বিশিষ্ট আইনী বিজ্ঞসকল, বিশ্বৰ বিভিন্ন দেশৰ অতিথিসকল, আৰু সন্মানীয় দৰ্শক সদস্যসকল। আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ।
বন্ধুসকল,
এই সন্মিলন উদ্বোধন কৰিবলৈ পাই আনন্দিত হৈছোঁ। মই সুখী যে সমগ্ৰ বিশ্বৰ পৰা আগশাৰীৰ আইনী লোক ইয়াত আছে। এক দশমিক চাৰি বিলিয়ন ভাৰতীয়ৰ হৈ আমাৰ সকলো আন্তঃৰাষ্ট্ৰীয় অতিথিক মই আদৰণি জনাইছোঁ। অতুলনীয় ভাৰতৰ সম্পূৰ্ণৰূপে অভিজ্ঞতা ল’বলৈ মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ।
বন্ধুসকল,
মোক কোৱা হৈছে যে ইয়াত আফ্ৰিকাৰ পৰা অহা বহু বন্ধু আছে। আফ্ৰিকান ইউনিয়নৰ সৈতে ভাৰতৰ বিশেষ সম্পৰ্ক আছে। আমি গৌৰৱান্বিত যে ভাৰতৰ অধ্যক্ষতাৰ সময়ত আফ্ৰিকান ইউনিয়ন জি-২০ৰ এটা অংশ হৈ পৰিল৷ ইয়াৰ দ্বাৰা আফ্ৰিকাৰ জনসাধাৰণৰ আকাংক্ষাৰ মোকাবিলা কৰাত বহুখিনি সহায়ক হ’ব।
বন্ধুসকল,
যোৱা কেইমাহমানত, বহুবাৰ আইনী ভ্ৰাতৃত্ববোধৰ সৈতে মত বিনিময় কৰিছোঁ। কিছুদিন আগতে, মই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উদযাপনত আছিলোঁ। যোৱা ছেপ্টেম্বৰ মাহত এই স্থানতে মই আন্তঃৰাষ্ট্ৰীয় উকীল সন্মিলনলৈ আহিছিলোঁ। এনে পাৰস্পৰিক ক্ৰিয়াই আমাৰ সকলোকে আমাৰ ন্যায় ব্যৱস্থাৰ কামৰ শলাগ লোৱাত সহায় কৰে। এইবোৰ হৈছে উন্নত আৰু দ্ৰুত ন্যায় প্ৰদানৰ বাবেও সংকল্প লোৱাৰ সুযোগ।
বন্ধুসকল,
ভাৰতীয় চিন্তাধাৰাত ন্যায়ক অত্যন্ত গুৰুত্ব দিয়া হৈছে। প্ৰাচীন ভাৰতীয় চিন্তাবিদসকলে কৈছিল: न्यायमूलं स्वराज्यं स्यात्। ইয়াৰ অৰ্থ হৈছে স্বতন্ত্ৰ আত্মশাসনৰ মূলতে ন্যায়। ন্যায় অবিহনে এটা জাতিৰ অস্তিত্বও সম্ভৱ নহয়।
বন্ধুসকল,
এই সন্মিলনৰ বিষয়বস্তু হৈছে ‘ন্যায় প্ৰদানৰ ক্ষেত্ৰত সীমাৰ সিপাৰৰ প্ৰত্যাহ্বান’ (Cross-Border Challenges in Justice Delivery)। এখন অতি সংযুক্ত, দ্ৰুতগতিত পৰিৱৰ্তিত পৃথিৱীত এইটো এটা অতি প্ৰাসংগিক বিষয়। কেতিয়াবা এখন দেশত ন্যায় নিশ্চিত কৰিবলৈ আন দেশৰ সৈতে কাম কৰাৰ প্ৰয়োজন হয়। যেতিয়া আমি সহযোগিতা কৰোঁ তেতিয়া আমি পৰস্পৰে পৰস্পৰৰ ব্যৱস্থাবোৰ ভালদৰে বুজিব পাৰিম। অধিক বুজাবুজিয়ে অধিক সহযোগিতা আনে। সহযোগিতাই উন্নত আৰু দ্ৰুত ন্যায় প্ৰদানৰ ক্ষেত্ৰত সহায় কৰে। গতিকে এনে মঞ্চ আৰু সন্মিলন গুৰুত্বপূৰ্ণ।
বন্ধুসকল,
আমাৰ ব্যৱস্থাসমূহে ইতিমধ্যে বহু ডমেইনত ইটোৱে সিটোৰ সৈতে কাম কৰে। যেনে বিমান পৰিবহণ নিয়ন্ত্ৰণ আৰু সামুদ্ৰিক যাতায়ত। একেদৰে আমি তদন্ত আৰু ন্যায় প্ৰদানৰ ক্ষেত্ৰতো সহযোগিতা সম্প্ৰসাৰণ কৰিব লাগিব। পৰস্পৰে পৰস্পৰৰ অধিকাৰক্ষেত্ৰক সন্মান কৰিও সহযোগিতা হ’ব পাৰে। যেতিয়া আমি একেলগে কাম কৰোঁ, তেতিয়া বিচাৰ ক্ষমতা ন্যায় প্ৰদানৰ আহিলা হৈ পৰে, বিলম্ব নহয়।
