Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেবিনেটে মেধাৱী শিক্ষাৰ্থীসকলক বিত্তীয় সহায় প্ৰদানৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী-বিদ্যালক্ষ্মী আঁচনিত অনুমোদন জনাইছে যাতে আৰ্থিক সীমাবদ্ধতাই ভাৰতৰ কোনো যুৱক-যুৱতীক গুণগত উচ্চ শিক্ষা গ্ৰহণত বাধাৰ সৃষ্টি নকৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে নতুন কেন্দ্ৰীয় খণ্ডৰ আঁচনি-প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিত অনুমোদন জনাইছে, যাৰ জৰিয়তে মেধাৱী শিক্ষাৰ্থীসকলক বিত্তীয় সহায় আগবঢ়োৱা হ’ব, যাতে উচ্চ শিক্ষা গ্ৰহণ ক্ষেত্ৰত আৰ্থিক সীমাবদ্ধতাই কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে। প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০-ৰ সৈতে সংহতি ৰাখি গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিৰ অধীনত, গুণগত উচ্চশিক্ষা প্ৰতিষ্ঠানত (কিউএইচইআই) নামভৰ্তি কৰা যিকোনো শিক্ষাৰ্থীয়ে পাঠ্যক্ৰমৰ সৈতে সম্পৰ্কিত সম্পূৰ্ণ পৰিমাণৰ শিক্ষা মাচুল আৰু অন্যান্য ব্যয়ৰ জোৰা মাৰিবলৈ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা জামানত মুক্ত, গেৰাণ্টৰ মুক্ত ঋণৰ সুবিধা লাভ কৰিব। আঁচনিখন এক সৰল, স্বচ্ছ আৰু শিক্ষাৰ্থী-অনুকূল প্ৰণালীৰ জৰিয়তে পৰিচালনা কৰা হ’ব যি আন্তঃকাৰ্যক্ষম আৰু সম্পূৰ্ণৰূপে ডিজিটেল হ’ব।

এই আঁচনিখন এন আই আৰ এফ ৰেংকিঙৰ দ্বাৰা নিৰ্ধাৰণ কৰা দেশৰ শীৰ্ষ মানদণ্ডৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ বাবে প্ৰযোজ্য হ’ব – যাৰ ভিতৰত আছে চৰকাৰী আৰু ব্যক্তিগত সকলোবোৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান, যি সামগ্ৰিকভাৱে এন আই আৰ এফ-ৰ শীৰ্ষৰ ১০০ খনৰ ভিতৰত স্থান লাভ কৰিছে আৰু ৰাজ্য চৰকাৰৰ  শ্ৰেণী-নিৰ্দিষ্ট তথা ডমেইন নিৰ্দিষ্ট উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ তালিকাত ১০১-২০০ত স্থান লাভ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰ পৰিচালিত সকলোবোৰ প্ৰতিষ্ঠান। এই তালিকাখন শেহতীয়া এন আই আৰ এফ ৰেংকিং ব্যৱহাৰ কৰি প্ৰতিবছৰে উন্নীত কৰা হ’ব  আৰু ২২ লাখতকৈও অধিক শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী-বিদ্যালক্ষ্মীৰ সম্ভাৱ্য লাভালাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

৭.৫ লাখ টকা পৰ্যন্ত ঋণৰ পৰিমাণৰ বাবে, অনাদায় ঋণৰ ক্ষেত্ৰত শিক্ষাৰ্থীগৰাকী ৭৫% ক্ৰেডিট গেৰাণ্টিৰ বাবেও যোগ্য হ’ব। ইয়ে আঁচনিখনৰ অধীনত শিক্ষাৰ্থীসকলক শিক্ষা ঋণ উপলব্ধ কৰোৱাত বেংকসমূহক সমৰ্থন প্ৰদান কৰিব।

