Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এটা পদ এটা পেঞ্চন (অ’আৰঅ’পি) আঁচনি হৈছে আমাৰ প্ৰবীণ আৰু প্ৰাক্তন সেৱা কৰ্মীসকলৰ সাহস আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি: প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা পদ এটা পেঞ্চন (অআৰঅপি) আঁচনিৰ দহ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কয় যেদেশৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা আমাৰ প্ৰবীণ আৰু প্ৰাক্তন সেৱা কৰ্মীসকলৰ সাহস আৰু ত্যাগৰ প্ৰতি এয়া এক শ্ৰদ্ধাঞ্জলি। তেওঁ লগতে কয় যে দীৰ্ঘদিনীয়া এই দাবীৰ মোকাবিলা কৰাৰ দিশত আৰু আমাৰ নায়কসকলৰ প্ৰতি আমাৰ দেশৰ কৃতজ্ঞতা পুনৰ নিশ্চিত কৰাৰ দিশত অআৰঅপি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। শ্ৰী মোদীয়ে আশ্বাস দিয়ে যে চৰকাৰে আমাৰ সশস্ত্ৰ বাহিনীক শক্তিশালী কৰিবলৈ আৰু আমাক সেৱা আগবঢ়োৱা সকলৰ কল্যাণৰ বাবে সদায় সকলো ধৰণৰ প্ৰচেষ্টা কৰিব।

শ্ৰী মোদীয়ে সামাজিক মাধ্যমএক্সত এটা পোষ্টত লিখিছে:

আজিৰ দিনটোতে#এটা পদ এটা পেঞ্চন” (আৰঅপি) কাৰ্যকৰী কৰা হৈছিল। দেশৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা আমাৰ প্ৰবীণ আৰু প্ৰাক্তন সেৱা কৰ্মীসকলৰ সাহস আৰু ত্যাগৰ প্ৰতি এয়া এক শ্ৰদ্ধাঞ্জলি। অআৰঅপি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত টো দীৰ্ঘদিনীয়া দাবীৰ মোকাবিলা কৰা আৰু আমাৰ নায়কসকলৰ প্ৰতি আমাৰ দেশৰ কৃতজ্ঞতা পুনৰ নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল।”

আপোনালোকেজানি সুখী হব যে দশকটোত লাখ লাখ পেঞ্চনাৰ আৰু পেঞ্চনাৰ পৰিয়ালএই যুগান্তকাৰী পদক্ষেপৰ দ্বাৰা লাভান্বিত হৈছে। অআৰঅপিয়ে আমাৰ সশস্ত্ৰ বাহিনীৰ কল্যাণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিও প্ৰতিনিধিত্ব কৰে। আমি আমাৰ সশস্ত্ৰ বাহিনীক শক্তিশালী কৰিবলৈ আৰু আমাক সেৱা আগবঢ়োৱা সকলৰ কল্যাণৰ বাবে সদায় সকলো সম্ভৱ প্ৰচেষ্টা কৰিম। #এটা পদ এটা পেঞ্চন

 

 

On this day, #OneRankOnePension (OROP) was implemented. This was a tribute to the courage and sacrifices of our veterans and ex-service personnel who dedicate their lives to protecting our nation. The decision to implement OROP was a significant step towards addressing this…

— Narendra Modi (@narendramodi) November 7, 2024

 

 

**********************

MJPS/SR/MK/BB