Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ ছুৰাটৰ হাজিৰা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১৯ জানুৱাৰীত ছুৰাটৰ হাজিৰা ভ্ৰমণ কৰিব৷

হাজিৰাত তেওঁ এল এণ্ড টি আৰ্মৰ্ড ছিষ্টেম কমপ্লেক্স পৰিদৰ্শন কৰিব আৰু এখন ফলক উন্মোচন কৰি ইয়াক ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব৷ তেওঁ নৱছাৰীত নিৰালী কৰ্কট চিকিৎসালয়ৰ আধাৰশিলাও স্থাপন কৰিব৷

অত্যাধুনিক নিৰালী কৰ্কট চিকিৎসালয়ে দক্ষিণ গুজৰাট আৰু চুবুৰীয়া ৰাজ্যসমূহৰ কৰ্কট ৰোগীসকলক বিশেষভাৱে উপকৃত কৰিব৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী সম্প্ৰতি তিনিদিনীয়া গুজৰাট ভ্ৰমণত ব্যস্ত আছে৷ কাইলৈ তেওঁৰ এই ভ্ৰমণৰ অন্তিমটো দিন৷

প্ৰথমদিনা প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে গান্ধীনগৰত ভাইব্ৰেণ্ট গুজৰাট গোলকীয় বাণিজ্য মেলা উদ্বোধন কৰে৷ তেওঁ লগতে আহমেদাবাদৰ ছৰ্দাৰ বল্লৱভাই পেটেল চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান আৰু আহমেদাবাদ শ্ব’পিং মহোৎসৱ উদ্বোধন কৰে৷ ইয়াৰ পাছতে তেওঁ আজি গান্ধীনগৰৰ মহাত্মা গান্ধী প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত নৱম ভাইব্ৰেণ্ট গুজৰাট সন্মিলন উদ্বোধন কৰে৷

***

AKT/KP/SBP/MS