বন্ধুসকল,
শেহতীয়াকৈ, অপৰাধৰ স্বৰূপ আৰু পৰিসৰৰ আমূল পৰিৱৰ্তন দেখা গৈছে। বিভিন্ন দেশ আৰু অঞ্চলত অপৰাধীৰ বহল নেটৱৰ্ক আছে। তেওঁলোকে পুঁজি আৰু পৰিচালনা দুয়োটাৰে বাবে শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰে। এটা অঞ্চলৰ অৰ্থনৈতিক অপৰাধৰ সহায়ত আন অঞ্চলৰ কাৰ্য্যকলাপৰ বাবে ধন আগবঢ়োৱা হৈছে। ক্ৰিপ্টোকাৰেন্সী আৰু চাইবাৰ ভাবুকিৰ উত্থানে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। একবিংশ শতিকাৰ প্ৰত্যাহ্বানসমূহ ২০ শতিকাৰ দৃষ্টিভংগীৰে যুঁজিব নোৱাৰি। পুনৰ চিন্তা, পুনৰ কল্পনা আৰু সংস্কাৰৰ প্ৰয়োজন। ইয়াৰ ভিতৰত ন্যায় প্ৰদান কৰা আইনী ব্যৱস্থাৰ আধুনিকীকৰণো অন্তৰ্ভুক্ত। ইয়াৰ ভিতৰত আছে আমাৰ ব্যৱস্থাপ্ৰণালীসমূহক অধিক নমনীয় আৰু সামঞ্জস্যপূৰ্ণ কৰা।
বন্ধুসকল,
সংস্কাৰৰ কথা কওঁতে ন্যায় ব্যৱস্থাক অধিক নাগৰিককেন্দ্ৰিক কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন। ন্যায়ৰ সহজতা ন্যায় প্ৰদানৰ এক স্তম্ভ। এই ক্ষেত্ৰত, ভাগ-বতৰা কৰিবলৈ ভাৰতৰ বহু শিক্ষণ আছে । ২০১৪ চনত, ভাৰতৰ জনসাধাৰণে মোক প্ৰধানমন্ত্ৰী হোৱাৰ দায়িত্ব দি আশীৰ্বাদ দিছিল। তাৰ আগতে মই গুজৰাট ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে কাম কৰিছিলোঁ। তেতিয়া আমি সন্ধিয়াৰ আদালত স্থাপন কৰাৰ সিদ্ধান্ত লৈছিলোঁ। ই মানুহক তেওঁলোকৰ কৰ্মৰ সময়ৰ পিছত আদালতৰ শুনানিত উপস্থিত হোৱাত সহায় কৰিছিল। ইয়াৰ ফলত ন্যায় পোৱাৰ লগতে সময় আৰু ধনৰো ৰাহি হ’ল। ইয়াৰ দ্বাৰা লাখ লাখ লোক উপকৃত হৈছিল।
বন্ধুসকল,
ভাৰতৰ লোক আদালাতৰ এক অনন্য ধাৰণাও আছে। ইয়াৰ অৰ্থ হৈছে পিপলছ ক’ৰ্ট। এই আদালতসমূহে ৰাজহুৱা উপযোগী সেৱাৰ সৈতে জড়িত সৰু সৰু গোচৰসমূহৰ নিষ্পত্তিৰ ব্যৱস্থা প্ৰদান কৰে। এইটো এটা প্ৰি-লিটিগেচন প্ৰক্ৰিয়া। এনে আদালতে হাজাৰ হাজাৰ গোচৰ নিষ্পত্তি কৰি সহজে ন্যায় প্ৰদান কৰাটো নিশ্চিত কৰিছে। এনে পদক্ষেপৰ ওপৰত আলোচনা সমগ্ৰ বিশ্বতে যথেষ্ট মূল্যৱান হ’ব পাৰে।
বন্ধুসকল,
ন্যায় প্ৰদানৰ ক্ষেত্ৰত আইনী শিক্ষা এক মূল আহিলা। শিক্ষা হ’ল য’ত যুৱ মনৰ মাজত আবেগ আৰু পেছাদাৰী দক্ষতা দুয়োটাৰে পৰিচয় হয়। বিশ্বজুৰি প্ৰতিটো ডমেইনলৈ অধিক মহিলাক কেনেকৈ আনিব পাৰি সেই সম্পৰ্কে আলোচনা চলি আছে। তেনে কৰাৰ প্ৰথম পদক্ষেপ হ’ল প্ৰতিটো ডমেইনক শৈক্ষিক পৰ্যায়ত অন্তৰ্ভুক্ত কৰা। আইন বিদ্যালয়ত মহিলাৰ সংখ্যা বৃদ্ধি হ’লে আইনী বৃত্তিতো মহিলাৰ সংখ্যা বৃদ্ধি পাব। এই সন্মিলনত অংশগ্ৰহণকাৰীসকলে অধিক মহিলাক আইনী শিক্ষালৈ কেনেকৈ আনিব পাৰি সেই সম্পৰ্কে ধাৰণা বিনিময় কৰিব পাৰে।
