Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এবছৰত ১লাখ কোটি টকাৰ অৰ্ডাৰ লাভ কৰাৰ বাবে গৱৰ্ণমেণ্ট ই-মাৰ্কেটপ্লেচ(জিইএম)ক প্ৰশংসা প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১-২২ বিত্তীয় বৰ্ষত এটা বছৰত ১লাখ কোটি টকাৰ অৰ্ডাৰ লাভ কৰাৰ বাবে গৱৰ্ণমেণ্ট ই-মাৰ্কেটপ্লেচ(জিইএম)ক প্ৰশংসা কৰিছে৷ তেওঁ লগতে কয় যে জিইএম প্লেটফৰ্মে বিশেষভাৱে এমএছএমই খণ্ডক সবলীকৰণ কৰিছে, য’ৰ ৫৭শতাংশ অৰ্ডাৰেই এমএছএমই খণ্ডৰ পৰা আহিছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “জানিবলৈ পাই সুখী হৈছো যে @GeM_Indiaই এবছৰত ১লাখ কোটি টকাৰ অৰ্ডাৰ লাভ কৰিছে৷ এয়া পূৰ্বৰ বৰ্ষৰ তুলনাত উল্লেখযোগ্য বৃদ্ধি পৰিলক্ষিত হৈছে৷ জিইএম প্লেটফৰ্মে বিশেষভাৱে এমএছএমই খণ্ডক সবলীকৰণ কৰিছে, য’ৰ ৫৭শতাংশ অৰ্ডাৰেই এমএছএমই খণ্ডৰ পৰা আহিছে৷”

 

***

DS/ST/DB