মোৰ মৰমৰ দেশবাসী,
মানৱতাৰ সন্মুখত খুব কমেহে এনে সময় আহে যেতিয়া সময়ৰ চক্ৰই আমাক অতীত সংশোধন কৰি এক নতুন ভৱিষ্যত গঢ়াৰ সুযোগ দিয়ে। আজি সৌভাগ্যক্ৰমে আমাৰ হাতলৈ এনে এক ক্ষণ আহিছে। কেইবা দশক পূৰ্বে, জৈৱ বৈচিত্ৰ্যৰ বহু পুৰণি সংযোগ বিচ্ছিন্ন হৈছিল, বিলুপ্ত হৈ গৈছিল, আৰু আজি আমি ইয়াক পুনৰুদ্ধাৰৰ সুযোগ পাইছো। আজি, ভাৰতৰ মাটিলৈ চিতা ঘূৰি আহিছে। আৰু মই এইটোও ক’ম যে এই চিতাবোৰৰ লগতে ভাৰতৰ প্ৰকৃতিপ্ৰেমী চেতনাও সম্পূৰ্ণৰূপে জাগ্ৰত হৈছে। এই ঐতিহাসিক অনুষ্ঠানত মই সকলো দেশবাসীক অভিনন্দন জনাইছোঁ।
বিশেষকৈ, মই আমাৰ বন্ধু দেশ নামিবিয়া আৰু তাৰ চৰকাৰকো ধন্যবাদ জনাইছো, যাৰ সহযোগিতাত কেইবা দশকৰ পিছত ভাৰতৰ মাটিলৈ চিতা ঘূৰি আহিছে।
মই নিশ্চিত, এই চিতাবোৰে আমাক কেৱল প্ৰকৃতিৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ বিষয়ে সজাগ কৰাই নহয়, আমাৰ মানৱীয় মূল্যবোধ আৰু পৰম্পৰাৰ প্ৰতিও সচেতন কৰি তুলিব।
বন্ধুসকল,
যেতিয়া আমি আমাৰ শিপাৰ পৰা আঁতৰত থাকো তেতিয়া আমি বহুত হেৰুৱাওঁ। সেয়েহে স্বাধীনতাৰ এই অমৃত কালত আমি ‘আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰা’ আৰু ‘দাসত্বৰ মানসিকতাৰ পৰা মুক্তি’ৰ দৰে পঞ্চ প্ৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছোঁ। বিগত শতিকাবোৰত, আমি সেই সময়ো দেখিছোঁ যেতিয়া প্ৰকৃতিৰ শোষণক শক্তি আৰু আধুনিকতাৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল। ১৯৪৭ চনত, যেতিয়া দেশখনত কেৱল অন্তিম তিনিটা চিতাহে বাকী আছিল, তেওঁলোককো শাল অৰণ্যত নিৰ্মমভাৱে আৰু দায়িত্বহীনভাৱে চিকাৰ কৰা হৈছিল। এইয়া দুৰ্ভাগ্যজনক যে আমি ১৯৫২ চনত দেশৰ পৰা চিতা বিলুপ্ত বুলি ঘোষণা কৰিছিলোঁ, কিন্তু চিতাবোৰক পুনৰুদ্ধাৰ কৰাৰ বাবে কেইবা দশক ধৰি কোনো অৰ্থপূৰ্ণ প্ৰচেষ্টা কৰা হোৱা নাছিল।
আজি, স্বাধীনতাৰ অমৃত সময়ত, দেশখনে এতিয়া নতুন শক্তিৰে চিতাবোৰক পুনৰুদ্ধাৰ কৰিবলৈ একত্ৰিত হৈছে। মৃতককো পুনৰুজ্জীৱিত কৰাৰ শক্তি আছে অমৃতৰ । মই সুখী যে স্বাধীনতাৰ অমৃত কালত কৰ্তব্য আৰু বিশ্বাসৰ এই অমৃতে আমাৰ ঐতিহ্যক পুনৰুজ্জীৱিত কৰাৰ লগতে ভাৰতৰ মাটিলৈ এতিয়া চিতাবোৰ ওভতাই আনিছে।
ইয়াৰ আঁৰত আমাৰ বহু বছৰৰ কঠোৰ পৰিশ্ৰম আছে। আমি এনে এটা কামৰ আঁৰত যথেষ্ট শক্তি ৰাখিছোঁ যাক ৰাজনৈতিক দৃষ্টিকোণৰ পৰা কোনেও গুৰুত্ব নিদিয়ে। ইয়াৰ বাবে, এক বিতং চিতা কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল। আমাৰ বিজ্ঞানীসকলে দীঘলীয়া গৱেষণা কৰিছিল, দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ বিশেষজ্ঞসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল। আমাৰ দলবোৰ তালৈ গৈছিল, তাৰ বিশেষজ্ঞসকলো ভাৰতলৈ আহিছিল। সমগ্ৰ দেশতে চিতাৰ বাবে আটাইতকৈ উপযুক্ত এলেকাৰ বাবে বৈজ্ঞানিক জৰীপ কৰা হৈছিল, আৰু তাৰ পিছত এই শুভ আৰম্ভণিৰ বাবে কুনো ৰাষ্ট্ৰীয় উদ্যান বাছনি কৰা হৈছিল। আৰু আজি, ইয়াৰ ফলস্বৰূপে আমাৰ সেই কঠোৰ পৰিশ্ৰমৰ ফল আমাৰ সন্মুখত আছে।
