে কঠোৰ পদক্ষেপ হাতত ল’ব৷ এই সংকট কালত দেশবাসীৰ ধ্যান আকৰ্ষিত কৰিব বিচাৰিছো যে এই অৱস্থাত চিকিৎসালয়ত এই বগা কাপোৰত দেখা চিকিৎসক আৰু নাৰ্ছসকল ভগৱানৰ একো একোটা ৰূপ৷ বৰ্তমান এওঁলোকেই আমাক মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰে, নিজৰ জীৱন বিপদৰ মাজলৈ ঠেলি দিও এওঁলোকে আমাৰ জীৱন ৰক্ষা কৰে৷ বন্ধুসকল, আমাৰ সমাজত এই সংস্কাৰ প্ৰতিদিনে প্ৰৱল হৈ গৈ আছে৷ আমাৰ সকলোৰে দায়িত্ব এই যে যিসকল লোকে দেশৰ সেৱা কৰে, দেশৰ বাবে নিজকে সমৰ্পন কৰে, তেওঁলোকক সদায়েই ৰাজহুৱাকৈ সন্মান দিয়া উচিত৷ আপোনালোকে নিশ্চয় দেখিছে যে বিগত কেইটামান বৰ্ষত এক পৰম্পৰা আমাৰ সন্মুখলৈ আহিছে যে বিমানবন্দৰত যেতিয়া সেনা জোৱান যায়, তেতিয়া তেওঁলোকৰ সন্মানাৰ্থে সকলো ঠিয় হৈ দিয়ে, হাত চাপৰি বজায়, এয়া কৃতজ্ঞতা প্ৰকাশৰ ধৰণ৷ আমাৰ সংস্কাৰত এইবোৰ প্ৰতিদিনে বৃদ্ধি পোৱা উচিত৷ মোহিনী জী আপুনি বহুত সেৱাৰ সৈতে জড়িত, আপুনিও নিশ্চয় কিবা নহয় কিবা কৰি আছে, সেয়েহে আপোনাক কৃতজ্ঞতা জনাইছো৷ আহক আমি আন এজনৰ সৈতে কথা পাতো৷ প্ৰশ্ন- প্ৰণাম, মই অখিলেশ প্ৰতাপ, এগৰাকী কাপোৰৰ দোকানী আৰু মই এই কামৰ সমান্তৰালভাৱে সমাজ সেৱাও কৰো৷ মোৰ মনত এই প্ৰশ্ন উত্থাপন হৈছে যে আজি যি লকডাউন হৈ গ’ল, ইয়াৰ ফলত মোৰ বন্ধুসকল ঘৰে ঘৰে আৱদ্ধ হৈ গ’ল আৰু আমাৰ যিসকল দুখীয়া লোক আছে, প্ৰতিদিনে পৰিশ্ৰম কৰি উপাৰ্জন কৰে, তেওঁলোক সমস্যাত পৰিছে৷ যিহেতু আমাৰ বাৰানসীকে ধৰি সমগ্ৰ দেশৰ দুখীয়া লোকসকলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন, সেয়েহে মই আপোনাক আহ্বান জনাইছো যে যিসকল যুৱক-যুৱতীয়ে আৰু সমাজৰ ব্যক্তি আছে, তেওঁলোকে এই সংকটকালত কিদৰে এই লোকসকলক সহায় কৰিব পাৰে, সেই বিষয়ে আমাক মাৰ্গদৰ্শন কৰক৷ কাশীলৈ আহিছো আৰু ইয়ালৈ আহি যদিহে বস্ত্ৰ ব্যৱসায়ীসকলৰ সৈতে কথা নাপাতো, এই যাত্ৰাই যেন অপূৰ্ণ হৈ ৰ’ব, আৰু অখিলেশ ডাঙৰীয়া মই অতিকৈ সুখী যে আপুনি নিজেও এগৰাকী ব্যৱসায়ী, কিন্তু আপুনি প্ৰশ্ন কৰিছে দৰিদ্ৰসকলৰ কথাক লৈ। মই আপোনাৰ প্ৰতি কৃতজ্ঞ। বিশ্বত্ৰাস ক’ৰনাক পৰাজিত কৰিবলৈ এক বিশেষ ৰণনীতিৰ বাবে, বিশেষজ্ঞসকলৰ পৰা লাভ কৰা নিৰ্দেশনাৱলী অনুসৰিয়েই এই কথা কোৱা হৈছে যে প্ৰতিগৰাকী ব্যক্তিয়েই যেন ইজনে সিজনৰ পৰা অতি কমেও এক ডেৰ মিটাৰ আঁতৰত অৱস্থান কৰে। এয়াই ক’ৰোনাৰ বিৰুদ্ধে আৰম্ভ কৰা যুঁজৰ সৈন্য নীতি। মই ইয়াক সৈন্য নীতি বুলি কৈছো। বন্ধুসকল, মই এই কথাৰ ওপৰত বিশ্বাস কৰা মানুহ, যিয়ে এই কথা মানে যে মানুহো ঈশ্বৰৰেই অংশ আৰু মানুহ মাত্ৰেই ঈশ্বৰৰ বসতি, এয়াই আমাৰ সংস্কাৰ, এয়াই আমাৰ সংস্কৃতি, গতিকে ক’ৰোনা ভাইৰাছে আমাৰ সংস্কৃতিক কেতিয়াও নাইকিয়া কৰিবও নোৱাৰে আৰু আমাৰ সংস্কাৰো নাইকিয়া কৰি পেলাব নোৱাৰে। আৰু এইবাবেই সংকটৰ সময়ত আমাৰ সংবেদনা আৰু অধিক জাগ্ৰত হৈ পৰে। ক’ৰোনাৰ সঠিক প্ৰত্যুত্তৰ দিয়াৰ বাবে আমাৰ হাতত আৰু এটা শক্তিশালী উপায় আছে, আৰু সেয়া হৈছে কৰুণা। ক’ৰনাৰ প্ৰত্যুত্তৰ দিব লাগিব কৰুণাৰে। আমাৰ দেশৰ দৰিদ্ৰ জনতাৰ প্ৰতি কৰুণা প্ৰদৰ্শন কৰিও ক’ৰোনাক পৰাজিত কৰাৰ দিশত এখোজ আগুৱাব পাৰো আমি। আমাৰ সমাজত আমাৰ পৰম্পৰাত অইনক সহায় কৰাতো এক সমৃদ্ধ অভ্যাস হিচাপেই গণ্য কৰা হয়। আমাৰ ইয়াত স্থানীয় ভাষাত কোৱা হয় – ‘চাই ইতনা দিজিয়ে, জামে কুটুম চমায়, মে ভি ভুখা না ৰহু, সাধু ভি ভুখা না ৰেহ জায়ে।’ এতিয়া নৱৰাত্ৰি আৰম্ভ হৈছে, মই আমাৰ কাশীৰ সকলো ভাই ভনীকে ক’বলৈ বিচাৰিছো যে যাৰ যিমান সক্ষমতা সেই অনুসৰি আগন্তুক ২১ দিনলৈ প্ৰতিদিনে ৯ টাকৈ দৰিদ্ৰ পৰিয়ালক সহায় কৰাৰ পণ লওঁক। অহা ২১ দিন ৯ টা পৰিয়ালক আপুনি চম্ভালি লওঁক। মোৰ বিশ্বাস যে আমি যদিহে এইখিনি কাম অন্ততঃ কৰি ল’ব পাৰো, তেন্তে ইয়াতকৈ আৰু ডাঙৰ আৰাধনা আৰু কি হ’ব পাৰে? এই নৱৰাত্ৰি প্ৰকৃত নৱৰাত্ৰিত পৰিণত হ’ব। ইয়াৰ উপৰিও দেশত আৰম্ভ হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত আপোনাৰ চৌপাশে থকা বিভিন্ন পশুৰো আহাৰৰ সংকট আহি পৰিছে। মোৰ দেশবাসীলৈ আন এক প্ৰাৰ্থনা যে আপোনাৰ চৌপাশে থকা পশু-পক্ষীবোৰৰ প্ৰতি নজৰ ৰাখিব। অখিলেশ জী, মই যদিহে কওঁ যে সকলোবোৰ ঠিকেই আছে, তেন্তে মই নিজকে প্ৰতাৰণা কৰাৰ দৰে কথা কোৱা হ’ব। এইখিনি সময়ত ৰাজ্য চৰকাৰেই হওঁক বা কেন্দ্ৰ চৰকাৰেই হওঁক, সকলোৱেই যথাসাধ্য যৎপৰোনাস্তি চেষ্টা কৰিছে। ৰাজ্য চৰকাৰসমূহৰ ওপৰত মোৰ পূৰ্ণ বিশ্বাস আছে যে তেওঁলোকে নিজ নিজ ৰাজ্যৰ নাগৰিকসকলৰ চিন্তা বুজি লৈ সম্পূৰ্ণ সংবেদনশীলতাৰে তেওঁলোকৰ তদাৰক কৰিব। কিন্তু বন্ধুসকল, আমি এইটোও জানো যে আমাৰ সাধাৰণ জীৱনতো বহু সময়ত বহু সমস্যা বা বহু অসুবিধা আগজাননী নিদিয়াকৈ আহি পৰে, যেনে কেতিয়াবা বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে, কেতিয়াবা পানী যোগান বন্ধ হৈ পৰে, কেতিয়াবা আকৌ আমাৰ সহায়ৰ বাবে আহিবলগীয়া কৰ্মচাৰীজন দীঘলীয়া চুটীত ঘৰলৈ গুচি যায়। এনেধৰণৰ সমস্যাৰ সৈতে আমি ভাৰতীয়সকল তেনেই অভ্যস্ত। কিন্তু এতিয়া যদিহে সমগ্ৰ বিশ্বই সমূখীন হোৱা সংকটৰ সময়ত, সমগ্ৰ দেশ সংকটৰ মুখামুখি হোৱা সময়ত মই যদিহে কওঁ যে কোনো সমস্যাৰ সৃষ্টি হোৱা নাই বা সকলো ঠিকে ঠাকে হৈ যাব, তেন্তে এয়া নিজকেই প্ৰতাৰণা কৰাৰ দৰে হ’ব। মই মানো যে ব্যৱস্থা সঠিক আছে নে নাই, সকলোবোৰ ঠিকে ঠাকে হৈ আছে নে নাই, এনেধৰণৰ প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ, কিন্তু এবাৰলৈও চিন্তা কৰি চাওঁকচোন যে এইমুহুৰ্ত্তত তাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে ক’ৰোনাৰ দৰে এক বিশ্বব্যাপী সংকটৰ সৈতে যুঁজ দি আমি বিজয়ী হ’ব লাগে নে নালাগে, যি সমস্যাৰ মুখামুখি আমি আজি হৈছো, তাৰ সময়সীমা মাত্ৰ ২১ দিন, পিছে যদিহে ক’ৰোনাৰ সন্ত্ৰাস স্তব্ধ নহয়, যদিহে এই মহামাৰীৰ সংক্ৰমণ ৰোধ নহয় তেন্তে এই সংকট, এই জটিলতা, এই সমস্যা কিমান গুণ বৃদ্ধি পাব সেয়া কল্পনাতীত। এনে এক কঠিন সময়ত প্ৰশাসনৰ দ্বাৰা, নাগৰিক সমাজৰ দ্বাৰা, সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক বা ধাৰ্মিক সংগঠন আদি সকলোৱেই যিবোৰ কাম কৰি আছে তেওঁলোকক উৎসাহিত কৰাৰ প্ৰয়োজনীয়তা আছে। আপোনালোকে ভাবকচোন চিকিৎসালয়সমূহত চিকিৎসা কৰ্মীসকলে ওঠৰ উনৈশ ঘণ্টাকৈ কাম কৰিবলগীয়া হৈছে, বহু চিকিৎসালয়ত চিকিৎসাকৰ্মীসকলে দুঘণ্টাও ভালকৈ টোপনি মাৰিবলৈ পোৱা নাই। সমাজৰ এনে বহু লোক আছে যিয়ে দৰিদ্ৰ লোকৰ বাবে দিন ৰাতি একাকাৰ কৰিছে তেনে লোকসকলৰ প্ৰতি আমি কৃতজ্ঞতা জনোৱা উচিত। হয়, কোনো কোনো ঠাইত কিছু অভাৱ আছে, কোনো অসাৱধানতাৰ দৰে ঘটনাও ঘটিছে, কিন্তু তেনেবোৰ ঘটনাক বিচাৰি বিচাৰি তাৰ ওপৰত সকলোৰে মনোযোগ আকৰ্ষণ কৰা, সেইবোৰকে প্ৰচাৰ কৰি থকা, সেই সমগ্ৰ খণ্ডটোকেই বদনাম কৰাৰ দৰে কামে তেওঁলোকক বিশেষকৈ নিজৰ সৰ্বস্ব উজাৰি দি কাম কৰা লোকসকলক হতাশ কৰি পেলায়, আৰু এনেবোৰ কামৰ পৰা কোনো লাভ নহয়। মই বিচাৰো যে নিৰাশা প্ৰচাৰ কৰাৰ বহু কাৰণ থাকিব পাৰে। পিছে মই এইটোও কোৱা নাই যে সকলোৱেই ভুল, প্ৰতিটো দিশৰে বহু কাৰণ থাকিব পাৰে, কিন্তু জীৱন তো আশা আৰু বিশ্বাসৰ আধাৰতেই প্ৰতিষ্ঠা হয়। দেশৰ নাগৰিক সমাজৰ স্বাৰ্থতেই আইন আৰু প্ৰশাসনক যিমান সহযোগ কৰিব সিমানেই ভাল ফলাফল আমি লাভ কৰিম। আমাৰ সকলোৰে প্ৰয়াস এইটোৱেই হ’ব লাগে যে আমি প্ৰশাসনৰ ওপৰত যিমান পাৰি কমকৈ চাঁপ প্ৰয়োগ কৰিব লাগে। প্ৰশাসনক সহযোগ কৰিব লাগে। চিকিৎসালয়ত