প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালা ভ্ৰমণ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লয়৷ এক পৰ্যবেক্ষণ বৈঠকৰ পাছত তেওঁ আকাশ মাৰ্গৰে বানবিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে৷ এই সময়ছোৱাত প্ৰধানমন্ত্ৰীক সংগ দিয়ে ৰাজ্যখনৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী কে.জে.আলফনছ আৰু আন বিষয়ববীয়াই৷
বানপানীৰ ফলত প্ৰাণ হেৰুওৱা আৰু বিস্তৰ ক্ষয়–ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে গভীৰ দুখ আৰু সমবেদনা জ্ঞাপন কৰে৷
প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায়ী বিজয়ন আৰু ৰাজ্য চৰকাৰৰ বিষয়ববীয়াৰ সৈতে এক গুৰুত্বপূ্ৰ্ণ বৈঠকত মিলিত হৈ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷
পৰ্যালোচনা বৈঠকৰ পাছত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনলৈ ৫০০ কোটি টকাৰ বান সাহায্য ঘোষণা কৰে৷ ১২ আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰা ১০০ কোটি টকাৰ উপৰি এই ৫০০ কোটি অতিৰিক্তকৈ ৰাজ্যখনে লাভ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰক আশ্বাস দিয়ে যে প্ৰয়োজন অনুসৰি সকলো খাদ্যসামগ্ৰী, চিকিৎসা সামগ্ৰী, ঔষধ আদি কেন্দ্ৰই তেওঁলোকক যোগান ধৰিব৷
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা বানত প্ৰাণ হেৰুৱা প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়ালবৰ্গলৈ ২লাখ আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকললৈ ৫০,০০০ টকাৰ আৰ্থিক অনুদানো ঘোষণা কৰিছে৷
ক্ষতিগ্ৰস্ত পৰিয়াল/উপভোক্তাই যাতে সামাজিক সুৰক্ষা আইনৰ অধীনত সময়মতে ক্ষতিপূৰণ লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ বীমা কোম্পানীসমূহক বিশেষ শিবিৰ আয়োজন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ ফচল বীমা যোজনাৰ অধীনত কৃষকসকলৰ বীমা দাবীসমূহ সোনকালে পূৰণ কৰিবলৈও প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷
বানপানীত ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথ সোনকালে মেৰামতি কৰিবলৈও প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে৷ বানপানীয়ে উটুৱাই নিয়া গাঁওবাসীৰ কেঁচা ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত নিৰ্মাণ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে৷
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আঁচনিৰ অধীনত ৫.৫ কোটি ব্যক্তি দিন শ্ৰম বাজেট ২০১৮–১৯ত অনুমোদন জনোৱা হৈছে৷ ক্ষতিগ্ৰস্ত উদ্যান শস্য পুনৰ ৰোপনৰ বাবে চৰকাৰে কৃষকক ‘উদ্যান শস্যৰ একীকৃত উন্নয়ন অভিযান’ আঁচনিৰ অধীনত সহায়ৰ হাত আগবঢ়াব৷
কেৰালাৰ বান পৰিস্থিতি কেন্দ্ৰীয় চৰকাৰে নিয়মীয়া আৰু গভীৰভাৱে পৰ্যবেক্ষণ কৰি আছে৷ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ৰাজ্য চৰকাৰলৈ কেন্দ্ৰই সকলো সহায়–সহযোগিতা আগবঢ়াই আহিছে৷ বান পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে নিয়মীয়া যোগাযোগ অব্যাহত ৰাখিছে৷
প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী কে.জে.আলফনছ আৰু এটি উচ্চ পৰ্যায়ৰ কেন্দ্ৰীয় দলে যোৱা ২১ জুলাইত বানপীড়িত আলাপুঝা আৰু কোট্টায়াম ভ্ৰমণ কৰে৷ তেওঁলোকে বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে সাহায্য অভিযানৰ বুজ লয় আৰু বানত ক্ষতিগ্ৰস্ত লোকক সাক্ষাৎ কৰে৷
