প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে নোডেল তথা মুখ্য পৰিযোজনা বিকাশ এজেন্সী ভাৰতীয় ৰে’লৱে ষ্টেচন বিকাশ নিগম লিমিটেড (আইআৰএছডিচি)ৰ দ্বাৰা ৰে’লৱে ষ্টেচনসমূহৰ পুনৰ নিৰ্মাণৰ বাবে অনুমোদন প্ৰদান কৰিছে৷ পুনৰ নিৰ্মাণ কাৰ্যসূচীত বিভিন্ন ব্যৱসায়িক মণ্ডলীৰ সৰলীকৃত প্ৰক্ৰিয়া আৰু ৯৯ বৰ্ষ পৰ্যন্ত সময়ৰ বাবে পট্টাও অন্তৰ্ভুক্ত আছে৷ ইয়াৰ দ্বাৰা ৰে’লৱেৰ ব্যাপক আধুনিকীকৰণ হ’ব আৰু বিশ্বস্তৰীয় আধাৰভূত আন্তঃগাঁথনি সুনিশ্চিত হ’ব৷
সমগ্ৰ দেশত মুখ্য ৰে’লৱে ষ্টেচনসমূহৰ বিকাশ ৰে’লৱেৰ ভূমি তথা ষ্টেচনৰ নিকটৱৰ্তী স্থানৰ বাণিজ্যিক বিকাশৰ দ্বাৰা সম্পন্ন হ’ব৷ এই কাৰ্যসূচীৰ দ্বাৰা যাত্ৰীসমূহে অত্যাধুনিক সুবিধা লাভ কৰিব আৰু অতিৰিক্ত ৰাজহৰ দ্বাৰা মন্ত্ৰালয়ৰ ব্যয় লাঘৱ হ’ব৷ ষ্টেচনৰ পুনৰ নিৰ্মাণৰ দ্বাৰা অৰ্থ ব্যৱস্থাত গুণাত্মক প্ৰভাৱ পৰিব যাৰ দ্বাৰা নিয়োজনৰ অধিক সুবিধাৰ সৃষ্টি হ’ব আৰু আৰ্থিক বৃদ্ধিও হ’ব৷
নোডেল এজেন্সী আইআৰএছডিচিয়ে সমগ্ৰ আঁচনিটো প্ৰস্তুত কৰিব আৰু ষ্টেচন বিশেষে তথা ষ্টেচনসমূহৰ ব্যৱসায় যোজনা প্ৰস্তুত কৰিব যাৰ দ্বাৰা ভাৰতীয় ৰে’লৱেৰ ব্যয়ৰ স্থিৰতা সুনিশ্চিত হ’ব৷ ৰে’ল মন্ত্ৰালয়ৰ দ্বাৰা ব্যৱসায় যোজনাসমূহক অনুমোদনৰ দিয়াৰ পিছত আইআৰএছডিচি তথা পৰিযোজনা বিকাশ এজেন্সীসমূহে ষ্টেচনৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব৷ ৰে’লৱে/আৰএলডিএ/আইআৰএছডিচি ৰে’লৱে ভূমিৰ বাবে নিয়োজন আৰু বিকাশ প্ৰাধিকৰণ স্থাপন হ’ব৷ নগৰ স্থানীয় নিগম, ডিডিএৰ পৰামৰ্শমৰ্মে ভূমি ফ্ৰী হোল্ডৰ ভিত্তিত ৰে’লৱেক হস্তান্তৰিত কৰা হ’ব৷ ইয়াৰ দ্বাৰা ব্যয় স্থিৰতাৰ ভিত্তিত মুখ্য ষ্টেচনসমূহৰ পুনৰ নিৰ্মাণত ক্ষীপ্ৰতা অনাৰ বাবে ৰে’ল মন্ত্ৰালয়ে সহায় কৰিব৷ পুনৰ নিৰ্মাণ প্ৰয়াসৰ দ্বাৰা অত্যাধুনিক স্মাৰ্ট ষ্টেচনৰ সৃষ্টি হ’ব যি মিনি স্মাৰ্ট চিটী হিচাপত কাম কৰিব৷ পুনৰ নিৰ্মাণৰ দ্বাৰা যাত্ৰী তথা উদ্যোগসমূহ যথেষ্ট লাভান্বিত হ’ব৷ যাত্ৰীসমূহে আন্তঃৰাষ্ট্ৰীয় ৰে’ল টাৰ্মিনেলৰ সম পৰ্যায়ৰ সুবিধা লাভ কৰিব আৰু স্থানীয় লোকসমূহে বৃহৎ সংখ্যাত নিয়োজনৰ সুবিধা লাভ কৰিব৷
পৃষ্ঠভূমিঃ
মাণ্ডলিক ৰে’লৰ দ্বাৰা এ১ তথা এ শ্ৰেণীৰ ষ্টেচনসমূহৰ পুনৰ নিৰ্মাণৰ বাবে ২৪ জানুৱাৰী ২০১৫ তাৰিখে কেন্দ্ৰীয় কেবিনেটে অনুমোদন প্ৰদান কৰিছিল৷ এই অনুমোদন প্ৰক্ৰিয়াৰ অধীনত ৪৫ বৰ্ষৰ বাবে পট্টা লাভ কৰা হৈছিল৷ কিন্তু নিলামী প্ৰক্ৰিয়াত কোনো ধৰণৰ উৎসাহ পৰিলক্ষিত নহৈছিল৷ ডেভল’পাৰ, বিনিয়োগকাৰী তথা অন্য হিতাধিকাৰীসকলৰ সৈতে অনেক বৈঠক সম্পন্ন কৰি বিভিন্ন বিষয়ত আলোচনা কৰা হৈছিল৷ এই বিষয়ত উপ–পট্টা, সৰলীকৃত নিবিদা প্ৰক্ৰিয়া আদিৰ অনেক প্ৰশ্ন উত্থাপন কৰা হৈছিল৷ সেইবাবে নতুন পদক্ষেপৰ সৈতে এক সৰলীকৃত কাৰ্যসূচী প্ৰস্তুত কৰা হ’ল য’ত এই বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হ’ল৷ কাৰ্যসূচীত বিশেষজ্ঞ প্ৰণয়ন এজেন্সী (আইআৰএছডিচি)ক দায়িত্ব প্ৰদান কৰা হ’ল আৰু ইয়াত ষ্টেচনসমূহৰ পুনৰ নিৰ্মাণৰ বাবে উপযুক্ত আন্তঃগাঁথনি প্ৰক্ৰিয়া আৰু মানকসমূহৰ পৰিৱৰ্তন অন্তৰ্ভুক্ত কৰা হ’ল৷
*****
NW/AKT/SH/MANN