কাম কৰা লোকসকল, আৰক্ষী, চৰকাৰী কৰ্মচাৰী, লগতে সংবাদকৰ্মী সকলোৰে ওপৰত চাঁপ আছে, বাহিৰৰ পৰা ঘৰলৈ উভতি অহা লোকসকলৰ ওপৰতো সমানেই চাঁপ আছে। গতিকে আমি সকলোৱেই লগলাগি প্ৰত্যেককেই উৎসাহিত কৰিব লাগে। অখিলেশ জী ব্যৱসায় জগতত থাকিও যিদৰে দৰিদ্ৰ লোকৰ বাবে চিন্তা কৰিছে, আপোনাৰ এনে চিন্তাধাৰাৰ দৰে লোক দেশত নিশ্চত কম নাই, তেন্তে আহক, আমি সকলোৱেই দেশৰ দৰিদ্ৰসকলৰ বিষয়ে এবাৰলৈও হ’লেও চিন্তা কৰো, তেওঁলোকৰ দায়িত্ব লওঁ আৰু এই যুঁজত জয়লাভ কৰো। প্ৰশ্ন—নমস্কাৰ প্ৰধানমন্ত্ৰী মহোদয়, মই চিকিৎসক গোপাল নাথ৷ বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ মাইক্ৰ’বায়’লজী বিভাগৰ অধ্যাপক৷ ক’ৰোনাৰ ডায়গন’ছিছ লেব’ৰেটৰীৰ ইনচাৰ্জ হিচাপে মই এতিয়া ১৬খন জিলাৰ দায়িত্ব চম্ভালি আছো আৰু মা গংগাৰ জলেৰে bacteriophages…যি সমস্যাৰ ওপৰত মই আপোনাক প্ৰশ্ন কৰিবলৈ গৈ আছো, মই তাৰ বৈকল্পিক ব্যৱস্থাৰ গৱেষণা কৰি আছো৷ প্ৰধানমন্ত্ৰী মহোদয়, আমাৰ ইয়াত জনসাধাণৰ এক অভ্যাস গঢ়ি উঠিছে যে তেওঁলোকে সাধাৰণতে নিজেই চিকিৎসা কৰিবলৈ লাগি যায়৷ ক’ৰবাৰ পৰা কিবা এটা পঢ়িছে অথবা কাৰোবাৰ মুখৰ পৰা কিবা এটা শুনিছে আৰু নিজেই চিকিৎসা কৰিবলৈ লাগি যায়৷ এয়া অত্যন্ত বিপদজনক৷ মই এগৰাকী মাইক্ৰ’বায়’লজিষ্ট হিচাপে ক’ব পাৰো যে ক’ৰনাৰ দৰে ৰোগত এনে অভ্যাস অধিক ভয়াবহ হ’ব পাৰে৷ যদিও ইয়াৰ কোনো ভেকচিন উপলব্ধ হোৱা নাই অথবা কোনো নিৰ্দিষ্ট দৰৱো এতিয়ালৈকে আৱিস্কাৰ কৰিব পৰা হোৱা নাই৷ তথাপি সমাজত বিভিন্ন ধৰণৰ বিভ্ৰান্তিকৰ বাৰ্তা বিয়পি থাকে৷ আমি এই দিশত সমাজক অধিক সজাগ কৰিবলৈ চেষ্টা চলোৱা উচিত নহয়নে? প্ৰফেচাৰ চাহাব, আপুনিতো নিজেই এই ক্ষেত্ৰখনৰ এগৰাকী বিশেষজ্ঞ আৰু সচা-মিছা সকলো আপুনি ভালদৰে চিনাক্ত কৰিব পাৰে৷ এই বিষয়ত আমাতকৈ আপোনাৰহে জ্ঞান অধিক আছে৷ তথাপি আপোনাৰ চিন্তা নিতান্তই স্বাভাৱিক৷ আমাৰ ইয়াত চিকিৎসকক নোসোধাকৈ জ্বৰ, চৰ্দিৰ দৰৱ খোৱাৰ এক অভ্যাস আছে৷ মই এইক্ষেত্ৰত ক’ব বিচাৰো যে আমি এই অভ্যাসৰ পৰা আতৰি থাকিব লাগিব৷ ক’ৰনাৰ সংক্ৰমণৰ চিকিৎসা ব্যক্তিগত পৰ্যায়ত কোনোপধ্যে সম্ভৱ নহ’ব৷ ঘৰতে থাকিব লাগিব আৰু যি কৰিব লাগিব সকলো চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে কৰিব লাগিব৷ টেলিফোনত নিজৰ চিকিৎসকৰ সৈতে কথা পাতক আৰু তেওঁক নিজৰ সমস্যাৰ বিষয়ে কওক৷ আমি এই কথা মনত ৰাখিব লাগিব যে এই পৰ্যন্ত ক’ৰনা ৰোধ কৰিবলৈ কোনো দৰৱ অথবা কোনো ভেকচিন বিশ্বৰ ক’তো উপলব্ধ হোৱা নাই৷ এই দিশত আমাৰ দেশৰ লগতে সমগ্ৰ বিশ্বৰ বিজ্ঞানী, অনুসন্ধানকাৰীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ সেয়ে, মই আপোনালোকক ক’ব বিচাৰো যে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লৈহে দৰৱ গ্ৰহণ কৰিব৷ নিজৰ মতে দৰৱ সেৱন কৰি বিপদ চপাই নানিব৷ আমি সকলোৱে যিকোনো উৰা-বাতৰি, অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকিব লাগিব৷ ড০ গোপালজী, আপোনাক মই কৃতজ্ঞতা জ্ঞাপন কৰিছো যে আপুনি বিজ্ঞানৰ সৈতে জড়িত হৈ আছে আৰু গংগা মাৰ কথাও চিন্তা কৰিছে৷ লগতে সমাজ জীৱনত চলি থকা ঘটনাৱলীক লৈও আপুনি অত্যন্ত সচেতন৷ মই বিশ্বাসী যে আমাৰ জনসাধাৰণে আপোনাৰ চিন্তাৰ কথা ভালকৈ উপলব্ধি কৰিছে৷ গোপালজীক ধন্যবাদ জনাই আহক আমি আন এক প্ৰশ্ন গ্ৰহণ কৰো৷
