ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে অব্যাহত অভিযানত কৰ্ম সম্পাদন কৰোতে লাভ কৰা বিভিন্ন অভিজ্ঞতা সন্দৰ্ভত ৰাজ্য তথা জিলা পৰ্যায়ৰ বিষয়াবৰ্গৰে মত বিনিময় কৰাৰ উদ্দেশ্যে আজি এক সন্মিলনত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অংশ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
কথোপকথনৰ সময়ছোৱাত বিভিন্ন স্থানৰ পৰা সংযোজিত হোৱা বিষয়াবৰ্গই ক’ভিড-ৰ দ্বিতীয় ঢৌৰ বিৰুদ্ধে আৰম্ভ হোৱা যুঁজখনক সন্মুখৰ পৰা নেতৃত্ব দান কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। বিষয়াবৰ্গই ক’ভিডৰ শেহতীয়া প্ৰকোপ প্ৰশমিত কৰাৰ বাবে গ্ৰহণ কৰা ন ন পদক্ষেপসমূহৰ জৰিয়তে লাভ কৰা অভিজ্ঞতাৰ কথা প্ৰধানমন্ত্ৰীৰ ওচৰত অৱগত কৰে। তেওঁলোকে গ্ৰামাঞ্চলৰ চিকিত্সা আন্তঃগাঁথনি উন্নত কৰা আৰু বৰ্তমানে থকা সমূহৰ সামৰ্থ্য বৃদ্ধিৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়েও তথ্য দাঙি ধৰে। অন্য স্থানতো ব্যৱহাৰ কৰি সুফল লাভ কৰিব পৰাকৈ বিভিন্ন স্থানত ইতিমধ্যে গ্ৰহণ কৰা উদ্ভাৱনী পদক্ষেপসমূহক সংকলিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিষয়াবৰ্গক আহ্বান জনায়।
ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত দেশৰ স্বাস্থ্য কৰ্মী, আগশাৰীৰ কৰ্মী তথা বিষয়াবৰ্গই প্ৰদৰ্শন কৰা উতসৰ্গিত মনোভাৱ আৰু আন্তৰিকতাপূৰ্ণ দৃঢ়তাৰ ভূয়সী প্ৰশংসা কৰে। সংকটৰ এই মুহূৰ্তত তেওঁলোকে আগবঢ়োৱা সেৱাৰ মানসিকতা অক্ষুন্ন ৰাখি ভৱিষ্যতেও নিজ নিজ ক্ষেত্ৰত সেৱা আগবঢ়াই যোৱাৰ বাবে সংশ্লিষ্ট সকলোকে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়। দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিখন জিলাই পৰস্পৰৰ পৰা ভিন্ন আৰু সমস্যাৱলীও অনন্য বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। জিলা পৰ্যায়ৰ বিষয়াবৰ্গক সম্বোধি তেওঁ কয় যে “জিলাসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ আপোনালোকেহে ভালকৈ জানে। সেয়ে, যেতিয়াই আপোনালোকৰ জিলাখন জিকিব, তেতিয়াই জানিব আমাৰ দেশখন জিকিব। যেতিয়াই আপোনালোকৰ জিলাখনে ক’ৰোনাক পৰাভূত কৰিব, জানিব তেতিয়াই দেশেও ক’ৰোনাক পৰাভূত কৰিব পাৰিব”। ক’ভিড-১৯ৰ সংস্পৰ্শলৈ আহিও ছুটি আদি নোলোৱাকৈ সেৱাত নিবৃত্ত হৈ অহা বিষয়াবৰ্গৰ তেওঁ শলাগ লয়। “তেওঁলোক বহুতৰ বাবে আদৰ্শ হৈ উঠিছে আৰু ত্যাগৰ মূল্য তেওঁলোকে ভালকৈয়ে অনুধাৱন কৰিব পাৰিছে” বুলিও তেওঁ মন্তব্য কৰে।
“যুদ্ধক্ষেত্ৰৰ এগৰাকী সেনাপতিৰ দৰেই ক’ৰোনা বিৰোধী যুঁজখনত অৱতীৰ্ণ বিষয়াবৰ্গৰো এক গুৰুত্বপূৰ্ণ ভূমিকা আছে” বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। “স্থানীয় ভাবে কৰা আৱদ্ধকৰণ ক্ষেত্ৰ, বিশেষ তত্পৰতাৰে কৰা নমুনাৰ পৰীক্ষণ তথা শুদ্ধ আৰু সম্পূৰ্ণ তথ্যৰে জন সাধাৰণক সচেতন কৰি তোলাৰ দৰে পদক্ষেপসমূহেই হৈছে ক’ৰোনা বিৰোধী যুঁজখনৰ প্ৰধান অস্ত্ৰ”।
নিজ নিজ জিলাৰ নাগৰিকসকলে যাতে স্বাচ্ছন্দ্যৰে জীৱন অতিবাহিত কৰিব পাৰে, তাৰ বাবে যত্পৰোনাস্তি প্ৰয়াস কৰিবলৈ বিষয়াবৰ্গক পৰামৰ্শ দিয়ে প্ৰধানমন্ত্ৰীয়ে। তেওঁ সংক্ৰমণ ৰোধ কৰাৰ সমান্তৰাল ভাবেই অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ যোগান অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাও দোহাৰে। ‘প্ৰধানমন্ত্ৰী কেয়াৰ পূঁজি’ৰে দেশৰ প্ৰতিখন জিলাৰ চিকিত্সালয়তে অক্সিজেন উত্পাদন প্ৰকল্প স্থাপনৰ কাম চলি থকাৰ লগতে ইয়াৰে বহুসংখ্যকে ইতিমধ্যেই উত্পাদন আৰম্ভ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
ক’ভিডৰ যন্ত্ৰণা প্ৰশমণৰ লগতে চিকিত্সালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা তথা মৃত্যুৰ আশংকা কমোৱাৰ ক্ষেত্ৰত প্ৰতিষেধকে নিতান্তই প্ৰভাৱী ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ক’ৰোনাৰ প্ৰতিষেধকৰ উত্পাদন আৰু যোগান বৃদ্ধিৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰখা হৈছে বুলিও ভাষণ প্ৰসংগত দোহাৰে।
