প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লকুলীশ পৰম্পৰাৰ কুলগুৰু স্বামী ৰাজৰ্ষি মুনিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে বহু বছৰ ধৰি যোগাসনৰ ক্ষেত্ৰত তেওঁৰ অনবদ্য অৱদানৰ কথা উল্লেখ কৰে। তেখেতে বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনাৰ লগতে শোকসন্তপ্ত অনুৰাগীসকললৈ সমবেদনা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
“লকুলীশ পৰম্পৰাৰ কুলগুৰু স্বামী ৰাজর্ষি মুনিৰ প্রয়াণে শোকাহত কৰিছে। তেওঁ বহু বছৰ ধৰি যোগ চর্চাৰে এক অনন্য কীর্তি ৰাখি থৈ গ’ল। মই তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনাৰে তেওঁৰ শোকসন্তপ্ত অনুৰাগীসকললৈ সমবেদনা জ্ঞাপন কৰিছো।”
***
DS/ST/SB
લકુલીશ પરંપરાના કુલગુરુ સ્વામિ રાજર્ષિ મુનિના બ્રહ્મલીન થયાના સમાચાર દુ:ખદ છે. તેઓએ વર્ષો સુધી યોગના સંવર્ધન અને વિકાસનું કાર્ય કર્યું. સદ્ગતના આત્માની શાંતિ માટે અંતરમનથી પ્રાર્થના તથા શોકગ્રસ્ત અનુયાયીઓને સાંત્વના ॥
— Narendra Modi (@narendramodi) August 30, 2022