Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ গ্ৰুপ ‘এ’ পৰ্যায়ৰ কাৰ্যবাহী কেডাৰৰ পৰ্যালোচনাত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী(চিআইএছএফ)ৰ গ্ৰুপ ‘এ’ পৰ্যায়ৰ কাৰ্যবাহী কেডাৰৰ পৰ্যালোচনাত অনুমোদন জনায়। ইয়াৰ জৰিয়তে চিআইএছএফত সহকাৰী কমাণ্ডেণ্ট পদৰ পৰা অতিৰিক্ত সঞ্চালক প্ৰধানলৈকে কেইবাটাও নতুন পদ সৃষ্টি কৰা হৈছে।

নতুন গাঁথনি অনুসৰি চিআইএছএফ কেডাৰৰ পূৰ্বৰ গ্ৰুপ ‘এ’ৰ ১২৫২ পদৰ পৰা ১২৭৭ টালৈ বৃদ্ধি কৰাৰ উপৰি ২টা অতিৰিক্ত সঞ্চালকপ্ৰধান, ৭টা মহাপৰিদৰ্শ, ৮টা উপপৰিদৰ্শক আৰু ৮টা কমাণ্ডেণ্ট পদ বৃদ্ধি কৰা হয়।

প্ৰভাৱঃ

চিআইএছএফৰ গ্রুপ ‘এ’ পদৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত বাহিনীৰ ক্ষমতা আৰু দক্ষতা অধিক বৃদ্ধি পাব। সময়ানুসৰি কৰা এনে কেডাৰ পৰ্যালোচনাই সামগ্ৰিকভাবে বাহিনীটোৰ প্রশাসনিক ক্ষমতাও বৃদ্ধি কৰিব।

পটভূমিঃ

চিআইএছএফ আইন, ১৯৬৮ৰ ভিত্তিত গঠন হোৱা কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীটোক ১৯৮৩ চনত কৰা সংশোধনৰ জৰিয়তে কেন্দ্ৰীয় সেনা বাহিনীৰ এটা বাহিনী হিচাপে ঘোষণা কৰা হয়। এই কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীক কেৱল ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ অধীনস্ত সম্পত্তিৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্ব দিয়া হয়। এই আইনখন ১৯৮৯, ১৯৯৯ আৰু ২০০৯ চনত কৰা সংশোধন অনুসৰি কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ড তথা অন্যান্য কাম-কাজতো নিয়োগ কৰি আহিছে।
১৯৬৯ চনত ইয়াৰ কেৱল ৩টা বেটেলিয়ন আছিল। চিএপিএফৰ দৰে বেটেলিয়ন নহ’লেও বৰ্তমান সমগ্ৰ দেশৰ ৩৩৬টা ঔদ্যোগিক প্ৰতিষ্ঠান(৫৯টা বিমান বন্দৰসহ)ত চিআইএছএফে নিৰাপত্তা প্ৰদান কৰি আছে। ১৯৬৯ চনত ৩,১৯২গৰাকী জোৱানেৰে আৰম্ভ হোৱা চিআইএছএফত ৩০.০৬.২০১৭ লৈকে সৰ্বমুঠ ১,৪৯,০৮৮গৰাকী জোৱান নিযুক্তিৰে শক্তিশালী বাহিনীত পৰিণত হৈছে। চিআইএছএফৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত। এই বাহিনীৰ মুৰব্বী হৈছে সঞ্চালকপ্ৰধান, যিগৰাকীয়ে প্ৰথমে কেডাৰ হিচাপে কাৰ্যনিবাহ কৰিছিল।

***

AKT/VBA/SH/DB