১২ আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় পৰ্যটন ৰাজ্যমন্ত্ৰী শ্ৰী কে.জে আলফনছ আৰু জেষ্ঠ বিষয়ববীয়াৰ এটি দলে কেৰালাৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু কেন্দ্ৰ, ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য তথা উদ্ধাৰ অভিযানৰ বুজ লয়৷ গৃহমন্ত্ৰীয়ে এনডিআৰএফৰ পৰা ১০০কোটি টকাৰ সাহায্য আগতীয়াকৈ মুকলি কৰাৰ কথাও ঘোষণা কৰিছিল৷
উদ্ধাৰ অভিযানৰ বাবে ৰাজ্যখনত ১৩০০ জোৱান আৰু ৪৩৫খন নাওঁৰে সমৃদ্ধ এনডিআৰএফৰ ৫৭ টা দল নিয়োগ কৰা হৈছে৷ একেদৰে বিএছএফ, চিআইএছএফ আৰু আৰএএফৰ ৫টা কোম্পানীয়ে ৰাজ্যখনত উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে৷
উদ্ধাৰ আৰু সাহায্য অভিযানত স্থলসেনা, বায়ুসেনা, নৌসেনা আৰু উপকূলৰক্ষী বাহিনীও ব্যৱহৃত হৈছে৷ বন্যাৰ্তক প্ৰলয়ৰ পৰা উদ্ধাৰ কৰিবলৈ ৰাজ্যখনত ৩৮খন হেলিকপ্টাৰ নিয়োজিত কৰা হৈছে৷ ইয়াৰ উপৰি, ২০খন বিমানে সা–সম্পত্তি কঢ়িওৱাত সহায় কৰিছে৷ সেনাই ৭৯০গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত জোৱানৰ ১০টা ইঞ্জিনিয়াৰিং টাস্ক ফ’ৰ্চ মোতায়েন কৰিছে৷ নৌসেনাই ৮২টা দল প্ৰেৰণ কৰিছে৷ উপকূলৰক্ষী বাহিনীয়ে ৪২টা দল, ২খন হেলিকপ্টাৰ আৰু ২খন জাহাজ আগবঢ়াইছে৷
৯ আগষ্টৰ পৰা এনডিআৰএফ, স্থলসেনা আৰু নৌসেনাই যৌথভাৱে ৬৭১৪গৰাকী ব্যক্তিক উদ্ধাৰ কৰিছে আৰু ৮৯১গৰাকীক চিকিৎসা সেৱা আগবঢ়াইছে৷
প্ৰধানমন্ত্ৰীয়ে উদ্ধাৰ আৰু সাহায্য অভিযানত ৰাজ্য চৰকাৰৰ ভূমিকাক প্ৰশংসা কৰে৷ ভাৰত চৰকাৰে এইক্ষেত্ৰত তেওঁলোকলৈ সহায়–সহযোগিতা অব্যাহত ৰাখিব বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷
******
AKT/VJ/VK/MS
The Prime Minister is reviewing the flood situation in Kerala at a high-level meeting. @CMOKerala pic.twitter.com/3VNq0ehSry
— PMO India (@PMOIndia) August 18, 2018
In Kerala, I took stock of the situation arising in the wake of the devastating floods across the state.
— Narendra Modi (@narendramodi) August 18, 2018
Joined a review meeting and undertook an aerial survey to assess the damage caused by flooding.
The nation stands firmly with Kerala in this hour. pic.twitter.com/PFeWTTZAwl
My thoughts are with the families of those who have lost their lives due to incessant flooding across Kerala. I hope the injured recover at the earliest.
— Narendra Modi (@narendramodi) August 18, 2018
We all pray for the safety and wellbeing of the people of Kerala. https://t.co/vLZ2GjazGH
Centre is providing all possible assistance to Kerala. This includes financial assistance, providing food grains and medicines. We have asked the NHAI, NTPC, PGCIL to render all possible assistance and cater to basic infrastructure needs in the wake of the floods.
— Narendra Modi (@narendramodi) August 18, 2018
The Central Government is ensuring that the benefits under the Pradhan Mantri Awas Yojana, MGNREGA, various social security schemes, Mission for Integrated Development of Horticulture reach those affected on a priority basis in Kerala.
