Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ বাবে ৰাষ্ট্ৰপতিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দক এবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘এবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক অভিনন্দন জ্ঞাপন কৰিছো৷ নিজৰ জ্ঞান আৰু বিনম্ৰতাৰে তেওঁ প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰিয় হৈ পৰিছে৷ মুখ্য নীতিগত দিশসমূহত তেওঁ অত্যন্ত দক্ষ৷ যুৱ, কৃষক আৰু দৰিদ্ৰ শ্ৰেণীক সৱল কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি মহোদয় যথেষ্ট পেছাদাৰী৷’

***

AKT/HS/MS