ওপৰোক্ত সমূহৰ উপৰিও,  বছৰি ৮লাখ  টকা পৰ্যন্ত পৰিয়ালৰ উপাৰ্জন থকা, আৰু আন কোনো চৰকাৰী বৃত্তি বা সূত ৰেহাই আঁচনিৰ অধীনত লাভালাভৰ বাবে যোগ্য নোহোৱা শিক্ষাৰ্থীসকলৰ বাবে, স্থগিতাদেশৰ সময়ত ১০লাখ টকা পৰ্যন্ত ঋণৰ বাবে ৩ শতাংশ সূতৰ ৰেহাই প্ৰদান কৰা হ’ব। প্ৰতি বছৰে এক লাখ শিক্ষাৰ্থীক সূত ৰেহাই প্ৰদান কৰা হ’ব। চৰকাৰী প্ৰতিষ্ঠানৰ পৰা অহা আৰু কাৰিকৰী/পেছাদাৰী পাঠ্যক্ৰম বাছনি কৰা শিক্ষাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব। ২০২৪-২৫ বৰ্ষৰ পৰা ২০৩০-৩১ বৰ্ষলৈ ৩,৬০০ কোটি টকা ব্যয় কৰা হ’ব, আৰু এই সময়ছোৱাত ৭ লাখ নতুন শিক্ষাৰ্থীয়ে এই সূত ৰেহাইৰ সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে।

 

 

 

উচ্চ শিক্ষা বিভাগৰ “পিএম-বিদ্যালক্ষ্মী” নামৰ এটা একত্ৰিত পৰ্টেল থাকিব যাৰ জৰিয়তে শিক্ষাৰ্থীসকলে সকলো বেঙ্কে ব্যৱহাৰ কৰিব লগা এক সৰলীকৃত আবেদন প্ৰক্ৰিয়াৰ দ্বাৰা শিক্ষা ঋণৰ লগতে সূত ৰেহাইৰ বাবে আবেদন কৰিব পাৰিব। ই-ভাউচাৰ আৰু কেন্দ্ৰীয় বেঙ্ক ডিজিটেল মুদ্ৰা (চিবিডিচি) ৱালেটৰ জৰিয়তে সূত ৰেহাই পৰিশোধ কৰা হ’ব।

প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মীয়ে ভাৰতৰ যুৱপ্ৰজন্মৰ বাবে গুণগত উচ্চ শিক্ষাৰ সৰ্বাধিক প্ৰৱেশাধিকাৰৰ বাবে শিক্ষা আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বিগত এটা দশকত ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ পৰিসৰ আৰু প্ৰসাৰ বৃদ্ধি কৰিব। ই উচ্চ শিক্ষা বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা পিএম-ইউএছপিৰ দুটা উপাদান আঁচনি- শিক্ষা ঋণৰ বাবে কেন্দ্ৰীয় খণ্ডৰ সূত ৰাজসাহায্য (চিএছআইএছ) আৰু ক্ৰেডিট গেৰাণ্টি পুঁজি আঁচনি (চিজিএফএছইএল)ৰ পৰিপূৰক হ’ব। পি এম-ইউএছপি চিএছআইএছ-ৰ অধীনত, বছৰি ৪.৫ লাখ টকা পৰ্যন্ত পৰিয়ালৰ উপাৰ্জন থকা আৰু অনুমোদিত প্ৰতিষ্ঠানবোৰৰ পৰা কাৰিকৰী/পেছাদাৰী পাঠ্যক্ৰম অনুসৰণ কৰা শিক্ষাৰ্থীসকলে ১০লাখ টকা পৰ্যন্ত শিক্ষা ঋণৰ বাবে স্থগিতাদেশৰ সময়ত সম্পূৰ্ণ সূত ৰেহাই লাভ কৰিব। সেয়েহে, প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আৰু পিএম-ইউএছপিয়ে অনুমোদিত এইচইআইত মানদণ্ডৰ এইচইআই আৰু কাৰিকৰী/পেছাদাৰী শিক্ষাত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বাবে সকলো যোগ্য শিক্ষাৰ্থীক একেলগে সামগ্ৰিক সমৰ্থন প্ৰদান কৰিব।

*****

MJPS/SS/SKS/NB/ID