প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰৰ সমৃদ্ধ সংস্কৃতি, শিল্পকলা আৰু হস্তশিল্প প্ৰদৰ্শন কৰা সংস্কৃতি মন্ত্ৰালয়ৰ বিতস্তা কাৰ্যসূচীৰ প্ৰশংসা কৰে।
সংস্কৃতি মন্ত্ৰালয়ে কাশ্মীৰৰ সমৃদ্ধ সংস্কৃতি, শিল্পকলা আৰু হস্তশিল্প প্ৰদৰ্শন কৰিবলৈ ২৭-৩০ জানুৱাৰী ২০২৩ৰ পৰা বিতস্তা কাৰ্যসূচীৰ আয়োজন কৰিছে। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ভাবনাৰ প্ৰতীক এই কাৰ্যসূচীৰ জৰিয়তে কাশ্মীৰৰ ঐতিহাসিক পৰিচয় আন ৰাজ্যসমূহৰ মাজত দাঙি ধৰা হৈছে।
অমৃত মহোৎসৱৰ এক টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
‘কাশ্মীৰৰ সমৃদ্ধ ঐতিহ্য, বৈচিত্ৰ্য আৰু বৈশিষ্টৰ পৰিচয় কৰোৱাৰ বাবে এক সুন্দৰ প্ৰয়াস কৰা হৈছে।’
***
DS/ST/KG
कश्मीर की समृद्ध विरासत, विविधता और विशिष्टता का अनुभव कराती एक अद्भुत पहल! https://t.co/Dc7mDaAN39
— Narendra Modi (@narendramodi) January 29, 2023