প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ নিকোবৰ ভ্ৰমণ কৰে৷
এই উপলক্ষে তেওঁ ছুনামি স্মৃতিসৌধত পুষ্পমাল্য অর্পণৰ লগতে নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই মমবাতিও প্ৰজ্জ্বলন কৰে৷
এই দ্বীপপুঞ্জত বসবাস কৰা বিভিন্ন জনজাতি সম্প্ৰদায়ৰ মুৰব্বীসকলকে ধৰি একাংশ বিশিষ্ট ক্রীড়াবিদৰ সৈত মত বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে৷
আৰঙত এক জনসভাত প্ৰধানমন্ত্রীয়ে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই)ৰ লগতে এক অত্যাধুনিক ক্ৰীড়া প্ৰকল্পৰ চৌহদও উদ্বোধন কৰে৷
মাছ জেটিত তেওঁ উপকূলৱর্তী এলেকা সুৰক্ষা সম্পৰ্কীয় কামৰ আধাৰশিলা আৰু কেম্বেল বে জেটিৰ সম্প্ৰসাৰণৰ শুভাৰম্ভ কৰে৷
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্রীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অতুলনীয় প্রাকৃতিক সৌন্দর্য, সংস্কৃতি, ঐতিহ্য আৰু শিল্পকলাৰ সম্পৰ্কে উল্লেখ কৰে৷ দ্বীপপুঞ্জৰ পাৰিপাৰ্শ্বিক তথা সৰ্বাংগীন ঐতিহ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঐতিহ্যই বহু বছৰ ধৰি ভাৰতীয় সমাজৰ শক্তি বৃদ্ধি কৰি আহিছে৷
এই অনুষ্ঠানত অংশগ্ৰহণৰ পূর্বে প্ৰধানমন্ত্রীয়ে ছুনামি স্মৃতিসৌধ পৰিদৰ্শন কৰে৷ ছুনামিৰ পাছত দ্বীপপুঞ্জৰ পুনৰ নিৰ্মাণত নিকোবৰবাসীৰ উৎসাহ আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে৷
প্ৰধানমন্ত্রীয়ে কয় যে আজি যিবোৰ প্ৰকল্পৰ চৌহদৰ শুভাৰম্ভ কৰা হৈছে, সেইবোৰে শিক্ষা, স্বাস্থ্য, কর্মসংস্থাপন, দক্ষতা বিকাশ, পৰিবহণ, শক্তি, ক্রীড়া আৰু পর্যটন ক্ষেত্রৰ উন্নয়নত সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব৷
উন্নয়নৰ দিশত অগ্ৰসৰ হোৱাৰ পথত কোনো লোক অথবা দেশৰ কোনো অংশই যাতে পিছ পৰি নাথাকে বুলি চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা তেওঁ পুনৰ দোঁহাৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে দূৰত্ব হ্ৰাস কৰি হৃদয়ৰ আৰু ওচৰ চপাই অনাৰ মানসিকতা গঢ়ি তোলাটোৱেই এই চৰকাৰৰ লক্ষ্য৷
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে উপকূলৱর্তী এলেকাৰ সুৰক্ষা সম্পৰ্কীয় কামে কাৰ নিকোবৰ দ্বীপৰ সংৰক্ষণত সহায় কৰিব৷ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰম্ভ হ’লে এই দ্বীপটোৰ যুৱক-যুৱতীসকলৰ দক্ষতা বৃদ্ধিৰ সমান্তৰালভাৱে সবলীকৰণ হোৱাত সহায় কৰি বুলি তেওঁ মত প্ৰকাশ কৰে৷ নিকোবৰ দ্বীপৰ যুৱক-যুৱতীসকলে ক্রীড়া ক্ষেত্রত দেখুওৱা সাফল্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে অত্যাধুনিক ক্রীড়া চৌহদত তেওঁলোকৰ ক্রীড়া নৈপুণ্যৰ বিকাশ আৰু মান উন্নয়নত যথেষ্ট সহায় কৰিব৷ ভৱিষ্যতে এইধৰণৰ আৰু অধিক ক্রীড়াৰ আন্তঃগাঁথনি গঢ়ি তোলা হ’ব বুলিও তেওঁ অৱগত কৰে৷
প্ৰধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লোকসকলৰ জীৱনযাপনৰ মান উন্নয়নৰ লক্ষ্যৰে কাম কৰি আহিছে৷ এই দ্বীপপুঞ্জত স্বাস্থ্য সেৱা ব্যৱস্থাৰ সম্প্ৰসাৰণৰ কথাও তেওঁ বিশেষভাৱে উল্লেখ কৰে৷
এই দ্বীপপুঞ্জৰ প্রাকৃতিক পৰিৱেশ আৰু থলুৱা সংস্কৃতি সংৰক্ষণৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি উন্নয়নমূলক কাম-কাজ গ্ৰহণ কৰা হ’ব বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷
কৃষি খণ্ডত শুকান নাৰিকল তেলৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে মৎস্যপালৰ সৈতে জড়িত ব্যক্তিসকলৰ কল্যাণাৰ্থে চৰকাৰে কাম কৰিছে। তেওঁ কয় যে দেশৰ মৎস্যপালন ক্ষেত্ৰক আৰু অধিক লাভজনক কৰি তুলিবলৈ বৰ্তমান ৭ হাজাৰ কোটি টকাৰ আবণ্টন কৰা হৈছে৷ দেশৰ সমূদ্ৰৰ সমীপৱৰ্তী এলেকাসমূহ নীল বিপ্লৱৰ কেন্দ্ৰ হৈ উঠাৰ সম্ভাৱনা থকাৰ কথাও প্ৰধানমন্ত্ৰীয়ে সদৰি কৰে৷ তদুপৰি, মৎস্য জীৱি লোকসকলক অত্যাধুনিক নৌকা সংগ্ৰহ কৰিব পৰাকৈ আর্থিক সাহায্যও প্ৰদান কৰা হৈছে৷ সৌৰশক্তিৰ উৎপাদন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতে ব্যাপক প্ৰচেষ্টা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ কথাও স্মৰণ কৰে৷ সমুদ্ৰ সংলগ্ন অঞ্চলসমূহত নবীকৰণযোগ্য শক্তি উৎপাদনৰ বিপুল সম্ভাৱনা আছে৷ এই প্ৰসংগত তেওঁ কাৰ নিকোবৰ দ্বীপত যিবোৰ প্ৰচেষ্টা লোৱা হৈছে সেই সম্পৰ্কেও উল্লেখ কৰে৷
প্ৰধানমন্ত্রীয়ে লগতে কয় যে সমগ্ৰ নিকোবৰ দ্বীপপুঞ্জ আৰু নিকটৱর্তী মালাক্কা প্ৰণালী সম্পদ আৰু নিৰাপত্তা উভয় দিশৰ পৰাই অত্যন্ত গুৰুত্বপূর্ণ। সম্পদ আৰু নিৰাপত্তাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট অঞ্চলত পৰিবহণ খণ্ড আন্তঃগাঁথনি গঢ়ি তোলা হৈছে৷ আন্তঃগাঁথনিৰ উন্নয়নৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কেম্বেল বে জেটি আৰু মাছ জেটিত চলি থকা উন্নয়নমূলক কামসমূহৰ বিষয়ে উল্লেখ কৰে৷
এই দ্বীপপুঞ্জৰ সৰ্বাংগীন উন্নয়নত তেওঁ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথাও দোঁহাৰে প্ৰধানমন্ত্রীয়ে৷
***
AKT/SH/DB
मैं कल काशी में था और आज यहां विराट समंदर की गोद में आप सभी के बीच मौजूद हूं
— PMO India (@PMOIndia) December 30, 2018
मां गंगा अपनी पवित्रता से जिस प्रकार भारत के जन-मानस को आशीर्वाद देती रही है,
उसी प्रकार ये सागर अनंत काल से मां-भारती के चरणों का वंदन कर रहा है, राष्ट्र की सुरक्षा और सामर्थ्य को ऊर्जा दे रहा है: PM
आपके पास प्रकृति का अद्भुत खज़ाना तो है ही, आपकी संस्कृति, परंपरा, कला और कौशल भी बेहतरीन है।
— PMO India (@PMOIndia) December 30, 2018
थोड़ी देर पहले यहां पर जो नृत्य प्रस्तुत किया गया, बच्चों ने जो कला का प्रदर्शन किया, वो दिखाता है कि भारत की सांस्कृतिक संपन्नता हिंद महासागर जितनी ही विराट है: PM
ये देश के विकास के लिए हमारी उस सोच का विस्तार है, जिसके मूल में Infrastructure है, Connectivity है।
— PMO India (@PMOIndia) December 30, 2018
सबका साथ, सबका विकास, यानि विकास से देश का कोई नागरिक भी ना छूटे और कोई कोना भी अछूता ना रहे, इसी भावना का ये प्रकटीकरण है: PM
सुरक्षा के साथ-साथ कार-निकोबार में विकास की पंचधारा बहे, बच्चों को पढ़ाई, युवाओं को कमाई, बुजुर्गों को दवाई, किसानों को सिंचाई, जन-जन की सुनवाई, ये सभी सुविधाएं मिलें, इसके लिए भी काम किया जा रहा है: PM
— PMO India (@PMOIndia) December 30, 2018
कार-निकोबार के युवा पारंपरिक रोज़गार के साथ-साथ आज शिक्षा, चिकित्सा और दूसरे कामों में भी आगे बढ़ रहे हैं।
— PMO India (@PMOIndia) December 30, 2018
स्पोर्ट्स की स्किल तो यहां के युवा साथियों में रची-बसी है। कार-निकोबार फुटबॉल समेत अनेक खेलों में देश के बेहतरीन स्पोर्टिंग टैलेंट के लिए भी मशहूर हो रहा है: PM
केंद्र सरकार अंडमान और निकोबार में रहने वाले हर नागरिक के लिए जीवन से जुड़ी हर व्यवस्था को आसान करने में जुटी है।
— PMO India (@PMOIndia) December 30, 2018
सस्ता राशन हो, स्वच्छ पानी हो, गैस कनेक्शन हो, केरोसिन हो, हर सुविधा को आसान करने का प्रयास किया जा रहा है: PM