প্ৰশ্ন—নমস্কাৰ প্ৰধানমন্ত্ৰী মহোদয়৷ মোৰ নাম অংকিতা খত্ৰী আৰু মই এগৰাকী গৃহিনী হোৱাৰ লগতে বিভিন্ন সৃষ্টিশীল কামৰ সৈতে জড়িত হৈ আছো৷ এই সময়ত মই আপোনাৰ প্ৰেৰণাৰে ক্ৰিয়েটিভ ক’ৰনা হেছটেগ নামেৰে ছ’চিয়েল মিডিয়াত এক অভিযান আৰম্ভ কৰিছো৷ ইয়াত কাশীৰ বিভিন্ন শিল্পী-কলা-কুশলীক মই জড়িত কৰাইছো৷ আচ্ছা আপুনিও মোৰ দৰে পোষ্টাৰ দেখুৱাই দিছে৷ সকলো আপোনাৰ প্ৰেৰণাৰ বাবে সম্ভৱ হৈছে প্ৰধানমন্ত্ৰী মহোদয় আৰু আপোনাৰ প্ৰেৰণাৰ পৰাই আজি এই অভিযান আৰম্ভ কৰিছো৷ কিয়নো মই অনুভৱ কৰো যে নেতিবাচক পৰিস্থিতিৰ মাজতো সদায় ইতিবাচক আৰু সৃষ্টিশীল চিন্তাৰ প্ৰয়োজন থাকে৷ মই ক’ৰবাত শুনিছিলো যে—যিয়ে ৰচনা কৰে, যিয়ে দীৰ্ঘদিনলৈ জীয়াই থাকে৷ গতিকে আপোনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ মই এই অভিযান মুকলি কৰিছো, য’ত কাশীৰ বিভিন্ন ৰচনাকাৰ, লেখক, কবি, চিত্ৰকাৰক আমন্ত্ৰণ জনোৱা হৈছে আৰু প্ৰচেষ্টা চলাম যে এই ২১ দিনত তেওঁলোকে বিভিন্ন সংকলন, প্ৰকাশন প্ৰস্তুত কৰি উলিয়াব পাৰে আৰু কাশীৰ তৰফৰ পৰা আমি আপোনাক এয়া উৎসৰ্গিত কৰিব পাৰো৷ কিন্তু এগৰাকী গৃহিনী হিচাপে মোৰ প্ৰশ্ন আৰু চিন্তা হ’ল লক্-ডাউনৰ এই সময়ছোৱাত আমাৰ ল’ৰা-ছোৱালীহঁত ঘৰতে আছে আৰু সিহতক চম্ভলাটো আমাৰ বাবে প্ৰত্যাহ্বানজনক হৈ পৰিছে৷ এনেকুৱাও বহুত ল’ৰা-ছোৱালী আছে, যাৰ পৰীক্ষাৰ ওপৰত প্ৰভাৱ পৰিছে৷ মোৰ নিজৰ ল’ৰা দ্বাদশ শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষা দি আছিল আৰু তাৰ এখন পেপাৰ স্থগিত হৈ থাকিল৷ ইয়াৰ বাবে পৰিয়ালটোৰ অলপ চিন্তা হৈ আছে৷ এতিয়া কি কৰা যাব? মোহিনীজী, প্ৰথম কথা হ’ল যে আপুনি সৃষ্টিশীল কামসমূহ খুৱ ধুনীয়াকৈ কৰি আছে আৰু সেই বাবে আপোনাৰ মনত যথেষ্ট উৎসাহ আছে৷ কিন্তু আপুনি ক’লে যে সকলো সৃষ্টিশীল লোকক একগোট কৰি আছে৷ আপোনালৈ মোৰ অনুৰোধ যে এই সময়ত কাকো একগোট নকৰিব, সামাজিক দূৰত্ব বৰ্তাই ৰখাটো এই মুহূৰ্তত প্ৰথম কথা৷ আপুনি অনলাইনত সকলোকে আহ্বান জনাব পাৰে, তেওঁলোকৰ কলাৰ সংকলন প্ৰস্তুত কৰিব পাৰে৷ কল্পনা শক্তি থকা সৃষ্টিশীল লোকসকলৰ সৃষ্টিৰাজি দেশৰ কামত আহিব৷ সংকটৰ সময়ছোৱাক সৃষ্টিশীল কামত লগোৱাতো মানৱ জীৱনৰ বিশেষত্ব৷ এই সময়ছোৱাত ছ’চিয়েল মিডিয়াত লক্-ডাউনৰ আন এটা প্ৰভাৱ দেখিবলৈ পাইছো যে বহুতো লোকে নিজৰ ল’ৰা-ছোৱালীৰ সৈতে অধিক সময় কটাব পাৰিছে৷ পূৰ্বে সকলো যৌথ পৰিয়ালত আছিল৷ ল’ৰা-ছোৱালীক চম্ভালা কামটো ককা-আইতাই কৰিছিল৷ আজিকালি সৰু পৰিয়াল হোৱাত ল’ৰা-ছোৱালী চম্ভালা জটিল কাম হৈ পৰিছে৷ কিন্তু আপুনি নিশ্চয় দেখিছে যে টিভি অথবা ৰেডিঅ’ত এই ধৰণৰ বহুতো নতুন নতুন অনুষ্ঠান চলি থাকে৷ আমাৰ দেশৰ মিডিয়াতো সৃষ্টিশীলতা আছে৷ তেওঁলোকে মানুহক সংযুক্ত কৰি ৰাখিবলৈ দৰ্শকৰ বাবে বিভিন্ন আমোদজনক অনুষ্ঠান প্ৰস্তুত কৰে৷ এই লক্-ডাউনৰ সময়ছোৱাত তেওঁলোকে বিভিন্ন নতুন নতুন কথা দেখুৱাই আছে৷ এইবোৰৰ মাজতে মোৰ মনটো আন কেতবোৰ কথাইও প্ৰভাৱিত কৰি গৈছে। মানৱ জাতিয়ে কেনেকৈ এই বিশ্ব সংকটৰ বিৰুদ্ধে জিকাৰ বাবে একত্ৰিত হৈ উঠিছে সেই কথামই বাৰুকৈয়ে লক্ষ্য কৰিছো। আৰু এইবাৰো সকলোতকৈ ডাঙৰ ভূমিকা পালন কৰিছে আমাৰ বাল-সেনা, আমাৰ চেমনীয়াসকলৰ দলে। মই এনে কেতবোৰ ভিডিঅ’ দেখিছো য’ত চাৰি-পাঁচবছৰীয়া ল’ৰা-ছোৱালীয়ে মাক-দেউতাকক কেনেকৈ হাত ধুব লাগে, বাহিৰলৈ কিয় ওলাব নালাগে, এনেকুৱা কৰিব নালাগে, এনেকুৱাহে কৰিব লাগে, এনেবোৰ কথা ধুনীয়াকৈ বুজাইছে, কণ কণ বালক-বালিকাসকলে সংকটৰ এই মুহূৰ্তত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে। মই প্ৰায়েই এনেবোৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত চাও, কেতিয়াবা কিছুমান ভিডিঅ’ চাই ভাল লাগে, এনেকৈয়ে সৰ্ব-সাধাৰণ জনতাৰ সৈতে জড়িত হ’ও। অলপতে চোৱা এটা ভিডিঅ’ত দেখিছিলো কোনোবা এটা পৰিয়ালে কণ কণ ল’ৰা-ছোৱালীয়ে ব্যৱহাৰ কৰা সামগ্ৰীসমূহক লৈ কিছুমান ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত প্ৰেৰণৰ দিহা কৰিছে। আজিকালিতো মোবাইল ফোনৰেও ভিডিঅ’ ছবি নিৰ্মাণ কৰিব