— Narendra Modi (@narendramodi) August 18, 2018
NDRF teams, companies of BSF, CISF and RAF are deployed in the state for rescue and relief operations.
— Narendra Modi (@narendramodi) August 18, 2018
The Air Force, Army, Navy and Coast Guard are assisting operations in different parts of Kerala.
Rescuing those who are trapped remains the topmost priority.
I salute the people of Kerala for their fighting spirit. I compliment the authorities for their efforts in this adverse situation.
— Narendra Modi (@narendramodi) August 18, 2018
I would also like to appreciate the wide support and solidarity from people across India towards Kerala during this unprecedented situation.
The Prime Minister visited Kerala to review the situation arising due to the floods in the State.
— PMO India (@PMOIndia) August 18, 2018
After a review meeting, he made an aerial assessment of the damages caused due to floods in some of the affected areas. pic.twitter.com/DQtANpBUtI
PM @narendramodi expressed grief and sorrow on the unfortunate deaths and damage caused to property due to floods in Kerala.
— PMO India (@PMOIndia) August 18, 2018
PM announced ex-gratia of Rs. 2 lakh per person to the next kin of the deceased and Rs. 50,000 to those seriously injured from PMNRF.
PM announced a financial assistance of Rs 500 crore to Kerala. This is in addition to Rs. 100 crore announced by the Home Minister on 12.08.2018.
— PMO India (@PMOIndia) August 18, 2018
He also assured the State Government that relief materials including foodgrains, medicines etc would be provided, as requested.
PM has directed Insurance Companies to hold special camps for assessment and timely release of compensation to the affected families/beneficiaries under Social Security Schemes.
— PMO India (@PMOIndia) August 18, 2018
Directions have been issued for early clearance of claims under Fasal Bima Yojna to agriculturists.
PM @narendramodi has directed NHAI to repair main national highways damaged due to floods on priority.
— PMO India (@PMOIndia) August 18, 2018
The Central Public Sector like NTPC and PGCIL have also been directed to be available to render all possible assistance to the State Government in restoring power lines.
Villagers, whose Kutcha houses have been destroyed in the devastating floods in Kerala, would be provided Pradhan Mantri Awas Yojana-Gramin houses on priority irrespective of their priority in the Permanent Wait List of PMAY-G.
— PMO India (@PMOIndia) August 18, 2018
Under Mahatma Gandhi National Rural Employment Guarantee Scheme 5.5 Cr. person days have been sanctioned in the labour budget 2018-19.
— PMO India (@PMOIndia) August 18, 2018
Any further request for incurring the person days would be considered as per the requirement projected by the State.
Under the Mission for Integrated Development of Horticulture, farmers would be provided assistance for replantation of damaged horticulture crops.
— PMO India (@PMOIndia) August 18, 2018
The flood situation in Kerala has been continuously and closely monitored by the Centre. All help is being provided to the State Government to deal with the adverse situation. PM has been in constant touch with the Kerala CM regarding the flood situation.
— PMO India (@PMOIndia) August 18, 2018
57 Teams of NDRF involving about 1300 personnel and 435 Boats are deployed for search and rescue operations. Five Companies of BSF, CISF and RAF’s have been deployed in the State to carry out rescue and relief measures.
— PMO India (@PMOIndia) August 18, 2018
Army, Air Force, Navy and Coast Guard are also deployed for assisting the State in search & rescue operations. A total of 38 helicopters have been deployed for rescue and relief measures. In addition, 20 Aircraft are also being used for ferrying resources.
— PMO India (@PMOIndia) August 18, 2018
Army has deployed 10 Columns and 10 Teams of Engineering Task Force (ETFs) involving around 790 trained personnel’s. Navy is providing 82 teams. The Coast Guard has provided 42 teams; 2 helicopters and 2 ships.
— PMO India (@PMOIndia) August 18, 2018
Centre is providing comprehensive assistance to the people of Kerala, which will contribute in restoring normalcy to citizens' lives faster.
— PMO India (@PMOIndia) August 18, 2018