প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ০১-০১-২০২৫ৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডিয়াৰনেছ এলাৱেন্স (ডিএ) আৰু পেঞ্চনাৰসকলৰ বাবে ডিয়াৰনেছ ৰিলিফ (ডিআৰ)ৰ অতিৰিক্ত কিস্তি মুকলি কৰিবলৈ অনুমোদন জনাইছে। মুদ্ৰাস্ফীতিৰ ক্ষতিপূৰণৰ বাবে বৰ্তমানৰ ৫৩ শতাংশ বেচিক পে/পেঞ্চনৰ হাৰৰ তুলনাত এয়া ২ শতাংশ বৃদ্ধি।
মৰগীয়া ভাট্টা আৰু মৰগীয়া সাহায্য দুয়োটা বৃদ্ধিয়ে বছৰি ৰাজকোষত ৬৬১৪.০৪ কোটি টকাৰ সংযুক্ত প্ৰভাৱ পেলাব। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৪৮.৬৬ লাখ কৰ্মচাৰী আৰু ৬৬.৫৫ লাখ পেঞ্চনাৰ উপকৃত হ’ব।
এই বৃদ্ধি সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শৰ ভিত্তিত গ্ৰহণ কৰা সূত্ৰ অনুসৰি কৰা হৈছে।
**********
MJPS/SKS