বন্ধুসকল,
এইটো সঁচা যে যেতিয়া প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষিত হয়, তেতিয়া আমাৰ ভৱিষ্যতো সুৰক্ষিত হয়। বিকাশ আৰু সমৃদ্ধিৰ পথো মুকলি হয়। যেতিয়া কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাবোৰে পুনৰ দৌৰিব, ইয়াৰ ঘাঁহনি পৰিৱেশ-প্ৰণালী পুনৰ পুনৰুদ্ধাৰ হ’ব, জৈৱ-বৈচিত্ৰ্য আৰু বৃদ্ধি হ’ব। আগন্তুক দিনত, ইয়াত পৰিৱেশ-পৰ্যটনো বৃদ্ধি পাব, ইয়াত উন্নয়নৰ নতুন সম্ভাৱনা সৃষ্টি হ’ব, নিযুক্তিৰ সুযোগ বৃদ্ধি পাব। কিন্তু বন্ধুসকল, মই আজি আপোনালোক, সকলো দেশবাসীৰ ওচৰত এটা আহ্বান কৰিব বিচাৰো। দেশবাসীয়ে কেইমাহমান ধৈৰ্য্য দেখুৱাব লাগিব, কুনো ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া চিতাবোৰ চাবলৈ অপেক্ষা কৰিব লাগিব। আজি এই চিতাবোৰ অতিথি হিচাপে আহিছে, চিতাবোৰ এই অঞ্চলটোৰ বিষয়ে অজ্ঞাত। কুনো ৰাষ্ট্ৰীয় উদ্যানক তেওঁলোকৰ ঘৰ হিচাপে গঢ়ি তুলিবলৈ আমি এই চিতাবোৰক কেইমাহমান দিব লাগিব। আন্তৰ্জাতিক নিৰ্দেশনা অনুসৰণ কৰি, ভাৰতে এই চিতাবোৰক বসতি স্থাপনৰ বাবে যথাসাধ্য চেষ্টা কৰি আছে। আমি আমাৰ প্ৰচেষ্টা বিফল হ’বলৈ দিব নালাগে।
বন্ধুসকল,
আজি, যেতিয়া বিশ্বই প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰতি লক্ষ্য কৰে, ই বহনক্ষম বিকাশৰ কথা কয়। কিন্তু ভাৰতৰ বাবে প্ৰকৃতি আৰু পৰিৱেশ, জীৱ-জন্তু আৰু চৰাই, এইবোৰ কেৱল বহনক্ষমতা আৰু সুৰক্ষাৰ বিষয় নহয়। আমাৰ বাবে, সেইবোৰ আমাৰ সংবেদনশীলতা আৰু আধ্যাত্মিকতাৰ আধাৰ। আমি সেইসকল লোক যাৰ সাংস্কৃতিক অস্তিত্ব ‘सर्वम् खल्विदम् ब्रह्म’ মন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ, পৃথিৱীত পশু-চৰাই, গছ-গছনি, শিপা-পুলি যিয়েই নহওঁক, ই হৈছে ঈশ্বৰৰ ৰূপ, আমাৰ নিজৰ সম্প্ৰসাৰণ। আমি সেইসকল লোক যিয়ে কয়-
‘परम् परोपकारार्थम्
यो जीवति स जीवति’।
অৰ্থাৎ নিজৰ সুবিধাবোৰৰ কথা মনত ৰাখি জীয়াই থকাটো বাস্তৱ জীৱন নহয়। বাস্তৱ জীৱন সেয়া যিয়ে পৰোপকাৰৰ বাবে যি জীয়াই থাকে। সেয়েহে, যেতিয়া আমি নিজে খাওঁ, তাৰ আগতে জন্তু আৰু চৰাইৰ বাবে খাদ্য ভগাই দিও। আমাক আমাৰ চাৰিওফালে বাস কৰা আটাইতকৈ সৰু জীৱটোৰ বিষয়ে চিন্তা কৰিবলৈ শিকোৱা হয়। আমাৰ মূল্যবোধ এনেকুৱা যে যদি কোনো কাৰণ নোহোৱাকৈ জীৱৰ মৃত্যু হয়, তেন্তে আমি অপৰাধবোধ অনুভৱ কৰোঁ। তেনেহ’লে আমি কেনেকৈ স্বীকাৰ কৰিব পাৰোঁ যে আমাৰ বাবে এটা জীৱৰ সম্পূৰ্ণ অস্তিত্ব নাইকিয়া কৰি পেলোৱা হৈছে?
