Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত স্কোৱাছৰ পুৰুষৰ দলীয় শাখাত স্বৰ্ণ পদক বিজয়ত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে সৌৰভ ঘোচাল, অভয় সিং, হৰিন্দৰ সান্ধু আৰু মহেশ মাংগাওকাৰৰ স্কোৱাছৰ পুৰুষ দলটোক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ

“এছিয়ান গেমছত এক চমৎকাৰ বিজয় সাব্যস্ত কৰি আকাংক্ষিত সোণৰ পদক ঘৰলৈ অনাৰ বাবে আমাৰ স্কোৱাছ পুৰুষ দলটোৰ প্ৰতিভাশালী খেলুৱৈ সৌৰভ ঘোচাল, অভয় সিং, হৰিন্দৰ সান্ধু আৰু মহেশ মাংগাওকাৰক অভিনন্দন জনাইঁছো। এই প্ৰচেষ্টাই বহুতো যুৱ খেলুৱৈক ক্ৰীড়াত মনোনিৱেশ কৰিবলৈ আৰু ইয়াত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰিব। ভাৰত আনন্দিত!

*************

 

DS/TS/KG