পাৰি। যদি মই চোৱা ভিডিঅ’বোৰ ডিলিট হৈ যোৱা নাই তেন্তে সেইবোৰ একত্ৰিত কৰি নিশ্চিত ভাবে শ্বেয়াৰ কৰি দিম। যদি আজি সুবিধা পাও তেন্তে আজিয়েই কৰিম আৰু আপোনালোকে নিশ্চয় চাব পাৰিব। চাবচোন আমাৰ শিশুসকলে কি আশ্চৰ্য কৰি দেখুৱাইছে। আপোনালোকৰ চাগৈ মনত আছে যেতিয়া মই স্বচ্ছতাৰ কথা কৈ আছিলো, স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিলো, তেতিয়া আপোনালোকে চাগৈ সকলোৰে ঘৰত দেখিছিল যে আমাৰ শিশুসকলে এই অভিযানৰ নেতৃত্ব বহন কৰিছিল। আজিৰ শিশু, আজিৰ যুৱ-প্ৰজন্মৰ শক্তিয়ে মোক বাৰুকৈয়ে প্ৰভাৱিত কৰে, তেওঁলোকৰ সামৰ্থ্য, তেওঁলোকৰ চিন্তা কৰাৰ পদ্ধতিয়ে মোক আনন্দিত কৰি তোলে। অৱশ্যে একাংশ পিতৃ-মাতৃক হয়তো চিন্তান্বিতও কৰি তুলিছে, ইমান দীঘলীয়া সময়ৰ বাবে ঘৰৰ ভিতৰত থাকিবলগীয়া হ’লে তেওঁলোকৰ ল’ৰা-ছোৱালীবিলাকে তেওঁলোককে বহুৱাই লৈ পঢ়ুৱালৈ নলয়তো! আৱশ্যে এই ২১টা দিনত শিশুসকলে তেওঁলোকৰ মাক-দেউতাকসকলকযে কিবা নহয় কিবা শিকাই দিব সেই বিশ্বাস মোৰ আছে। বন্ধুসকল, ‘নমো এ’প’ত আপোনালোকে প্ৰেৰণ কৰা ফিডবেক আৰু পৰামৰ্শসমূহো পঢ়ি আছো। শ্ৰী ওমপ্ৰকাশ ঠাকুৰজী, প্ৰভাংশুজী, অমিত পাণ্ডেজী, কৱিতাজীয়ে, দেশৰ বেলেগ বেলেগ প্ৰান্তৰ পৰা বিভিন্ন জনে নিজ নিজ শৈলীৰে বিভিন্ন প্ৰকাৰৰ পৰামৰ্শ আগবঢ়াইছে যাতে ‘লক্-ডাউন’-ক কঠোৰ ভাবে আৰু অধিক দীঘলীয়াকৈ বলবৎ কৰাৰ ব্যৱস্থা কৰা হয়। কেৱল আপোনালোকেই নহয়, আন বহুতো নাগৰিকেও ফেচবুকত, টুইটাৰত, ইনষ্টাগ্ৰাম আৰু ইউ টিউবত এই মহামাৰীক প্ৰতিৰোধ কৰাৰ বাবে এই পৰামৰ্শকে আগবঢ়াইছে। নাগৰিকসকলে স্বতঃস্ফূৰ্তভাৱেই যদি এই মহামাৰীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ সংকল্প লয় তেন্তে ইয়াক নিশ্চিত ভাবেই পৰাজিত কৰিব পৰা যাব বুলি মই আশ্বস্ত হ’ব পাৰিছেো। শেষত পুনৰবাৰ সকলো কাশীবাসীক কও যে মই আপোনালোকৰ মাজত উপস্থিত হ’বগৈ নোৱাৰাৰ বাবে মোক যেন সকলোৱে ক্ষমা কৰি দিয়ে। আপোনালোক সকলোৱে নিজকে সুৰক্ষিত ৰাখক, সন্মুখত এখন সাংঘাটিক যুঁজ চলি আছে, যিখন যুদ্ধত বেনাৰসবাসীয়েও নিজৰ সম্পূৰ্ণ যোগদান নিশ্চিত কৰিব লাগিব। সমগ্ৰ দেশবাসীক আগুৱাই যোৱাৰ পথ দেখুৱাব লাগিব। আপোনালোক আটাইলৈকে দিল্লীৰ পৰাই প্ৰণাম জনাইছো আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোকে সদায়ে কাশীক চম্ভালি আহিছে আৰু আগলৈও এই দায়িত্ব সুন্দৰকৈ পালন কৰি যাব। আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ। ****** VRRK/KP/HJ/MANN/DB/RD/MS/KB |
---|
आज काबुल में गुरुद्वारे में हुए आतंकी हमले से मन काफी दुखी है।
— PMO India (@PMOIndia) March 25, 2020
मैं इस हमले में मारे गए सभी लोगों के परिवारों के प्रति संवेदना व्यक्त करता हूं: PM @narendramodi
आप जानते हैं, नवरात्रि के पहले दिन मां शैलपुत्री की पूजा की जाती है। मां शैलपुत्री स्नेह, करुणा और ममता का स्वरूप हैं। उन्हें प्रकृति की देवी भी कहा जाता है।
— PMO India (@PMOIndia) March 25, 2020
आज देश जिस संकट के दौर से गुजर रहा है, उसमें हम सभी को मां शैलसुते के आशीर्वाद की बहुत आवश्यकता है: PM @narendramodi
आपका सांसद होने के नाते मुझे, ऐसे समय में आपके बीच होना चाहिए था। लेकिन आप यहां दिल्ली में जो गतिविधियां हो रही हैं, उससे भी परिचित हैं।
— PMO India (@PMOIndia) March 25, 2020
यहां की व्यस्तता के बावजूद मैं वाराणसी के बारे में निरंतर अपने साथियों से अपडेट ले रहा हूं: PM @narendramodi #IndiaFightsCorona
आज कोरोनी के खिलाफ जो युद्ध पूरा देश लड़ रहा है, उसमें 21 दिन लगने वाले हैं। हमारा प्रयास है इसे 21 दिन में जीत लिया जाए: PM @narendramodi #IndiaFightsCorona
