Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ ১০০মিটাৰ-টি৩৫ ইভেণ্টত নাৰায়ণ ঠাকুৰৰ ব্ৰঞ্জৰ পদক উদযাপন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ ১০০মিটাৰ-টি৩৫ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰা নাৰায়ণ ঠাকুৰক অভিনন্দন জনাইছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“এছিয়ান পেৰা গেমছত দ্বিতীয়টো পদক জয়ৰ বাবে নাৰায়ণ ঠাকুৰক অভিনন্দন জ্ঞাপন কৰিছো৷

পুৰুষৰ ১০০ মিটাৰ-টি৩৫ ইভেণ্টত এই ব্ৰঞ্জৰ পদক জয় তেওঁৰ অবিশ্বাস্য প্ৰতিভা আৰু উৎকৃষ্ট প্ৰদৰ্শনৰ প্ৰতি অটল দায়বদ্ধতাৰ প্ৰমাণ।”

***

DS/TS/DB