Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কলকাতাত কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ডেৰশ বছৰীয়া জয়ন্তীত উপস্থিত প্ৰধানমন্ত্ৰী; ৰবীন্দ্ৰ সেতুৰ ইণ্টাৰেক্টিভ আলোকসজ্বা তথা ছাউণ্ড শ্ব’ মুকলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাৰ কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ডেৰশ বছৰীয়া জয়ন্তীত উপস্থিত থাকে৷ এই উপলক্ষে তেওঁ কলকাতাৰ ৰবীন্দ্ৰ সেতুত (হাওৰা ব্ৰীজ)ইণ্টাৰেক্টিভ আলোকসজ্বা আৰু এক ছাউণ্ড শ্ব’ৰো মুকলি কৰে৷ মুকলি স্থানত এক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়৷

সেই অনুষ্ঠানত পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰী জগদ্বীপ ধানখাৰ, মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীকে ধৰি অন্যান্য প্ৰতিনিধিসকলো উপস্থিত আছিল৷

ৰবীন্দ্ৰ সেতুৰ নতুন আলোকসজ্বাত ৬৫০টা এলইডি লাইট আৰু স্প’টলাইট সংযুক্ত কৰা হৈছে যি সংগীতৰ তালে তালে বিভিন্ন ৰঙৰ আলোকসজ্বা প্ৰদৰ্শিত কৰে৷ এই আলোকসজ্বাই দলংখনক এক ঐতিহাসিক ৰূপ দিবলৈ সমৰ্থ হৈছে আৰু ইয়াৰ জৰিয়তে পৰ্যটকসকলক আকৰ্ষিক কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷

ৰবীন্দ্ৰ সেতু ১৯৪৩ চনত নিৰ্মাণ কৰা হৈছিল৷ যোৱা বছৰত দলংখনৰ ৭৫ বছৰীয়া জয়ন্তী পালন কৰা হৈছে৷ দলংখনত নাট-বল্টু এটাও নোহোৱা স্বত্বেও ইয়াক অতিশয় বুদ্ধিদ্বীপ্ততাৰে নিৰ্মাণ কৰা হৈছিল৷ ইয়াত ২৬,৫০০ টন ষ্টীল ব্যৱহাৰ কৰা হৈছিল, তাৰে ২৩,০০০ টন উচ্চ প্ৰসাৰণযুক্ত সংকৰ ষ্টীল ব্যৱহাৰ কৰা হৈছিল৷

***

VRRK/AK/MANN