Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেৰালাৰ ৱায়ানাডৰ কিছু অঞ্চলত হোৱা ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ ৱায়ানাডৰ কিছু অঞ্চলত হোৱা ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়নৰ সৈতে কথা পাতি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সম্ভৱপৰ সাহাৰ্যৰ আশ্বাস দিয়ে।

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজিৰ তৰফৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীয়ে ২ লাখকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ অনুদান ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;

“ৱায়ানাডৰ কিছু অঞ্চলত হোৱা ভূমিস্খলনৰ ঘটনাত দুখিত হৈছো। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছো আৰু আঘাতপ্ৰাপ্ত সকলৰ আশু আৰোগ্য কামনা কৰিছো। এই ঘটনাত ক্ষতিগ্ৰস্ত সকলক সহায়ৰ অৰ্থে বৰ্তমান উদ্ধাৰ অভিযান চলি আছে। কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়নৰ সৈতে কথা পাতি কেন্দ্ৰৰ পৰা সকলো সম্ভৱপৰ সাহাৰ্যৰ  আশ্বাস দিছো।”

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;

“প্ৰধানমন্ত্ৰীয়ে ৱায়ানাডৰ কিছু অঞ্চলত হোৱা ভূমিস্খলনৰ ঘটনাত মৃত্যু হোৱা প্ৰতিজন লোকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজিৰ তৰফৰ পৰা ২ লাখকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ অনুদান ঘোষণা কৰে।

********

 

DS/ST/MK/ID