Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এফচিআইএলৰ গোৰখপুৰ আৰু ছিন্দ্ৰি আৰু এইচএফচিএলৰ বাৰাউনি সাৰ কাৰখানাৰ পুনৰুজ্জীৱিতকৰণৰ লক্ষ্যৰে ৰেহাই সংক্রান্তীয় চুক্তি আৰু ভূমি লিজত দিয়া চুক্তিত কেবিনেটৰ অনুমোদন


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত হিন্দুস্থান উর্বৰক আৰু ৰসায়ন লিমিটেড(এইচইউআৰএল)ক ভূমি লিজত দিয়াৰ সিদ্ধান্তত অনুমোদন জনোৱা হৈছে। বৈঠকত এফচিআইএলৰ গোৰখপুৰ আৰু ছিন্দ্ৰিস্থিত সাৰ কাৰখানাসমূহ পুনৰুজ্জীৱিতকৰণ তথা এইচএফচিএলৰ বাৰাউনি সাৰ কাৰখানা পুনৰুজ্জীৱিতকৰণৰ বাবে ৰেহাইৰ লগতে ভূমি লিজত দিয়া সংক্রান্তীয় চুক্তিতো অনুমোদন জনোৱা হৈছে। ইফালে, এখন আন্তঃমন্ত্ৰালয় কমিটিক এফচিআইএল/এইচএফচিএল আৰু এইচইউআৰএলৰ মাজত প্রয়োজনীয় চুক্তি অনুমোদনৰ কর্তৃত্ব প্ৰদান কৰা হৈছে।

ইয়াৰ ফলত গোৰখপুৰ, ছিন্দ্ৰি আৰু বাৰাউনিৰ সাৰ কাৰখানাসমূহ পুনৰুজ্জীৱিত হোৱাৰ লগতে সাৰ উৎপাদনৰ ক্ষেত্রত পৰ্যাপ্ত বিনিয়োগ আকর্ষণ বৃদ্ধি কৰিবলৈ সক্ষম হ’ব। এই ইউনিটবোৰ জগদীশপুৰ-হলদিয়া পাইপলাইনে ভাৰতৰ পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নয়নত সহায় কৰিব। তদুপৰি, ইয়াৰ ফলত পূর্বাঞ্চলত কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰাৰ লগতে অর্থনৈতিক কাম-কাজৰো ব্যাপক উত্থান হ’ব। এই পুনৰুজ্জীৱিতকৰণ ব্যৱস্থাই থলুৱা ইউৰিয়া উৎপাদন বৃদ্ধিৰ লগতে সাৰ উৎপাদনৰ ক্ষেত্রত স্বনির্ভৰশীলতা হোৱাত সহায় কৰিব।

এইচইউআৰএল হৈছে গোৰখপুৰ, ছিন্দ্ৰি আৰু বাৰাউনী সাৰ কাৰখানা পুনৰুজ্জীৱিতকৰণৰ বাবে ২০১৬ৰ জুন মাহত গঠন কৰা এনটিপিচি, আইঅ’চিএল, চিআইল আৰু এফআইচিএল/এইচএফচিএলৰ এক যুটীয়া অংশীদাৰিত্বমুলক কোম্পানী। ইয়াৰ অধীনত এই তিনিটা স্থানত সাৰ কাৰখানা স্থাপন কৰাৰ বাবে এফআইচিএল/এইচএফচিএল আৰু এইচইউআৰএলৰ মাজত চুক্তি স্বাক্ষৰ কৰা হ’ব। লিজত দিয়া ভূমিৰ ম্যাদ ৫৫ বছৰ। ইয়াৰ বাবে এইচইউআৰএলে প্ৰতি বছৰে এফআইচিএল/এইচএফচিএলক ১ লাখকৈ প্ৰদান কৰিব লাগিব।

*****

AKT/SH/DB