— PMO India (@PMOIndia) March 25, 2020
काशी का अनुभव शाश्वत, सनातन, समयातीत है।
— PMO India (@PMOIndia) March 25, 2020
और इसलिए, आज लॉकडाउन की परिस्थिति में
काशी देश को सिखा सकती है- संयम, समन्वय, संवेदनशीलता
काशी देश को सिखा सकती है- सहयोग, शांति, सहनशीलता
काशी देश को सिखा सकती है- साधना, सेवा, समाधान: PM @narendramodi #IndiaFightsCorona
मुझे ऐहसास है कि आप सभी के बहुत सारे प्रश्न होंगे, कुछ चिंताएं भी होंगी और सुझाव भी होंगे।
— PMO India (@PMOIndia) March 25, 2020
तो आइए, संवाद शुरू करते हैं: PM @narendramodi #IndiaFightsCorona
Prof. Krishna Kant Vajpayee asks PM @narendramodi about spreading social awareness for combating corona pandemic
— PMO India (@PMOIndia) March 25, 2020
मुझे बहुत गर्व होता है जब आप जैसे प्रबुद्ध नागरिकों को, अपने व्यक्तिगत कार्यों, अपने व्यवसाय के साथ ही, लोगों को जागरूक करने के महत्वपूर्ण काम को करते हुए देखता हूं: PM @narendramodi #IndiaFightsCorona
— PMO India (@PMOIndia) March 25, 2020
देखिए, मनुष्य का स्वभाव होता है कि जो कुछ भी सरल हो, खुद के अनुकूल हो, उसे जल्दी स्वीकार कर लेता है। कोई बात आपको अपने पसंद की लगती है, आपको सूट करती है तो आप उसे तुरंत सच मान लेते हैं: PM @narendramodi #IndiaFightsCorona
— PMO India (@PMOIndia) March 25, 2020
आपकी बात भी सही है की कुछ लोग ऐसे हैं, जो अपने कानों से सुनते हैं, अपनी आंखों से देखते हैं और अपनी बुद्धि से समझते भी हैं… बस अमल नहीं करते हैं।
— PMO India (@PMOIndia) March 25, 2020
ये एक प्रकार की दुर्योधन वृत्ति है: PM @narendramodi #IndiaFightsCorona
लेकिन हाँ, नागरिक के रूप में हमें अपने कर्तव्य करते रहना चाहिए, हमें सोशल डिस्टेंसिंग पर ध्यान देना चाहिए। हमें घर में रहना चाहिए और आपस में दूरी बनाए रखना चाहिए। कोरोना जैसी महामारी से दूर रहने का अभी यही एकमात्र उपाय है: PM @narendramodi #IndiaFightsCorona
— PMO India (@PMOIndia) March 25, 2020
वैसे मैं आपको ये भी जानकारी देना चाहता हूं कि कोरोना से जुड़ी सही और सटीक जानकारी के लिए सरकार ने Whatsapp के साथ मिलकर एक हेल्पडेस्क भी बनाई है: PM @narendramodi #IndiaFightsCorona
— PMO India (@PMOIndia) March 25, 2020
Social activist Mohini Jhanwar asks a question to PM @narendramodi on issues facing Health care workers and other front-line services staff and officials #IndiaFightsCorona
— PMO India (@PMOIndia) March 25, 2020
आपने देखा होगा कि 22 मार्च को किस तरह पूरे देश ने जनता कर्फ्यू में बढ़-चढ़कर अपनी भागीदारी निभाई। और फिर शाम के ठीक 5 बजे, 5 मिनट के लिए कैसे देश भर के लोग अभिवादन के लिए सामने आए: PM @narendramodi
— PMO India (@PMOIndia) March 25, 2020
समाज के मन में इन सब के लिए आदर सम्मान का भाव होता ही है। डॉक्टर जिंदगी बचाते हैं और हम उनका ऋण कभी नहीं उतार सकते।
— PMO India (@PMOIndia) March 25, 2020
जिन लोगों ने वुहान में रेस्क्यू ऑपेरेशन किया, मैंने उनको पत्र लिखा था, मेरे लिए वो पल बहुत भावुक थे: PM @narendramodi #IndiaFightsCorona
संकट की इस घड़ी में, अस्पतालों में इस समय सफेद कपड़ों में दिख रहा हर व्यक्ति, ईश्वर का ही रूप है। आज यही हमें मृत्यु से बचा रहे हैं। अपने जीवन को खतरों में डालकर ये लोग हमारा जीवन बचा रहे हैं: PM @narendramodi #IndiaFightsCorona
