Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেবিনেটৰ পেছাগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম স্থিতি আইন, ২০১৯ত অনুমোদন


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰৰ ‘সকলোৰে সৈতে, সকলোৰে বিকাশ’ আৰু ‘সকলোৰে বিশ্বাস’ মূলমন্ত্ৰক সৰোগত কৰি চৰকাৰে বিভিন্ন শ্ৰেণীৰ লোকৰ জীৱনৰ উন্নতিৰ বাবে কাম কৰি আছে৷ এই উদ্দেশ্যৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে সংসদত পেছাগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম স্থিতি আইন, ২০১৯ৰ অনুমোদন প্ৰদান কৰিছে৷ এই প্ৰস্তাৱনাৰ দ্বাৰা বৰ্তমানৰ দৃশ্যাৱলীৰ তুলনাত কৰ্মক্ষেত্ৰত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম স্থিতিৰ ভালেখিনি উন্নতি হ’ব৷

১৩টা কেন্দ্ৰীয় শ্ৰম আইনৰ প্ৰাসংগিক ব্যৱস্থাপনাসমূহৰ একত্ৰীকৰণ, সৰলীকৰণ আৰু যুক্তি প্ৰণয়নৰ পিছত নতুন কোডৰ খচৰা প্ৰস্তুত কৰা হৈছেঃ

• কাৰখানা আইন, ১৯৪৮;

• খনি আইন, ১৯৫২; বন্দৰৰ কৰ্মীসকল (সুৰক্ষা, স্বাস্থ্য আৰু কল্যাণ) আইন, ১৯৮৬;

• নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ কৰ্মী (নিয়োজনৰ নিয়ামক আৰু সেৱাৰ স্থিতি) আইন, ১৯৯৬;

• বৃক্ষৰোপণ শ্ৰম আইন, ১৯৫১;

• ঠিকাভিত্তিক শ্ৰম (নিয়মীয়াকৰণ আৰু বাতিলকৰণ) আইন, ১৯৭০;

• আন্তঃৰাজ্যিক প্ৰবাসী কৰ্মী (নিয়োজনৰ নিয়ামক আৰু সেৱাৰ স্থিতি) আইন, ১৯৭৯;

• কৰ্মৰত সাংবাদিক আৰু বাতৰিকাকতৰ অন্য কৰ্মচাৰী (সেৱাৰ স্থিতি আৰু বহুভিত্তিক ব্যৱস্থা)আইন, ১৯৫৫;

• কৰ্মৰত সাংবাদিক (স্থিৰ দৰমহা) আইন, ১৯৫৮;

• মটৰ পৰিবহণ কৰ্মী আইন, ১৯৬১;

• বিক্ৰী প্ৰচাৰ কৰ্মী (সেৱাৰ স্থিতি)আইন, ১৯৭৬;

• বিড়ি আৰু চিগাৰ কৰ্মী (নিয়োজনৰ স্থিতি) আইন, ১৯৬৬; আৰু

• চিনেমা কৰ্মী আৰু চিনেমা থিয়েটাৰ কৰ্মী আইন ১৯৮১৷ এই কোডৰ আইন প্ৰণয়ন হোৱাৰ পিছত উক্ত সকলো আইন বাতিল কৰা হ’ব৷

পৃষ্ঠভূমিঃ

শ্ৰমিকসকলৰ সুৰক্ষা, কল্যাণ আৰু উন্নত কৰ্মস্থিতি অনিবাৰ্য আৰু এয়া দেশৰ অৰ্থনৈতিক উন্নতিৰ বাবেও অনিবাৰ্য৷ উক্ত কোড প্ৰণয়নৰ দ্বাৰা দেশৰ সকলো শ্ৰমিকৰ সুৰক্ষা, স্বাস্থ্য আৰু কৰ্মস্থিতি উন্নত হ’ব৷

*****

AKT/PK/SH/MANN