আপোনাসৱে ভাবক, আমাৰ দেশৰ কিমান শিশুৱে আনকি নাজানে যে তেওঁলোকে যি চিতাৰ নাম শুনি ডাঙৰ হৈছিল সেই চিতা যোৱা শতিকাত তেওঁলোকৰ দেশৰ পৰা নাইকিয়া হৈ হৈছে।
আজি, আফ্ৰিকাৰ কিছুমান দেশত, ইৰাণত চিতা পোৱা যায়, কিন্তু বহু আগতে ভাৰতৰ নাম সেই তালিকাৰ পৰা মচি দিয়া হৈছিল। শিশুসকলে অনাগত বছৰবোৰত এই বিড়ম্বনাৰ মাজেৰে পাৰ হব নালাগিব। মই নিশ্চিত, তেওঁলোকে তেওঁলোকৰ নিজৰ দেশত, কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতা দৌৰি থকা দেখিবলৈ সক্ষম হ’ব। চিতাৰ জৰিয়তে, আজি আমাৰ অৰণ্য আৰু জীৱনৰ এক ডাঙৰ শূন্যতা পূৰণ কৰা হৈছে।
বন্ধুসকল,
আজি একবিংশ শতিকাৰ ভাৰতে সমগ্ৰ বিশ্বক এক বাৰ্তা প্ৰদান কৰিছে যে অৰ্থনীতি আৰু পৰিৱেশ বিজ্ঞান বিৰোধী ক্ষেত্ৰ নহয়। পৰিৱেশ সুৰক্ষাৰ সমান্তৰালভাৱে দেশ এখনে যে উন্নতি কৰিব পাৰে সেই কথা ভাৰতে বিশ্বক দেখুৱাইছে। আজি, এফালে, আমি বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতিবোৰৰ ভিতৰত অন্যতম, আৰু একে সময়তে, দেশৰ বনাঞ্চলবোৰো দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ আছে।
বন্ধুসকল,
২০১৪ চনত আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত, দেশখনত প্ৰায় ২৫০টা নতুন সংৰক্ষিত এলেকা সংযোজন কৰা হৈছে। ইয়াত এছিয়াটিক সিংহৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। আজি গুজৰাটে দেশত এছিয়াটিক সিংহৰ এক মুখ্য অঞ্চল হিচাপে আত্মপ্ৰকাশ কৰিছে। কেইবা দশকৰ কঠোৰ পৰিশ্ৰম, গৱেষণাভিত্তিক নীতি আৰু জনসাধাৰণৰ অংশগ্ৰহণে ইয়াৰ আঁৰত এক ডাঙৰ ভূমিকা পালন কৰিছে। মোৰ মনত আছে, আমি গুজৰাটত এটা প্ৰস্তাৱ লৈছিলোঁ – আমি বন্য জন্তুৰ প্ৰতি সন্মান বৃদ্ধি কৰিম, আৰু সংঘাত হ্ৰাস কৰিম। আজি সেই চিন্তাধাৰাৰ প্ৰভাৱ আমাৰ সন্মুখত আছে। দেশত আমি সময়ৰ পূৰ্বে বাঘৰ সংখ্যা দুগুণ কৰাৰ লক্ষ্যত উপনীত হৈছোঁ। অসমত এটা সময়ত, এটা শিঙৰ গঁড়ৰ অস্তিত্ব বিপদাপন্ন হ’বলৈ ধৰিছিল, কিন্তু আজি ইয়াৰ সংখ্যাও বৃদ্ধি পাইছে। যোৱা বছৰবোৰত হাতীৰ সংখ্যাও ৩০ হাজাৰতকৈও অধিক হৈছে।
ভাই-ভনীসকল,
দেশৰ প্ৰকৃতি আৰু পৰিৱেশৰ দৃষ্টিকোণৰ পৰা কৰা আন এটা ডাঙৰ কাম হ’ল আৰ্দ্ৰভূমিৰ সম্প্ৰসাৰণ! কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বৰ লাখ লাখ লোকৰ জীৱন আৰু প্ৰয়োজনীয়তা আৰ্দ্ৰভূমিৰ পৰিস্থিতিতন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। আজি, দেশৰ ৭৫ টা আৰ্দ্ৰভূমিক ৰামচাৰ স্থান হিচাপে ঘোষণা কৰা হৈছে, যাৰ ভিতৰত যোৱা ৪ বছৰত ২৬টা স্থান সংযোগ কৰা হৈছে। দেশৰ এই প্ৰচেষ্টাৰ প্ৰভাৱ অনাগত শতিকাজুৰি দেখা যাব আৰু প্ৰগতিৰ নতুন পথ প্ৰশস্ত কৰিব।
বন্ধুসকল,