— PMO India (@PMOIndia) March 25, 2020
हमारे समाज में ये संस्कार दिनों-दिन प्रबल हो रहा है, कि जो देश की सेवा करते हैं, जो देश के लिए खुद को खपाते हैं, उनका सार्वजनिक सम्मान भी होते रहना चाहिए: PM @narendramodi #IndiaFightsCorona
— PMO India (@PMOIndia) March 25, 2020
Textiles business man Akhilesh Khemka asks PM @narendramodi about livelihood concerns facing informal sector workers and less well-off sections of society #IndiaFightsCorona
— PMO India (@PMOIndia) March 25, 2020
कोरोना वायरस न हमारी संस्कृति को मिटा सकता है और न ही हमारे संस्कार मिटा सकता है।
— PMO India (@PMOIndia) March 25, 2020
और इसलिए, संकट के समय, हमारी संवेदनाएं और जागृत हो जाती हैं।
कोरोना को जवाब देने का एक तरीका करुणा भी है। यानि कोरोना को करुणा से जवाब: PM @narendramodi #IndiaFightsCorona
हमारे समाज में, हमारी परंपरा में तो दूसरों की मदद की एक समृद्ध परिपाटी रही है।
— PMO India (@PMOIndia) March 25, 2020
साईं इतना दीजिए, जामें कुटुंब समाए।
मैं भी भूखा ना रहूं, साधू ना भूखा जाए !! PM @narendramodi #IndiaFightsCorona
अभी नवरात्र शुरू हुआ है। अगर हम अगले 21 दिन तक, 9 गरीब परिवारों की मदद करने का प्रण लें, तो इससे बड़ी आराधना मां की क्या होगी।
— PMO India (@PMOIndia) March 25, 2020
इसके अलावा आपके आसपास जो पशु हैं, उनकी भी चिंता करनी है: PM @narendramodi #IndiaFightsCorona
अगर मैं कहूं कि सब कुछ ठीक है, सब कुछ सही है, तो मैं मानता हूं कि ये खुद को भी धोखा देने वाली बात होगी।
— PMO India (@PMOIndia) March 25, 2020
इस समय केंद्र सरकार हो या राज्य सरकारें, जितना ज्यदा हो सके, जितना अच्छा हो सके, इसके लिए भरसक प्रयास कर रही हैं: PM @narendramodi #IndiaFightsCorona
जो तकलीफें आज हम उठा रहे हैं, जो मुश्किल आज हो रही है, उसकी उम्र फिलहाल 21 दिन ही है। लेकिन अगर कोरोना का संकट समाप्त नहीं हुआ, इसका फैलना नहीं रुका तो कितना ज्यादा नुकसान हो सकता है, इसका अंदाजा नहीं लगाया जा सकता है: PM @narendramodi #IndiaFightsCorona
— PMO India (@PMOIndia) March 25, 2020
आप सोचिए, अस्पतालों में लोग 18-18 घंटे काम कर रहे हैं। कई जगह अस्पतालो में, हेल्थ सेक्टर से जुड़े लोगों को 2-3 घंटे से ज्यादा सोने को नहीं मिल रहा।
— PMO India (@PMOIndia) March 25, 2020
कितने ही सिविल सोसायटी के लोग हैं जो गरीबों की मदद के लिए दिन-रात एक किए हुए हैं: PM @narendramodi #IndiaFightsCorona
Dr. Gopal Nath from BHU flags concerns with PM @narendramodi about dangers of self-medication during corona pandemic #IndiaFightsCorona
— PMO India (@PMOIndia) March 25, 2020
प्रोफेसर साहब आपकी चिंता जायज है। हमारे यहां डॉक्टरों को पूछे बिना दवाएं लेने की आदत है। इससे हमें बचना है।
— PMO India (@PMOIndia) March 25, 2020
कोरोना के संक्रमण का इलाज अपने स्तर पर बिल्कुल नहीं करना है, घर में रहना है और जो करना है डॉक्टरों की सलाह से ही करना है: PM @narendramodi #IndiaFightsCorona
हमें ये ध्यान रखना है कि अभी तक कोरोना के खिलाफ कोई भी दवाई, कोई भी वेक्सीन पूरी दुनिया में नहीं बनी है। इस पर हमारे देश में भी और दूसरे देशों में भी काम तेज़ी से चल रहा है: PM @narendramodi #IndiaFightsCorona
— PMO India (@PMOIndia) March 25, 2020
आपने खबरों में भी देखा होगा कि, दुनिया के कुछ देशों में अपनी मर्ज़ी से दवाएं लेने के कारण कैसे जीवन संकट में पड़ रहे हैं।