গাঁৱৰ কৃষি পথাৰত কৰ্মৰত খেতিয়কসকলে সামাজিক ব্যৱধান বিধি মানি চলাত দেখুওৱা আন্তৰিকতাৰ শলাগ লয় প্ৰধানমন্ত্ৰীয়ে। গাঁৱৰ ৰাইজে তথ্যসমূহ আহৰণ কৰি তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি সংস্কাৰিত ৰূপত প্ৰয়োগৰ প্ৰয়াস কৰি আহিছে বুলিও তেওঁ মন্তব্য কৰে।
সন্মিলনত গৃহ মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী, বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল, নীতি আয়োগৰ সদস্য(স্বাস্থ্য), ফাৰ্মাচিউটিকেল বিভাগৰ সচিব আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয় তথা অন্যান্য মন্ত্ৰালয়ৰ বহু সংখ্যক বিষয়াও উপস্থিত থাকে।
*****
DS/AK/KB
Interacting with District Officials on the COVID-19 situation. https://t.co/Yy4w15sZYB
— Narendra Modi (@narendramodi) May 18, 2021
हमारे देश में जितने जिले हैं, उतनी ही अलग-अलग चुनौतियाँ हैं।
— PMO India (@PMOIndia) May 18, 2021
एक तरह से हर जिले के अपने अलग challenges हैं।
आप अपने जिले के challenges को बहुत बेहतर तरीके से समझते हैं। इसलिए जब आपका जिला जीतता है, तो देश जीतता है।
जब आपका जिला कोरोना को हराता है, तो देश कोरोना को हराता है: PM
कोरोना के खिलाफ इस युद्ध में आप सब लोग एक बहुत महत्वपूर्ण भूमिका में है।
— PMO India (@PMOIndia) May 18, 2021
आप एक तरह से इस युद्ध के field commander हैं: PM @narendramodi
इस वायरस के खिलाफ हमारे हथियार क्या हैं?
— PMO India (@PMOIndia) May 18, 2021
हमारे हथियार हैं- Local containment zones, aggressive testing और लोगों तक सही और पूरी जानकारी: PM @narendramodi
इस समय, कई राज्यों में कोरोना संक्रमण के आंकड़े कम हो रहे हैं, कई राज्यों में बढ़ रहे हैं।
— PMO India (@PMOIndia) May 18, 2021
कम होते आंकड़ों के बीच हमें ज्यादा सतर्क रहने की ज़रूरत है।
बीते एक साल में करीब-करीब हर मीटिंग में मेरा यही आग्रह रहा है कि हमारी लड़ाई एक एक जीवन बचाने की है: PM @narendramodi
Testing, Tracking, Treatment और Covid appropriate behavior, इस पर लगातार बल देते रहना जरूरी है।
— PMO India (@PMOIndia) May 18, 2021
कोरोना की इस दूसरी वेव में, अभी ग्रामीण और दुर्गम क्षेत्रों में हमें बहुत ध्यान देना है" PM @narendramodi
कोविड के अलावा आपको अपने जिले के हर एक नागरिक की ‘Ease of Living’ का भी ध्यान रखना है।
— PMO India (@PMOIndia) May 18, 2021
हमें संक्रमण को भी रोकना है और दैनिक जीवन से जुड़ी ज़रूरी सप्लाई को भी बेरोकटोक चलाना है: PM @narendramodi
पीएम केयर्स के माध्यम से देश के हर जिले के अस्पतालों में ऑक्सीजन प्लांट्स लगाने पर तेज़ी से काम किया जा रहा है।
— PMO India (@PMOIndia) May 18, 2021
कई अस्पतालों में ये प्लांट काम करना शुरु भी कर चुके हैं: PM @narendramodi
टीकाकरण कोविड से लड़ाई का एक सशक्त माध्यम है, इसलिए इससे जुड़े हर भ्रम को हमें मिलकर करना है।
— PMO India (@PMOIndia) May 18, 2021
कोरोना के टीके की सप्लाई को बहुत बड़े स्तर पर बढ़ाने के निरंतर प्रयास किए जा रहे हैं।
वैक्सीनेशन को लेकर व्यवस्थाओं और प्रक्रियाओं को हेल्थ मिनिस्ट्री लगातार स्ट्रीमलाइन कर रही है: PM
Interacted with District Officials on ways to overcome COVID-19. They shared their experiences from districts. I spoke about various aspects including India's efforts towards capacity building and the need to boost 'Ease of Living' along with COVID-care. https://t.co/LhuRMjfWc2
— Narendra Modi (@narendramodi) May 18, 2021