আজি আমি গোলকীয় সমস্যা, সমাধান আৰু আনকি আমাৰ জীৱনকো সামগ্ৰিকভাৱে চাব লাগিব। সেয়েহে, আজি ভাৰতে লাইফ অৰ্থাৎ বিশ্বৰ বাবে পৰিৱেশৰ বাবে জীৱনশৈলীৰ দৰে এক জীৱন-মন্ত্ৰ প্ৰদান কৰিছে। আজি আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ দৰে প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে বিশ্বক এক মঞ্চ প্ৰদান কৰিছে, যিয়ে এক দৃষ্টিভংগী প্ৰদান কৰিছে। এই প্ৰচেষ্টাসমূহৰ সফলতাই পৃথিৱীৰ দিশ আৰু ভৱিষ্যত নিৰ্ণয় কৰিব। সেয়েহে, আজি বিশ্বৰ প্ৰত্যাহ্বানসমূহক বিশ্বৰ নহয়, আমাৰ ব্যক্তিগত প্ৰত্যাহ্বান হিচাপে বিবেচনা কৰাৰ সময়। আমাৰ জীৱনৰ এটা সৰু পৰিৱৰ্তন সমগ্ৰ পৃথিৱীৰ ভৱিষ্যতৰ আধাৰ হ’ব পাৰে। মই নিশ্চিত যে ভাৰতৰ প্ৰচেষ্টা আৰু পৰম্পৰাই সমগ্ৰ মানৱ জাতিক এই দিশত পথ প্ৰদৰ্শন কৰিব, এখন উন্নত বিশ্বৰ সপোনক শক্তি প্ৰদান কৰিব।
এই বিশ্বাসৰ সৈতে, মই এই মূল্যৱান সময়ত আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ, এই ঐতিহাসিক সময়ত, মই আপোনালোকক বহুত অভিনন্দন জনাইছোঁ।
***
DS/KG
Project Cheetah is our endeavour towards environment and wildlife conservation. https://t.co/ZWnf3HqKfi
— Narendra Modi (@narendramodi) September 17, 2022
दशकों पहले, जैव-विविधता की सदियों पुरानी जो कड़ी टूट गई थी, विलुप्त हो गई थी, आज हमें उसे फिर से जोड़ने का मौका मिला है।
— PMO India (@PMOIndia) September 17, 2022
आज भारत की धरती पर चीता लौट आए हैं।
और मैं ये भी कहूँगा कि इन चीतों के साथ ही भारत की प्रकृतिप्रेमी चेतना भी पूरी शक्ति से जागृत हो उठी है: PM @narendramodi
मैं हमारे मित्र देश नामीबिया और वहाँ की सरकार का भी धन्यवाद करता हूँ जिनके सहयोग से दशकों बाद चीते भारत की धरती पर वापस लौटे हैं: PM @narendramodi
— PMO India (@PMOIndia) September 17, 2022
ये दुर्भाग्य रहा कि हमने 1952 में चीतों को देश से विलुप्त तो घोषित कर दिया, लेकिन उनके पुनर्वास के लिए दशकों तक कोई सार्थक प्रयास नहीं हुआ।
— PMO India (@PMOIndia) September 17, 2022
आज आजादी के अमृतकाल में अब देश नई ऊर्जा के साथ चीतों के पुनर्वास के लिए जुट गया है: PM @narendramodi
ये बात सही है कि, जब प्रकृति और पर्यावरण का संरक्षण होता है तो हमारा भविष्य भी सुरक्षित होता है। विकास और समृद्धि के रास्ते भी खुलते हैं।
— PMO India (@PMOIndia) September 17, 2022
कुनो नेशनल पार्क में जब चीता फिर से दौड़ेंगे, तो यहाँ का grassland ecosystem फिर से restore होगा, biodiversity और बढ़ेगी: PM @narendramodi
कुनो नेशनल पार्क में छोड़े गए चीतों को देखने के लिए देशवासियों को कुछ महीने का धैर्य दिखाना होगा, इंतजार करना होगा।