केंद्र सरकार हमारे मछुआरों को सशक्त करने में जुटी है।
— PMO India (@PMOIndia) December 30, 2018
हाल में ही देश में मछलीपालन को लाभकारी व्यवसाय बनाने के लिए 7 हज़ार करोड़ रुपए के एक विशेष फंड का प्रावधान किया गया है।
इसके तहत मछुआरों को उचित दरों पर ऋण उपलब्ध कराया जा रहा है: PM
कार-निकोबार के पर्यावरण को संरक्षित रखते हुए, सौर ऊर्जा की संभावनाओं को तलाशा जा रहा है, तराशा जा रहा है।
— PMO India (@PMOIndia) December 30, 2018
आज भारत दुनिया के उन देशों में है जहां सौर ऊर्जा का उत्पादन और उपयोग सबसे तेज़ी से बढ़ रहा है। सौर ऊर्जा से देश को सस्ती और ग्रीन एनर्जी देने के लिए हम प्रतिबद्ध हैं: PM
देश की ज़रूरतों को ध्यान में रखते हुए यहां Trans-shipment Port की आधारशिला आज रखी गई है। इस परियोजना से खाड़ी के दक्षिणी हिस्से में नए उद्यमों के लिए अवसर बनेंगे।
— PMO India (@PMOIndia) December 30, 2018
इसी के साथ सागरमाला योजना के तहत देशभर के समुद्री तटों को विकसित करने की बड़ी योजना चल रही है: PM
कार-निकोबार में कैंबल बे में करीब 50 करोड़ रुपए की लागत से कैंबल बे जेट्टी का विस्तार करीब डेढ़ सौ किलोमीटर तक किए जाने का निर्णय लिया गया है।
— PMO India (@PMOIndia) December 30, 2018
इसके साथ-साथ मूस जेट्टी की गहराई बढ़ाने के लिए भी योजना बनाई गई है, ताकि यहां बड़े जहाज़ों को रुकने में मुश्किल ना हो: PM
Today in Car Nicobar, we inaugurated and laid the foundation stones for several development works.
— Narendra Modi (@narendramodi) December 30, 2018
These are projects relating to education, healthcare, skill development, transportation, energy and sports.
Congratulations to the citizens! pic.twitter.com/SXKuK2HaCg
Giving wings to the aspirations of our Yuva Shakti.
— Narendra Modi (@narendramodi) December 30, 2018
The upcoming ITI will greatly benefit youngsters.
The Government is building vital sporting infrastructure, which will further popularize sports in the UT and boost fitness levels. pic.twitter.com/JzBy1qaJKU
Happy to announce important decisions relating to agriculture and fisheries. These will help protect local culture of the Andaman and Nicobar islands as well as increase livelihood opportunities. pic.twitter.com/1LcPF8HDWt
— Narendra Modi (@narendramodi) December 30, 2018
Central Government’s efforts such as Sagarmala will have an extremely positive impact on the Andaman and Nicobar Islands. At the same time, we are working towards a Trans-shipment Port that will boost economic prospects. Connectivity will also be enhanced. pic.twitter.com/NBdcPs0Ykq
— Narendra Modi (@narendramodi) December 30, 2018
Have a look at the vibrancy in Car Nicobar. These are some pictures from the public meeting, where I got the opportunity to interact with citizens from all walks of life. pic.twitter.com/BKM7Z4XIj7
— Narendra Modi (@narendramodi) December 30, 2018
Paid homage to those who lost their lives in the unfortunate 2004 Tsunami at the Tsunami Memorial in Car Nicobar. pic.twitter.com/VQMCSlxTYs
— Narendra Modi (@narendramodi) December 30, 2018