Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কর্ণাটকৰ পাদুৰত বিদেশৰ ৰাষ্ট্ৰীয় তেল কোম্পানীৰ দ্বাৰা কৌশলগত পেট্র’লিয়ামৰ ভাণ্ডাৰ ভর্তি কৰাৰ সিদ্ধান্তত কেবিনেটৰ অনুমোদন


কর্ণাটকৰ পাদুৰত বিদেশৰ ৰাষ্ট্ৰীয় তেল কোম্পানীৰ দ্বাৰা কৌশলগত পেট্র’লিয়ামৰ ভাণ্ডাৰ ভর্তি কৰাৰ সিদ্ধান্তত কেবিনেটৰ অনুমোদন

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত বিদেশৰ ৰাষ্ট্ৰীয় তেল কোম্পানীসমূহৰ দ্বাৰা কর্ণাটকৰ পাদুৰত পেট্র’লিয়াম ভাণ্ডাৰ ভৰ্তি কৰাৰ সিদ্ধান্তত অনুমোদন জনায়। পাদুৰৰ এই তেল ভাণ্ডাৰটো এক ভূ-গর্ভস্থ শিলাময় গুহাৰ ভিতৰত অৱস্থিত। ইয়াৰ মুঠ ধাৰণ ক্ষমতা ২৫ লাখ মেট্রিক টন। এই ভাণ্ডাৰটোৰ চাৰিটা ভাগ আছে, যাৰ প্ৰত্যকৰে ধাৰণক্ষমতা ০.৬২৫ মিলিয়ন মেট্ৰিকটন। চৰকাৰী-বেচৰকাৰি অংশীদাৰিত্ব(পিপিপি)ৰ ব্যৱস্থাৰ জৰিয়তে এই ধৰণৰ কৌশলগত পেট্র’ল ভাণ্ডাৰ ভৰ্তি কৰাৰ সিদ্ধান্তৰ ফলত কেন্দ্রৰ বাজেট সাহায্য হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে।

ইণ্ডিয়ান ষ্ট্ৰেটেজিক পেট্র’লিয়াম ৰিজার্ভছ লিমিটেডে তিনিটা স্থান ক্ৰমে-বিশাখাপট্টনম(১.৩৩ মিলিয়ন মেট্রিক টন), মাংগালোৰ(১.৫ মিলিয়ন মেট্রিক টন) আৰু পাদুৰ(মিলিয়ন মেট্রিক টন)ত ভূ-গর্ভস্থ শিলাময় গুহাত কৌশলগত তেল ভাণ্ডাৰ নির্মাণ কৰিছে। ইয়াৰ মুঠ ধাৰণ ক্ষমতা ৫.৩৩ মিলিয়ন মেট্রিক টন। এই পৰিমাণৰ তেলেৰে ভাৰতৰ চাৰে ন দিনৰ তেলৰ চাহিদা পূৰণ কৰা সম্ভৱ। চৰকাৰে ২০১৮ চনৰ জুন মাহত ওড়িশাৰ চাণ্ডিখোল আৰু কর্ণাটকৰ পাদুৰত অতিৰিক্ত ৬.৫ মিলিয়ন মেট্রিক টন ধাৰণ ক্ষমতাসম্পন্ন কৌশলগত পেট্র’লিয়াম ভাণ্ডাৰ গঢ়ি তোলাৰ অনুমতি প্ৰদান কৰিছে। ২০১৭-১৮ বিত্তীয় বর্ষৰ হিচাপ অনুসৰি এই ভাণ্ডাৰ দুটাৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে, ইয়াৰ জৰিয়তে ভাৰতৰ চাৰে ১১ দিনৰ তেলৰ চাহিদা পূৰণ কৰিব পাৰিব৷

****

AKT/NW/SH/DB