Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ প্ৰধানমন্ত্ৰীৰ ৱাৰানসী ভ্ৰমণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ফেব্ৰুৱাৰীত উত্তৰ-প্ৰদেশৰ ৱাৰাণসী ভ্ৰমণ কৰিব৷ তেওঁ ৰাজ্যখনত কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ৱাৰাণসীত ডিজেলৰ পৰা বিজুলীলৈ পৰিৱৰ্তিত হোৱা প্ৰথমটো ৰেল ইঞ্জিনৰ ফ্লেগ অফ কৰিব৷ তেওঁ ৰেল ইঞ্জিনটো পৰিদৰ্শন কৰিব আৰু প্ৰদৰ্শনী ভ্ৰমণ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু ৰবিদাস জন্মস্থান মন্দিৰত গুৰু ৰবিদাস জন্ম স্থান উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ তেওঁ শ্ৰী গুৰু ৰবিদাসৰ প্ৰতিমূৰ্তিলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰিব আৰু ৰাইজক সম্বোধন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে নতুনকৈ নিৰ্মাণ কৰা বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ মদন মোহন মালব্য কৰ্কট কেন্দ্ৰ উদ্বোধন কৰিব৷ চিকিৎসালয়খনে উত্তৰ-প্ৰদেশ, ঝাৰখণ্ড, বিহাৰ, উত্তৰাখণ্ডৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ ৰোগীৰ বাবে কৰ্কটৰ চিকিৎসা সহজলভ্য কৰি তুলিব৷

প্ৰধানমন্ত্ৰীয়ে লগতে লেহাৰতাৰাৰ হোমী ভাভা কৰ্কট প্ৰতিষ্ঠান উদ্বোধন কৰিব৷ দুয়োখন কৰ্কট প্ৰতিষ্ঠান মুকলি হোৱাৰ পাছত ৱাৰাণসী এতিয়া কৰ্কট সম্পৰ্কীয় চিকিৎসা সেৱা আগবঢ়োৱা এক গুৰুত্বপূৰ্ণ স্থানত পৰিণত হ’ল৷

প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্কট ৰোগৰ অত্যাধুনিক ইঞ্জিন ভাৱাট্ৰ’ন(মাল্টি লীফ ক’লিমেটৰ) দেশবাসীৰ বাবে উৎসৰ্গা কৰিব৷
প্ৰধানমন্ত্ৰীয়ে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত পণ্ডিত মদন মোহন মালাভিয়াৰ প্ৰতিমূৰ্তি আৰু ৱাৰাণসী ঘাটৰ চিত্ৰকলা মুকলি কৰিব৷ তেওঁ বিশ্ববিদ্যালয়খনত আয়ুষ্মান ভাৰত আঁচনিৰ উপভোক্তাৰ সৈতেও মতবিনিময় কৰিব৷

ইয়াৰ পাছত তেওঁ ৱাৰাণসীৰ ঔৰী গাঁওত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব৷ বিভিন্ন আঁচনিৰ উপভোক্তাৰ মাজত তেওঁ প্ৰমাণপত্ৰ বিতৰণ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে দিব্যাংগসকলৰ মাজতো সাহায্য বিতৰণ কৰিব আৰু জনসাধাৰণক সম্বোধন কৰিব৷

******

AKT/KP/MS