Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কে.কৰুণানিধিৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কে.কৰুণানিধিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

“কে.কুণানিধিৰ বিয়োগত ব্যথিত হৈছো৷ তেওঁ দেশৰ অন্যতম জেষ্ঠ নেতা আছিল৷ আমি এগৰাকী শক্তিশালী গণনেতা, চিন্তাবিদ, দক্ষ লেখক আৰু বলিষ্ঠ ব্যক্তিক হেৰুৱালো, যিয়ে সমগ্ৰ জীৱন দৰিদ্ৰ আৰু বঞ্চিতসকলৰ কল্যাণৰ বাবে উৎসৰ্গিত কৰিলে৷

আঞ্চলিক আশা-আকাংক্ষাসমূহ পূৰণ কৰিবলৈ তেওঁ যিমান দায়বদ্ধ আছিল, ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰতো সিমানেই সক্ৰিয় আছিল৷ তামিল জনসাধাৰণৰ কল্যাণৰ বাবে তেওঁ দৃঢ় প্ৰতিজ্ঞ আছিল আৰু তামিলনাডুৰ দাবী ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব সহকাৰে গ্ৰহণৰ ক্ষেত্ৰত আগভাগ লৈছিল৷

কেইবাবাৰো মই কৰুণানিধি মহোদয়ৰ সৈতে মত-বিনিময়ৰ সৌভাগ্য লাভ কৰিছিলো৷ ৰাজনীতিৰ প্ৰতি তেওঁৰ গভীৰ জ্ঞান আৰু সামাজিক কল্যাণক লৈ তেওঁৰ চিন্তা সকলোতকৈ পৃথক আছিল৷ গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি তেওঁ সম্পূৰ্ণৰূপে সমৰ্পিত আছিল আৰু দেশৰ জৰুৰীকালীন অৱস্থাৰ প্ৰতি কৰুণানিধিৰ শক্তিশালী বিৰোধিতা সদায় স্মৰণীয় হৈ ৰ’ব৷

এই দুখৰ ক্ষণত মই কৰুণানিধি মহোদয়ৰ পৰিয়ালবৰ্গ আৰু অগণন সমৰ্থকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ভাৰতবৰ্ষই বিশেষকৈ তামিলনাডুই তেওঁৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিব৷ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/SH/MS