Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেবিনেটৰ তথ্য প্ৰযুক্তি আৰু ইলেক্ট্ৰ’নিকছৰ ক্ষেত্ৰত সহযোগিতাৰ উত্তৰণৰ বাবে ভাৰত আৰু শ্ৰীলংকাৰ মাজত হোৱা বুজাবুজি পত্ৰৰ সূচনা প্ৰদান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু শ্ৰীলংকাৰ মাজত তথ্য প্ৰযুক্তি আৰু ইলেক্ট্ৰ’নিকছৰ ক্ষেত্ৰত সহযোগিতাৰ উত্তৰণৰ বাবে হোৱা বুজাবুজিৰ পত্ৰৰ সূচনা প্ৰদান কৰিছে৷ এই বুজাবুজি পত্ৰ আইন আৰু ন্যায় তথা ইলেক্ট্ৰ’নিকছ আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদে ১৫ জানুৱাৰী ২০১৮ তাৰিখে শ্ৰীলংকা ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হৈছিল৷ এই বুজাবুজিৰ পত্ৰত ই-গভাৰ্ণেন্স, এম-গভাৰ্ণেন্স, ই-পাব্লিক ছাৰ্ভিচেছ ডেলিভাৰী, চাইবাৰ ছিকিউৰিটী, ছফ্টৱেৰ টেকন’ল’জী পাৰ্ক, ষ্টাৰ্ট-আপচ্ ইক’ছিষ্টেম ইত্যাদি ক্ষেত্ৰত সুক্ষ্ম সহযোগিতাৰ উত্তৰণত গুৰুত্ব দিয়া হৈছে৷

এই বুজাবুজিৰ পত্ৰ দুয়ো পক্ষৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত তথ্য-প্ৰযুক্তি আৰু ইলেক্ট্ৰ’নিকছৰ এক কৰ্ম গোট স্থাপনৰ জৰিয়তে সমাপন কৰা হ’ব৷ আইচিটি ড’মেইনৰ বি২বি আৰু জি২জি দুয়োটাতে দ্বিপাক্ষিক সহযোগিতাৰ সংবৃদ্ধি কৰা হ’ব৷

পচ্ছাদভূমিঃ

ইলেক্ট্ৰ’নিকছ আৰু তথ্য প্ৰযুক্তি (এমইআইটিৱাই)মন্ত্ৰালয়ে সহযোগিতাৰ দ্বিপাক্ষিক তথা আঞ্চলিক পৰিকাঠামোৰ অধীনত তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আইচিটি)ৰ উদ্ভাসিত তথা সীমান্তৱৰ্তী ক্ষেত্ৰসমূহৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক উত্তৰণ কৰাৰ বাবে বাধ্য৷ এমইআইটিৱায়ে বিভিন্ন দেশৰ সহযোগী সংস্থা/এজেন্সীসমূহৰ সৈতে আইচিটিৰ ক্ষেত্ৰত সুক্ষ্ম সহযোগিতা তথা তথ্য বিনিময়ৰ উত্তৰণ কৰাৰ বাবে বুজাবুজিৰ পত্ৰ/চুক্তিপত্ৰ আদিত স্বাক্ষৰ কৰিছে৷ বিভিন্ন দেশসমূহৰ সৈতে সহযোগিতাৰ পৰৱৰ্তী সংবৃদ্ধিৰ বাবে, বিশেষকৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ যেনে ‘‘ডিজিটেল ইণ্ডিয়া’’, ‘‘মেক ইন ইণ্ডিয়া’’ আদিৰ দৃষ্টিকোণেৰে, প্ৰযুক্তি ক্ষেত্ৰত ব্যৱসায়িক সুবিধাৰ বিস্তাৰৰ বৃদ্ধি হোৱাটো প্ৰয়োজন হৈছে৷ ২০১৫ চনত প্ৰধানমন্ত্ৰীৰ শ্ৰীলংকা ভ্ৰমণে ভাৰতৰ চুবুৰীয়া দেশৰ প্ৰথম নিয়মাৱলীৰ সহযোগিতা সম্পন্ন কৰিছিল৷ তথ্য প্ৰযুক্তি ক্ষেত্ৰৰ সহযোগিতা বৃদ্ধি কৰাৰ বাবে কলম্বোত ইণ্ডিয়ান মিছন আৰু এমইএ সক্ৰিয় সহযোগিতাৰ পৰিকাঠামোত গুৰুত্ব আৰোপ কৰিছে৷ এই ক্ষেত্ৰত, এমইআইটিৱাইয়ে আইচিটি ক্ষেত্ৰসমূহ যেনে ই-গভাৰ্ণেন্স, চাইবাৰ ছিকিউৰিটী, বি২বি পাৰ্টনাৰশ্বিপ, আইটি এডুকেশ্বন আৰু ৰিছাৰ্ছ/ইন’ভেচন ইত্যাদিৰ এক ব্যাপক বুজাবুজিৰ পত্ৰৰ বাবে কথা-বতৰা আগবঢ়াইছে৷   

***

AKT/VBA/SH/MANN