— PMO India (@PMOIndia) September 17, 2022
आज ये चीते मेहमान बनकर आए हैं, इस क्षेत्र से अनजान हैं।
कुनो नेशनल पार्क को ये चीते अपना घर बना पाएं, इसके लिए हमें इन चीतों को भी कुछ महीने का समय देना होगा: PM
कुनो नेशनल पार्क में छोड़े गए चीतों को देखने के लिए देशवासियों को कुछ महीने का धैर्य दिखाना होगा, इंतजार करना होगा।
— PMO India (@PMOIndia) September 17, 2022
आज ये चीते मेहमान बनकर आए हैं, इस क्षेत्र से अनजान हैं।
कुनो नेशनल पार्क को ये चीते अपना घर बना पाएं, इसके लिए हमें इन चीतों को भी कुछ महीने का समय देना होगा: PM
कुनो नेशनल पार्क में छोड़े गए चीतों को देखने के लिए देशवासियों को कुछ महीने का धैर्य दिखाना होगा, इंतजार करना होगा।
— PMO India (@PMOIndia) September 17, 2022
आज ये चीते मेहमान बनकर आए हैं, इस क्षेत्र से अनजान हैं।
कुनो नेशनल पार्क को ये चीते अपना घर बना पाएं, इसके लिए हमें इन चीतों को भी कुछ महीने का समय देना होगा: PM
प्रकृति और पर्यावरण, पशु और पक्षी, भारत के लिए ये केवल sustainability और security के विषय नहीं हैं।
— PMO India (@PMOIndia) September 17, 2022
हमारे लिए ये हमारी sensibility और spirituality का भी आधार हैं: PM @narendramodi
आज 21वीं सदी का भारत, पूरी दुनिया को संदेश दे रहा है कि Economy और Ecology कोई विरोधाभाषी क्षेत्र नहीं है।
— PMO India (@PMOIndia) September 17, 2022
पर्यावरण की रक्षा के साथ ही, देश की प्रगति भी हो सकती है, ये भारत ने दुनिया को करके दिखाया है: PM @narendramodi
हमारे यहाँ एशियाई शेरों की संख्या में भी बड़ा इजाफा हुआ है।
— PMO India (@PMOIndia) September 17, 2022
इसी तरह, आज गुजरात देश में एशियाई शेरों का बड़ा क्षेत्र बनकर उभरा है।
इसके पीछे दशकों की मेहनत, research-based policies और जन-भागीदारी की बड़ी भूमिका है: PM @narendramodi
हमारे यहाँ एशियाई शेरों की संख्या में भी बड़ा इजाफा हुआ है।
— PMO India (@PMOIndia) September 17, 2022
इसी तरह, आज गुजरात देश में एशियाई शेरों का बड़ा क्षेत्र बनकर उभरा है।
इसके पीछे दशकों की मेहनत, research-based policies और जन-भागीदारी की बड़ी भूमिका है: PM @narendramodi
Tigers की संख्या को दोगुना करने का जो लक्ष्य तय किया गया था उसे समय से पहले हासिल किया है।
— PMO India (@PMOIndia) September 17, 2022
असम में एक समय एक सींग वाले गैंडों का अस्तित्व खतरे में पड़ने लगा था, लेकिन आज उनकी भी संख्या में वृद्धि हुई है।
हाथियों की संख्या भी पिछले वर्षों में बढ़कर 30 हजार से ज्यादा हो गई है: PM