প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কান্দলা বন্দৰ দীনদয়াল বন্দৰ হিচাপে নামকৰণৰ পূৰ্ব প্ৰস্তাৱিত সিদ্ধান্তত অনুমোদন জনোৱা হয়।
ভাৰত বন্দৰসমূহৰ নাম যিখন নগৰ বা চহৰত অৱস্থিত, সেই অনুসৰি নামকৰণ কৰা হয়। অৱশ্যে চৰকাৰে বিশেষ কাৰণত বিবেচনা অনুসৰি পূৰ্বৰ মহান নেতাৰ নাম অনুসৰি কিছুমান বন্দৰৰ নামকৰণ কৰে।
কান্দলা বন্দৰক “দীনদয়াল বন্দৰ, কান্দলা” নামে নামকৰণ কৰাৰ জৰিয়তে ভাৰতৰ মহান সন্তান পণ্ডিত দীনদয়াল উপাধ্যায়ৰ বৰঙণিক দেশবাসীৰ মাজত চিৰ যুগমীয়া কৰা হৈছে। ইয়াৰ দ্বাৰা গুজৰাটবাসী, বিশেষকৈ নৱপ্ৰজন্ম অনুপ্ৰাণিত হ’ব, যিসকলে মহান নেতাগৰাকীৰ অৱদানৰ সম্পৰ্কে জ্ঞাত।
পটভূমিঃ
উ্ল্লেখ্য যে গুজৰাটৰ একাংশ লোকৰ মাজত বিশেষকৈ কচ্চ জিলাত থকা ‘কান্দলা বন্দৰ’টো ‘দীনদয়াল বন্দৰ, কান্দলা’ হিচাপে নামকৰণৰ দাবী উত্থাপন হৈছিল। পণ্ডিত দীনদয়াল উপাধ্যায়(২৫.০৯.১৯১৬-১.২.১৯৬৮) আছিল এগৰাকী আগশাৰী নেতা, যিগৰাকীয়ে দেশৰ সেৱা, বিশেষকৈ দুখীয়া আৰু শ্ৰমিকসকলৰ উন্নয়নৰ নামত জীৱন উচৰ্গা কৰিছিল। ‘সংহত মানৱতা’ নীতিৰ ওপৰত প্ৰতিষ্ঠিত দীনদয়ালে গণতন্ত্ৰত সহিষ্ণুতা, নিয়মানুৱৰ্তিতা, নিস্বাৰ্থ আৰু আইনৰ প্ৰতি সন্মান এই আদৰ্শ দেখুৱাই গৈছে।
২৫ ছেপ্টেম্বৰত তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি কান্দলা বন্দৰক দীনদয়াল বন্দৰ হিচাপে নামকৰণ কৰাটো একেবাৰে সময়োপযোগী হৈছে।
***
AKT/VBA/SH/DB