প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ১৩ খন নতুন কেন্দ্ৰীয় বিশ্বাবিদ্যালয় স্থাপনৰ বাবে প্ৰয়োজনীয় ব্যয় তথা আন্তঃগাঁথনিৰ বাবে ৩৬৩৯.৩২ কোটি টকাৰ আনুমানিক ব্যয়ৰ বাবে অনুমোদন প্ৰদান কৰিছে৷ এই কাম ৩৬ মাহৰ ভিতৰত সম্পন্ন কৰা হ’ব৷
তাৰোপৰি কেবিনেটে এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ বাবে কেবিনেটৰ দ্বাৰা পূৰ্বে স্বীকৃত ৩০০০ কোটি টকাৰ পৰিমাণৰ উপৰিও ১৪৭৪.৬৫ কোটি টকাৰ পূৰ্ব্যব্যাপী অনুমোদন প্ৰদান কৰিছে৷
এই নতুন কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আইন, ২০০৯ৰ অধীনত বিহাৰ, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ (দুখন), ঝাৰখণ্ড, কৰ্ণাটক, কেৰেলা, উৰিষ্যা, পাঞ্জাৱ, ৰাজস্থান আৰু তামিলনাডুত স্থাপন কৰা হ’ব৷ সেইসমূহ হ’লঃ
১. দক্ষিণ বিহাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, গয়া, বিহাৰ
২. হাৰিয়ানা কেন্দ্ৰীয় বিশ্ববিদ্যালয়, মহেন্দ্ৰগড়
৩. জম্মু কেন্দ্ৰীয় বিশ্ববিদ্যালয়, জম্মু
৪. ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ৰাঁচী
৫. কাশ্মীৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, শ্ৰীনগৰ
৬. কৰ্ণাটক কেন্দ্ৰীয় বিশ্ববিদ্যালয়, গুলাবাৰ্গা
৭. কেৰেলা কেন্দ্ৰীয় বিশ্ববিদ্যালয়, কাসৰগোড়
৮. উৰিষ্যা কেন্দ্ৰীয় বিশ্ববিদ্যালয়, কোৰাপুত
৯. পাঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ভাটিণ্ডা
১০. ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়, বান্দেৰসিন্দ্ৰী, ৰাজস্থান
১১. তামিলনাডু কেন্দ্ৰীয় বিশ্ববিদ্যালয়, থিৰুভাৰুৰ
১২. গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়, গুজৰাট
১৩. হিমাচল প্ৰদেশ কেন্দ্ৰীয় বিশ্ববিদ্যালয়
প্ৰভাৱঃ
ইয়াৰ দ্বাৰা উচ্চ শিক্ষাত প্ৰাপ্তিত সহায়ক হোৱাৰ লগতে অন্য বিশ্ববিদ্যালয়ৰ বাবে ই আদৰ্শ হিচাপেও বিবেচিত হ’ব৷ তাৰোপৰি ইয়াৰ জৰিয়তে আঞ্চলিকভিত্তিত শিক্ষাৰ ক্ষেত্ৰত থকা অসমতা হ্ৰাস হোৱাতো সহায়ক হ’ব৷
*****
AKT/MANN