প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে দূৰসঞ্চাৰ বিভাগৰ সাৰ্বজনিক প্ৰতিষ্ঠান হেমিস্ফীয়েৰ প্ৰ’পাৰ্টিজ ইণ্ডিয়া লিমিটেড (এইছপিআইএল)ৰ প্ৰশাসনিক নিয়ন্ত্ৰণ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ক হস্তান্তৰিত কৰিবলৈ অনুমোদন জনাইছে৷ এই অনুমোদন কোম্পানীক ৭০০ কোটি টকাৰ ইকুইটী পৰিমাণ প্ৰদান দিবলৈ আৰু ভাৰত চৰকাৰৰ ৫১ কোটি টকাৰ প্ৰতিভূতি ঋণ প্ৰদানৰ পিছত আৰু অৱশেষ ভূমিৰ ডী-মাৰ্জাৰ ব্যৱস্থাপনা যোজনা প্ৰণয়ন কৰাৰ পিছত দিয়া হৈছে৷
বিৱৰণঃ
(ক) নিজা প্লেচমেণ্টৰ আধাৰত ১০ টকাৰ সমমূল্যত ৭০ কোটিৰ সঞ্চিত জমাৰ পিছত পুনৰপ্ৰাপ্ত যোগ্য অগ্ৰাধিকাৰ শ্বেয়াৰ অধিগৃহীত কৰাৰ বাবে হেমিস্ফীয়েৰ প্ৰ’পাৰ্টী ইণ্ডিয়া লিমিটেড কোম্পানীত ৭০০ কোটি টকাৰ ইকুইটি লগোৱা হৈছে আৰু ভাৰত চৰকাৰৰ পৰা প্ৰতিভূমি ঋণৰ জৰিয়তে ৫১ কোটি টকা দিয়া হৈছে যাৰ কুপন দৰ/সুতৰ দৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা নিৰূপণ কৰা হ’ব আৰু যোজনা প্ৰৱৰ্তন কৰা হ’ব৷
(খ) ৰিয়েল ইষ্টেটৰ ব্যৱসায়ত এইচপিআইএএলক প্ৰত্যক্ষ বিদেশী নিবেশক সম্পৰ্কত ভাৰত চৰকাৰৰ দ্বাৰা শিথীলতা প্ৰদান কৰা হ’ব৷
(গ) এইচপিআইএএলৰ শক্তি বিকেন্দ্ৰিত কৰা যাতে বিক্ৰী, দীৰ্ঘকালীন চুক্তি আৰু ভূমিৰ বিক্ৰী সহিতে বুজাপৰা উদ্দেশ্যক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে উচিত নিৰ্ণয় ল’ব পাৰি৷
(ঘ) দূৰ সঞ্চাৰ মন্ত্ৰালয়ৰ অন্তৰ্গত দূৰ সঞ্চাৰ বিভাগৰ পৰা গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ক ইকুইটী শ্বেয়াৰৰ হস্তান্তৰণ তথা এইচপিআইএল ব্যৱস্থাপনা নিয়ন্ত্ৰণৰ হস্তান্তৰণ কৰা৷
(ঙ) দূৰ সঞ্চাৰ মন্ত্ৰালয়ৰ পৰা গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ক ইকুইটী শ্বেয়াৰ হস্তান্তৰিত কৰিবলৈ, ইকুইটী দিবলৈ আৰু ব্যৱস্থাপনা যোজনা প্ৰণয়ন কৰাৰ বাবে দূৰ সঞ্চাৰ বিভাগত অধিকৃত কৰা৷
লাভঃ
ইয়াৰ দ্বাৰা অৱশেষ ভূমি টাটা কমিউনিকেছন লিমিটেডৰ পৰা পৃথক হৈ হেমিস্ফীয়েৰ প্ৰ’পাৰ্টীজ ইণ্ডিয়া লিমিটেড (এইচপিআইএএল)ৰ হৈ যাব তথা এইচপিআইএএলৰ কামকাজ পূবৰ্তকৈও সৰল হৈ পৰিব৷
প্ৰৱৰ্তন কৌশল আৰু লক্ষ্যঃ
কেবিনেটৰ দ্বাৰা প্ৰস্তাৱিত এই প্ৰস্তাৱৰ উচিত স্বীকৃতিৰ পিছত অৱশেষ ভূমি টিচিএলৰ পৰা এইচপিআইএএলক ষ্টাম্প ডিউটীৰ জমাত হস্তান্তৰিত কৰা হ’ব৷ টিচিএলৰ দ্বাৰা সূচীত কৰা অনুসৰি ৰাষ্ট্ৰীয় উদ্যোগ আইন ন্যায়াধিকৰণ (এনচিএলটি)ৰ দ্বাৰা ব্যৱস্থাপনা যোজনাৰ স্বীকৃতিৰ বাবে প্ৰায় সাতৰ পৰা আঠ মাহ পৰ্যন্ত সময়ৰ প্ৰয়োজন হ’ব৷ এনচিএলটিৰ দ্বাৰা ইয়াক স্বীকৃতি প্ৰদান কৰাৰ পিছত অন্তৰ্ভুক্ত বিভিন্ন পদক্ষেপ প্ৰৱৰ্তন কৰাৰ বাবে পাঁচৰ পৰা ছয় মাহৰ প্ৰয়োজন হ’ব৷ সামগ্ৰিক ৰূপত নিৰ্ণয় প্ৰণয়ন কৰাৰ বাবে এটা বৰ্ষৰ প্ৰয়োজন হ’ব৷
পৃষ্ঠভূমিঃ
মেচাৰ্ছ বিদেশ সঞ্চাৰ নিগম লিমিটেড (এতিয়া টাটা কমিউনিকেচন লিমিচেড)ৰ ভাৰত চৰকাৰৰ দ্বাৰা ১৩ ফেব্ৰুৱাৰী ২০০২ক বিনিয়োগ কৰা হৈছিল আৰু উদ্যোগটোৰ ব্যৱস্থাপনা নিয়ন্ত্ৰণ কৌশল, টাটাৰ সমূহ উদ্যোগৰ অন্তৰ্গত এক বিশেষ উদ্দেশ্যভিত্তিক বাহন, মেচাৰ্ছ পানাটোন ফাইনৱেষ্ট লিমিটেড (পিএফএল)ক প্ৰদান কৰা হৈছিল৷
বিনিয়োগৰ সময় চাৰিখন চহৰ যেনে পুণে, কলকাতা, নতুন দিল্লী আৰু চেন্নাইৰ পাঁচটা স্থানৰ ৭৭৩.১৩ একৰ (মুঠ ১২৩০.১৩ একৰ ভূমিৰ পৰা) অৱশেষ ভূমি সীমাংকন কৰা হৈছিল আৰু এয়া সিদ্ধান্ত লোৱা হৈছিল অৱশেষ ভূমি বিনিয়োগৰ অংশ নহ’ব৷
শ্বেয়াৰধাৰক চুক্তি/শ্বেয়াৰ ক্ৰয় চুক্তি অনুসৰি উদ্যোগ অধিনিয়ম ১৯৫৬ৰ অনুচ্ছেজ ৩৯১ৰ পৰা ৩৯৪লৈ অন্তৰ্গত পিএফএলৰ দায়িত্ব অৱশেষ ভূমি এক ৰিয়েলিটী উদ্যোগক প্ৰত্যৰ্পন কৰাৰ কথা আছিল৷
******
AKT/VBA/MANN