প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে পোলাৰ উপগ্ৰহ উৎক্ষেপণ বাহন (পিএছএলভি) অব্যাহত ৰখাৰ কাৰ্যসূচী (ষষ্ঠ পৰ্যায়) আৰু এই কাৰ্যসূচীৰ অন্তৰ্গত ৩০টা পিএছএলভিৰ কাৰ্যকৰী উৎক্ষেপণৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰাৰ বাবে অনুমোদন জনাইছে৷
এই কাৰ্যসূচীৰ জৰিয়তে পৃথিৱী অৱলোকন, দিশ নিৰ্ণয় আৰু মহাকাশ বিজ্ঞানৰ বাবে উপগ্ৰহৰ উৎক্ষেপণৰ প্ৰয়োজনীয়তাসমূহো পূৰণ কৰা হ’ব৷ ইয়াৰ দ্বাৰা ভাৰতীয় উদ্যোগত উৎপাদনো অব্যাহত থাকিব৷
মুঠ ৬,১৩১ কোটি টকাৰ পুঁজিৰ প্ৰয়োজনীয়তা আছে আৰু ইয়াত ৩০খন পিএছএলভি বাহন, আৱশ্যকীয় সুবিধা বৃদ্ধি, কাৰ্যক্ৰম ব্যৱস্থাপনা আৰু উৎক্ষেপণ অভিযানৰ প্ৰয়োজনীয়তাসমূহ অন্তৰ্গত আছে৷
মুখ্য প্ৰভাৱঃ
পিএছএলভিৰ কাৰ্যাৱলীৰ দ্বাৰা দেশ পৃথিৱী অৱলোকন, দুৰ্যোগ প্ৰশমন, দিশ নিৰ্ণয় আৰু মহাকাশ বিজ্ঞানৰ বাবে উপগ্ৰহ উৎক্ষেপণ ক্ষমতাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠিব৷ পিএছএলভি অব্যাহত ৰখাৰ কাৰ্যসূচীৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰয়োজনীয়তাৰ বাবে একে ধৰণৰ উপগ্ৰহ উৎক্ষেপণৰ ক্ষমতা আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি হ’ব৷ পিএছএলভি অব্যাহত ৰখাৰ কাৰ্যসূচীৰ ষষ্ঠ পৰ্যায়ত ভাৰতীয় উদ্যোগৰ অংশীদাৰীত্বৰ দ্বাৰা প্ৰতিবৰ্ষতে আঠটা পৰ্যন্ত উপগ্ৰহ উৎক্ষেপণ কৰিব পৰা হ’ব৷ ২০১৯-২০২৪ৰ সময়ছোৱাত সকলো কাৰ্যকৰী উৎক্ষেপণ অভিযান সম্পন্ন কৰা হ’ব৷ এই কাৰ্যসূচীৰ জৰিয়তে পৃথিৱী অৱলোকন, দিশ নিৰ্ণয় আৰু মহাকাশ বিজ্ঞানৰ বাবে উপগ্ৰহৰ উৎক্ষেপণৰ প্ৰয়োজনীয়তাসমূহো পূৰণ কৰা হ’ব৷ ইয়াৰ দ্বাৰা ভাৰতীয় উদ্যোগত উৎপাদনো অব্যাহত থাকিব৷ পিএছএলভি অব্যাহত ৰখাৰ কাৰ্যসূচী ২০০৮ত আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ চাৰিটা পৰ্যায় পূৰণ হৈছে তথা ২০১৯-২০ৰ প্ৰথম ছমাহত পঞ্চম পৰ্যায় সম্পূৰ্ণ হোৱাৰ আশা আছে৷ ষষ্ঠ পৰ্যায়ৰ অনুমোদনৰ জৰিয়তে ২০১৯-২০ৰ পৰা ২০২৩-২৪ৰ প্ৰথম তিনি মাহৰ সময়ছোৱাত উপগ্ৰহ উৎক্ষেপণ অভিযানত সহায়ক হ’ব৷
পৃষ্ঠভূমিঃ
পিএছএলভি ছান ছিনক্ৰ’নাছ পোলাৰ অৰবিট (এছএছপিঅ’), জিঅ’-ছিনক্ৰ’নাছ ট্ৰান্সফাৰ অৰবিট (জিটিঅ’) আৰু ল’ আৰ্থ অৰবিট (এলইঅ’) উৎক্ষেপণ অভিযানত বহুপযোগী উৎক্ষেপণ বাহন হিচাপে স্বীকৃত হৈছে৷ শেহতীয়াকৈ ১২ এপ্ৰিল ২০১৮ত পিএছএলভি-চি৪১ৰ সফল উৎক্ষেপণৰ সৈতে পিএছএলভিয়ে তিনিটা বিকাশ আৰু ৪৩টা কাৰ্যকৰী উৎক্ষেপণ সম্পন্ন কৰিছে তথা বিগত ৪১টা উৎক্ষেপণো সফল হৈছে৷ পিএছএলভিয়ে নিজৰ উৎপাদন ক্ষমতাৰ দ্বাৰা নিজকে ৰাষ্ট্ৰীয় উপগ্ৰহৰ বাবে কাৰ্য-বাহন হিচাপে প্ৰতিষ্ঠা কৰিছে যাৰ দ্বাৰা ব্যৱসায়িক উৎক্ষেপণৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে কৰ্ম সম্পাদন কৰিব পৰা হ’ব৷
*****
AKT/VBA/SH/MANN