প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুৱেইটৰ আমিৰ মহামহিম শ্বেখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহক সাক্ষাৎ কৰে। উল্লেখ্য যে এইখনেই আছিল দুয়োগৰাকী নেতাৰ প্ৰথমটো সাক্ষাৎ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বায়ান প্ৰাসাদত উপস্থিত হোৱাৰ লগে লগে তেওঁক আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনোৱা হয় আৰু কুৱেইটৰ প্ৰধানমন্ত্ৰী মহামহিম আহমদ আল আব্দুল্লাহ আল আহমদ আল ছাবাহে সাদৰ সম্ভাষনেৰে আদৰি আনে।
দুয়োখন দেশৰ মাজৰ ঐতিহাসিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কক সুঁৱৰি দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতা আৰু অধিক সম্প্ৰসাৰণ কৰাৰ লগতে সুদৃঢ় কৰি তোলাৰ বাবে তেওঁলোকৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। এই প্ৰেক্ষাপটত তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্কক ‘কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰিবলৈ সন্মত হয়।
কুৱেইটত ১০ লাখৰো অধিক শক্তিশালী ভাৰতীয় সমুদায়ৰ লোকসকলৰ কল্যাণ সুনিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে মহামহিম আমিৰক ধন্যবাদ জনায়। মহামহিম আমিৰে কুৱেইটৰ উন্নয়নত ভাৰতীয় সমুদায়ৰ অনবদ্য অৱদানৰ বাবে শলাগ লয়।
প্ৰধানমন্ত্ৰীয়ে কুৱেইটে নিজৰ ভিজন ২০৩৫ লাভৰ বাবে ৰূপায়ণ কৰা নতুন পদক্ষেপক প্ৰশংসা কৰে আৰু চলিত মাহৰ আৰম্ভণিতে জিচিচি শীৰ্ষ সন্মিলন সফলতাৰে আয়োজন কৰাৰ বাবে মহামহিম আমিৰক অভিনন্দন জনায়। ইফালে, আগদিনা আৰব উপসাগৰীয় কাপৰ উদ্বোধনী সভাত ‘সন্মানীয় অতিথি’ হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবেও তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। আনফালে, মহামহিম আমিৰে কুৱেইট আৰু উপসাগৰীয় অঞ্চলত বিশ্বাসযোগ্য অংশীদাৰ হিচাপে ভাৰতৰ ভূমিকাৰ বাবে শলাগ লয়। কুৱেইটৰ ভিজন ২০৩৫ বাস্তৱায়িত কৰাৰ দিশত ভাৰতৰ বৰ্ধিত অংশীদাৰীত্ব আৰু অৱদানৰ বাবেও আশা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়েও মহামহিম আমিৰক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়
****
MJPS/ST/SKS
PM @narendramodi had a productive meeting with His Highness the Amir of Kuwait, Sheikh Meshal Al-Ahmad Al-Jaber Al Sabah. Their discussions centered around advancing India-Kuwait cooperation in sectors such as pharmaceuticals, IT, FinTech, infrastructure and security. pic.twitter.com/Tmlz1GxN7p
— PMO India (@PMOIndia) December 22, 2024
Excellent meeting with His Highness the Amir of Kuwait, Sheikh Meshal Al-Ahmad Al-Jaber Al Sabah.
— Narendra Modi (@narendramodi) December 22, 2024
We discussed cooperation in key sectors like pharmaceuticals, IT, FinTech, Infrastructure and security.
In line with the close ties between our nations, we have elevated our… pic.twitter.com/yjBXjZk7gd
لقاء ممتاز مع صاحب السمو أمير دولة الكويت الشيخ مشعل الأحمد الجابر الصباح.
— Narendra Modi (@narendramodi) December 22, 2024
ناقشنا التعاون في قطاعات رئيسية مثل الصناعات الدوائية وتكنولوجيا المعلومات والتكنولوجيا المالية والبنية الأساسية والأمن.
تماشياً مع العلاقات الوثيقة بين بلدينا، رفعنا شراكتنا إلى مستوى استراتيجي وأنا… pic.twitter.com/WrF07cvQQa