— PMO India (@PMOIndia) March 25, 2020
हम सभी को हर तरह के अंधविश्वास से, अफवाह से बचना है: PM @narendramodi #IndiaFightsCorona
ये सही है कि आपदा बहुत बड़ी है। लेकिन आपदा को अवसर में बदलना ही मानव जीवन की विशेषता है।
— PMO India (@PMOIndia) March 25, 2020
इन दिनों सोशल मीडिया में आप लॉकडाउन का एक और प्रभाव देखने को मिल रहा है: PM @narendramodi #IndiaFightsCorona
मैं देख रहा हूं कि मानव जाति, कैसे इस वैश्विक संकट से जीतने के लिए एक साथ आगे आई है। और इसमें भी सबसे बड़ी भूमिका निभा रहे हैं मेरी बालक सेना: PM @narendramodi #IndiaFightsCorona
— PMO India (@PMOIndia) March 25, 2020
Home maker Ankita Khatri seeks views of PM @narendramodi on issues related to children and students who were in the midst of their examinations #IndiaFightsCorona
— PMO India (@PMOIndia) March 25, 2020
मैं NaMO app पर आप सबके सुझाव और feedback भी निरंतर पढ़ रहा हूं: PM @narendramodi #IndiaFightsCorona
— PMO India (@PMOIndia) March 25, 2020
मुझे अपनी ‘बाल सेना’ पर पूरा विश्वास है। वे इस बात को सुनिश्चित करेंगे कि लोग अपने घरों में रहें, ताकि COVID-19 के खिलाफ भारत प्रभावी तरीके से लड़ सके। pic.twitter.com/DhcYT5hkcW
— Narendra Modi (@narendramodi) March 25, 2020
महाभारत का युद्ध 18 दिन में जीता गया था। आज कोरोना के खिलाफ जो युद्ध पूरा देश लड़ रहा है, हमारा प्रयास है कि इसे 21 दिन में जीत लिया जाए।
— Narendra Modi (@narendramodi) March 25, 2020
महाभारत के युद्ध के समय भगवान कृष्ण महारथी थे, सारथी थे। आज 130 करोड़ महारथियों के बलबूते हमें कोरोना के खिलाफ इस लड़ाई को जीतना है। pic.twitter.com/pA7rE6Zub3
कोरोना को लेकर अब भी कई लोगों को गलतफहमी है। ऐसे लोगों से मेरा आग्रह है कि वे गलतफहमी से बाहर निकलें और सच्चाई को समझें।
— Narendra Modi (@narendramodi) March 25, 2020
जिम्मेदार नागरिक के रूप में हमें सोशल डिस्टेंसिंग पर ध्यान देना चाहिए। हमें घरों में रहना चाहिए। कोरोना जैसी महामारी से दूर रहने का अभी यही एकमात्र उपाय है। pic.twitter.com/uaCQFqwWm8
संकट की इस घड़ी में अस्पतालों में सफेद कपड़ों में दिख रहे डॉक्टर-नर्स, ईश्वर का ही रूप हैं। खुद को खतरे में डालकर ये हमें बचा रहे हैं।
— Narendra Modi (@narendramodi) March 25, 2020
इनके साथ बुरा बर्ताव होता दिखे तो आप वहां जाकर लोगों को समझाएं।
डॉक्टर, नर्स, मेडिकल स्टाफ जिंदगी बचाते हैं और हम उनका ऋण कभी नहीं उतार सकते। pic.twitter.com/XGTKx1V2yA
कोरोना वायरस न हमारी संस्कृति को मिटा सकता है और न ही हमारे संस्कार मिटा सकता है।
— Narendra Modi (@narendramodi) March 25, 2020
इसलिए संकट के समय हमारी संवेदनाएं और जागृत हो जाती हैं। कोरोना को जवाब देने का एक तरीका करुणा भी है।
यानि हम गरीबों के प्रति, जरूरतमंदों के प्रति करुणा दिखाकर भी कोरोना को पराजित करेंगे। pic.twitter.com/U1ApAPhwl0
When it comes to fighting COVID-19, please do not self-medicate. Consult your doctors and then move ahead. pic.twitter.com/fbCHLCSY3q
— Narendra Modi (@narendramodi) March 25, 2020
काशी की अंकिता जी ने एक अच्छी बात कही - जो रचता है, वो बचता है…
— Narendra Modi (@narendramodi) March 25, 2020
An interesting perspective on how young India can take the lead in battling COVID-19. pic.twitter.com/GO14xfElYG