Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কানপুৰ বিমান বাহিনী ঘাঁটিত কেন্দ্রীয় বিদ্যালয় সংস্থানৰ গৃহ নিৰ্মাণৰ উদ্দেশ্যে প্রতিৰক্ষা মন্ত্ৰালয়ৰ ৬.৫৬২৮ একৰ ভূমি হস্তান্তৰৰ প্রস্তাৱত কেবিনেটৰ অনুমোদন


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কানপুৰ বিমান বাহিনী ঘাঁটিত কেন্দ্রীয় বিদ্যালয় সংস্থানৰ গৃহ নিৰ্মাণৰ উদ্দেশ্যে প্রতিৰক্ষা মন্ত্ৰালয়ৰ ৬.৫৬২৮ একৰ ভূমি হস্তান্তৰৰ প্রস্তাৱত অনুমোদন জনায়। বিদ্যালয় গৃহ নিৰ্মাণৰ উপৰি ইয়াত আন্তঃগাঁথনিমুলক কেতবোৰ কামতো এই ভূমি ব্যৱহাৰ কৰা হ’ব, যিটো ১৬.০৬.২০১১ চনত কেবিনেটে ৮.৯০ একৰ ভূমি হস্তান্তৰৰ প্ৰস্তাৱত অনুমোদন জনাইছিল।

প্রতিৰক্ষা মন্ত্ৰালয়ৰ এই ভূমিখিনি বছৰি মাত্র ১ টকাৰ বিনিময়ত লীজত হস্তান্তৰৰ প্রস্তাৱ লোৱা হৈছে। বিদ্যালয়ৰ উপযোগী আন্তঃগাঁথনি গঢ়ি তোলাৰ দায়িত্ব কেন্দ্রীয় বিদ্যালয় সংস্থানৰ। ইয়াৰ বাবে তেওঁলোকে নিজা নীতি অনুসৰি ধন বিনিয়োগ কৰিব।

উল্লেখ্য যে কানপুৰৰ কেন্দ্রীয় বিদ্যালয়খন ১৯৮৫ৰ আগষ্টৰ পৰাই এটি অস্থায়ী বেৰেকত চলি আছে। ইয়াৰ ফলত প্রয়োজনীয় আন্তঃগাঁথনি প্রসাৰৰ ক্ষেত্রত বিভিন্ন ধৰণৰ অসুবিধাই দেখা দিছে। তদুপৰি, ছাত্র-ছাত্রীৰ সংখ্যা বৃদ্ধি পোৱাত ঠাইৰ লগতে প্ৰয়োজনীয় আন্তঃগাঁথনিৰো অভাৱ পৰিলক্ষিত হৈছে। এই সকলো অসুবিধা দূৰ কৰাৰ লক্ষ্যৰে কেবিনেটত ভূমি হস্তান্তৰৰ প্রস্তাৱ উত্থাপন কৰা হয়।

অহা দুমাহৰ ভিতৰত ভূমি হস্তান্তৰক সকলো যাৱতীয় কাম-কাজ সম্পূর্ণ কৰা হ’ব। কেভিএছে ইয়াৰ পাছত নিজা ব্যয়েৰে ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰিব।

***

AKT/VBA/SH/DB