বন্ধুসকল,
বিশ্বক প্ৰয়োজন এনে যুৱ আইনী মন যাৰ বৈচিত্ৰ্যপূৰ্ণ এক্সপ’জাৰ আছে। আইনী শিক্ষাও পৰিৱৰ্তিত সময় আৰু প্ৰযুক্তিৰ লগত খাপ খুৱাব লাগিব। অপৰাধ, তদন্ত আৰু প্ৰমাণৰ শেহতীয়া ধাৰাসমূহ বুজি পোৱাৰ ওপৰত গুৰুত্ব দিলে সহায়ক হ’ব।
বন্ধুসকল,
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক প্ৰকাশ পোৱা যুৱ আইনী পেছাদাৰীসকলক সহায় কৰাৰ প্ৰয়োজন আছে। আমাৰ উন্নতমানৰ আইন বিশ্ববিদ্যালয়সমূহে দেশসমূহৰ মাজত বিনিময় কাৰ্যসূচী শক্তিশালী কৰিব পাৰে। উদাহৰণস্বৰূপে, ভাৰতত হয়তো বিশ্বৰ একমাত্ৰ বিশ্ববিদ্যালয় ফৰেনছিক বিজ্ঞানৰ বাবে নিবেদিত। ইয়াত চুটি পাঠ্যক্ৰম অন্বেষণ কৰাত বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰী, আইন অধ্যাপক আনকি বিচাৰককো সহায় কৰিব পাৰি। তদুপৰি, ন্যায় প্ৰদানৰ সৈতে জড়িত বহুতো আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আছে। উন্নয়নশীল দেশসমূহে একেলগে কাম কৰি ইয়াত অধিক প্ৰতিনিধিত্ব লাভ কৰিব পাৰে। আমাৰ ছাত্ৰ-ছাত্ৰীসকলকো এনে শিক্ষানুষ্ঠানত ইন্টাৰ্ণশ্বিপ বিচাৰি উলিওৱাত সহায় কৰিব পাৰি। ইয়াৰ দ্বাৰা আমাৰ আইনী ব্যৱস্থাসমূহে আন্তঃৰাষ্ট্ৰীয় উত্তম পদ্ধতিৰ পৰা শিকিব পাৰিব।
বন্ধুসকল,
ভাৰতে ঔপনিৱেশিক যুগৰ পৰাই আইনী ব্যৱস্থা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। কিন্তু যোৱা কেইবছৰমানৰ পৰা আমি ইয়াৰ কেইবাটাও সংস্কাৰ কৰিলোঁ। উদাহৰণস্বৰূপে, ঔপনিৱেশিক যুগৰ হাজাৰ হাজাৰ অচল আইন ভাৰতে নাইকীয়া কৰি পেলাইছে। এনে কিছুমান আইন মানুহৰ হাৰাশাস্তিৰ আহিলা হোৱাৰ সম্ভাৱনা আছিল। ইয়াৰ ফলত জীৱন-যাপনৰ সহজতা আৰু ব্যৱসায় কৰাত সহজতা বৃদ্ধি পাইছে। বৰ্তমানৰ বাস্তৱতাক প্ৰতিফলিত কৰিবলৈ ভাৰতেও আইনসমূহ আধুনিকীকৰণ কৰি আছে। এতিয়া ১০০ বছৰতকৈও অধিক পুৰণি ঔপনিৱেশিক অপৰাধমূলক আইনসমূহৰ ঠাইত ৩টা নতুন আইন প্ৰণয়ন কৰা হৈছে। ইয়াৰ পূৰ্বে শাস্তি আৰু শাস্তিমূলক দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এতিয়া ন্যায় নিশ্চিত কৰাত গুৰুত্ব দিয়া হৈছে। গতিকে নাগৰিকৰ ভয়ৰ সলনি আশ্বাসৰ ভাব থাকে।
বন্ধুসকল,
ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰযুক্তিয়েও ইতিবাচক প্ৰভাৱ পেলাব পাৰে। যোৱা কেইবছৰমানৰ পৰা ভাৰতে ড্ৰ’ন ব্যৱহাৰ কৰি ঠাইৰ মানচিত্ৰ নিৰ্মাণ কৰি গ্ৰাম্য লোকক স্পষ্ট সম্পত্তিৰ কাৰ্ড প্ৰদান কৰিছে। বিবাদ কমি গৈছে। মামলাৰ সম্ভাৱনা কমি গৈছে। আৰু ন্যায় ব্যৱস্থাৰ বোজা কমি গৈছে, যাৰ ফলত ই অধিক কাৰ্যক্ষম হৈ পৰিছে। ডিজিটেলাইজেশ্যনে ভাৰতৰ বহু আদালতক অনলাইনত কাৰ্য্যবিধি লোৱাতো সহায় কৰিছে। ইয়াৰ ফলত দূৰৈৰ স্থানৰ পৰাও মানুহে ন্যায় লাভ কৰাত সহায় হৈছে। ভাৰতে এই সন্দৰ্ভত নিজৰ শিক্ষা আন দেশৰ সৈতে ভাগ-বতৰা কৰি সুখী। আন দেশৰ অনুৰূপ পদক্ষেপৰ বিষয়েও আমি জানিবলৈ আগ্ৰহী।
বন্ধুসকল,
ন্যায় প্ৰদানৰ প্ৰতিটো প্ৰত্যাহ্বান মোকাবিলা কৰিব পাৰি। কিন্তু যাত্ৰা আৰম্ভ হয় এটা ভাগ-বতৰা কৰা মূল্যৰ পৰা। ন্যায়ৰ প্ৰতি আমি এক আবেগ ভাগ-বতৰা কৰিব লাগিব। এই সন্মিলনে এই মনোভাবক শক্তিশালী কৰক। আহক আমি এনে এখন পৃথিৱী গঢ়ি তোলোঁ য’ত সকলোৱে সময়মতে ন্যায়ৰ সুবিধা লাভ কৰিব আৰু কোনোৱেই পিছ পৰি নাথাকে।
ধন্যবাদ।
**********
DS/RT/AK
Addressing the Commonwealth Legal Education Association - Commonwealth Attorney and Solicitors Generals Conference. https://t.co/ZSZTDugogN
— Narendra Modi (@narendramodi) February 3, 2024
India has a special relationship with the African Union.
— PMO India (@PMOIndia) February 3, 2024
We are proud that the African Union became a part of the G20 during India’s presidency.
This will go a long way in addressing the aspirations of the people of Africa: PM @narendramodi
Sometimes, ensuring justice in one country requires working with other countries.
— PMO India (@PMOIndia) February 3, 2024
When we collaborate, we can understand each other’s systems better.
Greater understanding brings greater synergy.
Synergy boosts better and faster justice delivery: PM @narendramodi
21st century challenges cannot be fought with a 20th century approach.
— PMO India (@PMOIndia) February 3, 2024
There is a need to rethink, reimagine and reform: PM @narendramodi
India is also modernizing laws to reflect the present realities.
— PMO India (@PMOIndia) February 3, 2024
Now, 3 new legislations have replaced more than 100-year-old colonial criminal laws: PM @narendramodi
India inherited a legal system from colonial times.
— PMO India (@PMOIndia) February 3, 2024
But in the last few years, we made a number of reforms to it.
For example, India has done away with thousands of obsolete laws from colonial times: PM @narendramodi