Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেবিনেটে ইণ্ডিয়ান পেট্ৰ’লিয়াম ছেফটী ছাৰ্ভিচ (আইপিইএছএছ)ৰ নামত পেট্ৰ’লিয়াম এণ্ড ছেফটী অৰ্গনাইজেছন (পিইএছঅ’)ৰ প্ৰযুক্তিগত কেডাৰৰ অধীনত গ্ৰুপ ‘এ’ৰ সেৱা গঠন তথা কেডাৰ সমীক্ষাক অনুমোদন জনাইছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ইণ্ডিয়ান পেট্ৰ’লিয়াম ছেফটী ছাৰ্ভিচ (আইপিইএছএছ)ৰ নামত পেট্ৰ’লিয়াম এণ্ড ছেফটী অৰ্গনাইজেছন (পিইএছঅ’)ৰ প্ৰযুক্তিগত কেডাৰৰ অধীনত গ্ৰুপ ‘এ’ৰ সেৱা গঠন তথা কেডাৰ সমীক্ষাক অনুমোদন জনাইছে৷ এই পদক্ষেপৰ জৰিয়তে সংগঠনৰ ক্ষমতা তথা সামৰ্থতা বৃদ্ধি হ’ব৷ লগতে ইয়াৰ জৰিয়তে গ্ৰুপ ‘এ’ৰ বিষয়াববীয়াৰ কেৰিয়াৰো বিকাশো হ’ব৷

পৃষ্ঠভূমিঃ

পিইএছঅ’ ঔদ্যোগিকী নীতি তথা সংবৰ্ধন বিভাগ (ডিআইপিপি)ৰ অধীনস্থ এক সহায়ক কাৰ্যালয়৷ এই সংগঠন বিস্ফোৰক, সংপীড়িত গেছ তথা পেট্ৰ’লিয়ামৰ দৰে সামগ্ৰীসমূহৰ সুৰক্ষাৰ বাবে ১৮৯৮ চনৰ পৰা এক নোডেল এজেন্সীৰূপে ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়াই আহিছে৷ সময়ৰ লগে লগে পিইএছঅ’ৰ ভূমিকা আৰু দায়িত্ব বহুগুণে বৃদ্ধি পাইছে আৰু ইয়াৰ বিস্তাৰ বিভিন্ন ক্ষেত্ৰলৈ প্ৰসাৰিত হৈছে৷ আজি এই সংগঠন বিস্ফোৰক পদাৰ্থ, পেট্ৰ’লিয়াম, সংপীড়িত গেছ, প্ৰেছাৰ পাত্ৰ, গেছ চিলিণ্ডাৰ, আন্তঃৰাষ্ট্ৰীয় পাইপ লাইন, তৰলীকৃত প্ৰাকৃতিক গেছ (এলএনজি), সংপীড়িত প্ৰাকৃতিক গেছ (চিএনজি), বাহন তৰলীকৃত পেট্ৰ’লিয়াম গেছ (অট’ এলপিজি) আদিৰ সৈতে সম্বন্ধিত বিষয়ত কাৰ্য ৰূপায়ণ কৰি আছে৷ অনুজ্ঞাপত্ৰযুক্ত পৰিসৰ তথা অন্য গতিবিধিৰ সংখ্যাত উল্লেখনীয় বৃদ্ধি হোৱাৰ লগতে এই সংগঠনৰ ওপৰত কামৰ চাপো বৃদ্ধি পাইছে৷

পিইএছঅ’ৰ প্ৰযুক্তি কেডাৰ গ্ৰুপ ‘এ’ৰ অধীনত বৰ্তমানে ১৩৭টা পদ আৱণ্টিত কৰা হৈছে য’ত ৬০টা জুনিয়ৰ টাইমছ স্কেল (জেটিএছ) স্তৰৰ বিষয়া, ৪৬ ছিনিয়ৰ টাইমছ স্কেল (এছটিএছ) স্তৰৰ বিষয়া, ২৩ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ গ্ৰেড (জেএজি) স্তৰৰ বিষয়া (লেবেল ১২), ৭ জেএজী স্তৰৰ বিষয়া (লেবেল ১৩) আৰু এজন মুখ্য বিস্ফোৰক নিয়ন্ত্ৰক স্তৰৰ জ্যেষ্ঠ প্ৰশাসনিক গ্ৰেড (এছএজী)ৰ বিষয়া অন্তৰ্ভুক্ত আছে৷

সকলো গ্ৰেডতে কৰ্মচাৰীৰ প্ৰদৰ্শন আৰু মনোবল বৃদ্ধি কৰাৰ বাবে আইপিইএছএছৰ সামত পিইএছঅ’ৰ অধীনত গ্ৰুপ ‘এ’ প্ৰযুক্তি সেৱা কেডাৰ গঠনৰ সিদ্ধান্ত লোৱা হৈছে৷ লগতে নৱগঠিত সেৱাক ১৩তম স্তৰত পাঁচটা পদ বৃদ্ধি, ১২তম স্তৰত তিনিটা পদ বৃদ্ধি আৰু ১১তম স্তৰত আঁঠটা পদ হ্ৰাসৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷  

*****

AKT/VBA/SH/MANN